পৃষ্ঠা:কাণখোৱা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।
⸺⸺

"অ’ইচ্‌ অ'ইচ্‌ এ চিছৈ পোৱালি,
লোণে মাছে ভাত খাই কিকৈ খিনালি।
অ'ৰে কাণখোৱা নাহিবি ৰাতি,
তোৰে কাণে ফালি লগামে বাতি,
অ’ইচ্‌ অ'ইচ্‌ এ কাণ খাটিৰ পো,
কাণখোৱা আহিছে নিঝম দিশো।”

 সৰু সৰু ল’ৰা ছোৱালী বোৰক কাণখোৱাৰ নাম গাই, নিচুকাই শুওৱা নিয়ম আসাম দেশত আজি কালিৰ নহয়। কবিবৰ মহাত্মা শ্ৰীধৰ কন্দলিৰ দিনতো আছিল। তাৰ পূৰ্ব্বে যে নাছিল, তাক বা কেনেকৈ নুই কৰিব পাৰি।

 মহাত্মা শ্ৰীধৰ কন্দলি যে ইয়াকে আৰ্হিলৈ নন্দৰাণী শ্ৰীমতি যশোদাই কাণখোৱাৰ নাম গাই ভগৱন্ত