পৃষ্ঠা:চিন্তা-কলি.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
চিন্তা-কলি।

নালাগে। চিতৰ মলি ধূলি বালি নহয়; ইয়াৰ মলি কাম, ক্ৰোধ, লোভ, মোহ আদি কুপ্ৰবৃত্তি আৰু দয়া ভক্তি আদি সুপ্ৰবৃত্তিবিলাকহে। আদি শক্তিত এইবিলাকৰ ভাঁজ নাই, ফাটি অহা কণাবিলাকত আছে। যেতিয়ালৈকে এই ভাঁজ থাকে তেতিয়ালৈকে কণাটি শৰীৰ ধৰি বেলেগ হৈ থাকে। যেতিয়া ভাঁজ গুছি নিভাঁজ হয়, অৰ্থাৎ নিৰঞ্জন হয়, তেতিয়া সি আদি শক্তি মিহলি হয়। আদিতে ভাঁজ সোমাল কিয়, সেই কথা নুসুধিবা, কিয়নো তাৰ উত্তৰ নাই বুলি আগেয়ে কোৱা হৈছে। এই বিষয়ত অতীজৰ মহাপুৰুষবিলাকৰ ভিতৰতো মতৰ মিল নাই। ধৰি লোৱা যে কিবা কাৰণত নিভাঁজ চৈতন্যত ভাঁজ সোমাই সেই অংশ ফাটি বেলেগ হৈ আহে, আৰু সেয়েই ভাঁজ এৰি নিভাঁজ হবলৈ নানা যোনিত নানা মূৰ্ত্তি ধৰি ফুৰে, শেহান্তৰত নিভাঁজ হৈ নাইকিয়া হয়, অৰ্থাৎ মাইকী চৈতন্যত লীন হয়। এইদৰে আদিৰ চৈতন্য শক্তি খুদ খুদ হৈ ফাটি আহি, নানা জন্ম ধৰি দুনাই ঘূৰি আগৰ ঠাই ওলাব লাগিছে, অৰ্থাৎ ন ন খুদ ওলাবই লাগিছে মাৰ যাবই লাগিছে। পানীৰ উতল ধৰিলে যেনেকৈ চামে চামে বুৰবুৰণি ওলাই মাৰ যায়, একে চাম বুৰবুৰণিয়েই নাথাকে, সেইদৰে আদি শক্তিৰো উতল ধৰি আছে বুলি ভাবাঁ। তাতে নানা জীৱ বুৰবুৰণিৰ নিচিনা ওলাই মাৰ যাব লাগিছে। এই বুৰবুৰণিয়েই সংসাৰ। ই কেতিয়াৰপৰা আৰম্ভ হৈছে কোনেও কব নোৱাৰে, আৰু