কাণখোৱা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাণখোৱা
লেখক শ্ৰীধৰ কন্দলি

<poem> শ্ৰী শ্ৰী কৃষ্ণায় নমঃ ।

কাণখোৱা

শ্ৰী কৃষ্ণায় যাদৱেন্দ্ৰায় জ্ঞানমুদ্ৰায় যোগিনে । নাথায় ৰুক্মিণীশায় নমো বেদান্তবেদিনে ॥

ঘোষা

ঘুমটি যায়োৰে , অৰে কানা‍ই , হুৰে কাণখোৱা আসে । সকল শিশুৰ কাণখা‍ই খা‍ই , আসয় তোমাৰ পাশে ॥


পদ

মাৱৰ বচন শুনি পাশ চাপি হাসিয়া বোলে কানাই । কেনেকুৱা গোটে কান খাই ফুৰে চিনোৱা হাৰলি আ‍ই ॥ তাৰ নাম শুনি ঘুমটি নাসয় ডৰে কাম্পে মোৰ বুক । দেখিলে লৱড়ি পলা‍ইবাক পাৰি সত্বৰে চিনোৱা মোক ॥ অনাদি স্বৰূপে জগত স্ৰজিলো চৰাচৰ ভেদ কৰি । সমস্তে জগত প্ৰতিপাল কৰি আত্মাৰূপে আছো ধৰি ॥ ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত সমস্তে মোৰ স্ৰজনা । মইস নাজানিলো সিটো কাণখোৱা স্ৰজিলেক কোন জনা ॥ বিষ্ণুৰূপে মইজ বৈকুণ্ঠৰ হন্তে চড়িয়া গৰুড় স্কন্ধে । সমস্তে জগত বিচাৰি চাহিলো ফুৰিয়া আতি প্ৰৱন্ধে ॥ স্বৰগী নৰকী দুৰ্জ্জন মহন্ত বিচাৰি ফুৰিলো পাচে । সিয়োকালে মই লাগ নপাইলোহো কাণখোৱা কৈত আছে ॥ প্ৰথমতে মই অৱতাৰ ভৈলো দিব্য মত্স্য ৰূপ ধৰি । চাৰিয়ো বেদক পাতালৰ হন্তে আনিলো সঙ্গে উদ্ধাৰি ॥ পাচে সেহি ঠা‍ই বঢ়া‍ই মত্স্য কায় যুড়িলো সাগৰ তীৰ । সিয়ো কালে মই লাগ নপা‍ইলোহো কাণখোৱা কেন বীৰ ॥ কূৰ্ম্মৰূপে মই মন্দৰ ধৰিলো সাগৰ মথিবে লাগি । যত জলচৰ খলকি সাগৰ সমস্তে পলাইল ভাগি ॥ কালকূট বিষ উচ্চৈঃশ্ৰৱা হয় লক্ষ্মীয়ো বজা‍ইল পাচে । সিয়ো কালে মই লাগ নাপাইলোহো কাণখোৱা কৈত আছে ॥ বৰাহ স্বৰূপে পৃথিৱী উদ্ধাৰি আনিলো দন্তৰ আগে । হিৰণাক্ষ্য নামে বীৰক বধিলো যুদ্ধ কৰি বড় ৰাগে ॥ মোৰ ভয়ে যত অসুৰ পলাইল কম্পি গৈলা ত্ৰিজগত । সিয়ো কালে মই লাগ নাপাইলোহো কাণখোৱা কেন মত ॥ স্ফটিকৰ স্তম্ভে বাজ ভৈলো পুনু নৰসিংহ ৰূপ ধৰি । হিৰণ্যকশিপু বীৰক বধিলো নখ অগ্ৰে হিয়া ছিড়ি ॥ জঁটাৰ ছাটত মেঘ উৰুৱাইলো মেদিনী কম্পাইলো বলে । সিয়ো কালে মই লাগ নাপাইলোহো কাণখোৱা কাক বোলে ॥ বামন স্বৰূপে দেৱ কাৰ্য্য সাধি বলিক ছলিবে গৈলো । দান লওঁ বুলি তিনি পদ ভূমি ত্ৰৈলোক্য যুড়িয়া লৈলো ॥ উপায় কৰিয়া বলিক ছলিয়া পঠাইলো পাচে পাতালে । কাণখোৱা নামে বীৰগোট আছে নুশুনিলো সিয়ো কালে ॥ পৰ্শুৰাম ৰূপে তিনি সাত বাৰ পৃথিৱী পৰ্যাট্য ফুৰি । ক্ষত্ৰিয়ক কাটি নিক্ষত্ৰিয় কৈলো হাতত কুঠাৰ ধৰি ॥ ক্ষত্ৰিয়ৰ নাম নথৈলো সংগ্ৰাম কাটিলো পেটৰ চৱা । সিয়ো কালে মইচ লাগ নাপাইলোহো কাণখোৱা কেনেকুৱা ॥ ৰামৰূপে মইন সীতাৰ নিমিত্তে সাগৰ ভৈলোহো পাৰ । সবংশে ৰাৱণ ৰাক্ষস বধিলো খণ্ডিলো ভূমিৰ ভাৰ ॥ দেৱাসুৰ নৰ ভালুক বানৰ সবে আইল মোৰ কাছে । লংকা নগৰীত কাণে নুশুনিলো কাণখোৱা কৈত আছে ॥ হলীৰাম ৰূপে লাংগল ধৰিলো সম কৰি খাল বাম । সমস্তে পৃথিৱী বাই বাটি থৈলো লৈলো হলধৰ নাম ॥ সিয়ো কালে মই লাগ নপাইলোহো আবে মনে মনে গুণো । কাণখোৱা নামে বীৰ গোট আছে আজি তযু মুখে শুনো ॥ আসিয়া ইবাৰ কৃষ্ণ অৱতাৰ হুয়া আছো তযু ঘৰে । কাণখোৱা নাম শুনি মোৰ গাৱ থৰথৰি কাম্পে ডৰে ॥ ঘুমটিৰ ছলে নিচুকিয়া মইে চক্ষু মেলি আছো চা‍ই । কেনেকুৱা গোটে কাণ খা‍ই ফুৰে চিনায়োক মোক আ‍ই ॥ কৃষ্ণৰ বচন শুনিয়ো যশোদা তয় হুয়া ৰহি আছে | একোৱে উত্তৰ দিবাক নপাৰি হাসি মাতিলন্ত পাচে || মিছা সে বুলিয়া মুখে স্তন দিয়া কৃষ্ণক সাৱটি ধৰি | শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি ডাকি বোলা হৰি হৰি ||

