পৃষ্ঠা:চিন্তা-কলি.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
চিন্তা-কলি।
 

গঠিত হৈ ওলায়, গতিকে এটা মাৰ যোৱ বুৰবুৰণি সম্পূৰ্ণে দুনাই নোলালেও তাৰ যে অংশ এটা ন বুৰবুৰণিৰ ৰূপ ধৰি ওলায়, এই কথা নুই কৰিব নোৱাৰি। তেনেহলে উদ্ধাৰৰ অৰ্থ কি? মোক্ষৰ অৰ্থ কি? জন্ম মৰণৰ দুখ কেনেকৈ কমিল? একে পানীয়েই উতল ধৰি থকাই এবাৰ উঠে, এবাৰ মাৰ যায়, আকৌ উঠে আকৌ মাৰ যায়। উঠিলেই জন্ম, মাৰ গলেই মৰণ, গতিকে জনম মৰণ দিন ৰাতিৰ নিচিনা আহি গৈ আছে, আৰু আহি গৈ থাকিবও। বিশ্বৰ সকলো বস্তুতেই এই বিধিৰ কাৰ্য্য দেখা যায়, ইয়াৰ অন্যথা কতো নাই। তেনেহলে জন্ম মৰণ কমাবলৈ পুৰুষাৰ্থ কিয়? জন্ম মৰণ নিয়তি, সংসাৰৰ মূল কাৰণ, বিশ্বৰ মেৰুদণ্ড। জন্ম মৰণ নাইকিয়া হলে বিশ্ব কেনেকৈ ৰব? বিশ্ব এটা চকৰিৰ ঘূৰণ। ঘূৰণ বন্ধ হলে বিশ্ব নাই। জন্ম মৰণ এটা ঘূৰণ মাথোন, ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰা, আৰু বিশ্ব লোপ কৰিবলৈ চেষ্টা কৰা একে কথা। কিন্তু এই চেষ্টা বৃথা, কিয়নো বিশ্বত এনে কৌশল আছে যে, তাক লোপ কৰা সম্ভৱ নহয়। বিশ্ব আপুনি চলে, একোৰে আলম নালাগে। আদিতে গৰাকীয়ে যি আহুদি বান্ধি দিছে সেই আহুদিয়েই তাক চিৰকাল চলাই আছে, আৰু থাকিব। মানুহে ভাবে যে সিহঁতে ইচ্ছা কৰি মানুহৰ সংখ্যা বঢ়াব বা টুটাব পাৰে। কোনেও সংসাৰ নকৰিলে অৰ্থাৎ সংসাৰ আশ্ৰম গ্ৰহণ নকৰিলে মানুহ জাতি অচিৰে লোপ পায়। হয়, ইচ্ছা কৰিলে মানুহ