পৃষ্ঠা:চিন্তা-কলি.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
আহুকাল।
 

তাহানি শুনিছিলোঁ বোলে মানুহৰ নিজৰ অস্তিত্ব প্ৰমাণ নাই, অৰ্থাৎ তুমি যে আছা, বা মই যে, আছোঁ, তাৰ একো প্ৰমাণ নাই। ই কি কথা বুজিব নোৱাৰিলোঁ, কথাটো বলিয়ালি যেন লাগিছিল। এজন পণ্ডিতে হেনো তাকে প্ৰমাণ কৰিলে। তেওঁ বোলে কয় যে, তুমি চিন্তা কৰা, এতেকে তুমি আছা; মই চিন্তা কৰোঁ, এতেকে মই আছোঁ। তোমাৰ মোৰ অস্তিত্বৰ এই প্ৰমাণ। কি গছত গৰু উঠা কথা! মই যে আছোঁ ইয়াৰো আকৌ প্ৰমাণ লাগে। কথাটো শুনোতে পোন প্ৰথমতে কিবা যেন লাগে। জগতৰ আন আন গুটীয়া বস্তুৰ লগত থাকি আৰু গুটীয়া বস্তু দেখি দেখি তুমি যে জগতৰ এক গোট সুকীয়া বস্তু, তাত তোমাৰ সন্দেহ নহয়। জগতৰ ইবোৰ বস্তু যেতিয়াই আছে, তুমিও আছা, এই কথা স্বভাৱতে সঁচা যেন লাগে, তাৰ আকৌ প্ৰমাণ কি? কিন্তু সদায় সকলোৰে তেনেকুৱা নালাগে। অজান শিশুক মিচিৰি বুলি শিল এড়োখৰ দিলেও সি মুখত দিয়ে। তুমি মইও জগতৰ অজান শিশু, শিলকে মিচিৰি বুলি লৈ আছোঁ। বস্তুৰ তত্ত্বলৈ মন নকৰিলে কোনো কথাতে