পৃষ্ঠা:কাণখোৱা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২)

আবে আসি মই,  কৰাতৰ কাজী,
 নভৈলোঁ তোহোৰ ঘৰে॥
ব্যাস ৰূপে মই,  চাৰিয়ো বেদৰ,
 করিলোঁহোঁ শাখা ভেদ।
জ্ঞান কৰ্ম্ম ভক্তি,  প্ৰবৃত্তি নিবৃত্তি,
 দিলোঁ সবে পৰিচ্ছেদ॥
বেদৰ ৰহস্য, ভাগবত ধৰ্ম্ম
 নিবন্ধিয়া থৈলোঁ পুনু।
মূৰ্খতো অধিক,  কৰি আবে তুমি,
 মোক বোলা জড় কানু॥
অসুৰৰ ভয়ে,  পূৰ্ব্বে দেবগণে,
 চিন্তিলে গৈয়া আমাক।
চতুৰ্ভুজ ৰূপে,  আসি তাবক্ষণে,
 দেখা দিলোঁ তাসম্বাক॥
মোৰ ৰূপ দেখি,  চমক লাগিল,
 ত্ৰিদিশে পড়িল ঢলি।