পৃষ্ঠা:কাণখোৱা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোৰ ঘৰে আসি,  বড় যশ পাইলোঁ,
 লৈলোঁ দধি চোৰ নাম॥
কপিল স্বৰূপে,  কৰ্দ্দমৰ ধৰে,
 হুয়া মই অবতাৰ।
দেবহুতি নামে,  মাতৃক তাৰিলোঁ,
 কহিয়া তত্ত্ব-বিচাৰ॥
আবে আসি মই,  তবু ঘৰে আছো
 দেহাক কৰি সচ্ছন্দ।
আছোক আমাত,  জ্ঞান সুধি লৈবা,
 দিনে রাত্ৰি কৰা দন্দ্ব॥
বামন স্বৰূপে,  বলীক ছলিলোঁ,
 বিশ্বৰূপ দৰশাইলোঁ।
চৰণৰ নখে,  কটাহ ফুটাইলোঁ,
 গঙ্গাক আনি নমাইলোঁ॥
সেহি পদ জল,  শীৰত ধৰিল,
 মহেশে বাটত পায়।