পৃষ্ঠা:কাণখোৱা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )


এক ডেৱে গৈয়া,  কোলাত চড়িয়া,
 পিবাক লাগিয়া স্তন॥
পৰম আনন্দে, থাকিলন্ত কৃষ্ণ,
 চাৰু দন্ত দৰশাই।
ব্ৰহ্মাণ্ডৰ সুখে, থাকিলা যশোদা,
 কৃষ্ণৰ বদন চাই॥
শুনা সভাসদ, হুয়া নিশবদ,
 শিশু গোবিন্দৰ কেলি।
কৃষ্ণৰ অৰুণ, চৰণ পঙ্কজ,
 কৰিয়া মনে সেবলি॥
শ্ৰীধৰ কন্দলী, কহে কৃষ্ণকেলি,
 কৃষ্ণৰ ভকতি কাম।
গুছুক দুৰ্গতি, মিলোক মুকুতি,
 পূৰ্ণ হোক মনস্কাম॥
কৃষ্ণৰ চৰিত্ৰ, সাক্ষাতে অমৃত,
 পিয়ো আক কৰ্ণ ভৰি।
খণ্ডিবে আপদ, মিলিবে সম্পদ,
 ডাকি বোলা হৰি হৰি॥

সম্পূৰ্ণ।