চিন্তা-কলি/আহুকাল, দ্বিতীয় খণ্ড

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

আহুকাল, দ্বিতীয় খণ্ড

[ ৪৩ ]
 
আহুকাল।

 
দ্বিতীয় খণ্ড।

সৃষ্টিৰ কৌশল এটা, দুটা বা সৰহ নহয়। বস্তু এটা ফঁহিয়াই নিলে অন্তত গৈ যি তত্ত্ব ধৰা পৰে, সেই তত্ত্ব এটা। সকলো বস্তুৰে অন্তত এটা মাথোন তত্ত্ব দেখা যায়। এই একেটা তত্ত্বৰপৰা সকলো বস্তুৰ সকলো প্ৰাণীৰ জনম হয়, বন্ধন হয়, আৰু মৰণ হয়। পাচত এই তত্ত্বটো বা এই কৌশলটো কি? অৰ্থাৎ ইয়াৰ প্ৰকৃতি কেনে? এই বিষয়ত অতীজ কালৰ মহাপুৰুষ সকলৰ মত আছে। সিবিলাকে কয়, বলে কৌশলটো আন একো নহয়, ই কেৱল এটা গতি। জগতৰ সকলো বস্তুৰ গতি আছে। কিন্তু এই গতি আন এক বিধৰ গতি, ই বস্তুৰ তত্ত্ব নহয়, ই জীৱনৰ কৌশল নহয়, ই ব্ৰহ্মাণ্ডভেদী গতি নহয়, ই স্বয়ম্ভূ গতি নহয়, ই আদিৰ গতি নহয়। ই পাচত জন্মা গতি, ই আনে স্ৰজা গতি। যি গতি বস্তুৰ তত্ত্ব বা স্ৰজনৰ কৌশল, সি বস্তুৰ অন্তৰত লুকাই থাকে, তাক চকুৰে নেদেখি, কাৰ্য্যৰপৰাহে অনুমান কৰিব পাৰি। গমন জীৱ মাত্ৰেই লৰিচৰি ফুৰিব পাৰে। ইও এবিধ গতি, কিন্তু ই তুমি স্ৰজা গতি। তোমাৰ উত্তৰলৈ যাবৰ মন গল, তুমি ভৰি চলাই গলা, অৰ্থাৎ তুমি উত্তৰলৈ যোৱা গতি উৎপন্ন কৰিলা। এতেকে এই গতি তোমাৰ [ ৪৪ ] স্ৰজা গতি। এইদৰে সকলো গমন জীৱই ইচ্ছা মতে একোটা গতি স্ৰজন কৰিব পাৰে। দলি এটাৰো গতি হয়, কিন্তু সেই গতি দলিয়াওঁতাই স্ৰজি পঠিয়ায়। দলিৰ গতি যেনে, চন্দ্ৰ, সূৰ্য্য বা গ্ৰহ উপগ্ৰহৰো গতি তেনে। সেই গতিও আদিতে আন এজনে স্ৰজি পঠিয়াইছে। অৰ্থাৎ এই গতি বস্তুৰ পাচত জন্মিছে, অৰ্থাৎ বস্তু জন্ম হোৱাৰ পাচত এই গতি কোনো কাৰণত উৎপন্ন হৈ চন্দ্ৰ সূৰ্য্য আদি বস্তুবিলাকক ঘূৰাই লৈ ফুৰাইছে। এই গতিৰপৰা চন্দ্ৰ সূৰ্য্যৰ জন্ম হোৱা নাই। ই জীৱনৰ তত্ত্ব নহয়।

 জীৱন-গতি অৰ্থাৎ যি গতিৰপৰা জীৱন জন্মে, সেই গতি নানা প্ৰাণীৰ নানা ঠাইত থাকে। মানুহ, পশু, পক্ষী, আৰু এনে ৰকমৰ সকলোবোৰ জীৱৰ জীৱন গতি সিহঁতৰ হৃদয়ত থাকে। হৃদয়ত গতিৰ কৌশল বা ‘কল’ স্থাপিত হৈছে। সেই কৌশলৰ গুণত সিহঁতৰ শৰীৰৰ আন আন ঠাইত গতি চলা দেখা যায়। মানুহৰ হাতত, ভৰিত, আৰু আন আন ঠাইত এগছ শিৰ ঢিপিং ঢিপিং কৰে। এই ঢিপিং