অসমীয়া খণ্ডবাক্য-কোষ/ক

ৱিকিউৎসৰ পৰা
[ ৩২ ]

ঔ।


ঔচ্ বুলিলে ওচৰ চপা—-ক্ৰি, কুকুৰক 'ঔচ’ বুলি মতিলে সি ওচৰ চাপে। এতেকে,—কুকুৰৰ দৰে নীচভাৱে পৰৰ আজ্ঞা পলা, to do sneakingly as one is bid, to carry out order slavishly.

ঔ পৰা—ক্ৰি, ঔ-টেঙ্গা পাৰিলে মাটিত ধুপ ধুপ-কৰে পৰে। পিঠিত কোনো মানুহে ভুকুৱালেও সেইৰূপ শব্দ হয়। এতেকে,—ভুকু মৰা বা মাৰ-কীল কৰা, to deal heavy blows with the fist.

⸻⸻


ক।

কঁকাল চাই মেখেলা—বিং, কঁকালৰ জোখ চাই মেখেলাৰ আকাৰ হয়, অৰ্থাৎ কঁকাল ডাঙ্গৰ হলে মেখেলা ডাঙ্গৰ লাগে, কঁকাল সৰু হলে মেখেলা সৰু লাগে। এতেকে, —যথাযোগ্য কাৰ্য্য, an appropriate action.

কঁকাল পৰা—ক্ৰি, মানুহ বুঢ়া হলে কঁকাল পৰে। এতেকে,—অকৰ্ম্মণ্য হোৱা, to be rendered useless.

কঁকাল ভগা—ক্ৰি, কঁকাল শৰীৰৰ মধ্যস্থান। কঁকাল ভাগিলে প্ৰধান বল নষ্ট হয়। এতেকে,—প্ৰধান বল নষ্ট হোৱা, to be rendered unserviceable,

কঁকাল ভাঙ্গি নচা—ক্ৰি, নাচনীয়ে নানা-প্ৰকাৰ কঁকাল-ভঙ্গি কৰি নাচে। এতেকে,—ভালকৈ নচা. to dance prettily.

কাঁহ পৰি জিন যোৱা—বিণ, কাঁহৰ শব্দ উঠি সেই শব্দ আপোনা-আপুনি পৰি জিন যাব নাপায়। কাঁহত হাত দি শব্দটো তৎক্ষণাৎ মাৰ নিয়াব লাগে। এতেকে,--মানুহ-দুনুহ নাইকিয়া নিজঞ্জাল, pervaded with deep silence. [ ৩৩ ] কাঁহে কাঁহে লাগিলে বজা—ক্ৰি, দুটা কাঁহৰ পাত্ৰ লাগিলে অৰ্থাৎ ঠেকাঠেকি হলে বাজে অৰ্থাৎ শব্দ কৰে৷ দুটা মানুহে লাগিলে অৰ্থাৎ দন্দ্ লাগিলে বাজে অৰ্থাৎ মুখেৰে গলিয়াগলি কৰে। এই স্থলত, দন্দ্ কৰা মানুহক কাঁহৰ লগত তুলনা কৰা হৈছে। এতেকে— বেগতে খং উঠা দুজন মানুহৰ ভিতৰত সামান্য বিষয়ত দন্দ লগা , the quarrelling of two persons of equally excitable temperament.

কাঁহী-পাতে গা কটা—ক্ৰি, (কাঁহী=কাঁহীৰ বাওৰ নিচিনা ধাৰ থকা বহল পাতেৰে এবিধ গছ) হাবিত সোমালে কাঁহী-পাতে অৱশ্যে অলপ- অচৰপ গা কাটে৷ কিন্তু পৰিশ্ৰমী গাঁৱলীয়া মানুহৰ পক্ষে ই নিচেই সামান্য আঘাত। এতেকে --নামমাত্ৰ অপকাৰ হোৱা৷ to be harmed nominally.

কুচিয়াৰ খোচ দিয়া—ক্ৰি, দীঘল জাঠিৰে কুচিয়া খুচি ধৰা হয়৷ এতেকে-বৰকৈ অত্যাচাৰ কৰা, to outrage, to torment.

