অসমীয়া খণ্ডবাক্য-কোষ/খ

ৱিকিউৎসৰ পৰা

[ ৫৮ ] ক্ৰিয়া ধৰা—ক্ৰি, [ ক্ৰিয়া কৰিবলৈ ব্ৰত ধৰা ] শ্ৰাদ্ধাদি ক্ৰিয়া কৰিবৰ নিমিত্তে ব্ৰত পালন কৰা, to observe fasting on account of a religious ceremony.

ক্ৰিয়াহীন বামুণ—বিং, বামুণ ক্ৰিয়া-কাণ্ডহীন হলে ভ্ৰষ্ট হয়। এতেকে,— অনাচাৰী বামুণ, a degenerate Brahmin.



খ।

খঁৰা দা জোকৰা—ক্ৰি, দুখীয়া মানুহে খঁৰা দা ব্যৱহাৰ কৰে। এতেকে,— দুৰ্ব্বলী মানুহে ভয় দেখুওৱা, to brandish a powerless weapon to show empty threats.

খঁৰা ধুন—বিং, (খঁৰা =অসম্পূৰ্ণ। ) কাপোৰ-কানি, অলঙ্কাৰ-পাতি ইত্যাদিৰ সঁজুলি সম্পূৰ্ণ হব লাগে। যদি কোনো এটা বস্তু কম হয়, তেনেহলে ধুন অসম্পূৰ্ণ হয়। এতেকে,—অসম্পূৰ্ণ ধুন, the lack of completeness in fashion.

খাঁজে-খোপে খোৱা—ক্ৰি, বাঁহ কাঠ-আদিত কটা খাঁজ খোপত লাগি মিলি পৰে। এতেকে,—এটা বস্তু বা কাৰ্য্য আন এটা বস্তু বা কাৰ্য্যৰ লগত ভাল মতে মিলি যোৱা, সম্পূৰ্ণ সামঞ্জস্য হোৱা, to fit in perfectly with.

খুঁটাত বান্ধি লোৱা—ক্ৰি, অতিপাত মাৰ-কীল কৰিবৰ নিমিত্তে মানুহক খুঁটাত বান্ধি লোৱা হয়। এতেকে,— উগ্ৰ দণ্ড দিবৰ নিমিত্তে উদ্যোগ কৰা, to prepare to beat soundly.

খুঁটি খাব পৰা—ক্ৰি, চৰাই-পোৱালি ডাঙ্গৰ হলে নিজৰ ঠোঁটেৰে খুঁটি টোপ খাব পাৰে, তাৰ আগৈয়ে মাকে খুৱাই দিয়ে। এতেকে,—নিজে উপাৰ্জ্জন কৰিব পৰা, to be able to earn an independent liveli[ ৫৯ ] hood.

খুঁটি পুতি উজুটি খোৱা—ক্ৰি [ আপনি খুঁটি পুতি আপুনি উজুটি খোৱা ] মাটিত খুঁটি পোতা থাকিলে খুঁটিত ভৰি লাগি উজুটি খোৱা হয়। এতেকে,—আপোনাৰ কাৰ্য্যৰ দ্বাৰা আপুনি ঘাটি খোৱা, to be adversely affected by one's own conduct.'

খুঁটিয়া-খুঁটি লগা—ক্ৰি, চৰাইবিলাকে ইটোৱে-সিটোৱে ঠোঁটেৰে যুঁটিয়া-খুঁটি কৰে। এতেকে-পৰস্পৰ সামান্য প্ৰকাৰৰ দন্দ্ৱ খৰিয়াল কৰা, to engage in petty quarrels.

খুঁটীয়া মহে নাও বুৰোৱা—ক্ৰি, গুৱালে নাওত উঠি নাকী ধৰি খুঁটিৰ ঘৰচীয়া মহ নৈত পাৰ কৰে। কেতিয়াবা সেই মহে নাও বুৰাই দিয়ে। এতেকে,—আপোন মানুহে সৰ্ব্বনাশ কৰা, the doing of the greatest harm by one's dearest relative or friend.

খোকা পতা—ক্ৰি, অধিক মাছ পাবৰ নিমিত্তে আশা কৰি ঠুহা বা চেপাৰ পৰিবৰ্ত্তে খোৰা পতা হয়। এতেকে,— অধিক লাভ পাবৰ নিমিত্তে আশা কৰা, to covet inordinately.

খং ধাৰ কৰিব নলগা—ক্ৰি, যি বস্তু কোনো মানুহৰ আছে, সেই বস্তু তাৰ দেখুৱাবৰ প্ৰয়োজন নাই। সকলো মানুহৰে নিজৰ খং আছে, কোনোৱে আনৰপৰা তাক ধাৰ কৰিব নালাগে। এতেকে,—খং দেখুওৱাৰ প্ৰয়োজন নোহোৱা, to perceive the uselessness of making an exhibition of anger.

খং নামে চণ্ডাল হোৱা—ক্ৰি, শপত লোৱাৰপৰা এই বাক্য ওলাইছে। ইয়াৰ প্ৰকৃত অৰ্থ “খং এই নামেৰে সম্পৰ্ক থকা যৎকিঞ্চিৎ কামো যদি কৰোঁ, তেনেহলে মোক চণ্ডালৰ তুল্য নীচ জ্ঞান কৰিবা”। এতেকে,—খঙ্গাল মানুহ চণ্ডালৰ তুল্য নীচ হোৱা, to prove to be a person of low origin by giving vent to anger.

খং-শিঙ্গা বজোৱা—ক্ৰি, বিপদৰ জাননী দিয়া, (’ৰং-শিঙ্গা বজোৱা’ চোৱাঁ। ) to give a danger signal.

খং সৰা—ক্ৰি, [ খং সৰুওৱা) খং সাৰে অৰ্থাৎ পলাই সাৰে। যাক সি আক্ৰমণ কৰিব খোজে, সি ওলোটাই আক্ৰমণ কৰিলে খং নিজে পলাই সাৰে। হটি যাওতে বাটত যি পায় তাকে অপকাৰ কৰি পলাই যায়। যুদ্ধত [ ৬০ ] হটি যোৱা সেনাই এনেৰূপ আচৰণ কৰে এই ভাব বুজায়। এতেকে,-বলী শত্ৰুক অপকাৰ কৰিব নোৱাৰি নিৰপৰাধী দুৰ্ব্বল মানুহক অপকাৰ কৰি ক্ৰোধ প্ৰকাশ কৰা, to take revenge on a weak person for an injury done by another who is too powerful.

খঙ্গত আপোনাৰ মঙ্গহ আপুনি খোৱা—ক্ৰি, অতিপাত খং উঠিলে কাকো একো অপকাৰ কৰিব নোৱাৰিলে কোনো কোনো মানুহে নিজৰ শৰীৰৰ কোনো এটা অংশ কামুৰি ছিঙ্গি পেলায়। এতেকে,—খঙ্গত বিহ্বল হোৱা, to be over-powered by anger.

খঙ্গত একো নাইকিয়া হোৱা—ক্ৰি, ইমান খং উঠে যে একো নাইকিয়া হয়, অৰ্থাৎ যালৈ ভাবি খং এৰিব লাগে তেনে কোনো মানুহ নাইকিয়া যেন ভাব হয়। এতেকে,অতি ক্ৰোধান্তিত হোৱা, to be beside one- self in anger.

খঙ্গত জামদগ্নি হোৱা—ক্ৰি, জামদগ্নি ঋষিৰ পুতেক পৰশুৰাম আছিল। তেওঁৰ থং ইমান উগ্ৰ আছিল যে নিজৰ মাক ৰেণুকাক কুঠাৰেৰে কাটিলে, আৰু ২১ বাৰ ক্ষত্ৰিয় সংহৰি পৃথিবী নিক্ষত্ৰিয় কৰিলে। এতেকে,— অতি খঙ্গাল ভাবধাৰণ কৰা, to be mad with rage.

খঙ্গত পেট কাটি ছমাহলৈ শুকনী খোৱা—ক্ৰি, ইমান খং উঠে যে নিজৰ পেটটো কাটে। পিচত কটা ঘা শুকোৱাবৰ নিমিত্তে ছমাহলৈ ঔষধ খাব লাগে। এতেকে,—খঙ্গৰ ওপৰত হঠাৎ মহা অনিষ্ট সাধন কৰি পিচত সেই অনিষ্টৰ উপশমৰ নিমিত্তে বহু কাল যত্ন কৰা, খঙ্গত খন্তেকতে কোনো কাৰ্য্য কৰি পিচত তাৰ ফল-স্বৰূপে বহুকাল মনস্তাপ কৰা, to do an act in anger on the spur of the moment and then to repent for it for a long period.

খঙ্গৰ কীল লপা-থপা হোৱা-ক্ৰি, (থপা =থাপ; লপা অনুৰূপ। ) খঙ্গত অলপকৈ থাপ মাৰিলেই দন্দ লগা, to be offended even at the touch of the hand when the hand is laid in anger.

খঙ্গে গৈ মুৰৰ চুলি পোৱা—ক্ৰি, খঙ্গত ওপৰলৈ তেজ উঠে। এই স্থলত কোৱা হৈছে যে খং গৈ ইমান ওপৰলৈ উঠিছে যে সি মূৰৰ চুলি পাইছে গৈ। এতেকে,—অতিকৈ খং উঠা, to be extremely angry. [ ৬১ ] খজুৱতি উঠা—ক্ৰি, গাৰ খজুৱতি উঠিলে উচ্পি‌চ্‌ লাগে। এতেকে,—উচ্পি‌চ্‌ লগা, to be impatient to do anything.

খত-বান্ধ দি ধৰা-ক্ৰি, [খতেৰে বান্ধ দি ধৰা] খত =দলিল। যাতে কথা লুটিয়াব নোৱাৰে সেই মতে দলিলত লিখি কথা বান্ধি দিবলৈ টানি লোৱা, বৰকৈ তাগিদ কৰা, to bind by written agreement, to demand peremptorily.

খন খাই খন পেলোৱা-ক্ৰি, এখন খাই এখন পেলোৱা, (তামোল-খোৱাত ব্যবহৃত হয়। ) to chew pan and throw it away and then chew another and so on i.e. to chew pan too frequently.

খন্তেকীয়া ভোজ—বিং, ভোজ ৰান্ধি-বাঢ়ি যুগুত কৰি খাবৰ পৰত এনেকুৱা বিপদ উপস্থিত হব পাৰে, যে খাওঁতা নোহোৱা হৈ সেই ভোজ তাতে পেলনি যায়। বিপদ হবলৈ বেচি পৰ নালাগে, এই ভাব বুজায়। এতেকে,—বহু আয়োজনৰ দ্বাৰা সম্পাদিত হোৱা কিন্তু তৎক্ষণাৎ দুৰ্ঘটনাৰ দ্বাৰা নষ্ট হব পৰা কোনো বস্তু বা কাৰ্য, anything which is done with great care but which is liable to be marred in a moment by accident.

খৰচী মৰা—ক্ৰি, [ খৰচীয়া মৰা ] কথাৰ খৰচীয়া অৱস্থা মৰা অৰ্থাৎ কঠিনতা গুচাই ঢিলা কৰি দিয়া, ভাঙ্গি-পাতি বুজোৱা, to make easy or clear, to remove the stiffness of anything.

খৰম গোঁসাই—বিং , বৰদোৱা থানত শঙ্কৰ দেৱৰ এজোৰ খৰম আছে। মহা- পুৰুষীয়াবিলাকে তাকে ঈশ্বৰ বুলি ভাব কৰে, the sandal of Sankar Deo preserved in the Bordoa Satra in Nowgong and worshipped by the Vaishnabites.

