পৃষ্ঠা:কাণখোৱা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩ )

সিয়োকালে মই,  লাগ ন পাইলোহোঁ,
 কাণখোৱা কৈত আছে॥
প্ৰথমতে মই,  অৱতাৰ ভৈলোঁ,
 দিব্য মৎস্যৰূপ ধৰি।
চালিয়ে বেদক, পাতালৰ হন্তে,
 আনিলোঁ সাঙ্গে উৰ্দ্ধৰি॥
পাছে সেই ঠায়,  বঢ়াই মৎস্য কায়,
 যুৰিলোঁ সাগৰ তীৰ।
সিয়োকালে মই,  লাগ ন পাইলোহোঁ,
 কাণখোৱা কেন বীৰ ॥
কূৰ্ম্মৰূপে মই, মন্দৰ ধৰিলোঁ,
 সাগৰ মথিবে লাগি।
যত জলচৰ, খলকি সাগৰ,
 সমস্ত পলাইল ভাগি॥
কালকূট বিষ,  উচ্চৈশ্ৰবা হয়,
 লক্ষ্মীয়ো বঝাইলা পাছে।