কুজৰ মূৰত কীল মৰা— ক্ৰি, কুঁজৰ ঠিক্ মুৰতে অৰ্থাৎ ওপৰত কীল মাৰি দিলে কুজ পোন হৈ যায় বুলি কয়। কোনো মানুহক পোন কৰিবলৈ হলে তাৰ কুঁজত অৰ্থাৎ তাৰ যি দুৰ্ব্বল গুণ আছে তাৰ ওপৰত কীল মাৰিব লাগে অৰ্থাৎ আঘাত কৰিব লাগে। এতেকে— কোনো মানুহৰ দুৰ্ব্বল অংশত আক্ৰমণ কৰা to deal with person just in the right way s০ as to obtain from him what to wanted.

কুজাত ধৰ—ক্ৰি, নাঙ্গল কুজা অৰ্থাৎ বেঁকোৰ৷ এতেকে,—নাঙ্গলত ধৰা, হাল বাবলৈ ধৰা, খেতি আৰম্ভ কৰা, চহা ব্যৱসায় অৱলম্বন কৰা, কষ্টকৰ সাধাৰণ ব্যৱসায়ৰ দ্বাৰা জীবিকা উপাৰ্জ্জন কৰা, to live by ploughing to land, to earn by the sweat of the brow, to lead a labourious life.

কেঁকোৰা-গাঁত বিচৰা—ক্ৰি, কেঁকোৰাৰ গাঁত অকোৱা-পকোৱা। গাঁতত সোমালে কেঁকোৰাক বিচাৰি পাবলৈ টান হয়। কেঁকোৰৰ গাত বুলিলে পলাই সৰিব পৰা ঠাই বুজায়। এতেকে,—ভয়ত পলোৱা, to run away through great fear.

কেঁকোৰা-খোলা দিয়া —ক্ৰি, কেঁকোৰাৰ পোৱালিয়ে মাকৰ গৰ্ভ খুলি প্ৰাণনাশ [ ৩৪ ] কৰি শুদা খোলাটো থৈ জন্ম লয়। এতেকে,—অন্তঃসাৰ-শূন্য কৰা, নিৰ্যাতন কৰা, অনেক কষ্ট দিয়া, to reduce to skeleton.

কেঁকোৰা চেপা দিয়া—ক্ৰি, কেঁকোৰাই ঠেঙ্গেৰে বৰকৈ চেপি ধৰে। এতেকে,— টানকৈ চেপা দিয়া অৰ্থাৎ কষ্ট দিয়া, to squeeze, to torture.

কেঁকোৰা নাঙ্গলত ধৰা—ক্ৰি, নাঙ্গলৰ আকাৰ কেঁকোৰা। নাঙ্গলৰ দ্বাৰা খেতিৰ কাৰ্য্য কৰা হয়। এতেকে,—হাল-চহ কৰা, খেতিয়কৰ ব্যৱসায় অৱলম্বন কৰা, to lead a rural life.

কেঁচা ৰণত পৰি মৰা—ক্ৰি, ৰণৰ প্ৰথম অৱস্থাত উভয় পক্ষৰে ভীষণ ৰক্তপাত হয়। পিচত বহু সৈন্য মৰি ৰণৰ বল কমে। এতেকে,—কোনো শঙ্কটজনক কাৰ্য্যত প্ৰথমাৱস্থাতে যোগ দি নাশ পোৱা, to suffer terribly by doing an extremely hazardous act.

কেঁচুৱে এবেলি গাঁতৰ পৰা ওলালে সোমাব নোৱৰা—ক্ৰি, মানুহে কয় যে কেঁচুৱে এবেলি গাঁতৰপৰা ওলালে ঘূৰি গাঁত বিচাৰি নাপায়। গাঁতত সোমাব নোৱাৰি কিছু পৰ বগাই-জগাই ফুৰি মৰি থাকে। এতেকে,— কোনো নিশকতীয়া মানুহে নিজ ঠাই এৰি গলে আকৌ সেই ঠাই নোপোৱা, not to be able to regain lost ground ( said of a weak person ).