খৰলি খোৱা—ক্ৰি, দুখীয়া মানুহে লোণৰ পৰিবৰ্ত্তে খাৰ দি শাকৰ আঞ্জা খায়। এতেকে,— দুখীয়া খাৱন খোৱা। তাৰপৰা,--টোকেনাভাৱে কাল-যাপন কৰা, to lead a poor life.

খৰি দিয়া—ক্ৰি, মানুহ মৰিলে খৰি দি দাহ কৰা হয়। এতেকে-শৱ দাহ কৰা, to cremate.

খৰি-ভাৰী-বিং, টোকোনা মানুহে হাবিত খৰি কাটি ভাৰেৰে কঢ়িয়াই বেচে গৈ। [ ৬২ ] এতেকে,—টোকোনা মানুহ, a pauper.

খৰ্ব্ব-নিখৰ্ব্ব-বিণ, খৰ+বৰ। সংখ্যা-বাচক খৰ্ব্ব শব্দৰ পাচত নিখৰ্ব্ব শব্দ আছে বাবে এই স্থলত নিখৰ্ব্ব শব্দ যোজিত হৈছে। তাৰ বেলেগ অৰ্থ নাই। এতেকে,—বৰ চোকা, very smart.

খলি পোত—ক্ৰি, খলি=খুলি বা খোলা, কোনো কাৰ্য্যৰ নিমিত্তে নিৰ্দিষ্ট স্থান- বিশেষ। পোতা =পুতি লোৱা, শিপাই লোৱা, এৰিব নোৱৰাকৈ লোৱা। এতেকে,—নিগাজিকৈ ঠাই লোৱা, to live for a considerable period under temptation ( used in a depreciative sense).

খৰে-ধৰা--বিং, [ খাৰে ধৰা] অজীৰ্ণ ৰোগ। (’খৰ’ শব্দেৰে সম্বন্ধ নাই। ) indigestion.

খহুলা ভেকুলী-বিং, ভেকুলীৰ ছালখন খহটা-খহটি, দেখাত সি খহুলা যেন বোধ হয়। এতেকে,—কদাকাৰ মানুহ, ঘিণলগা মানুহ, one who is ugly, deformed, disgusting or disagreeable.

খাই এগাৰি যোৱা-ক্ৰি [খাই উগাৰি যোৱা] অপৰিমিত আহাৰ কৰিলে উগাৰ আহে। এতেকে, অপৰিমিত আহাৰ কৰা, to eat to surfeit.

খাই পাত ফলা—ক্ৰি, খাই পাত ফালি পেলাই দি নাই খোৱা বুলি কোৱা অৰ্থাৎ উপকাৰ পাই শলাগ নোলোৱা, to be ungrateful.

খাই মৰা—ক্ৰি, মানুহক কোনো জন্তুৱে খালে সি মৰি যায়। এতেকে,-অতি পাত আহুকাল কৰা, to annoy too much.

খাইকহ-ক্ৰি, [ৰাক্ষস] প্ৰবাদ মতে ৰাইকহৰ (ৰাক্ষসৰ) মাত ডাঙ্গৰ, সি ৰাও-ৰাওকৈ মাতে। খাইকহৰ (ৰাক্ষসৰ) খঁক ডাঙ্গৰ, সি খাওঁ- খাওঁ মুৰ্ত্তি ধৰি ফুৰে। এতেকে,-অতিপাত খঁকুৱা মানুহ, a gourmand.

খাইমুৰা মানুহ—বিং, যি মানুহে মুৰ খায় অৰ্থাৎ পৰিয়ালৰ আন আন মানুহক মাৰি অকলশৰীয়া হয় সেই মানুহ। (কোনো মানুহৰ গাত কুলক্ষণ থাকিলে তাৰ দোষত পৰিয়ালৰ আটাইবিলাক মানুহ মৰি যায়, এনে বিশ্বাসৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। ) a solitary man in a family living after the death of all the other members. [ ৬৩ ] খাওঁ খাওঁ মুৰ্ত্তি-বিং, [ খাওঁ খাওঁ কৰা মুৰ্ত্তি ] অতি আকলুৱা মানুহ; বৰ খঙ্গাল মানুহ, a gourmand; a furious person.

খাটনিক লোটনি বোলা—ক্ৰি, খাটনি আৰু লোটনি এই দুই শব্দ সমাৰ্থক বোলা হৈছে, কিয়নো ডকাইতে লুটিলে যেনেকৈ মানুহ সৰ্ব্বস্বান্ত হয়, খাটনি ধৰিব জনা মানুহে খাটনি ধৰিলেও সেইৰূপে সৰ্ব্বস্বান্ত হয়, অৰ্থাৎ সি তাৰ যথাসম্পত্তি দিও খাটনি ধৰা মানুহক সন্তুষ্ট কৰে। এতেকে,—খাটনি আৰু লোটনি দুইকো সমান হানিজনক গণ্য কৰা, to regard flattery and robbery as same, both being equally disastrous in their effect upon the person who is flattered and the person who is robbed.

খাব জানিলে চাউলেই চিৰা হোৱা-ক্ৰি, চিৰা=চাউল চিৰা, সান্দহ। বৰা- চাউল ভাজি ঢেঁকিত খুণ্ডিলে সান্দহ হয়। এই স্থলত কোৱা হৈছে যে খাব জানিলে চাউলেই অৰ্থাৎ বৰা চাউলেই চিৰা হয়, অৰ্থাৎ চিৰাৰ সমান তৃপ্তিদায়ক হয়। বৰা চাউল তিয়ালে কোমল চাউল হয়, আৰু সি তৃপ্তিদায়ক জলপান। এতেকে,--নিয়ম-প্ৰণালী জানিলে অসুবিধাজনক কাৰ্য্য বা বস্তুকো সুবিধাজনক কৰি লব পৰা, to turn a bad thing to good account if one knows how to do it.

খাব-জীবৰ লক্ষণ—বিং, এনেৰূপ লক্ষণ যাৰ দ্বাৰা বুজিব পৰা যায় যে মানুহ জনে ভবিষ্যতে ভালমতে খাব পাৰিব আৰু ভালমতে জীব পাৰিব, অৰ্থাৎ উন্নতিৰ চিন, signs of future prosperity.

খাবলৈ পাই এন্গেনোৱা -ক্ৰি, [ খাবলৈ পাই গেনগেনোৱা] কোনো মানুহে ভালকৈ খাবলৈ পাইছে। সিমানতে তাৰ সম্পূৰ্ণ তুষ্টি হব লাগে। কিন্তু তেনে নহৈ তাৰ লেন বাঢ়ি যায়। ভোজনৰ বিষয়ে কিবাকিবি অসন্তোষ-বুজোৱা কথা সি লেনিয়াই কয়। লেনিয়াই কোৱা বাবে মাত গেন-গেনীয়া হয়। এতেকে,-কোনো বিষয়ে তৃপ্তি সম্পূৰ্ণ হোৱা বাবে লেন ধৰি অসন্তোষৰ ভাব বুজোৱা, অসন্তোষৰ কাৰণ নথকা স্বত্বেও অসন্তোষপ্ৰকাশ কৰা, to grumble where no real grievance exists.

খাম লম বুলি জীয়াই থকা—ক্ৰি, [ভাত খাম কাপোৰ লম বুলি জীয়াই থকা ] [ ৬৪ ] ভালমতে ভাত খাম আৰু ভালমতে কাপোৰ লম অথাৎ সুখ- স্বচ্ছন্দতা উপভোগ কৰিম এই আশা লৈ জীৱনধাৰণ কৰা, to live with the hope of enjoying pleasure.

খাৰ কঢ়া জিবা—বিং, ঘৰুৱা কাপোৰ খাৰ কাঢ়িলে হে পিন্ধিব পৰা যায়। জিবাক কাপোৰেৰে তুলনা কৰা হৈছে। এতেকে,—শিষ্টালাপী জিবা, a polished tongue.

খাৰখোৱা জিবা—বিং, চহা মানুহে খাৰ বেচিকৈ খায় আৰু সিহঁতৰ ভাষা শুদ্ধ নহয়। এতেকে,—অশুদ্ধ মাত, faulty language.

খালৰ যখিনী—বিং, খাল লেতেৰা, তেনে লেতেৰা ঠাইত যখিনী হে থাকে, মানুহ নাথাকে। এতেকে,—লেতেৰী তিৰোতা, a slut.

খালে-দোঙ্গে—ক্ৰি-বিণ, যতে-ততে, anywhere and everywhere.

খায় নে কান্ধত পিন্ধে কব নোৱৰা—ক্ৰি, কোনো বস্তু খাদ্য স্বৰূপে ব্যবহৃত হয় নে কান্ধত পিন্ধিবৰ নিমিত্তে অৰ্থাৎ অলঙ্কাৰ-স্বৰূপে ব্যৱহৃত হয়, সেই বিষয় নাজানে বোলা হৈছে। এতেকে,—কোনো বিষয়ে একো নজনা, to be in dismal ignorance.

খিটিং-খাটাং লগা—ক্ৰি, কাঁহৰ কাঁহী বাটী ইটো-সিটোৱে লাগি খিটিং-খাটাং শব্দ কৰে। সেই কথাৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। এতেকে,— সামান্য প্ৰকাৰৰ দন্দ-কাঁজিয়া লগা, to be engaged in petty quarrels.

খুণ্ডা মৰে নিয়া—ক্ৰি, [খুণ্ডা-মৰাই নিয়া] খুণ্ডা-মৰা ৰোগত তৎক্ষণাৎ ঘটে। (নিয়া =পৰলোকলৈ নিয়া, মাৰি নিয়া। ) এতেকে,—তৎক্ষণাৎ প্ৰাণ- নাশ হোৱা , to be killed instantaneously.

খুণ্ডাই লাখুটি—বিং, লাখুটিৰে কাঠ বাঁহ, মাটি আদিত খুণ্ডা খাই টক্‌-টকাই ফুৰে। এতেকে,—খুণ্ডা-খুণ্ডলি খাই টক্‌টকাই ফুৰা মানুহ, টাম-বন্ধীয়া কষ্টসহিষ্ণু কটিয়া-চানেকীয়া মানুহ। (লাখুটি মানুহতকৈ চুটি , এই কথাৰপৰা কটিয়া ভাব ওলাইছে, এ strong-built dwarfish fellow.

খুণ্ডি তাও কৰা—ক্ৰি, মৰিয়াই পিতল খুণ্ডি তাও অৰ্থাৎ চটা কৰে। বৰকৈ মাৰ-পিট কৰা, to assault severely.

খুদ্‌ খোৱা—ক্ৰি, [চাউলৰ খুদ্‌ খোৱা] যি মানুহৰ খেতি নাই সি লোকৰপৰা [ ৬৫ ] খুদ্‌-চাউল মাগি আনি তাকে ৰান্ধি ভাত খায়। এতেকে,—অতি টোকোনা, impocunious.

খেও খোৱা --ক্ৰি, জালোৱাই পানীত খেৱালি জাল মাৰি মাছ ধৰে। জাল নিয়মিত- ৰূপে চাৰিও পোনে সমানে মেল থাই পৰাকে ‘খেও খোৱা’ বোলে। খেও খালে খেওৰ ভিতৰত পৰা মাছ সাৰি যাব নোৱাৰে। এতেকে- কোনো কথা বা কাৰ্য্য যেনে-স্বৰূপ হব লাগে তেনে-স্বৰূপ হৈ পৰা, মিলি পৰা, ( জাল ‘মেলি’ পৰে আৰু কথা ‘মিলি’ পৰে এই সাদৃশ্যৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। ) to be in agreement, harmony, correspondence, concord.