ঘোষা

উঠা উঠা হৰি, এ চান্দবয়ন, অ’ হৰি পদ্মনয়ন | পুহা‍ইল নিশি, মেলা ধেনুগণ , উঠা উঠা হৰি এ’

পদ

একদিনা প্ৰতি ভকত -বত্সল কৃপাময় দেৱ হৰি | ৰজনী প্ৰভাতে শুতিয়া আছন্ত মিছা অপমান কৰি || সেহি সময়ত গোপ শিশু যত আসি বোলে যশোদাক | খেড়ি খেলা‍ইবাক লাগয় সুন্দৰ সত্বৰে কৃষ্ণক ডাক || শুনিয়া তেখনে নন্দৰ ঘৰিণী কৃষ্ণক ডাকিবে লৈলা | এত নিদ্ৰা কৰ কিসৰ ভাগৰ আদিত্য উদয় ভৈলা || উঠিয়ো কৃষ্ণা‍ই হাৰলি বোপা‍ই ৰোষ-তাপ ত্যাজি মনে | পুহা‍ইল ৰজনী উঠ যদুমণি বুলি ডাকে শিশুগণে || যশোদাৰ বাণী শুনি চক্ৰপাণি বোলন্ত নামাতা মাৱ | তোমাৰ আতা‍ই বোপা‍ই বোলন্তে নুজুৰাই মোৰ গাৱ || দিন চাৰি পাঞ্চ নুঠবো নখাইবো নযাইবো গোৰক্ষ স্থান | দুৰ্যশ কলঙ্ক দুঃখ সুমৰন্তে নসহে মোৰ পৰাণ || মইহ নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীয় | তথাপি তোমাক দেখন্তে ডৰত উৰি যায় মোৰ জীৱ || যত খাও দাওঁ তভো শুখাই যাওঁ নাহি মোৰ উদগ তি | হাত মুষ্টি যেন কঙ্কাল খানি যে বান্ধত ছিণ্ডিল আতি || নিজৰূপে মই অনন্ত ব্ৰহ্মাণ্ড স্ৰজি আছোঁ লীলা কৰি | সমস্তে জগত প্ৰতিপাল কৰি আত্মাৰূপে আছোঁ ধৰি || ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোকে সেৱা কৰি যা‍ই | তোৰ ঘৰে আসি গৰু চাৰি ফুৰো কৰকৰা ভাত খাই || নাৰায়ণ ৰূপে অনন্ত শয্যাত জলত কৰি শয়ন | নাভি পদ্ম হন্তে ব্ৰহ্মা ওপজাইলো স্ৰজিলো তিনি ভুৱন || বেদক পঢ়াইলো তত্ত্ব জ্ঞান কৈলো অজ্ঞান কৰিলো দূৰ | তোহোৰ ঘৰত যতেক ঐশ্বৰ্য্য সবে ভৈল মষিমুৰ || হংস ৰূপে মই স্বৰ্গক কম্পাইলো ব্ৰহ্মাৰ সভাত ৰৈলো | মুনি সমস্তৰ সংশয় ছেদিলো আত্ম তত্ত্ব জ্ঞান কৈলো || মুনি সিদ্ধসবে সাদৰিলে মোক প্ৰণামিলা সৃষ্টি কৰে | আবে আসি মই কৰাতৰ কাজী নভৈলো তোহোৰ ঘৰে || ব্যাস ৰূপে মই চাৰিয়ো বেদৰ কৰিলোহো শাখা-ভেদ | জ্ঞান কৰ্ম্ম ভক্তি প্ৰবৃত্তি নিবৃত্তি দিলো সবে পৰিচ্ছেদ || বেদৰ ৰহস্য ভাগৱত ধৰ্ম্ম নিবন্ধিয়া থৈলো পুনু | মূৰ্খতো অধিক কৰি আবে তুমি মোক বোলা