পৃষ্ঠা:কাণখোৱা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬ )

সিয়োকালে মই,  লাগ ন পাইলোঁহো,
 কাণখোৱা কেনেকুৱা॥
শ্ৰীৰামস্বৰূপে,  সীতাৰ নিমিত্তে,
 সাগৰৰ ভৈলোঁ পাৰ।
সবংশে ৰাৱণ,  ৰাক্ষস বধিলোঁ,
 খণ্ডিলো ভূমিৰ ভাৰ॥
দেবাসুৰ নৰ,  ভালুক ৱানৰ,
 সবে আইল মোৰ কাছে।
লঙ্কা নগৰীত, কাণে নুশুনিলোঁ
 কাণখোৱা কৈত আছে॥
হলীৰাম ৰূপে,  লাঙ্গল ধৰিলোঁ।
 সম কৰি খাল বাম।
সমস্তে পৃথিবী,  বাই বটি থৈলোঁ,
 লৈলো হলধৰ নাম॥
সিয়োকালে মই,  লাগ ন পাইলোঁহো,
 আবে মনে মনে গুণুঁ।