খেৰ শুকোৱা দি শুকোৱা— ক্ৰি, খেৰ কাটি থলে ৰদত তৎক্ষণাৎ শুকাই যায়। এতেকে,—শীঘ্ৰে ক্ষীণ হৈ যোৱা, to be going down rapidly in health.

খেৰৰ শনি—বিং, খেৰৰ শনি পুৰিলে তৎক্ষণাৎ ছাই হৈ যায়। এতেকে,— কোনো খন্তেকীয়া বন্ধু, মানুহ, কাৰ্য্য ইত্যাদি, anything of a transient nature.

খেৰণীয়ে বননীয়ে—ক্ৰি-বিণ, যতে-ততে জঘন্য ঠাইত, in any out-of-the- way place.

খেত পৰুৱা মৰা—ক্ৰি, পৰুৱা নমৰোক বুলি যাওঁতেও খোজত পৰুৱা মৰে এই ভাব বুজোৱা হৈছে। এতেকে,—নিচেই লাহে লাহে খোজ কঢ়া, to walk too slowly.

খোপ এৰা—ক্ৰি, [ ‘খোপ ছিঙ্গা' চোৱাঁ। ]

খোপ ছিঙ্গা—ক্ৰি, কোনো বস্তু খোপত লাগিলে নেৰায়। এই স্থলত বোলা হৈছে যে খোপ ছিঙ্গে অৰ্থাৎ খোপৰপৰা এৰুৱাই দিয়ে। এতেকে,—কোনো মানুহে কোনো এটা মততে লাগি থাকি বহু পৰৰ মুৰত সেই মত এৰি দিয়া, to concede.

খোপ লগা—ক্ৰি, [ খোপত লগা ] খোপত লাগিলে কোনো বস্তু বেগতে নেৰায়। এই স্থলত, কোনো কথাৰ খোপ লাগিছে অৰ্থাৎ মানুহ জনে কোনো এটা কথাত লাগি আছে, বেগতে কথাটো এৰি নিদিয়ে এনে ভাব বুজোৱা হৈছে। এতেকে,—গপ লগা, to be too proud to do a thing (used playfully). [ ৬৬ ] খোৰ লোৱা—ক্ৰি, (’খোৰ’ আৰু ’খোৰোং’ সম্পৰ্কীয় শব্দ। ) থকা ঠাই লোৱা, to take abode in expectation of gains (used in a depreciative sense).

খোৰাৰ খোজে-পতি অপৰাধ ধৰা—ক্ৰি, যি খোৰা নাম পাইছে সি এবেলি দুবেলি ভালৰূপে খোজ পেলালেও মানুহে তাৰ খোজত দোষ হে দেখে। এতেকে,— যাৰ দিন মন্দ হয় তাৰ সকলো কাৰ্য্যকে মানুহে বেয়া বুলি ধৰা, to find fault at every step with a person who has fallen on evil times.

খোলা উলিওৱা—ক্ৰি, ভিতৰত শাহ নাইকিয়া হলে অকল খোলাটো থাকে। এতেকে,—সাৰ-পদাৰ্থ নষ্ট কৰা, to reduce to skeleton.

খোলাকটিৰ তাল—বিং, তাল কাঁহৰ দ্বাৰা নিৰ্ম্মিত। খোলা কটিৰ তাল হব নোৱাৰে। এতেকে,—মূল্য নাইকিয়া বস্তু, অকামিলা বা তুচ্ছ পদাৰ্থ, an article of no value, a useless or contemptible thing.

খোৱা-কামোৰা কৰা—ক্ৰি, [ থোৱাত কামোৰাকামুৰি কৰা ] কুকুৰবিলাকে কোনো খোৱা বস্তু পালে প্ৰত্যেকে তাক অকলৈ খাবৰ নিমিত্তে আনক কামুৰি খেদাবৰ চেষ্টা কৰে। এতেকে,—কোনো বস্তুৰ নিমিত্তে নীচালিভাৱে দন্দ পতা, to wrangle meanly.

খোৱা-লোৱা কৰা—ক্ৰি, ভোগ কৰা অৰ্থাৎ পুৰুষে তিৰোতাৰ লগত আৰু তিৰোতাই পুৰুষৰ লগত সঙ্গম কৰা, to have sexual inter— course.

খোৱা-লোৱা কৰা—ক্ৰি, ( খোৱা=ভোগ কৰা; লোৱা=পতিৰূপে লোৱা। ) সহবাস কৰা, to cohabit.


গ।

গছত কঠাল থৈ ওঁঠত তেল ঘঁহা—ক্ৰি, কঠাল খাওতে এঠা নালাগিবৰ নিমিত্তে ওঁঠত তেল ঘঁহি লোৱা হয়। এই স্থলত কোৱা হৈছে, যে কঠাল গছত [ ৬৭ ] থাকোঁতেই অৰ্থাৎ তাক নৌ পাৰোঁতেই ওঁঠত তেল ঘঁহা হয়। এতেকে,—কোনো কাৰ্য্য শেষ হোৱাৰ পূৰ্ব্বেই তাৰ ফললাভ হল বুলি জ্ঞান কৰি তদনুযায়ী চলা to count on the result of a work before it is actually finished.

গছত তুলি গুৰি কটা--ক্ৰি, ছল কৰি গছত তুলি পাচত গুৰি কাটি দিলে গছ পৰি যায়, লগতে গছৰ ওপৰত থকা মানুহো পৰে। এতেকে,—বিশ্বাস- ঘাতকতা কৰা, to betray.

গছৰ গুটি খাই নাম নোকোৱা—ক্ৰি, গছৰ গুটি চুৰ কৰি খোৱা হয়; কিন্তু কোন মানুহৰ বাৰীৰ গছ তাৰ নাম কোৱা নহয়। এতেকে,-ধৰা নপৰাকৈ কোনো অপৰাধ কৰা, to do a wrong secretly.

গছৰ পাত লগে নসৰ- -ক্ৰি, গছৰ পাত আটাইবিলাক একে লগে নসৰে। যাৰ যেতিয়া সময় হয়, সেই পাত তেতিয়া সৰে। মৃত্যু-কাল উপস্থিত হলে মানুহেো সেই ৰূপে মৰে, কোনেও কালৈও বাট নাচায়, বয়স বা আগ- পাচ একো নামানে। এতেকে,—আটাইবিলাক মানুহ একেলগে নমৰা, to die each in his appointed hour.

গজমূৰা মানুহ—বিং, [ গজৰ ভিতৰত মূৰ তুল্য মানুহ ] মুৰা হাতী অকলে থাকে এই কথাৰপৰা, কোনো মানুহৰ মুৰ হাতীৰ দৰে ডাঙ্গৰ কিন্তু, সি অকলে থাকে অৰ্থাৎ তাৰ বংশ-পৰিয়াল মৰি অন্ত পৰে, এই অৰ্থৰ উৎপত্তি হৈছে। এতেকে,--কুলক্ষণীয়া মানুহ, an ill-omened person.

গজ-হস্তী-বিং, [ গজ-গজীয়া হস্তী ] ওখ-ডাঙ্গৰ হাতী, a big elephant.

গজৰ খৈয়া-বিং, [ গোজোৰা খৈয়া ] নগাৰ বহটীয়াক খৈয়া বোলে। গোজোৰা = গোজোৰা-গোজোৰকৈ উত্তৰ দিয়া। খৈয়াবিলাকে কাম- বন ভালকৈ নকৰিছিল। কোনো কামলৈ পাচিলে গোজ্‌-গোজাই থাকে। এতেকে,--আপাহি থাকিলেও বন-বাৰি নকৰা মানুহ, লৰচৰ কৰিব নোখোজা ওঠোৰ-গোঠোৰ মানুহ, a rough unwilling worker.

গঢ়-গতি—বিং, চলণ-ফুৰণ, আও-ভাও, movements, conduct.

গণিতা কৰা—ক্ৰি, লেখ কৰা, লেখত লোৱা, যথাযোগ্য সম্মান কৰা, to count, to consider, to regard. [ ৬৮ ] গতি লগা—ক্ৰি, ভাল গতি লগা। বিদ্ৰুপাৰ্থত ব্যবহৃত হয়। এতেকে,— অৱস্থা কোনো বিষয়ে বেয়া হোৱা, to be settled (used iron- ically), hence, to be unsettled, to be done for.

গতি হোৱা—ক্ৰি, স্বৰ্গলৈ গতি হোৱা অৰ্থাৎ মৰণ হোৱা, to be dead.

গধূলি সাত হাল বোৱা—ক্ৰি, গধুলি মনত পাতে যে পিচ দিনা সাতখন হাল বাব, কিন্তু পিচ দিনা এখনো বোৱা নহয়। এতেকে,—মনতে বহু আলচ কৰা কিন্তু কাৰ্য্যত একো কৰিব নোৱৰা, to do many things in theory but absolutely nothing in practice.

গপ ৰজা—ক্ৰি, গপে শোভা পোৱা, অহঙ্কাৰ অক্ষুণ্ণ থকা, to be unimpaired in dignity.

গপে সিদ্ধি হোৱা আৰু তপে সিদ্ধি হোৱা—ক্ৰি, কোনো কাৰ্য্য গপেৰে অৰ্থাৎ নিজৰ মানত থাকিলে সিদ্ধি হোৱা আৰু তপেৰে অৰ্থাৎ সাধনা কৰিলে সিদ্ধি হোৱা, the fulfilling of an object either by preserving a dignified calm or by resorting to austere practices.

গৰখীয়া ধেমালি—বিং, গৰখীয়া লৰাই গৰু চৰাওঁতে দিন নিয়াবৰ নিমিত্তে মিছামিছি ধেমালি কৰে। এতেকে,—অৰ্থশূন্য লৰালি কাৰ্য্য, অলাগতিয়াল কাৰ্য্য, a childish affair, a useless work.

গৰখীয়া ভাল হলে গৰু ভাল হোৱা—ক্ৰি, গৰখীয়াই যদি ভালৰূপে গৰু ৰাখে, তেতিয়া গৰুৱে জেওৰা ভাঙ্গি শষ্য নষ্ট কৰিব নোৱাৰে। এতেকে,— চলাওঁতা ভাল হলে চলোঁতা ভাল হোৱা, the turning out of a person to be good or bad according as he is directed in the right way or in the wrong way by his superior, adviser or guardian.

গৰখীয়া মেল-বিং, গৰখীয়া লৰাই গৰু চৰাওঁতে জুম পাতি বহি মিছামিছি মেল পাতে। এতেকে,—ধেমেলীয়া মেল, a childish meeting.

গৰত থৈ কুটা—ক্ৰি, মাছ মঙ্গহ গৰত থৈ কুটা হয়। এতেকে,—কাটি-মাৰি উচ্ছেদ কৰা , to destroy completely.

গৰগঞা মিতিৰ—বিং, গৰগাওঁ অসমৰ ৰাজধানী আছিল। তাৰ বাসিন্দা- বিলাক টেঙ্গৰ আৰু অঘাইটং আছিল। আলহিয়ে বিদায় লৈ [ ৬৯ ] নাওত উঠিলে গৰগঞা মিতিৰে মুখেৰে মৰম বুজাই কয় ‘মিতিৰ, আজি নাযাবা, থাকাঁচোন’ কিন্তু ইফালে গম ধৰিব নোৱৰাকৈ ভৰিৰে নাওখন হেঁচি দিয়ে। নাও গৈ পানীৰ ধাৰত পৰিলে তাক আৰু ৰাখিব পৰা নাযায়। এতেকে,—কপটীয়া বন্ধু, an insincere friend.

