পৃষ্ঠা:কাণখোৱা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাণখোৱা।
⸻⸻
ঘোষা।

ঘুমটি যায়ুৰে,  অৰে কানাই,
 হুৰে কাণখোৱা আসে।
সকলো শিশুৰ,  কাণ খাই খাই,
 আসয় তোমাৰ পাশে॥

⸺⸺

মাৱৰ বচন,  শুনি পাশ চাপি,
 হাসিয়া বোলে কানাই,
কেনেকুৱা গোটে,  কাণ খাই ফুৰে,
 চিনোৱা হাৰলি আই॥
তাৰ নাম শুনি,  ঘুমটি নাসয়,
 ডৰে কাম্পে মোৰ বুক।