পৃষ্ঠা:কাণখোৱা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭

মই আসি তোৰ,  ঘৰে পুত্ৰ ভৈলোঁ,
 সিতো দুঃখ দূৰ কৰি॥
তথাপি আমাৰ,  স্নেহ নজানস,
 নকৰ মোত বিশ্বাস।
আগে যে আছিলি,  তেনয় কৰিবো,
 দিনা চাৰি বাট চাস॥
মোহোৰ মুখত,  লাজ লাগে বড়,
 তোমাৰ গুণ কহন্তে।
দুই ওষ্ঠ ফাটি,  তেজ বহি যায়,
 বাঁশৰ বাঁশী বজান্তে॥
চাই ৰাতি সোণাৰ,  বাঁশী গঢ়াই নেদ,
 ৰাজ পটেশ্বৰী হুঁই।
গাতত পোতন্তে,  পেটাৰি বান্ধন্তে,
 ধনত লাগিব জুই॥
গৰু ঝাক লাগি,  অন্ন দি পঠাস,
 সিয়ো হোবে এক মুষ্টি।