ঢিপিং গতিৰ জন্ম বুকুত। বুকুত এড়োখৰ মঙহ আছে, সেই মঙহ ডোখৰ সদায় ঢিপিং ঢিপিং কৰি থাকে। এই গতিটো টেলিগ্ৰাফৰ গতি যোৱাৰ দৰে নানান শিৰেৰে গাৰ নানান ঠাইত ওলাই গৈ। বৰ দুৰ্ব্বল হলে শৰীৰৰ আন আন ঠাইত এই ধিপ্‌ধিপনি লোপ হয়। ইয়াকে মানুহে চলিত কথাত নাড়ি বুৰা বোলে। শৰীৰৰ আন আন ঠাইত নাড়ি [ ৪৫ ] বুৰিলেও বুকুত চলি থাকে। বুকুত নাইকিয়া হলেই মানুহৰ মৰণ হয়। মানুহ, পশু, পক্ষী ইত্যাদিৰ বাহিৰে অন্য গমন জীৱবিলাকৰো গাৰ ভিতৰত এডোখৰ ঠাই আছে, সেই ঠাই ডোখৰত জীৱন গতিৰ যন্ত্ৰ থাকে, তাৰপৰা গতি ওলাই গাৰ অন্যান্য ঠাইত দেখা দিয়ে। এই ব্যৱস্থা গমন জীৱ সম্বন্ধেহে, গজন জীৱৰ ব্যৱস্থা বেলেগ। গছ-গছনিবোৰ লৰিচৰি ফুৰিব নোৱাৰে, কিন্তু সেই বাবে সিহঁতৰ গতি নাই বুলি ভাবিব নালাগে, সিহঁতৰ ভিতৰতো গতি আছে। গছ বা লতা পুলিৰপৰা ডাঙৰ হয়। ডাঙৰ হয় কিহৰ বলত? কি ক্ৰিয়াৰপৰা খুদৰ মান পুলিটো বা অঙ্কুৰটো কালত গৈ এডাল বৃহৎ গছ হৈ উঠে। গতিৰ ক্ৰিয়াৰপৰা, অৰ্থাৎ গতিৰ বলত হয়। মানুহকে আদি কৰি জীৱ জন্তুবিলাকৰ মাতৃ-গৰ্ভত শৰীৰ সৃষ্টি হয়। শৰীৰৰ আদি অৱস্থা এডোখৰ মঙহ মাথোন, তাত হাত ভৰি বা কাণ মূৰৰ কোনো চিনেই নাথাকে। সেই শৰীৰত তেতিয়া ধিপ্‌ধিপনিও নাথাকে। কিন্তু ধিপ্‌ধিপনি নাই দেখি তাৰ ভিতৰত কোনো গতি নাই বুলি ধৰিব নালাগে। মঙহ ডোখৰ পূৰ্ব্বে মঙহ নাছিল, এবিধ পনীয়া বস্তু আছিল, সেয়ে কালত গোট মাৰি মঙহ হল; পিচত সেই মঙহ ডোখৰ অনুক্ৰমে বাঢ়ি বাঢ়ি শৰীৰৰ আকাৰ ধৰিলে, অৰ্থাৎ তাৰপৰা কাণ ওলাল, হাত গজিল, ভৰি গজিল। তেনেহলে সেই মঙহ ডোখৰত বা আদিৰ সেই পনীয়া বস্তুটোত এটা গতি চলি নাছিল নে? [ ৪৬ ] ধুৰুপ আছিল। কোনো বস্তু হঠাৎ মুহূৰ্ত্তকতে নাবাঢ়ে, প্ৰতি পলতে, প্ৰতি মুহূৰ্ত্ততে সেই বাঢ়ন ক্ৰিয়া চলি থাকে। নৈ বা নিজৰ যেনেকৈ অবিৰাম গতিৰে চলি থাকে, সেই দৰে বস্তুৰ বাঢ়ন ক্ৰিয়াও অবিৰাম অখণ্ড ভাৱে চলি থাকে। আমাৰ দুৰ্ব্বল চকুৰে সেই অবিৰাম গতি দেখা নাপাওঁ, গতি গোট খাই সৰহ হলে, অৰ্থাৎ বস্তুটো বাঢ়ি কিছু ডাঙৰ হলেহে বাঢ়িছে বুলি জানিব পাৰোঁ।