গৰগাওঁৰ কথা শুনি তল যোৱা—ক্ৰি, আসামৰ ৰাজধানী গৰগাওঁ এনে চমৎ- কাৰ নগৰ আছিল যে তাৰ কথা শুনিলে বিস্ময়ত তল যাব লাগে। এতেকে,—কোনো আচৰিত বস্তু বা এটাৰ কথা শুনি বিচুৰ্ত্তি হোৱা, to be dazed on hearing any description of a wonderful thing or event.

গৰুখুণ্ডা মহাজন—বিং, মহাজন =মহন্ত। মহন্তসকলে ডবা কোবায়। ডবাৰ ছালখন গৰুৰ ছালেৰে ছোৱা বাবে ডবা কোবোৱা গৰুখুণ্ডা বোলা হৈছে। গৰু খুণ্ডাৰ প্ৰকৃত অৰ্থ গৰু বন্ধোৱা। এই কাৰ্য্য উচ্চ- জাতীয় হিন্দুৱে নকৰে। এতেকে,—ডবা-কোবোৱা মহন্ত, ( গালিৰ মাত ) a mohonta who plays the daba which is a kind of large drum prepared with cow-skin (used abusively).

গৰু-খোজৰ পানী—বিং, পথাৰৰ গৰু-খোজৰ ফাটত বৰষুণৰ পানী বয়। এতেকে,—নিচেই অলপীয়া পানী, a small quantity of water.

গৰু চুৰ কৰি পঘা ধৰিবলৈ লাজ পোৱা—ক্ৰি, পঘা ধৰি চোৰে গৰু চুৰ কৰি লৈ যায়। এই স্থলত কোৱা হৈছে, যে গৰু চুৰ কৰিবলৈ লাজ নাপায়, কিন্তু পঘা ধৰি নিবলৈ লাজ পায়। এতেকে,—কোনো দুষ্কৰ্ম্ম কৰিবলৈ লাজ নাপাই সেই দুষ্কৰ্ম্মৰ আনুষঙ্গিক কাৰ্য্য কৰিবলৈ লাজ পোৱা, to commit a hateful crime and yet be ashamed to show hands.

গৰু-চোৰ—বিং, হিন্দুৱে গৰুক দেৱতুল্য ভাবে। তেনে গৰুক চুৰ কৰাটো অতি জঘন্য কাৰ্য্য বুলি ধৰা হয়। এতেকে,—অতিপাত অসৎ লোক, a notorious thief, a great knave.

গৰু-চোৰৰ গঙ্গা-স্নান—বিং, গৰু চুৰ কৰাটো মহা পাপৰ ভিতৰত গণ্য হয়। তেনেকুৱা মহাপাপীৰ পক্ষে গঙ্গা-স্নান অসাৰ্থক। এতেকে,— [ ৭০ ] অসাৰ্থক কাৰ্য্য, an infructuous action.

গৰু-বিচৰা দিয়া—ক্ৰি, খেতিয়ক মানুহৰ পক্ষে গৰু সৰ্ব্বপ্ৰধান সম্পত্তি। গৰু হেৰালে সিহঁতে বিচাৰিবলৈ কোনো ঠাই বাকি নথয়। এতেকে,— হেবাথুৰি খাই বিচাৰি ফুৰা, to make a labourious search.

গৰু মৰা, পোক সৰা—ক্ৰি , গৰুৰ ঘা হলে পোকে গৰুৰ লগ লাগে। পোকে ঘা বহলাই নি শেহন্তত গৰুটো মাৰে গৈ। যেতিয়া গৰু মৰে, তেতিয়া পোক আঁতৰি যায়। গৰু জীয়াই থাকে মানে গিৰিহঁতৰ, গৰু আৰু পোক দুইৰে সৈতে সম্বন্ধ থাকে, অৰ্থাৎ গিৰিহঁতে গৰুৰ পোক বাছি থাকিব লাগে। যেতিয়া গৰু মৰে আৰু পোক আঁতৰি যায়, তেতিয়া গিৰিহঁতৰ দুইৰেপৰা সম্বন্ধ এৰায়। সেই-ৰূপে, সুবিধা বুজি মানুহেও কোনো এজন মানুহৰ লগ লাগে আৰু সেই মানুহক উদ্ভণ্ডালিৰ দ্বাৰা সৰ্ব্বনাশ কৰে। ফল-স্বৰূপে, তাৰ প্ৰাণ-হানি হয়। এতিয়া কোৱা হৈছে, যে যদি কাৰোবাৰ সেই আশ্ৰয়দাতা মানুহেৰে সৈতে সম্বন্ধ আছিল, সি মৰাত সেই সম্বন্ধ যে গুচিলেই, লগে-লগে তাৰ আশ্ৰয়ত থকা স্বাৰ্থান্বেষী মানুহ জনৰ পৰাও সম্বন্ধ গুচিল। এতেকে,—কোনো এজনৰ, সম্বন্ধীয় মানুহৰ মৰণ হলে সেই সম্বন্ধীয় মানুহেৰে সৈতে স্বাৰ্থ সিদ্ধিৰ নিমিত্তে যিলগ লাগিছিল, সেই স্বাৰ্থান্বেষী মানুহৰপৰা প্ৰথম জনৰ সম্বন্ধ ছিগা, the disconnecting of two persons on account of loss of another who served as the connecting link.

গৰু হৈ ঘাঁহ খোৱা—ক্ৰি, গৰু মূৰ্খ বুলি খ্যাত। এতেকে,—মূৰ্খ হৈ মুৰ্খ কাৰ্য্য কৰা, to play the part of a fool.

গৰুড়ৰ পাখা বান্ধি থোৱা—ক্ৰি, গৰুড়-পক্ষীক পোৱালি অৱস্থাতে পাখা বান্ধি সৰহ দিন থব পৰা নাযায়, কিয়নো ডেউকাত বল হলে সি ডোল-ফঁহটি ছিঙ্গি নিশ্চয় উৰাও মাৰিব। এতেকে,—বলৱন্ত প্ৰাণীৰ স্বাভাবিক বল নিবাৰণ কৰিব নোৱৰা, to be powerless to arrest the natural development of genius, to be unable to prevent the growth of anything by artificial means.

গলৰ মণি—বিং, মণি গলত ওলোমাই পিন্ধা হয়। এজনে আন এজনক আঁকোৱালি ধৰি গলৰ ওচৰলৈ টানি আনি মৰম কৰে। এতেকে,— অতি আদৰৰ মানুহ, one much beloved, a darling. [ ৭১ ] গলধন ধৰা—বিণ, যেতিয়া ম’হৰ গলধন ধৰে, তেতিয়া সি যুঁজিবলৈ বিচাৰি ফুৰে। এতেকে,—যুজাৰু, (ব্যঙ্গাৰ্থ) a fighter, a bully(used ironically).

গলধনৰ গাগৰি—বিং, ( গাগৰি=গেঙ্গেৰি, কথালৈ টেলাই নকৰা ভাবপ্ৰকাশ। ) প্ৰবাদ আছে যে গাগৰিৰ স্থান মানুহৰ গলধন। যাৰ গলধন ডাঙ্গৰ, তাৰ গাগৰি ডাঙ্গৰ অৰ্থাৎ ভেম বেছি। গলধনত ভুকুৱাই দিলে গাগৰি ভাগে তৰ্থ্যাৎ ভেম টুটে। এতেকে,—সহজে ভাঙ্গিব পৰা ভেম, মিছা ভেম, vain boasting, bagging.

গাঁতৰ এন্দুৰ—বিং , এন্দুৰ গাঁতৰ ভিতৰত থাকে। সি গাঁতৰ ভিতৰৰ কথা হে জানে, বাজৰ কথা নাজানে। এতেকে,—অজ্ঞ মানুহ, an uninformed person, an ignoramus.

গাঁতলৈ যোৱা—ক্ৰি, মানুহ মৰিলে শৱ গাঁতত পোতা হয়। এতেকে,—মৃত্যুৰ ওচৰ চপা, (গালিৰ মাত) to approach the grave ( used abusively ).

গাঁতে অটা—ক্ৰি, শৱ পুতিবলৈ গাত লাগে। এই স্থলত কোৱা হৈছে, যে মৰিলে পুতিবলৈ গাঁতৰ নাটনি নহয়। এতেকে,—সামান্যভাবে কালযাপন কৰি মৰি যোৱা, হাকাল-বিকাল নকৰাকৈ জীৱন-লীলা সাং কৰা, the passing of life in an unostentatious manner.

গা অহা—ক্ৰি, [ গাৰ ভঙ্গি অহা ]গাৰ ভঙ্গি বাজনাৰ চেওৱেৰে মিল হোৱা, the har- monising of the movements of a dance with the tune of the music.

গা আলেগা দিয়া—ক্ৰি, গা আলগ কৰি দিয়া অৰ্থাৎ নিজে আঁতৰি থকা, কোনো বস্তু বা কাৰ্য্যেৰে সম্বন্ধ নৰখা, to dissociate oneself from anything, to evade responsibility.

গা উঠা—ক্ৰি, [ গাৰ তেজ উঠা ] উলাহ লাগিলে গাৰ তেজ উঠে অৰ্থাৎ বেগেৰে চলিবলৈ ধৰে। এতেকে,—উলাহ লগা, to be animated.

গা এৰা দিয়া—ক্ৰি , সাৰি যোৱা, ( ’গা ধৰা দিয়াৰ’ ওলোটা ) to slip off, to escape.

গা এৰি দিয়া—ক্ৰি, [ গাক যাবলৈ এৰি দিয়া ] সময়ত সোঁতত উটি যাবলৈ গা এৰি দিয়া, চেষ্টা কৰিবলৈ এৰি দিয়া, to be drifted down [ ৭২ ] stream, to abstain from exerting oneself in anything.

গা কৰা—ক্ৰি, [ গাৰ নিচিনা কৰা ] মানুহৰ গাৰ নিচিনা দেখা পোৱা অৱস্থা কৰা, শৰীৰৰ অৱস্থা আগতকৈ ভাল কৰা, to rocoup health.

গা কুটকুটোৱা—ক্ৰি, একে ঠাৰেৰে বহি থাকিলে গা, কুটকুটায়। এতেকে,— কোনো কাৰ্য্য কৰিবৰ নিমিত্তে উচ্‌পিচ্‌ লগা, to be impatient to do anything.

গা-গধুৰ—বিণ, গা গধুৰ হলে উঠিব-লৰিবৰ মন নষায়। এতেকে,—এলেহুৱা, inert, sluggish, inactive.

গা গুৱাহটীয়া হোৱা—ক্ৰি, আসামৰ ৰজধানী শিৱসাগৰ আছিল। গুৱাহাটী নগৰ শিৱসাগৰৰ ভটীত আছে। এতেকে,—গা ভটী দিয়া, সোওঁ- বয়স পাৰ হোৱা, to be on the down-hill of life, to be past middle age.

গা ঘাটি দিয়া—ক্ৰি, শাৰীৰিক অৱস্থা হীন হোৱা, to be in failing health.

গা ঘেলোৱা—ক্ৰি, ঘেলোৱা=গা+ হেলোৱা এই ‘গা’ৰ অস্তিত্ব পাহৰি পুনৰ ক্ৰিয়াৰ আগত ‘গা’ যোজনা কৰা হ’ল। এতেকে,—আয়মেৰে ফুৰা, অবাবত কাল কটোৱা, to walk with affected dignity, to spend time wantonly.

