পৃষ্ঠা:চিন্তা-কলি.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪
চিন্তা-কলি।


খুকুৰি নােলায়, বাজীকৰৰ সন্দেশ-বাতচাও সঁচা যেন লাগে। ইয়াকে তত্ত্বদর্শী সকলে ভ্রম বুলি কয়। এই ভ্ৰমৰ গুণতেই বােলে আমি এটা বস্তুকে সহস্রটা যেন দেখা পাইছোঁ। এজনা ব্ৰহ্মকে সহস্র সহস্র, গােট গােট, বেলেগ বেলেগ, একোটা যেন দেখা পাইছোঁ। হব পাৰে, কিয়নাে, আমাৰো মাজে-সময়ে জগতৰ বস্তু সম্বন্ধে খুকুৰি ওলায়। কথা নুগুণিলে একো নাই, যি দেখোঁ সেয়েই সেই যেন লাগে; কিন্তু গুণিলে এইটো কি, সেইটো কি, এনেবিলাক সমস্যা ওলায়। জগতৰ বস্তুৰাশিৰ লগত সানমিহলি হৈ থাকিলে বস্তুৰ তত্ত্বলৈ চকু নাযায়, কিন্তু অকলশৰীয়া হৈ দূৰৈৰপৰা চালে জগতখন কিবাকিবি যেন লাগে। এনেকুৱা অৱস্থাতেই তুমি আছা নে নাই, বা তুমি কোন, বা কি, এনেবিলাক আহুকলীয়া আসোঁৱাহীয়া প্রশ্নই মনক বিমােৰ কৰে।

 এই বিষয়ত আসোঁৱাহ চিৰকাল থাকিব, কিয়নো বিষয়টো মানুহৰ ধাৰণা শক্তিৰ বাজ । তেনে বিষয়ৰ এটা অলৰ-অচৰ খাটাং মীমাংসা হবৰ সম্ভৱ নাই। মানুহে বাজৰ জগৎ এৰি নিজৰ চিত্তত বা চিত্তৰ অন্তেসপুৰত সােমাই ইমান কালে ইয়াকে জানিছে, বা জানিছোঁ বুলি বিশ্বাস কৰিছে যে, মানুহৰ শৰীৰটোৱেই মানুহটো নহয়, শৰীৰৰ কৰবাত কিবা এটা আছে, সেইটোহে আচল মানুহ, সেই কিবাটো এটা শক্তিবিশেষ, অর্থাৎ চিৎ শক্তি, অর্থাৎ চৈতন্যময় শক্তি, অর্থাৎ ই জীয়া, আৰু ইয়াৰ ভাল বেয়া বুজিবৰ সমৰ্থ আছে।