পৃষ্ঠা:কাণখোৱা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২ )

দেখিলে লৱড়ি,  পলাইবাক পাৰি,
 সত্বৰে চিনোৱা মোক॥
অনাদি স্বরূপে, জগত স্ৰজিলোঁ,
 চৰাচৰ ভেদ কৰি।
সমস্তে জগত,  প্ৰতিপাল করি,
 আত্মাৰূপে আছোঁ ধৰি॥
ব্ৰহ্মা মহেশ্বৰ,  আদি কৰি যত,
 সমস্তে মোৰ স্ৰজনা।
মই নজানিলোঁ,  সিতো কাণখোৱা,
 স্ৰজিলেক কোন জনা॥
বিষ্ণুৰূপে মই, বৈকুণ্ঠৰ হন্তে,
 চড়িয়া গৰুড় স্কন্ধে।
সমস্তে জগত, বিচাৰি চাঁহিলোঁ,
 ফুৰিয়া আতি প্ৰবন্ধে॥
স্বৰগী নরকী,  দুৰ্জ্জন মহন্ত,
 বিচাৰি ফুৰিলোঁ পাছে।