কেঁচু খোঁচৰোতে সাপ ওলোৱা—ক্ৰি, মাটি খুঁচৰি কেঁচু উলিয়াবলৈ যাওঁতে কেতিয়াবা সাপ ওলায়। এতেকে,—অলপ লাভলৈ চাওঁতে ডাঙ্গৰ বিপদ উপস্থিত হোৱা, the coming of a great danger to a person in his attempt to make a minimal gain.

কেঁচুটো হোৱা—ক্ৰি, কেঁচুটোৰ নিচিনা লেউ-সেউ হোৱা, নিজৰ মানসিক শক্তি সামৰ্থ্য নাইকিয়া হোৱা, সম্পূৰ্ণ পৰাধীন হোৱা, to be abjectly submissive.

কেঁচুত শগুণ পৰা—ক্ৰি, কেঁচু নগণ্য জীৱ। সি মৰিলে তাৰ মঙ্গহ খাবলৈ শগুন পৰে বোলা হৈছে। এতেকে,—অতি ডাঙ্গৰ মানুহে অতি সামান্য বস্তুলৈ লোভ কৰা, to hanker after a trifling gain although in comfortable position.

কেঁত্‌ কৰা—ক্ৰি, গাত দুখ পালে কেঁত্‌-কৰে চিঞৰ মাৰি দিয়ে। এতেকে,— দুখ পোৱা, to feel pain.

কেঁৰা-কুজা ভঙ্গা—ক্ৰি, তাঁতৰ সূতা কেতিয়াবা কেঁৰা হয় অৰ্থাৎ পোনে পোনে [ ৩৫ ] নগৈ আন সূতাৰ মাজে দি যায়, আৰু কেতিয়াবা, কুঁজা হয় অৰ্থাৎ সূতাৰ কুঁজ বা ফোঁহা ওলায়। শিপিনীয়ে কেঁৰা আৰু কুঁজা ভাঙ্গি অৰ্থাৎ ভাল কৰি তাঁত বয়। এতেকে,—কোনো কাৰ্য্যৰ আসোঁৱাহ- বিসোৱাহ গুচোৱা, to remove defects.

কেঁৰা দুপৰ—বিং, কেঁৰা অৰ্থাৎ অলপ কতীয়া দুপৰ, দুপৰৰ ঠিক পূৰ্ব্ব-ভাগ সময়, the part of the day immediately preceding the mid-day.

কোঁ-কোঁ কাঁ-কাঁ কৰা—ক্ৰি, পাৰ চৰায়ে জোৰ পাতি নিজৰ বাহত কোঁ- কোঁ কাঁ-কাঁ কৰি থাকে। এতেকে,—নিজৰ ঘৰতে তিৰোতা আৰু লৰা ছোৱালীৰে সৈতে হাই-উৰুমি নোহাৱাকৈ কাল যাপন কৰা, শান্তিৰে গৃহস্থালি চলোৱা, to live in a humble but peaceful home.

ক-খ পুথি—বিং, শিক্ষা কৰোতে ‘ক-খ’ৰ পৰা আৰম্ভ কৰা হয়। এতেকে,— প্ৰথম শিক্ষা-পুথি, an A. B. C. book, a first primer.

ক-খ ম-ম পঢ়া—ক্ৰি, প্ৰথম-শিক্ষাৰ পুথি পঢ়া, অলপীয়া শিক্ষা পোৱা, to obtain a little education, to have a smattering of know- ledge.

‘ক’ বুলিব নোৱৰা—বিণ, যি মানুহ সম্পূৰ্ণৰূপে অশিক্ষিত সি ‘ক’ এই আখৰ- টোকে পঢ়িব নোৱাৰে। এতেকে,— সম্পূৰ্ণৰূপে অশিক্ষিত, মহামুৰ্খ, grossly stupid.

