এই শক্তিটো বোলে বিশ্ব ভৰি আছে, আমি বোলে ইয়াক এনেই দেখা নাপাওঁ, কোনো স্থূল বস্তুত আশ্ৰয় ললেহে দেখা পাওঁ। ই বোলে জুইৰ নিচিনা অদৃশ্য বস্তু, অৰ্থাৎ জুই সকলো ঠাইতে আছে, তেও আমি নেদেখোঁ, কেৱল বস্তুত আশ্ৰয় ললে অৰ্থাৎ খেৰ বাঁহৰ নিচিনা কোনো বস্তুত লাগিলে দেখা পাওঁ। এই সিদ্ধান্ত কৰি, ইয়াৰপৰা উজাই গৈ আৰু সিদ্ধান্ত কৰিছে যে, এই চৈতন্যময় কিবাটোৱেই বিশ্বৰ আদি কাৰণ, অৰ্থাৎ ঈশ্বৰ। ই বিশ্বৰ সকলো বস্তুতে আছে, অৰ্থাৎ বিশ্বৰ সকলো বস্তুৱেই চৈতন্যময়, কেৱল কোনো বস্তুত সেই চৈতন্য ভালকৈ বিকাশ পাইছে, কোনো বস্তুত অলপ বিকাশ পাইছে, কোনো বস্তুত মুঠেই বিকাশ পোৱা নাই। এই চৈতন্যময় বস্তুটোৰ বিকাশৰ পৰিমাণ অনুসৰি বস্তুৰ শ্ৰেণী-ভেদ হয়। শিল, মাটি, বা খনিত থকা সোণ ৰূপ আদি জড় বস্তুত চৈতন্যৰ সমূলি বিকাশ নাই, সেই দেখি সেই বস্তুবোৰ জড় হৈ পৰি আছে। কালত চৈতন্য যেতিয়া কিছু বিকাশ পায়, তেতিয়া জড় ৰূপ এৰি সেইবিলাক বস্তু উদ্ভিদ বা গজন জীৱ হৈ ওলায়, আৰু তাতকৈও বিকাশ হলে পশু পক্ষী হৈ ওলায়, তাতকৈও বিকাশ হলে মানুহ হৈ ওলায়।
বস্তু বা বিশ্ব কেৱল সেই চৈতন্যময় কিবাটোৰ প্ৰবাহ মাথোন। আদিৰ চৈতন্যময় শক্তিটোৰ কোনো এটা অংশ কিবা কাৰণত বস্তু হয়, অৰ্থাৎ এটা আধাৰত বন্দী হয়, অৰ্থাৎ পোন প্ৰথমতে জড় বস্তুত বন্দী হয়, তাৰ পাছত অনুক্ৰমে