পৃষ্ঠা:চিন্তা-কলি.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
চিন্তা-কলি৷

হানি বিঘিনি একো নাই। এতেকে আদি শক্তি লীন যাবলৈ, অৰ্থাৎ মোক্ষ লাভ কৰিবলৈ চেষ্টা কৰাৰ কোনো সকাম দেখা নাযায়।

 বিশ্ব লোপ হব পাৰে, যদি আদি শক্তিৰপৰা কেটামান লেখৰ কণা ফাটি ওলাইছে, তাতকৈ আৰু সৰহকৈ ওলোৱা নাই বা নোলায়। কিন্তু তালৈ মানুহে কাৰবাৰ কৰিব লাগিছে কিয়? বিশ্বৰ গুৰি কথা যদি সেয়েই হয়, তেনেহলে সি কাল পূৰ হলে আপোনা-আপুনি লোপ হব। কিয়নো, ফাটি অহা কণা কালৰ গতিত এটি এটিকৈ উদ্ধাৰ হৈ এক সময়ত শেষ হবই লাগিব, আৰু কণাবিলাক এইদৰে উদ্ধাৰ হৈ শেষ হলে বিশ্ব লোপ হব। কিন্তু সৃষ্টিৰ নিয়মলৈ চালে কেইটামান লেখৰ কথা কোনবা এক যুগত ফাটি আহি সেয়েই ঘূৰি ঘূৰি ভ্ৰমি ভুমি বিশ্ব পতা বুলি বিশ্বাস নহয়। বিশ্বৰ সকলো বস্তুৱেই অৰ্থাৎ গছ লতা, পশু পক্ষী, পোক পৰুৱা চামে চামে ওলোৱা আৰু মাৰ যোৱা দেখা যায়। চকুৰ আগত এই দৃষ্টান্ত দেখিও বিশ্বখন কেৱল কেইটামান লেখৰ বস্তুৰ সমষ্টি বুলি পতিয়াবলৈ বৰ টান। নিশ্চয় বিশ্বখন আদি শক্তিৰ উতল আৰু বিশ্ববাসী চেতন অচেতন সকলোবস্তু সেই উতলৰ বুৰবুৰণি। এয়েই যদি হয়, তেন্তে নিৰ্বাণ কি? উদ্ধাৰ কি? মোক্ষ কি?

 বিশ্বৰ অন্ত আৰু এক ৰকমে হব পাৰে। যদি আদি শক্তি উতলিবলৈ এৰে, তেনেহলে বিশ্ব একে তিলে নাইকিয়া