 শৰীৰৰ আদি অৱস্থাত ধিপ্‌ধিপনি গতি নাথাকে। হাঁহৰ কণীৰ ভিতৰত জীৱনগতি যেনে ভাবেৰে বাস কৰে, তেনে ভাবেৰে শৰীৰৰ আদি অৱস্থাত জীৱন-গতি বাস কৰে। পিচত শৰীৰত এটাইবোৰ অবয়ব হৈ উঠিলে, অৰ্থাৎ হৃদয় আদি যন্ত্ৰবিলাক সম্পূৰ্ণ হলে হৃদিত ধিপ্‌ধিপনি আৰম্ভ হয়। এই ধিপ্‌ধিপনি নতুন বস্তু নহয়, ই আদিৰ বাঢ়ন গতিৰ এটা নতুন আকাৰ বা ৰকম মাথোন। যন্ত্ৰবিশেষত গতিৰ লক্ষণ ভিন্ন ভিন্ন হয়। এটা গতিৰেই এক ৰকম যন্ত্ৰত লগাই টনাব পাৰি, আৰু এক ৰকম যন্ত্ৰত লগাই ঠেলাব পাৰি। মানুহ বা পশু পক্ষীৰ হৃদয় এটা যন্ত্ৰ, সি এক বিশেষ ৰকমৰ যন্ত্ৰ। সেই যন্ত্ৰত আদিৰ বাঢ়ন গতি বন্ধ হলে ঢিপিং ঢিপিং কৰে। গছ-গছনিৰ হৃদয় যন্ত্ৰ নাই, গতিকে সিহঁতৰ জীৱন গতিয়ে কতো ঢিপিং ঢিপিং নকৰে, অৰ্থাৎ ঢিপিং ঢিপিং কৰিবলৈ গছত কোনো যন্ত্ৰ স্থাপিত হোৱা নাই। কিন্তু গছ বাঢ়ে, আৰু মাটিৰপৰা সি ৰস [ ৪৭ ] হুপি লয়, আৰু সেই ৰস ঠাল, ঠেঙুলি, পাত আদি গছৰ সকলো অঙ্গলৈকে যায় এইবোৰ ক্ৰিয়া কিহৰ বলত হয়? আদিৰ সেই জীৱন-গতিৰ বলত হয়। জীৱন-গতি বস্তুৰ জনমৰপৰা মৰণলৈকে থাকে। এই গতিৰ আবিৰ্ভাৱত জীৱ লাভ হয়, আৰু তিৰোভাৱত জীৱ শেষ হয়, অৰ্থাৎ জীৱৰ মৰণ হয়, অৰ্থাৎ বস্তু লয় পায়। সকলো সৃষ্ট বস্তুৰ লয় আছে। মানুহ সৃষ্ট বস্তু, সি মৰে। পশু, পক্ষী সৃষ্ট বস্তু, সিহঁত মৰে। গছ-গছনি সৃষ্ট বস্তু, সিহঁতো মৰে। এইদৰে আন আন যিবোৰ সৃষ্ট বস্তু আছে সকলোৰে মৰণ হয়, অৰ্থাৎ পৰিবৰ্ত্তন হয়, অৰ্থাৎ সিহঁতে এটা আকাৰ এৰি আন এটা আকাৰ ধৰে। মৰণ বা লয় এটা পৰিবৰ্ত্তন মাথোন। মৰণত শৰীৰৰ ভিন ভিন বস্তুবোৰ আদি বস্তুত গোট খায় গৈ। প্ৰতিমা গঢ়োতে খে, আঁহ, মাটি, ৰহণ আদি নানা বস্তু ব্যৱহাৰ কৰা হয়। সেই প্ৰতিমা পানীত পেলাই দিয়াৰ পাছত কি হয়? মাটিখিনি মাটিৰ লগত লগ লাগে, পানীখিনি পানীৰ লগত লগ লাগে। খেৰ, বাহ, ৰহণ এইবোৰো মাটি হয়; ইহঁত মাটিৰ আকাৰ বিশেষ মাথোন। বিশেষৰূপে ব্যৱহাৰৰ নিমিত্তে অৰ্থাৎ বিশেষ এটা কাৰ্য্যত লগাবলৈ সিহঁতক একোটা বিশেষ আকৃতি দিয়া হৈছিল। কাৰ্য্য হৈ গলত সিহঁতৰ সেই আকৃতিৰ প্ৰয়োজন নেহোৱা হল। খেৰে খেৰৰ কাম কৰি এটালে, বাঁহে বাঁহৰ কাম কৰি এটালে, ৰহণে ৰহণৰ কাম কৰি এটালে। এতিয়া [ ৪৮ ] সিহঁতৰ সেই আকৃতি নলগা হল। গতিকে সিহঁতেও অনুক্ৰমে মাটি হৈ সিহঁতৰ আদিৰ মূৰ্ত্তি ধৰিলে। প্ৰতিমাৰ শৰীৰ এইদৰে পৰিবৰ্ত্তন হয়। মানুহ আৰু আন আন জীৱ জন্তুৰ শৰীৰো এই দৰেই পৰিবৰ্ত্তন হয়। মানুহ মৰিলেও তাৰ শৰীৰৰ পানী ভাগ পানীত আৰু মাটি ভাগ মাটিত লগ লাগে। এতেকে আদিৰ যিবোৰ বস্তু সেইবোৰ সকলো থাকে অৰ্থাৎ যিবোৰ বস্তু গোট খাই শৰীৰটো হৈছিল সেইবোৰ বস্তুৰ লয় নাই, কেবল সিহঁত আগেয়ে এটা আকাৰত আছিল, এতিয়া সিহঁতে আন এটা আকাৰ ধৰিলে।

 শৰীৰ লয় হয়, অৰ্থাৎ সৃষ্ট বস্তু লয় হয়, কিন্তু জীৱনগতিৰ লয় নাই। এই দুৰ্জ্জয় গতি শৰীৰ খণ্ড খণ্ড হলেও থাকে, জীৱৰ মৰণ হলেও ইয়াৰ কাৰ্য্য শেষ নহয়। এই গতিৰ গুণত নানা বস্তুৱে নানা সময়ত নানা মুৰ্ত্তি ধৰিব লাগিছে। শৰীৰৰ মৰণ হলে, হাড় মঙহ মাটি হয়। মাটি হয় কেনেকৈ? মাটি হয় সেই গতিৰ গুণত। হাড় মঙহ বাঢ়োঁতে যেনেকৈ তিল তিলকৈ পলে পলে বাঢ়ি আছিল, পচি মাটি হওঁতেও তেনেকৈ তিল তিলকৈ পলে পলে মাটি হবলৈ ধৰে। গতিকে পূৰ্ব্বে যেনে জীৱনগতি অবিৰামভাৱে চলি আছিল, এতিয়াও সেই দৰে অবিৰাম ভাৱে চলি থাকে। এইদৰে হাড় মঙহ অনুক্ৰমে একেবাৰে মাটিৰ আকাৰ ধৰিলে গতি কলৈ যায়? গতিও লোপ হয়নে? নহয়, এই গতি লোপ হোৱা বস্তু নহয়। ইয়াৰ কাৰ্য্যৰ অন্ত নাই, ইয়াৰ হাতৰ আহৰি [ ৪৯ ] নাই। ই এটা কাম কৰি এটাই আৰু এটা কামত ধৰে, সেইটো হলে, আকৌ এটাত ধৰে। এইদৰে ই আদিৰপৰা কামত ব্যস্ত হৈ আছে। শৰীৰৰ হাড় মঙহ সম্পূৰ্ণৰূপে মাটি হলে গতি অৰ্থাৎ জীৱন গতি মাটিত সোমায়, অৰ্থাৎ পৃথিবীত সোমায়, অৰ্থাৎ পৃথিবীৰ শৰীৰৰ গতিৰ লগত মিহলি হৈ যায়। অন্যান্য শৰীৰৰ ভিতৰত যেনেকৈ এটা গতি চলি আছে, পৃথিবীৰ শৰীৰৰ ভিতৰতে সেইদৰে এটা গতি চলি আছে। পৃথিবীৰ অণুৱে অণুৱে পৰমাণুৱে পৰমাণুৱে গতি আছে। এই গতিৰ গুণত পৃথিবীৰ মাটি শিল হৈছে, শিল আকৌ মাটি হৈছে, খণিত সোণ হৈছে, ৰূপ হৈছে, হীৰা হৈছে, নাগমটি হৈছে, আৰু কত কি নহৈছে। পিচত, যদি পৃথিবী কেতিয়াবা লয় হয়, তেতিয়া গতি কলৈ যাব? গতি তেতিয়া বিশ্বৰ গতিৰ লগত লগ লাগিব অৰ্থাৎ যি গতিৰ গুণত বিশ্বৰ সৃষ্টি হৈছে, সেই গতিৰ লগত গোট খাব বিশ্বৰ গতি কেনে? আগত কোৱা হৈছে যে চন্দ্ৰ, সূৰ্য্য বা পৃথিবী যে ঘূৰি ফুৰিব লাগিছে, সেই গতি বিশ্বৰ গতি নহয়। সেই গতি বাহিৰৰ গতি, সি সৃষ্ট গতি। বস্তুৰ শৰীৰৰ অভ্যন্তৰত যে গতি