গা চাই গামোছা—বিং, আগৰ দিনত গামোছাক চুৰিয়াৰ দৰে ব্যৱহাৰ কৰা। হৈছিল। দীঘল মানুহৰ নিমিত্তে দীঘল গামোছা, আৰু চুটি-চাপৰ মানুহৰ নিমিত্তে চুটি গামোছা লাগিছিল। এতেকে,—যথাযোগ্য বস্তু, a suitable or appropriate thing.

গা চেকেৰ কৰি যোৱা—ক্ৰি, চোকা অস্ত্ৰেৰে কাটিলে গা চেকেৰ কৰি যায়। এতেকে,—পৰৰ দুখত সহানুভূতিৰ ভাব ওপজা, feeling poignantly for the sufferings of another.

গা জৰ্জ্জৰীয়া লগা—ক্ৰি, (জৰ্জ্জৰীয়া =শুকান। ) শৰীৰ পৰিপাটী যেন বোধ হোৱা। তাৰপৰা,—লেঠা-জঞ্জাল গুচি ভাল লগা, to be disencumbered, to be disembarrassed.

গা জিলিকা—ক্ৰি, তিৰোতাৰ গৰ্ভ পাঁচ-মহীয়া হলে গা জিলিকে অৰ্থাৎ গা দেখি গৰ্ভ হৈছে বুলি নিলগৰপৰা মানুহে জানিব পাৰে। এতেকে,— [ ৭৩ ] তিৰোতাৰ গৰ্ভ বাহিৰৰপৰা বুজিব পৰাকৈ ডাঙ্গৰ হোৱা, to be big with child.

গা টঙ্গোৱা—ক্ৰি, [গা টান হোৱা] ‘টঙ্গোৱা' ক্ৰিয়া প্ৰকৃততে অকৰ্ম্মক। কিন্তু মূল হেৰাই পিচত সকৰ্ম্মক-স্বৰূপে ব্যবহৃত হল। মানুহৰ গা ৰোগত পৰি থাকিলে লেওসেও হয়। ৰোগ ভাল হলে গা টান হয়। এতেকে,—ৰোগৰপৰা মুক্তি পাই কিছু সুস্থ সবল হোৱা। তাৰ- পৰা,—আৰ্থিক অৱস্থা কিছু উন্নত কৰা, to be convalescent; hence, to be somewhat improved pecuniarily.

গা দঙ্গা— ক্ৰি, নৰিয়া ভাল হ’লে গা দাঙ্গি উঠ-বহা কৰা হয়। এতেকে,— ৰোগৰ উপশম হোৱা। তাৰপৰা,— আৰ্থিক অৱস্থা কিছু উন্নত কৰা, to be convalescent; hence, to be somewhat im- proved pecuniarily.

গা দহদহীয়া লগা—ক্ৰি, ‘দহদহীয়াৰ' 'দহ' শব্দ ‘দৃঢ়’ শব্দৰপৰা ওলাইছে। দহ- দহীয়া = টনটনীয়া। এতেকে,—গা সুস্থ-সবল লগা। তাৰপৰা,— আৰ্থিক অৱস্থা স্বচ্ছল হোৱা, to be healthy and strong; hence, to be improved pecuniarily, to be well off.

গা-ধন—বিং, দৰাৰপৰা ছোৱালীৰ গাৰ বাবে মূল্য-স্বৰূপ লোৱা ধন, money taken from a bridegroom as the price of the bride.

গা-নৰিয়া মানুহ—বিং, গৰ্ভৱতী মানুহে বৰকৈ উঠি-লৰি ফুৰিব নোৱাৰে। নৰিয়া মানুহৰ গা যেনে অক্ষম হয়, গৰ্ভৱতী মানুহৰো গা তেনে অক্ষম হয়। এতেকে,—গৰ্ভৱতী তিৰোতা, a pregnant woman.

গা পাতি লোৱা- ক্ৰি, পৰৰ দোষ নিজৰ গাত পাতি লোৱা, পৰৰ দায়িত্ব লোৱা, to take the responsibility on one's own shoulder.

গা পেলাই দিয়া—ক্ৰি, শকত বস্তু দাঙ্গোতে গা পৰি যায়। এতেকে,—চেষ্টা কৰিবলৈ এৰি দিয়া, নিৰাশ হোৱা, to lie supinely, to be listless or inattentive, to lose heart.

গা ভগা—ক্ৰি, তিৰোতাৰ প্ৰসৱৰ পূৰ্ব্বৰ স্ৰাৱ হোৱা; ক্ষীণ হোৱা, to be dis- charged of female matter before delivery; to be thin and weak.

গা-ভাৰী—বিণ, গাত অৰ্থাৎ গৰ্ভত ভাৰ লোৱা, গৰ্ভৱতী, pregnant. [ ৭৪ ] গা ভাল হোৱা—ক্ৰি, তিৰোতাৰ প্ৰসৱ হোৱা, to be delivered of a child.

গা-মূৰ ধোৱা—ক্ৰি, তিৰোতাই ঋতুৰ পাচত গা আৰু মূৰ ধোৱে। সেইৰূপে শুচি হোৱাৰ পাচত পতি-সঙ্গম হয়। এতেকে,—to conceive child in the womb.

গা যোৱা—ক্ৰি, [ গাৰ তেজ যোৱা ] তিৰোতাৰ ৰক্ত স্ৰাৱ হোৱা, to be affected with haemorrhage ( said of a woman).

গা ৰঞ্জিত ৰঞ্জিত কৰা—ক্ৰি, ’ৰঞ্জিত’ শব্দৰ সংস্কৃত ‘ৰঞ্জ’ ধাতুৰে সম্পৰ্ক নাই সি ‘ৰণং জিতম্‌’ এই বাক্যৰপৰা উৎপন্ন হৈছে। ৰণ জিকিলে শৰীৰৰ যেনে ভাব হয় তেনে ভাব হয় বুলি কোৱা হৈছে। এতেকে,— আনন্দত গা নাচি উঠা, to be exhilarated, to feel buoyant.

গা ৰাইজাই কৰা—ক্ৰি, (ৰাইজাই =ৰয় যায়। ) গা এবেলি ৰয় আৰু এবেলি যায় অৰ্থাৎ লৰি থাকে। এতেকে,—গা অথিৰ হোৱা [ প্ৰধানকৈ ভোকত গা ৰাইজাই কৰে বোলা হয় ], to stagger, to reel.

গা ৰোৱা—ক্ৰি, [গাৰ তেজ ৰোৱা ] তিৰোতাৰ ৰক্ত-স্ৰাৱ বন্ধ হোৱা, সুস্থীয়া হোৱা, নিজগৰী হোৱা, (সচৰাচৰ বিদ্ৰুপাৰ্থত ওলোটা ভাব বুজায়, যেনে, আমাৰ ফালে গা ৰ’ল = আমাৰ সুস্থভাব আঁতৰিল, আমি জঞ্জালত পৰিলোঁ), the stopping of haemorrhage of a woman; to be well off. (often used ironically, when it means, 'to be ill off').

গা লৰা—ক্ৰি , গৰ্ভ লৰা, প্ৰসৱ-কাল উপস্থিত হোৱা, the turning of a child in the womb previous to delivery.

গা লৰা—ক্ৰি, কোনো কাৰ্য্য কৰিবলৈ হলে গাটো লৰাই আগ বাঢ়ি যাব লাগে। এতেকে,—কোনো কাৰ্য্য কৰিবলৈ উদ্যোগ হোৱা, preparing to do any work.

গা সাতখন আঁঠখন কৰা—ক্ৰি, নাচনীয়ে নাচোঁতে গা বৰকৈ ভাগে। এই স্থলত গা ইমান ভাগে বোলা হৈছে যে সি সাতখন আঁঠখন হৈ যায়। এতেকে,—আনন্দত বৰকৈ নচা অৰ্থাৎ উত্ৰাৱল হোৱা, to be extremely jubilant.

গা সুৰি যোৱা—বিং [গা স্ৰৱি যোৱা] তিৰোতাৰ ৰক্ত-স্ৰাৱ, haemorrhage [ ৭৫ ] (applied to a woman).

গা হৈ কোৱা—ক্ৰি, নিজে দায়িত্ব গ্ৰহণ কৰি কোৱা; ডাঠি কোৱা, to speak confidently.

গাই গাই লগা, মাত-বোল নোহোৱা—, দুজন মানুহে গাই গাই লাগি থাকে, তথাপি সিহঁতৰ ভিতৰত মাত-বোল নাই বোলা হৈছে। এতেকে,— নিচেই ওচৰ-চুবুৰীয়া মানুহেৰে মিলা-প্ৰীতি নথকা, the living of too close neighbours on terms of hostility.

গাই পেটে পেটে ভঁৰাল হোৱা—ক্ৰি, [গাইগুটীয়াকৈ পেটে ভঁৰাল হোৱা] গাই গৰু এগোট হৈ পেট পেটে ভঁৰাল হোৱা অৰ্থাৎ প্ৰত্যেকেই বেলেগ হৈ সুকিয়াকৈ খোৱা, to live every one for himself.

গাটোৰ লগতে ছাঁটো যোৱা—ক্ৰি, গাটো যেনি যায়, গাটোৰ ছাঁটোও তেনি লগে লগে যায়। এতেকে,—অভেদ-স্বৰূপে থকা, to associate with a person like his shadow, to live in inseparable association.

গাত গামোছা লোৱা—ক্ৰি, ছোৱালীবিলাকে পাট-গাভৰু হলে শুদা মেখেলাৰে নাথাকি গাত এখন গামোছা লৈ থাকে। এতেকে,—পাট-গাভৰু হোৱা, to arrive at the stage preceding puberty, generally between 10 and 14 years (said of a girl).

গাত চিকুটিলে গম পোৱা—ক্ৰি, পৰক চিকুটিলে সি কিমান দুখ পায়, সেই কথা নিজৰ গাত চিকুটি চালেই গম পোৱা যায়। এতেকে,—পৰৰ দুখ নিজৰ দুখেৰে ৰিজাই অনুমান কৰা, to realize the feelings of another person by comparing them with like feelings in one's own mind.

গাত জুই জ্বলা—ক্ৰি, জুই লাগিলে গা যেনেকৈ পুড়ি দেই যায়, সেইৰূপে পুড়ি- দেই যায় বোলা হৈছে। এতেকে,—অতিৰিক্ত বেজাৰ-কষ্ট পোৱা, to be deeply afflicted with sorrow.

গাত জ্বৰে বিষে উঠা—ক্ৰি, বেজাৰত তত হেৰোৱা, to suffer anguish.

গাত পাখি গজা—ক্ৰি, চৰাইৰ গাত পাখী গজিলে সি উৰণীয়া হয়। এতেকে,— ডাঙ্গৰ-দীঘল হোৱা, নিজে নিজৰ তত্বাবধান লব পৰা হোৱা, to grow sufficiently to be able to take case of oneself. [ ৭৬ ] গাত বিহ লগা—ক্ৰি, বিহ লাগিলে যেনেকৈ গা ছিগি-ভাগি যায়, সেইৰূপে ছিগি- ভাগি যায় বোলা হৈছে। এতেকে,—বেজাৰত চাটি-ফুটি লগা, to be highly excited with feelings of grief.

গাত বিহু-কাঁড় লগা—ক্ৰি, বিষাল কাঁড় গাৰ ভিতৰলৈ সোমালে যেনে লাগে তেনে লাগে বোলা হৈছে। এতেকে,—বেজাৰত ছাটি-ফুটি কৰ, to be morbidly affected with grief.

