পৃষ্ঠা:চিন্তা-কলি.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৭
চিন্তা-কলি৷
 

বেলেগ এটা শৰীৰ লৈ ওলাই আহে, সেইদৰে শিলত থকা তুমি বিকাশ পাই, শিলত থাকিব নোৱৰা হৈ, গজন জীৱৰ ৰূপ ধৰি বিদিত হোৱা। ইয়াৰ পিছত তোমাৰ আত্মা আৰু বিকশিত হয়। তেতিয়া সি অৰ্থাৎ তুমি গছ লতাৰ ৰূপ ধৰি থাকিব নোৱৰা হোৱা, গতিকে এটা লৰিচৰি ফুৰিৰ পৰা শৰীৰ গ্ৰহণ কৰা, অৰ্থাৎ প্ৰথমে পশু যোনিত জনম লোৱা। এই শৰীৰত থাকি থাকি আকৌ যেতিয়া তোমাৰ আত্মা আৰু বিকাশ পায়, তেতিয়া তুমি পশু শৰীৰ এৰি মনুষ্য শৰীৰ গ্ৰহণ কৰা। এই ক্ৰম ধৰি চৈতন্যময় শক্তিৰ আদিৰ কণা শৰীৰ সলাই ফুৰে। জীৱবিলাক এইদৰে উন্নতি কৰি উদ্ভিদৰপৰা পশু, পশুৰপৰা মানুহ হোৱা কথা অবিশ্বাস কৰিবৰ কোনো কাৰণ নাই। আধুনিক পণ্ডিতসকলেও এই কথাৰ প্ৰমাণ পাই তাক সঠিক বুলি মানি গৈছে। লিখকে গছৰ পাত গাগিনী হোৱা নিজ চকুৰেই দেখা পাইছে। পাতটোৰ সৰহভাগেই গাগিনী পোকৰ ৰূপ ধৰিছিল, কেৱল ঠেঙৰ আগ কেইটা আৰু ডেউকাৰ আগ কেইটা পাতেই আছিল। মুখখন সম্পূৰ্ণে গাগিনীৰ মুখৰ আকৃতি ধৰিছিল, তথাপি তেতিয়া পাতটো সৰি পৰা নাছিল; গছৰপৰা তাক ছিঙ্গি আনিব লগীয়া হৈছিল। ছিঙ্গি আমি এৰি দিয়াত বুলি ফুৰিছিল। এই গাগিনীটো প্ৰায় দহ বাৰ দিনমান জীয়াই আছিল, তাৰ পাছত মৰিল। বোধ কৰোঁ, অকালত গছৰপৰা ছিঙ্গি ননাহেঁতেন, পূৰ্ণকালত গাগিনীটো নিজেই