চলি থকা দেখা গল, বিশ্বৰ শৰীৰতো সেইদৰে এটা গতি চলি আছে। আমাৰ সৌৰজগত, আৰু তাৰ বাহিৰৰ আন যিবিলাক সৌৰজগত আছে, আৰু তাৰ বাহিৰেও যি আছে, অৰ্থাৎ আকাশ, এই সকলোবোৰ গোট খাই বিশ্ব। এই বিশ্ব এটা বস্তু, তিন তিন সৌৰজগত বা গ্ৰহ [ ৫০ ] উপগ্ৰহবিলাক ইয়াৰ বেলেগ বেলেগ অঙ্গ মাথোন। এই গোট বিশ্বৰ যি শৰীৰ তাত এটা গতি আছে। সেই গতিৰ গুণত তাতে নানাৰূপ পৰিবৰ্ত্তন হব লাগিছে। এই গতি বিশ্বগতি। আন আন শৰীৰৰ বা বস্তুৰ গতি শৰীৰ বা বস্তু লয় হলে, মূল গতিত, অৰ্থাৎ বিশ্ব-গতিত গোট খায়। স্বৰূপাৰ্থত গতি এটা, সেই গতি বিশ্বব্যাপী আছে। ভিন ভিন শৰীৰৰ গতি বিশ্বগতিৰ এটা ভাগ মাথোন। সেই ভাগ শৰীৰ বিশেষত বন্দী হৈ থাকে, পিচত শৰীৰ ধ্বংস হলে গতি উদ্ধাৰ হৈ মূল গতিৰ লগ লাগে। এটা টেকেলিত পানী ভৰাই পুখুৰীত পেলাই দিয়া। টেকেলিটো পুখুৰীৰ তলিত পৰি থাকিব, পানীখিনিও তাৰ ভিতৰত থাকিব। সেই টেকেলিৰ ভিতৰৰ পানী আৰু বাজত থকা পুখুৰীৰ পানী তেতিয়া ভিন ভিন হৈ থাকে। পিচত টেকেলিটো কিবা এডালেৰে খোঁচ মাৰি পানীৰ তলতে ভাঙি দিয়া, তেতিয়া টেকেলিৰ ভিতৰৰ পানী কলৈ যাব? পুখুৰীৰ পানীৰে সৈতে সেই পানী মিহলি হৈ নাযাব নে? পুখুৰীৰ অলপ পানী টেকেলিটোত বন্দী হৈ বা বন্ধ হৈ আছিল, টেকেলি ধ্বংস হলত সেই পানী উদ্ধাৰ হৈ মূল পানীত অৰ্থাৎ পুখুৰীৰ পানীত মিহলি হল। সেই দৰে শৰীৰত বন্দী হোৱা গতি বিশ্বব্যাপী গতিৰ মাজত বেলেগ হৈ বা পৰি থাকে, পিচত শৰীৰ লয় হলে সেই গতি গতি-সাগৰত মিহলি হৈ যায়।
[ ৫১ ]  গতি কি? গতি এটা বল। বল কেনে? যি গুণত বা যিহৰ প্ৰভাৱত বস্তুৱে এটা আকাৰ এৰি আন এটা আকাৰ ধৰে। মাটিত বল আছে, কিয়নো মাটিয়ে মাটিৰ আকাৰ এৰি নাগ মাটি হয় বা শিল হয়। দলিৰ এবিধ বল আছে, কিন্তু মাটিৰ বল আৰু দলিৰ বল একে নহয়। দলিৰ বল ধাৰ কৰা বল, সেই বল দলিয়ে তোমাৰপৰা ধাৰ কৰি লৈছে, তাকে ব্যৱহাৰ কৰি সি এঠাইৰপৰা আন ঠাইলৈ যায়। কিন্তু মাটিৰ বল নিজা সুকীয়া বল। সেই বল মাটিৰ লগত জন্ম পাইছে বা সেই বলৰ যহত মাটিয়ে জন্ম পাইছে। এই বল পৰমাণু মাত্ৰতে আছে। অনেক পৰমাণু গোট খাই এটা বস্তু হয়। সেই দেখি বস্তুত বল থাকে, সেই দেখি শৰীৰৰ ভিতৰতো বল থাকে। এই বলে আদিতে প্ৰাণীৰ শৰীৰ বঢ়ায়, পিছত