গাত বিহু লগা—ক্ৰি, বিহুত গা ভাঙ্গি নাচি ৰং-ধেমালি কৰা হয়। এতেকে,— বৰকৈ আনন্দ-ভাৱ ওপজা, to be overjoyed.

গাত লেঠা হোৱা—ক্ৰি, গৰ্ভৱতী হোৱা, to become pregnant.

গাত শিপা গজা—ক্ৰি, গছত শিপা গজিলে তাক লৰাব পৰা নাযায়। এতেকে,— এলাহত লৰিব-চৰিব নোৱৰা, to be too lazy to move.

গাত হাত ফুৰোৱা-—ক্ৰি, গৰু ম’হ আদি জন্তুক জাতি কৰিবৰ নিমিত্তে গাত হাত ফুৰাই চঁক ভঙ্গা হয়। এতেকে,—চুক্‌চুকোৱা, to cajole, to blandish, to flatter.

গাৰ উমান—বিং , নিজৰ (মনৰ) অনুমান, mental vision, surmise.

গাৰ কেৰেপ নোহোৱা—ক্ৰি, শোওঁতে গা কাতি-কুতা কৰিলে চাঙ্গৰ ’কেৰেপ’ শব্দ হয়। এতেকে,—কাতি-কুতা নোহোৱা, অকাতৰে সহি থকা, to endure without flincling.

গাৰ গতি বিষম হোৱা—ক্ৰি, (বিষম = সাংঘাতিক অৱস্থা। ) শৰীৰ সাংঘাতিক অৱস্থাৰ পোনে ঢাল লোৱা অৰ্থাৎ মৃত্যু-কাল ওচৰ চপা, the approaching of the end of life.

গাৰ গোন্ধত সাতখন বিলৰ মাছ মৰা—ক্ৰি, দুৰ্গন্ধ পানীত মাছ মৰি যায়। এই স্থলত, গাৰ গোন্ধ এনে বেয়া বুলি কোৱা হৈছে যে তাৰ গোন্ধত সাত- খন বিলৰ মাছ মৰে। এতেকে,—শৰীৰ অতি দুৰ্গন্ধময় হোৱা, to emit an offensive smell from the body.

গাৰ গোঁসাই নাইকিয়া হোৱা—ক্ৰি, প্ৰতি মানুহৰ গাত একো জন গোঁসাই অৰ্থাৎ শৰীৰ-ৰক্ষক দেৱতা থাকে বুলি কয়। ডাঙ্গৰ বিপদ হবৰ কালত শৰীৰ-ৰক্ষাৰ উপায় নাথাকিলে, গাৰ গোঁসাই আগৈয়ে আঁতৰে। এতেকে,—বিপদৰপৰা সাৰিবৰ উপায় নাইকিয়া হোৱা, বিপদত অথিৰ হোৱা, to be at one's wit's end. [ ৭৭ ] গাৰ নোম নেদেখা পৰ—বিং, সাঁজ লাগিলে গাৰ নোম চকুৰে নেদেখা হয়। এতেকে,— সাঁজলগা বেলি, dusk.

গাৰ নোম শত্ৰু হোৱা—ক্ৰি, [গাৰ নোম হৈ শত্ৰু হোৱা] অতি আপোন মানুহেই শত্ৰু হোৱা, to behave like an enemy though bound by ties of nearest friendship or relationship.

গাৰ ফালে পৰ-পালি দিয়া—বিণ, ৰোগ টান হলে মানুহে ৰাতি ৰোগীৰ ওচৰত বহি পৰ-পালি দিব লাগে। তেনে অৱস্থাত ৰোগীৰ গা নিচেইকৈ ক্ষীণাই-শুকাই যায়। এতেকে,— নিচেইকৈ ক্ষীণ, অতি দুৰ্বল, weak and emaciated.

গাৰী ধৰা—ক্ৰি, [ গাৰ শ্ৰী ধৰা ] সবল হোৱা, to grow fat.

গাই বাই খোলাকটিৰ তাল পোৱা—ক্ৰি, নাম গালে, তাল বালে, কিন্তু শেষত জানিব পাৰিলে যে সেই তাল কাঁহৰ তাল নহয় খোলাকটিৰ হে তাল, অৰ্থাৎ ইমান পৰিশ্ৰমৰ ফলত কেৱল এজোৰ খোলাকটিৰ তাল পালে, এই বাক্যৰ দ্বাৰা এই ভাব বুজোৱা হৈছে। এতেকে,—বহু পৰিশ্ৰম কৰি নগণ্য লাভ পোৱা, to have a nominal gain though strenuous efforts were made.

গাই বাই চোৱা—ক্ৰি, যেতিয়ালৈকে উপযুক্ত মাননী দিয়া নহয়, তেতিয়ালৈকে গায়ন-বায়নৰ জোৰাই ঘূৰি ঘূৰি নতুন নতুন চেও মাৰি থাকে। এতেকে,—কোনো কাৰ্য্য কৰিবৰ নিমিত্তে বহু যত্ন কৰা, to try hard.

গাইমুৱা মানুহ—বিং, গাই মাইকী। যি মানুহৰ মুখত দাড়ি গোফ নগজে, তেনে মানুহক মাইকীৰ নিচিনা দেখা যায়। এতেকে,—মাইকী- মুৱা মানুহ, a man of feminine appearance.

গাখীৰতকৈ বগা হলে কুঠীয়া হোৱা—ক্ৰি, (কুঠীয়া =কুষ্ঠ-ৰুগীয়া) গাখীৰৰ বৰণ বগা কিন্তু কুষ্ঠ ৰোগৰ বৰণ তাতোকৈ বগা। এতেকে,—অতিৰিক্ত মঙ্গল অমঙ্গলত পৰিণত হোৱা, the degenerating of a virtue to the category of vice by being pushed to extremes.

গাখীৰতে মহৰ খুটি—বিং, কোনো ঠাইত গাখীৰ সাধাৰণতে পোৱা যায়, তাতে মহৰ খুটি পতা হয় বোলা হৈছে। এতেকে,—সুখৰ উপৰি সুখ, [ ৭৮ ] super-added pleasure.

গাখীৰৰ নামেৰে পানী খোৱা—ক্ৰি, গুৱালে গাখীৰ পানী মিহলাই বেচে। কোনো সময়ত সি ইমানকৈ বেচি পানী মিহলায়, যে সেই গাখীৰ পানীৰ তুল্য হয়। এই স্থলত কোৱা হৈছে, যে গাখীৰ পানীৰ তুল্য হলেও, তাক হেঁপাহ কৰি খোৱা যায়। এতেকে,—নাম-মাত্ৰ ভালৰ সংশ্ৰৱ থকা বস্তুকে পাবলৈ আকাঙ্ক্ষা কৰা, to relish a thing which has the slightest tinge of good mixed with it; to desire a thing which, though not good in itself, passes as such by being associated with something good.

গাখীৰে গুড়ে সনা—ক্ৰি, গাখীৰে গুড়ে সানিলে ভালকৈ মিলি যায়। এতেকে,— ভালকৈ মিলি যোৱা, to agree thoroughly.

গাজত লগা—বিণ, [ গাজ= কুমলীয়া পুলি। ] হৃদয়ৰ মৰ্ম্মস্থান কোমল বাবে তাক গাজ বোলা হৈছে। এতেকে,—মৰ্ম্ম-ভেদী, cutting to the quick, pungent, severe.

গাজনি গোমৰণি—বিং, মেঘে বহু পৰ গাজি-গুমৰি থাকিলে বৰষুণ নহয়। মানুহেও বৰকৈ ডবিয়াই-হুঁকিয়াই থাকিলে মাৰ-কীল হবলৈ নাপায়। এতেকে,—মাৰ-কীল নোহোৱা ডাবি হুঁকি, rebuke uttered in a thundering voice but not followed by beating.

গান্ধী মাৰি হাত গোন্ধোৱ—ক্ৰি, গান্ধী তুচ্ছ প্ৰাণী। তাৰ গাটো বৰকৈ গোন্ধায়। তেনেকুৱা তুচ্ছ প্ৰাণীক মাৰিলে পুৰুষালি নাই, বৰং হাত গোন্ধায়। এতেকে,—তুচ্ছ মানুহক নষ্ট কৰি অপমান আৰ্জ্জন কৰা, to soil one's reputation by injuring an insignificant person.

গাভিনী শিয়াল—বিং, শিয়ালৰ পেট গেৰেলা। শিয়ালীৰ পেট তাতোকৈ গেৰেলা। গাভিনী শিয়ালীৰ পেট অতিপাত গেৰেলা, আৰু সিহঁতে বৰকৈ লৰি-চৰি ফুৰিব নোৱাৰে। এতেকে,— বৰকৈ লৰিব-চৰিবৰ মন নোযোৱা ভেৰেহা এলেহুৱা মানুহ, a person of unwieldy bulk, a lazy person.

গাভী মানুহ—বিং, [ গা-ভাৰী মানুহ ] গাত ধন-বস্তুৰ টোপোলা থাকিলে গাৰ ভাৰ বেচি হয়। এতেকে,—সম্পত্তিশালী মানুহ, a rich man. [ ৭৯ ] গায়নৰ ঘৰৰ কুকুৰে ৰাগ দিয়া—ক্ৰি, গায়নৰ গীত সদায় শুনি থাকি তেওঁৰ ঘৰৰ সকলোৱে অলপ-অচৰপ গীত জনা হয়। এই স্থলত কোৱা হৈছে যে আন কি কুকুৰেও ৰাগ দিব জানে অৰ্থাৎ ৰাগ টানি গীত গাব জানে। এতেকে,—যি মানুহে কোনো বিদ্যা জানে তেওঁৰ ঘৰৰ সকলোৱে সেই বিদ্যাৰ বিষয়ে অলপ-অচৰপ জনা, the knowing of something of the master’s craft by each one connected with him in however humble way.

গায়নৰ ঘেটা—বিং, গানে ঘেটা মাৰোঁতে বৰকৈ কোঢ়াল হয়। এতেকে,— ডাঙ্গৰ কোঢ়াল, a loud noise.

গায়নৰ জেঙ্গা মৰা—ক্ৰি, গায়নৰ জোৰাক নানা প্ৰকাৰেৰে মাননী দিব লাগে। তেওঁলোকৰ জেদ ইমান সৰহ, যে সহজে তাক মৰা টান। এতেকে,— কোনো জঞ্জলীয়া বিষয়ৰ জঞ্জাল ভঙ্গা, লেঠা মৰা, to settle a knotty affair.

গাল মৰা—ক্ৰি, মুখৰ ভিতৰলৈ কোনো বস্তু এনেৰূপে মাৰি পঠোৱা হয়, যে গচাটো ডাঙ্গৰ হৈ দুখন গাল ওফন্দি পৰে। আন মানুহে কেনেবাকৈ খাই বুলি নিজে এইৰূপে বেগতে খাই পেলায়। এতেকে,—আত্মসাৎ কৰা, to appropriate to one's own use.

গালি পাৰিলে আলিয়ে যোৱা—ক্ৰি, গালি গাই দি নপৰাকৈ আলিয়ে অৰ্থাৎ আন পোনে যায় বোলা হৈছে। কাঁড় মাৰিলে গাত আঘাত লাগে; কিন্তু গালি পাৰিলে তেনেৰূপে আঘাত নালাগে। এতেকে,—গালিয়ে মানুহৰ প্ৰকৃত অপকাৰ কৰিব নোৱৰা, the failing of abusive language to do actual harm to any one.