জড় কানু || অসুৰৰ ভয়ে পূৰ্ব্বে দেৱগণে চিন্তিলে গৈয়া আমাক | চতুৰ্ভূজ ৰূপে আসি তাৱক্ষণে দেখা দিলো তাসম্বাক || মোৰ ৰূপ দেখি চমক লাগিল ত্ৰিদশে পৰিল ঢলি | আবে তুমি মোক বিগুটিয়া মাতা কলিয়া কলিয়া বুলি || মোহিনী স্বৰূপে সাগৰ মথিলো আসিল লক্ষ্মী বজাই | ব্ৰহ্মাদিক ত্যাজি মোক ভজিলেক হৃদয়ত দিলো ঠাই || হেন লক্ষ্মীপতি আসি তোৰঘৰে কাল গুণি আছো ৰই | ধান্য মুঠি দিয়া ফল কিনি খাওঁ তাহাত মৰিলি ডেই || তাত অনন্তৰে ধন্বন্তৰী ৰূপে অমৃতৰ ঘঁট ধৰি | সাগৰৰ হন্তে বাজ ভৈলো মইড জগত প্ৰখ্যাত কৰি || মোহিনী স্বৰূপে অমৃত পিয়াইলো সাধিলো দেৱৰ কাম | তোৰ ঘৰে আসি বৰ যশ পাইলো লৈলো দধি চোৰ নাম || কপিল স্বৰূপে কৰ্দ্দমৰ ঘৰে হুয়া মইব অৱতাৰ | দেৱহুতি নামে মাতৃক তাৰিলো কহিয়া তত্ত্ব বিচাৰ || আবে আসে মই্ তযু ঘৰে আছোঁ দেহাক কৰি স্বচ্ছন্দ | আছোক আমাত জ্ঞান সুৰি লৈবা দিনে ৰাতি কৰা দ্বন্দ্ব || বামন স্বৰূপে বলিক ছলিলো বিশ্বৰূপ দৰশাইলো | চৰণৰ নখে কটাহ ফুটাইলো গঙ্গাক আনি নমাইলো || সেহি পদ জল শিৰত ধৰিল মহেশে বাটত পা‍ই | আবে তুমি মোক বিগুটিয়া মাতা দিয়া মাটি খোৱা দায় || হৰি অৱতাৰে গজেন্দ্ৰক মই মুকুতি পদক দিলো | যজ্ঞ ৰূপে মইি স্বৰ্গক চলিয়া আপুনি উপেন্দ্ৰ ভৈলো || পৃথু অৱতাৰে সাত পৃথিৱীৰ ভৈলোহো এক নৃপতি | বাপেৰ কালৰ পুত্ৰ পাইলি মোক মাতস তইি বিগুটি || দুষ্কৰ তপক আচৰিলো মইো ঋষভ স্বৰূপ হু‍ই | দত্তাত্ৰেয় নামে যদু নৃপতিক নিস্তাৰিলো জ্ঞান কই || জীৱন্তে ধ্ৰুবক থাপিলো স্বৰ্গত এক দিৱ্য ৰূপ ধৰি | গোৱালৰ জীয় হুয়া তুমি মোক কৰাহা এত চাতুৰী || নাৰায়ণ ৰূপে ভাগৱত ধৰ্ম কৰিলো মইূ বিদিত | নৰ নাৰায়ণ ৰূপে তপ কৰি জগতৰে চিন্তো হিত || আনো যত মোৰ মহিমা আছয় কহিবাক লাগে কিক | মইি হেন পুত্ৰৰ মাৱ বোলাইবাক তোমাৰ আছোক ধিক || কিছু কিছু কৰি দেখিয়া আছাহা তথাপি কৰা আক্ৰোশ | এক ক্ষণিতেকে সুৰুতি উৰাইবো নথাকোক মোৰ দোষ || কাঠ বাঁজী বুলি জগতে হাসয় দেখিয়ো সুঁমৰে হৰি | মইখ আসি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুঃখ দূৰ কৰি || তথাপি আমাৰ স্নেহ নজানস নকৰ মোত বিশ্বাস | আগে যে আছিলি তেনয় কৰিবো দিন চাৰি বাট চাস || মোহোৰ মুখত লাজ লাগে বড় তোমাৰ গুণ কহন্তে | দু‍ই ওষ্ঠ ফাটি তেজ বৈ যায় বাঁশৰ বাংশী বজান্তে || ছৰতি সোণাৰে বাংশী গঢ়াই নেদা ৰাজ পটেশ্বৰী হুই | গাঁতত পোটন্তে পেটাৰি বান্ধন্তে ধনত লাগিবে জুই || গৰু ঝাকক লাগি অন্ন দি পঠাস সিয়ো হোৱে এক মুণ্ঠি | এক গ্ৰাস খাইলে আউৰ গ্ৰাস নাটে যাওঁ আধা পেটী উঠি || গৰু আগুৰন্তে ধাতু যায় মোৰ কণ্টক বনৰ সান্ধি | চৌপৰ দিনটো লৱড়িয়া ফুৰো নটুৱা-টনাক পিন্ধি || কুটকুৰা চুলি পৰে গৰু ধূলি কুকুহা পড়িয়া যাই | গোটা গুটি কৰি জণ্টা বান্ধিলেক তৈলে মাথা দেখা না‍ই || কথাক কহন্তে ক্ৰন্দন আসয় যত অপমান পাওঁ | যেবে হওঁ মই সি বাপৰ পুত্ৰ তোক তেৱে কন্দুৱাওঁ || কংস মামা মোৰ সাৰথি আছয় আমাক নিব মতাই | ইটো অপমান সকলে শুজিবো মথুৰা পুৰীক যাই || দৈৱকী আইত মোৰ বৰ বুলি থাকিবো তাহান পাশ | আমাক দেখিবে লাগিয়া তোমাৰ হৈবে বৰ হাবিয়াস || কৃষ্ণৰ বচন শুনিয়ো যশোদা পুনু মাতে পাশ চাপি | এত হাবিয়াস মোৰ মাথা খাস নাকান্দিবা মোৰ বাপী || মইক অভাগীৰ ইবাৰ দোষক মৰশিয়ো বনমালী | আন কাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি || মাৱৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত ভৈল মন | এক ডেৱে গৈয়া কোলাত চড়িয়া পিবাক লাগিয়া স্তন || পৰম আনন্দে থাকিলন্ত কৃষ্ণ চাৰু দন্ত দৰশাই | ব্ৰহ্মাণ্ডৰ সুখে থাকিল যশোদা কৃষ্ণৰ বন্দন চাই || শুনা সভাসদ হুয়া নিশৱদ শিশু গোবিন্দৰ কেলি | কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ কৰিবা মনে সেৱলি || শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি কৃষ্ণৰ ভকতি কাম | গুচোক দুৰ্গতি মিলোক মুকুতি পূৰ্ণ হৌক মনস্কাম || কৃষ্ণৰ চৰিত্ৰ সাক্ষাতে অমৃত পিয়ো আক কৰ্ণ ভৰি | খণ্ডিবে আপদ মিলিবে সম্পদ ডাকি বোলা হৰি হৰি ||

|| সমাপ্ত ||