টুটায়, অৰ্থাৎ পচাই মাটি কৰে। কিয় মাটি কৰে? কিয় পচায়? কেৱল বঢ়াই নাথাকে কিয়? দেখা যায়, যেতিয়ালৈকে প্ৰাণীৰ জীৱ থাকে, অৰ্থাৎ প্ৰাণীটো জীয়াই থাকে, অৰ্থাৎ সি লৰিচৰি ফুৰিব পাৰে, তেতিয়ালৈকে প্ৰাণীৰ শৰীৰটো নপচে পিছত অৰ্থাৎ লৰিচৰি ফুৰিব নোৱৰা হলে অৰ্থাৎ মৰিলে শৰীৰ পচিবলৈ ধৰে। মৰণ কেতিয়া হয়? যেতিয়া বুকুৰ ধিপধিপনি নাইকিয়া হয়, অৰ্থাৎ ধিপধিপনিৰ যন্ত্ৰটো বন্ধ হয়। প্ৰাণী মৰা মাত্ৰই শৰীৰ পচিবলৈ আৰম্ভ কৰে। পচে কেনেকৈ? যিমান পৰমাণু গোট খাই শৰীৰটো হৈছিল, সেই পৰমাণুবিলাক [ ৫২ ] বেলেগ বেলেগ হয়, অৰ্থাৎ থান থান হয় অৰ্থাৎ যি পৰমাণু যৰ, তলৈ যায়, অৰ্থাৎ মাটিৰ পৰমাণু মাটিলৈ যায়, পানীৰ পানীলৈ যায়, বায়ুৰ বায়ুলৈ যায়। এইদৰে গৈ এটালে শৰীৰ পচি নাইকিয়া হয়। তেনেহলে দেখা গল, যি বলে শৰীৰ বঢ়াইছিল সেই বলেই পচালে, অৰ্থাৎ মৰণৰ আগেয়ে আৰু মৰণৰ পাছে দুয়ো কালতে বলটো থাকে, কেৱল মৰণৰ আগেয়ে কিবা এটাই পৰমাণুবিলাক গোট কৰি ধৰি আছিল, মৰণ হলত ধৰোঁতা নাইকিয়া হল, সেই ছল পাই পৰমাণুবিলাক স্কুল ভাগিলে স্কুলীয়া লৰাৰ দৰে, নিজ ঘৰলৈ পিঁয়াপি দি যাবলৈ ধৰে। সেই ধৰি থকা জন কোন বা কি?

 শৰীৰটো এটা ৰেইলওৱে ইঞ্জিন। ইঞ্জিন ভাপৰ বলত চলে, শৰীৰ গতিৰ বলত চলে। ইঞ্জিনৰ ভিতৰত ভাপে কাৰ্য্য কৰিবলৈ এডোখৰ ঠাই আছে, শৰীৰৰ ভিতৰত গতিয়ে কাৰ্য্য কৰিবলৈ এডোখৰ ঠাই আছে। সেই ঠাই ডোখৰৰ নাম বুকু বা হৃদি। ভাপৰ কাৰ্য্য চলাই দিলে ইঞ্জিন চলিবলৈ ধৰে, কিন্তু ইঞ্জিনটোৱে নিজে কোনো কাৰ্য্য নকৰে। ইঞ্জিন চলাই লৈ মানুহে তাক ই কামত সি কামত লগাই দি কাম কৰায়। শৰীৰটোকো চলাই লৈ অৰ্থাৎ জীয়াই লৈ অৰ্থাৎ জীৱ দান দি চলিব পৰা কৰি লৈ কোনোবাই বা কিহবাই তাক ই কামত সি কামত লগাই দি কাম কৰায়। ইঞ্জিন ভাপৰ বলত যদিওবা চলে, কিন্তু সি লাগতিয়াল অলাগতিয়াল বাছি কাম কৰিব নোৱাৰে। তাক এজন [ ৫৩ ] জ্ঞান বুদ্ধি থকা জীৱই, অৰ্থাৎ মানুহে চলাই লাগতিয়াল অলাগতিয়াল বুজি কাম কৰায়। শৰীৰটোকো সেইদৰে কিবা এটা জ্ঞান বুদ্ধি থকা বস্তুৱে চলায়, আৰু তাৰে লাগতীয়া অলাগতীয়া বুজি কাম কৰায়।

