পৃষ্ঠা:চিন্তা-কলি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
চিন্তা-কলি।

গছৰপৰা সৰি পৰিলেহেঁতেন। সি যেই নহওক, গজন জীৱই যে কালত গমন জীৱৰ মূৰ্ত্তি ধৰে ই ধ্ৰুব কথা। কিন্তু এইদৰে শৰীৰ পৰিবৰ্ত্তন এদিনত বা এবছৰত নহয়। তুমি শিলৰ মূৰ্ত্তি ধৰি কোন ঠাইত, বা কোন খনিত কিমান যুগ পৰি আছিলা কোনে কব? সেইদৰে গছ বা লতা হৈ তাৰ পাছত পশু হৈ কিমান কাল ক’ত আছিলা তাকো কব নোৱাৰি। এই পৰিবৰ্ত্তনৰ যে কোনো এটা সময় নিৰ্দ্ধাৰিত নাই এনে নহয়। বিশ্বৰ কোনো কথাই উলামুলাকৈ নহয়, সকলো এটা বিধি বা নিয়ম অনুসৰি হয় বা চলে। আমি কোনো কোনো নিয়ম বহুত দিন দেখি দেখি জানিছোঁ। কিমান দিন উমনি দিলে বা কি পৰিমাণ তাপ দিলে হাঁহৰ বা কুকুৰাৰ কণী জগে, তাক আমি দেখি দেখি কবপৰা হৈছোঁ। সেইদৰে মানুহৰ বা গৰুৰ বা হাতীৰ পোৱালী কিমান দিনৰ মূৰত ওপজে তাকে কব পৰা হৈছোঁ। কিছুমান কথা চাবৰ উপায় নাই, সেই দেখি সেইবোৰ কথাৰ সময় আমি কব নোৱাৰোঁ। শিল এটা কিমান দিনত গছ বা লতা হয়, তাক চাবলৈ সুচল নাই, কিমান দিনত বান্দৰে এটা মানুহ হৈ জনম ধৰে, তাকো চাবলৈ সুচল নাই। কিন্তু যে এটা মূৰ্ত্তি এৰি আন এটা মূৰ্ত্তি ধৰিবলৈ বহুত যুগ লাগে এই কথাত একণো সন্দেহ নাই। এই দৰে জন্ম পৰিবৰ্ত্তন হোৱাত নানা ঠাইত তোমাৰ বংশ থাকিব পাৰে। তুমি যেতিয়া গছ বা লতা আছিলা, তেতিয়া তোমাৰ গুটিৰপৰা বা শিপাৰপৰা