গালিৰ বাহ—বিং, ইমানকৈ গালি পাৰে বোলা হৈছে, যে গালিবিলাক গাত লাগি লাগি গাটো ওফন্দি এটা গালিৰ বাহ হৈছে। কোদো, বৰল আদি শুং থকা প্ৰাণীৰে গালিক তুলনা কৰা হৈছে। সেইবিলাক গাত লাগিলে মানুহৰ যেনে কষ্ট হয়, গালি গাত লাগিলেও তেনে কষ্ট হয়। এতেকে,—যাক সদাই গালি পৰা যায় তেনে মানুহ, a person who is an object of continual vituperation.

গালৈ সামৰা—ক্ৰি, নিজৰ গালৈ অৰ্থাৎ নিজলৈ সামৰা, আত্মসাৎ কৰা, to appropriate to one's own use. [ ৮০ ] গাহৰি-গঁড়াল—বিং, গাহৰিৰ গঁড়াল অতি লেতেৰা। এতেকে,—জঘন্য বাসস্থান, a nasty dwelling-place.

গুড় চেলেকোৱা—ক্ৰি, কেঁচুৱা লৰাক যেয়ে গুড় চেলেকায়, সি তাৰে লগতে যায়। এতেকে,—ফুচুলোৱা, to entice, allure, tempt.

গুণ টনা—ক্ৰি, বৰ নাও কোনো নৈত উজাই নিওঁতে গুণ টানি নিয়ে। এতেকে,—প্ৰাণ-কাতৰে বল দিয়া, to exert to the utmost.

গুণ নাপালে ধৰম পোৱা—ক্ৰি, ইহ-কালত যশস্যা নাপালেও পৰ-কালত নিশ্চয় ধৰ্ম্ম-ফল পোৱা, to be blessed if not praised.

গুণৱতী ৰাধা—বিং, ৰাধা এনে গুণৱতী আছিল যে স্বয়ং শ্ৰীকৃষ্ণও তেওঁৰ প্ৰেম ত আবদ্ধ হৈছিল। এতেকে,—গুণৱতী তিৰোতা, an accomplished woman.

গুৰি কঠাল পৰা দিয়া—ক্ৰি, কঠাল-গছৰ গুৰিৰ ফালে ডাঙ্গৰ কঠাল লাগে। তেনেকুৱা ডাঙ্গৰ কঠাল পৰিলে বৰকৈ শব্দ হয়। এতেকে,—ডাঙ্গৰ শব্দেৰে পৰা, to fall with a loud noise.

গুৰি-শকত—বিণ, গুৰি তলত থাকি গছ ডাল ধৰি থাকে। যদি গুৰি শকত হয়, তেনেহলে গছ বতাহত উঘালি নপৰে। মানুহৰো সেইৰূপে তলত ধৰিবলৈ যদি বৰলোক থাকে, তেনেহলে তাক সহজে কোনোৱে অপকাৰ কৰিব নোৱাৰে। এতেকে,—বৰলোকৰপৰা সাহায্য পোৱা, having a powerful backing.

গুৰি-পৰুৱাৰ অলপ পানীয়েই বাণ হোৱা—ক্ৰি , বাণ-পানী আহিলে মানুহ গৰু আদি উটুৱাই নিয়ে। গুৰি-পৰুৱা অতি ক্ষুদ্ৰ। অলপ পানীতে সি ঠাৱৰিব নোৱাৰি উটি যায়। এই স্থলত কোৱা হৈছে যে সেয়ে তাৰ পক্ষে বাণৰ তুল্য হয়। এতেকে,—ইতৰ মানুহৰ পক্ষে সামান্য অসুবিধাই দুৰ্ঘোৰ বিপদৰ তুল্য হোৱা, the regarding of a slight inconvenience as great danger by a person who is weak and helpless.

গুৰিত গোবৰ দিয়া—ক্ৰি, গছৰ গুৰিত গোবৰ দিলে গছ বাঢ়ে। এতেকে, কোনো কাৰ্য্য সফল কৰিবৰ নিমিত্তে যথোচিত উপায় কৰা, to promote the growth of anything.

গুৰুলা গুৰুল কীল—বিং, [ গেৰেলা গেৰেল কীল ] শকত ডাঙ্গৰ কীল, heavy [ ৮১ ] blows.

গুৰু-ভকতৰ আঁৰ হোৱা—ক্ৰি, কোনো মানুহ মৰিলে সি গুৰু আৰু ভকতৰ আঁৰ হয় অৰ্থাৎ তেওঁবিলাকে তাক সংসাৰত আরু দেখিবলৈ নাপায়। এতেকে,— মৃত্যুপ্ৰাপ্ত হোৱা, to die.

গুলিটোৰ দৰে যোৱা—ক্ৰি, হিলৈৰ গুলি অতি বেগেৰে যায়। এতেকে,—অতি বেগেৰে যোৱা, to travel with utmost rapidity.

গুৱাল-গালি পৰা—ক্ৰি, গুৱালবিলাকে মহ গৰু চৰাওঁতে চিঞৰি চিঞৰি বিহু-নাম গোৱার ছলেৰে, কাৰো নাম নধৰাকৈ, উধাই-মুধাই গালি পাৰে। এতেকে,— কোনো মানুহক নাম নধৰাকৈ গালি পৰা, to direct an abuse against people in a general way without referring to any particular individual by name.

গৃহস্থৰ চৰণ—বিং, [ গৃহস্থ দেৱতাৰ চৰণ] গৃহত থকা দেৱতা অৰ্থাৎ ইষ্ট দেৱতা। (‘চৰণ’ শব্দৰ পৃথক অৰ্থ নই, ভক্তি বুজাবৰ নিমিত্তে ই ব্যবহৃত হয়), the household deity.

গেঙ্গেৰি দিয়া—ক্ৰি, কুকুৰ বাঘ আদি জন্তুৱে গেঙ্গেৰি দি ভয় দেখুৱায়। এতেকে,— ভয় দেখুওৱা, to show one's teeth, to threaten.

গেন্ধেলা হাতেৰে কৰা—ক্ৰি, (গেন্ধেলা=দুৰ্গন্ধ। ) হাত দুৰ্গন্ধ হলে সেই হাতেৰে কৰা কাৰ্য্যও দুৰ্গন্ধ হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—লেতেৰাকৈ কৰা, to act clumsily.

গেৰ নসৰা লৰা—বিং, চৰাই-পোৱালিবিলাকৰ গেৰ জগাৰ কিছু দিন পাচত সৰে। এতেকে,—কম বয়সৰ লৰা। (ব্যঙ্গাৰ্থ) a mere infant.

গেৰেলা হালত যোৱা—ক্ৰি, গরুৰ দ্বাৰা হে হাল বোৱা হয়। এই স্থলত, গেৰেলাৰে হাল বায় বোলা হৈছে। এতেকে,— দুখীয়া মানুহে দুখীয়াভাৱে কাৰ্য্য কৰিবলৈ লাজ পাই চহকী মানুহৰ অনুকৰণ কৰিবলৈ গৈ হাস্যাস্পদ কাৰ্য্য কৰা, to ape a great man.

গেলা গপ-বিং, শৱ গেলিলে উখহি ডাঙ্গৰ হয়। গপ নাথাকে অৰ্থাৎ মৰে। এই স্থলত কোৱা হৈছে যে, সি মৰি গেলি যায়। এতেকে,—নিষ্ফল ডাঙ্গৰ অহঙ্কাৰ, vain boasting.

গেলা ডাৱৰীয়া—বিং, ডাৱৰীয়া বতৰত বৰষুণ পৰি ঠাই-ভূঁই গেল-গেলীয়া হয়। এতেকে,—ওলাব সোমাব নোৱৰা বা কাম-বন কৰিব নোৱৰা ডাৱৰীয়া [ ৮২ ] বতৰ, a foul weather.

গেলাত টেঙ্গা দিয়া—ক্ৰি, [ গেলা মাছত টেঙ্গা দিয়া ] গেলা মাছৰ আঞ্জা কৰিবলৈ হলে তাত টেঙ্গা নিদি জালুক দিয়ে। গেলা মাছৰ আঞ্জাত টেঙ্গা দিলে, মাছ উৱলি সমূলি অনুপযুক্ত হয়। এতেকে,—কোনো অপকাৰ কৰি সেই অপকাৰকে গুৰুতৰ কৰা, to aggravate an injury.

গোট গরু—বিং, [ গোটেই গৰু ] তেনেই গৰু, অৰ্থাৎ জধা, মুৰ্খ, সমূলি জ্ঞান নাইকিয়া মানুহ, a dunce.

গোট ভাত গিলা—ক্ৰি, [ ‘উপজি গোট ভাত গিলা’ চোৱাঁ। ]

গোটে গোটে মানুহ গিলা—বিণ, ডোখৰ ডোখৰ নকৰাকৈ গোট মানুহক গিলি পেলায় বোলা হৈছে। এতেকে,—ৰাওমুৱা, monstrous.

গোত্ৰৰ গালি—বিং, [ স্বগোত্ৰৰ গালি ] স্বগোত্ৰৰ মানুহে গালি পাৰিলে তাক সহিবলৈ টান। এতেকে,— আত্মীয়-স্বজনৰ অসহনীয় দুৰ্ব্বাক্য, reproaches by one's own kith and kin which are unbearable.

গোনা মটা ওলোৱা—ক্ৰি, গোনা মটা মহ বৰ বলী। এতেকে,—বৰ বলী স্বৰূপে ওলোৱা অৰ্থাৎ অতি পৰাক্ৰমী বুজোৱা, to display prowess.

গোন্ধোৱা কথা—বিং, বৰ বেয়া গোন্ধ মানুহে সহিব নোৱাৰে। এই স্থলত, বেয়া কথা বেয়া গোন্ধেৰে তুলনা কৰা হৈছে। এতেকে,— অশ্ৰাব্য কথা, অসহনীয় অন্যায় কথা, a nasty thing, a highly wrongful or improper act, a nuisance.

গোম সাপৰ কণী অনা—ক্ৰি, গোম সাপ বিষাল আৰু তাৰ খং বেচি। তাৰ কণী আনিলে সি উগ্ৰমূৰ্ত্তি ধৰি খেদা দিয়ে। এতেকে,—শক্তিমন্ত খঙ্গাল মানুহৰ দ্ৰোহ আচৰা, to annoy a person who is too powerful.

গোৰ মাৰি গঙ্গাত পেলোৱা—ক্ৰি, হিন্দুমতে গঙ্গাত স্নান কৰিলে বহুপুণ্য হয়। গোৰ মাৰি পঠিয়ালে যদি মানুহ জন গৈ গঙ্গাত পৰে গৈ, তেনেহলে তেওঁ সেই কাৰ্য্যৰ দ্বাৰা গঙ্গা-স্নানৰ ফল পায়। এতেকে,—অপকাৰ কৰোঁতে অনিচ্ছাবশতঃ উপকাৰ কৰা, to benefit a person accidentally while intending to do him harm. [ ৮৩ ] গোৱে পোৱে তল যোৱা কথা—বিং, যদি কোনো মানুহৰ গৰুৰে সৈতে তাৰ পুতেকৰ আস্বাভাবিক সঙ্গম হয়, তেনেহ’লে হিন্দুমতে সেই গৰু আৰু লৰা দুইও অশুচি হয়। এতেকে,—গুৰুতৰ জগৰীয়া কথা , a heinous crime.

গোসাঁনী লম্ভা—বিং, (গোঁসানী=কালী গোসাঁনী। ) কালী গোসাঁনীৰ দ্বাৰা সমাক্ৰান্ত হোৱা, inspired.