 ৰেইলওৱে ইঞ্জিন যেনে গাড়ীৰ চকৰি ঘূৰিবৰ পূৰ্ব্বেও চলি থাকে, তেওঁ মানুহে ঘূৰিবলৈ নিদিয়ে মানে ইঞ্জিনে চকৰি ঘূৰাব নোৱাৰে, সেইদৰে শৰীৰটো চলি থাকিলেও অৰ্থাৎ সম্পূৰ্ণ নীৰোগ অৱস্থাত জীয়াই থাকিলেই সি নিজে কোনো কাম কৰিব নোৱাৰে, সেই জ্ঞান বুদ্ধি থকা বস্তু- টোৱে চলালেহে কৰিব পাৰে। টোপনিত শৰীৰ জীয়াই থাকে, অৰ্থাৎ জীৱন গতি চলি থাকে, কিন্তু সি একো কাম কৰিব নোৱাৰে, কিয়নো তেতিয়া জ্ঞান বুদ্ধি থকা বস্তুটো কৰবালৈ যায়, অথবা তাৰ কিবা হয়। এতেকে বুজা যায়, ইঞ্জিন আৰু ইঞ্জিন চলোৱা মানুহজন যেনে বেলেগ বস্তু। সেই দৰে শৰীৰ আৰু শৰীৰ চলোৱা বস্তুটোও বেলেগ বস্তু। ইহঁত দুয়োৰো ভিতৰত একো সম্বন্ধ নাই। মানুহে যেনেকৈ ঘৰত বাস কৰে, ইও তেনেকৈ শৰীৰত বাস কৰে। ঘৰ বেয়া হবলৈ বা ভাগি যাবলৈ ধৰিলে মানুহে বেয়া হবলৈ বা ভাগি যাবলৈ নিদিয়ে, ভাল কৰি লয়; সেইদৰে বোধ হয়, শৰীৰ বেয়া হবলৈ ধৰিলে, অৰ্থাৎ শৰীৰৰ পৰমাণুবিলাক বেলেগ হব খুজিলে, সেই জ্ঞান বুদ্ধি থকা বস্তুটোৱে হবলৈ নিদিয়ে, কিবা স্বৰূপে ধৰি ৰাখে।
[ ৫৪ ]  শৰীৰ পচিবলৈ নিদিয়াকৈ যেয়েই বা যিহেই ৰাখক নাৰাখক শৰীৰটো যে এটা কিবা জ্ঞান বুদ্ধিবিশিষ্ট বস্তুৱে চলায়, ইয়াৰ কোনো সন্দেহ নাই। পিছত, এই জ্ঞান বুদ্ধিবিশিষ্ট বস্তুটো অৰ্থাৎ এই চিদযুক্ত বস্তুটো কি? ইয়াৰ প্ৰকৃতি কেনে, ই আগেয়ে কত আছিল, কেনেকৈ শৰীৰলৈ আহিল? এনেবিলাক প্ৰশ্নই মানুহক জুমুৰি দি ধৰে, কিন্তু মানুহে সিহঁতৰ উত্তৰ বিচাৰি নাপায়। আদিৰ সমস্যা আকৌ ওলাল। ইমান বিচাৰ কেৱল কথাৰ খৰচ। তাৰপৰা আচল সমস্যা সম্বন্ধে কোনো ফলোদয় নহল। এই সমস্যাৰ খণ্ডন বিচাৰি মানুহে যেই বাটেৰে যাওক নাযাওক খণ্ডন নাপায়। ই দুৰ্জ্জয় সমস্যা, ইয়াৰ খণ্ডন নাই, ইয়াৰ উত্তৰ নাই। কিন্তু কোনো কোনো পণ্ডিতে উত্তৰ পোৱা বুলি কয়। সিবিলাকে সেই উত্তৰ নানা শাস্ত্ৰত ব্যাখ্যা কৰিছে, কিন্তু উত্তৰ সন্তোষজনক যেন বোধ নহয়। সেই পণ্ডিতসকলৰ বাহিৰে ই আন কাৰো মনৰ খুকুৰি ভাঙিব পৰা নাই, নাইবা এই সম্বন্ধে আজিও বিচাৰ চলি নাথাকিলেহেঁতেন। যত বিচাৰ মানে চিদ সম্পৰ্কে নিষ্ফল। বিচাৰত সৎ পোৱা যায়, সৎ সহজে প্ৰমাণ হয়। সৎ চকুৰে দেখিবলৈ পোৱা বা মনেৰে ভাবি ধৰিব পৰা বস্তু। সৎ নানা আকাৰত থাকিব পাৰে। সি স্থূল আকাৰতো থাকে, সূক্ষ্ম আকাৰতো