পৃষ্ঠা:কাণখোৱা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( 8 )

সিয়োকালে মই,  লাগ ন পাইলোহো,
 কাণখোৱা কৈত আছে॥
বৰাহ স্বৰূপে, পৃথিবী উদ্ধৰি
 আনিলোঁ দন্তৱ আগে।
হিরণ্যাক্ষ নামে, বীৰক বধিলোঁ,
 যুদ্ধ কৰি বড় বাগে॥
মোক ভয়ে যত,  অসুৰ পলাইল,
 কম্পি গৈল ত্ৰিজগত।
সিয়ো কালে মই,  লাগ ন পাইলোহোঁ
 কাণখোৱা কেন মত॥
স্ফটিকৰ স্তম্ভে,  বাবা ভৈলোঁ পুনু ,
 নৰসিংহৰূপ ধৰি।
হিৰণ্যকশিপু,  বীৰক বধিলোঁ,
 নখ অগ্ৰে হিয়া চীৰি॥
জটাৰ চটিত,  মেখ উড়ুৱাইলোঁ,
 মেদিনী কম্পাইলোঁ বলে।