গোহাঁই গাভৰু মানুহ—বিং, আহোম ৰজাৰ দিনত আহোমৰ ডাঙ্গৰ বিষয়াসকলক গোহাঁই আৰু তেওঁবিলাকৰ ঘৈণীসকলক গাভৰু বোলা হৈছিল। এতেকে,—ওপৰ তৰপৰ সম্ভ্ৰান্ত মানুহ, the aristocracy.

গোহালিৰ গৰুৱে বাৰীৰ ঘাঁহে ৰাহি নহা—ক্ৰি, নিজৰ গোহালিৰ গৰু আৰু নিজৰ বাৰীৰ ঘাঁহ এই দুইটাৰ ৰাহি নিমিলে অৰ্থাৎ নিজৰ গৰুৱে নিজৰ বাৰীত ঘাঁহ নাখাই পৰৰ বাৰীত ঘাঁহ খায়। এতেকে,—নিজৰ উপযুক্ত মানুহক ভাল নাপাই একে গুণসম্বলিত পৰৰ মানুহক ভাল পোৱা, the taking of fancy to a person of another family in disregard of a person of own family though the latter possesses the requisite qualifications not in- ferior to those of the former.

গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ—বিং, পূৰ্ব্বকালত গ্ৰাহ আৰু গজেন্দ্ৰৰ ভিতৰত এনে ঘোৰতৰ যুদ্ধ হৈছিল যে গজেন্দ্ৰৰ নিৰুপায় হৈ বিষ্ণুক স্তুতি কৰিলে। বিষ্ণু অহি সুদৰ্শন চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ চিৰি দিলত গজেন্দ্ৰৰ উদ্ধাৰ হল। এতেকে,— ভীষণ যুদ্ধ, a severe struggle, a terrible battle.

[ ৮৪ ]

ঘ।

ঘটা লৰোৱা—ক্ৰি [ ঘণ্টা লৰোৱা ] (ঘণ্টা=টিলিঙ্গা। ) টিলিঙ্গা বজাওঁতে বৰকৈ লৰি থাকে। এতেকে,—কোনো মানুহক খঙ্গেৰে ধৰি জোকাৰ- পোকাৰ কৰা, to handle a person roughly.

ঘঁৰিয়াল-পৰা দিয়া—ক্ৰি, ঘঁৰিয়াল পানী-জুৱঁলিত দীঘল হৈ পৰি থাকে। এতেকে,—দীঘল হৈ পৰি থকা, to lie down at full length.

ঘিউঁ-চৰুত হাত দি অহ—ক্ৰি, কন্যাকালৰ সময়ত ছোৱালীযে ঘিউঁ-চৰুত হাত দিবৰ নিয়ম আছে। তেনে কৰিলে সৌভাগ্যৱতী হয় বুলি কয়। এতেকে,—ভাগ্যৱতী হোৱা, to come with a good luck (applied to a woman).

ঘোঁৰা নৌ ঘটোঁতে চাবুক ঘটা—ক্ৰি, চাবুকৰ দ্বাৰা ঘোঁৰা চলোৱা হয়। ঘটিবলৈ টান, কিন্তু চাবুক ঘটিবলৈ একো টান নহয়। এই স্থলত কোৱা হৈছে, যে ঘোঁৰা ঘটিম বুলি আশা কৰি, নৌ ঘটোঁতেই আগৈ চাবুক ডাল আনি থোৱা হয়। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান অংশ আগৈয়ে নকৰি সামান্য সৰু সৰু অংশ কৰা, to do an ancillary part before the principal part of an action.

ঘোঁৰা-বাগৰ দিয়া—ক্ৰি, ঘোঁৰাই অনবৰত লৰা-ধপৰা কৰি ফুৰে, তাৰ শীঘ্ৰে ভাগৰ নালাগে। যেতিয়া তাৰ ভাগৰ লাগে, তেতিয়া সি মাটিত পৰি এটা বাগৰ দিয়েই, আকৌ উঠি লৰ মাৰে। কোনো কোনো কামিলা মানুহেও সেই-ৰূপে কাৰ্য্য কৰি ফুৰে আৰু ভাগৰ লাগিলে ঢাৰিপাটীত খন্তেক পৰি থাকি আকৌ উঠি পুৰ্ব্বৰ দৰে কাৰ্য্য কৰে। এতেকে,— নিচেই অলপ পৰ ঢাৰিপাটীত পৰি জিৰণি লোৱা, to rest for a very short time only by lying down on the bed.

ঘোঁৰা-শিঙ্গৰ কৰিয়া পিন্ধোৱা—ক্ৰি, ঘোঁৰাৰ শিং নাই। ঘোঁৰা-শিঙ্গৰ কৰিয়া হব নোৱাৰে। এতেকে,—পাবলৈ নাইকিয়া পদাৰ্থ দ্বাৰা গঠিত অৰ্থাৎ অতুলনীয় অলঙ্কাৰ দান কৰা, (ব্যঙ্গাৰ্থ) to make a gift of a rare jewel (used ironically ).

ঘোঁৰাৰ চুটি—বিং, ঘোঁৰাই বেগেৰে চুটি মেলিব পাৰে। এতেকে,—অতি- পাত লৰ। তাৰপৰা, অতিপাত কাৰ্য্যতৎপৰতা, too much [ ৮৫ ] running; hence, great activities.

ঘনচিৰিকাই ৰাজহাঁহৰ বুলন ধৰা—ক্ৰি, (সাধু-কথা) ঘনচিৰিকাই ৰাজহাঁহৰ বুলন শিকিবলৈ গৈ ৰাজহাঁহৰ বুলনো শিকিব নোৱাৰিলে, নিজৰ বুলনো পাহৰিলে। তেতিয়াৰপৰা একো উপায় নাপাই সি ডেও দি খোজ কাঢ়িবলৈ ধৰিলে। এতেকে,—ইতৰ মানুহে বৰ- লোকৰ কাৰ্য্য অনুকৰণ কৰা, the aping of a great man by an insignificant follow.

ঘনাই খুঁটিলে শিঙ্গৰাও মাছ হোৱা—ক্ৰি, শিঙ্গৰা মাছত সাৰ-পদাৰ্থ কম থাকে। যদি বৰশীত শিঙ্গৰা মাছে ঘনাই খোঁটে অৰ্থাৎ যদি বৰশীৰে শিঙ্গৰা মাছ বাৰে-পতি ধৰা হয়, তেনেহলে আটাইবিলাক মাছ গোটাই সাৰ- পদাৰ্থ অধিক পোৱা যায়। এতেকে,—তাকৰীয়া লাভ ঘনাই পালে সিও কাৰ্য্যকৰ হোৱা, the turning of small gains to be profitable in the long run if they are obtained uncea- singly.

ঘৰ গছকা—ক্ৰি, বিয়াৰ পিচত কন্যাই পৰাৰ ঘৰলৈ আহি ঘৰ গছকি তেতিয়াই বাপেক মাকৰ ঘৰলৈ উভতি যায়। এতেকে,—ঘৰ-দখল লোৱাৰ নিয়ম কৰা, to take formal possession of a house.

ঘৰ গুচাই বাঁহতল কৰা—ক্ৰি, বাঁহতল জেগেলা ঠাই। (গুচোৱা =নষ্ট কৰা। ) এতেকে,—ঘৰুৱা অৱস্থা সমূলি হীন কৰা, to bring household affairs to rack and ruin.

ঘৰ জিনা—ক্ৰি, ঘৰত থিতাপি হৈ নিজৰ স্বামিত্ব বুজোৱা, to overlord a household.

ঘৰ ধৰা—ক্ৰি, (ঘৰ=গৃহস্থালি। ) গৃহস্থালি চলোৱা to manage house- hold affairs.

ঘৰ পতা—ক্ৰি ( ঘৰ =গৃহস্থালি। ) বিয়া কৰোৱা to marry.

ঘৰ পতা ককা—বিং, গৃহস্থালি পতা ককা অৰ্থাৎ বুঢ়া মানুহ। যো-যা কৰি দৰা কন্যাৰ বিয়া পতা মানুহ, a match-maker.

ঘৰ-বুঢ়া—বিং, প্ৰত্যেক গৃহস্থৰ পৰিয়ালত একো জন বুঢ়া মানুহ থাকে, যি ঘৰতে থাকি বাৰী-ঘৰ ঠিক কৰি ৰাখে। এতেকে, ঘৰ-বাৰী ঠিক কৰি ৰখা বুঢ়া মানুহ, an old man who superintends the domestic [ ৮৬ ] economy of a family.

ঘৰ-বেৰা দিয়া—ক্ৰি, শক্ৰয়ে ঘৰৰ চাৰিও ফালে ঘেৰি ধৰা, ঘৰ আক্ৰমণ কৰা, to attack a house from all sides.

ঘৰ ভঙ্গা—ক্ৰি, (ঘৰ =গৃহস্থালি। ) গৃহস্থালি নষ্ট কৰা, to ruin a house- hold.

ঘৰ লোৱা—ক্ৰি, [ ঘৰত থাকিবলৈ লোৱা। ] নতুন ঘৰত প্ৰথম বসতি কৰা, to make a formal entry into a house.

ঘৰ লোৱা—ক্ৰি, [ ঘৰ মানি লোৱা] নিজৰ ঘৰ বুলি মানি লোৱা, নিজ ঘৰ বুলি তদনুযায়ী কাৰ্য্য কৰা, to regard a house as one's one house.

ঘৰ শুদা হোৱা, বাজ শুদা নোহোৱা—ক্ৰি, (শুদা=ধন-বস্তুহীন। ) প্ৰকৃততে দুখীয়া হলেও বাজত দুখীয়া ভাব নেদেখুওৱা, not to appear a poor in public though really poor.

ঘৰৰ ঘৈণী—বিং, ঘৰ অৰ্থাৎ ঘৰৰ কাৰ্য্য বা গৃহস্থালি চলোৱা ঘৈণী, a wife who manages the household.

ঘৰৰ মানুহ—বিং [ ঘৰৰ মূল মানুহ] ঘৈণীয়েক বা গিৰিয়েক, a wife or a husband.

ঘাই ঘৰ—বিং, নিৰ্দিষ্ট ঠাইত থকা চিৰস্থায়ী পৈত্ৰিক ঘৰ, home.

ঘিটিং মৰা—ক্ৰি, ভূঁইকঁপ অহাৰ পূৰ্ব্বতে ঘিটিং শব্দ হয়। ভূঁইকঁপ পোৱা হি মাত্ৰে যায় গৈ অৰ্থাৎ সি ক্ষণস্থায়ী মাথোন। এতেকে,—হঠাৎ গুচি যোৱা, to disappear suddenly.

ঘুকুটিয়াই থকা—ক্ৰি, কোনো মানুহৰ কোনো কথা কৈ মনোযোগ আকৰ্ষণ কৰিবলৈ হলে হাতেৰে ঘোকোটা মাৰি তাৰ গাটো লৰাই দিয়া হয়। এতেকে,—বাৰে বাৰে বা সোঁৱৰাই থকা, to remind a person repeatedly of anything.

ঘুলি লোৱা—ক্ৰি, ম’হে ঘুলিত পৰি বোকাত লেটি-পেটি হৈ থাকে। এতেকে,— কোনো বিষয়ত সম্পূৰ্ণৰূপে জড়িত হোৱা, to be completely im- merged in anything.

ঘেৰ-ঘেৰণি টনা—ক্ৰি, মৰিবৰ সময়ত কণ্ঠত কফ উপস্থিত হৈ উশাহ টানোতে ঘেৰ-ঘেৰণি শব্দ হয়। এতেকে,—মৃত্যুকাল উপস্থিত হোৱা, to