থাকে। বস্তু এটা সতৰ স্থূল আকাৰ, তাৰ ভিতৰত থকা গতি সূক্ষ্ম আকাৰ। দুয়ো কিন্তু একে বস্তু, অৰ্থাৎ ভূতৰ সমষ্টি। কোনো এটা [ ৫৫ ] বস্তু ভাগ কৰি নিলে, অৰ্থাৎ ভগীয়াই সৰু সৰু কৰিলে, অৰ্থাৎ সৰুতকৈ সৰু কৰিলে, অৰ্থাৎ যৎপৰোনাস্তি সৰু কৰিলে, তাৰ স্থূল দেহ নাথাকে, অৰ্থাৎ আকাৰ নাথাকে, থাকে কেৱল সূক্ষ্ম দেহ, অৰ্থাৎ গতি। বিজ্ঞানৰ গুণত বুজা গৈছে যে, দৃশ্যমান শৰীৰটো একো নহয়, ই এটা ভুৱা বা বাজিকৰৰ ফাং। ই গতিৰ বা শক্তিৰ সমষ্টি মাথোন। বিজুলী এটা গতি, ইও অৱস্থা বিশেষত চকুৰ গোচৰ হয়। দৃশ্যমান সকলো বস্তু গতিৰ এটা বিশেষ অৱস্থা মাথোন।

 চিৎ এটা অনুমানৰ বস্তু, ইয়াক কোনেও চকুৰে দেখা নাই বা আন কোনো ইন্দ্ৰিয়েৰে বোধ কৰা নাই, কেৱল বিশ্বৰ বস্তুবিলাকৰ প্ৰকৃতি দেখি মানুহে চিৎ আছে বুলি অনুমান কৰে। চিৎ বুদ্ধি জ্ঞানৰ এটা বেলেগ নাম। বিশ্বৰ বস্তুবিলাক এনেৰূপে সৃষ্ট হৈছে যে, তাৰপৰা স্ৰজোঁতাৰ জ্ঞান বুদ্ধি বিদিত হৈ পৰিছে, অৰ্থাৎ জ্ঞান বুদ্ধি নথকা লোকে বস্তু সেইদৰে কৰিব নোৱাৰিলেহেঁতেন। প্ৰত্যেক বস্তুতেই উদ্ভাৱন আৰু মৰণৰ মন্ত্ৰ বন্ধা আছে, অৰ্থাৎ বস্তু উৎপন্ন হবলৈ বা লয় হবলৈ কোনেও কাৰবাৰ কৰিব নালাগে। এটা বস্তুৱে তাৰ সদৃশ আন এটা বস্তু উৎপন্ন কৰিব পাৰে। মানুহে মানুহ কৰিব, গছে গছ কৰিব পাৰে, আৰু চিৰকাল কৰিব লাগিছে। সেইদৰে জগতে জগৎ কৰিব পাৰে, অৰ্থাৎ এক জগৎ লয় হলে আকৌ তাৰপৰা নতুন জগৎ উদ্ভৱ হব পাৰে, নতুন জগৎ কৰিবলৈ আন নতুন কাৰবাৰ কৰিব নালাগে। বিশ্ব নানা জগতৰ সমষ্টি, তাৰো লয় আছে, আৰু [ ৫৬ ] উদ্ভৱ আছে। মুঠতে কব লাগিলে সকলো বস্তু বাৰে বাৰে হৈছে আৰু মৰিছে, হৈছে আৰু মৰিছে, কিন্তু হবলৈ আৰু মৰিবলৈ নতুন আহুদি নালাগে,স্ৰজোঁতাই আদিতে মৰণৰ আৰু জনমৰ আহুদি বস্তুৰ ডিঙিত বান্ধি দিছে। এই ব্যৱস্থা বুদ্ধি নথকা কোনোবা বস্তুৰ পৰা ওলাব পাৰে নে? কেতিয়াও নোৱাৰে। এতেকে, সৃষ্টিৰ আদি কাৰণ কেৱল শক্তি আৰ্থৎ গতি নহয়, সেই শক্তি বা গতিত জ্ঞান আছে, বুদ্ধি অৰ্থাৎ তাৰ ভিতৰত বেয়া ভাল বুজিবৰ ক্ষমতা আছে। এইটো মানুহৰ অনুমান। এই অনুমান দুজন চাৰিজনৰ বাজে পৃথিবীৰ সকলো মানুহে সঁচা বুলি মানি লৈছে। কিন্তু এই চিৎ শক্তি প্ৰকৃতি কি? ই কি বস্তু?