‘ক’ বুলিয়েই ৰত্নাৱলী পঢ়িবলৈ যোৱা—ক্ৰি, ৰত্নাৱলী পুথিৰ ভাষা আৰু ভাৱ, বৰ টান। যি মানুহে ‘ক’ বোলে অৰ্থাৎ প্ৰথম শিক্ষা আৰম্ভ কৰে, তাৰ পক্ষে ৰত্নাৱলী পঢ়া অসম্ভব। এতেকে,—ষি কাৰ্য্য অতি শিক্ষিত মানুহৰ পক্ষে সম্ভৱ সেই কাৰ্য্য অলপ শিক্ষিত মানুহে কৰিবলৈ যোৱা, অসাধ্য-সাধন কৰিবলৈ চেষ্টা কৰা, the attempting by a novice to do what can only be done by a veteran.

কচু-কটা দিয়া—ক্ৰি, কচু কাটিবলৈ অতি সহজ। এতেকে,—অতি সহজে নাশ কৰা, to cut up very easily, to annihilate.

কচু-শাকৰ ভেঁটি—বিং, আগৰ দিনত ডাঙ্গৰ মানুহেৰে সৈতে ভেঁট হবলৈ হলে কিবাকিবি বস্তু লৈ যাবৰ নিয়ম আছিল। যি মানুহ নিচেই দুখীয়া [ ৩৬ ] সি একো নিব নোৱাৰি কচু-শাক বুটলি লৈ তাকে ভেঁটি দিয়ে গৈ। এতেকে, দুখীয়া উপহাৰ, a humble present.

কচু-পাতৰ পানী—বিং, কচু-পাতত থকা পানীৰ নিচিনা অথিক বস্তু বা মানুহ, anything unstable or transient in nature.

কচুৰ কটাৰি—বিং, কচু নিচেই কোমল, তাৰ দ্বাৰা কটা কাৰ্য্য হব নোৱাৰে। এতেকে,—অকামিলা বস্তু, a useless weapon.

কটনা কটা ভাত—বিং [ কাটনী কটা ভাত ] কাটনীয়ে পলু কাটি সূতা উলিয়াই কাপোৰ বৈ বেচি সেই ধনেৰে জীৱিকা উপাৰ্জ্জন কৰে। এই কাৰ্য্যত অত্যন্ত পৰিশ্ৰম লাগে। ( ভাত= জীবিকা। ) এতেকে,—বহু কষ্টেৰে উপাৰ্জ্জিত ধন-বস্তু। ( তিৰোতাত খাটে। ) hard-earned livelihood ( applied to a woman).

কটা কাণ চুলিৰ ঢকা—ক্ৰি, আহোম ৰজাৰ দিনত কাণ-কটা দণ্ডৰ বিধি আছিল। এই দণ্ড অতি অপমানজনক। কাণ-কটা মানুহে কাণৰ ওপৰৰ চুলি দীঘলকৈ ৰাখি কটা অংশ ঢাকি থয়। এতেকে,—লাজ ঢকা, to hide shame.

কটা কাণ জোৰা দিয়া—ক্ৰি, আহোম ৰজাৰ দিনত ডাঙ্গৰ অপৰাধ কৰিলে কাণ কটা হৈছিল। এই দণ্ড অতি অপমানজনক। এতেকে,--লাজ ঢাকিবলৈ চেষ্টা কৰা, to attempt to hide shame.

কটা ঘাত খাৰণিৰ চাট্‌ দিয়া—ক্ৰি, কটা ঘাত খাৰণিৰ চাট্‌, দিলে যন্ত্ৰণা অসহনীয় হয়। এতেকে,—এটা অপকাৰ কৰি এটাই পুনৰ শত্ৰুতাচৰণৰ দ্বাৰা সেই অপকাৰ অসহনীয় কৰা, to aggravate misery.

কটা ঘাত চেঙ্গা তেল দিয়া—ক্ৰি, প্ৰথমতে কোনো মানুহক কটা হয়। তাৰ পাচত সেই কটা ঘাতে চেঙ্গা তেল ঢালি দিয়া হয়। তেনে কৰিলে যন্ত্ৰণা অসহনীয় হয়। এতেকে,—দুখতে দুখ দিয়া, অপকাৰতে অপকাৰ কৰা, এবেলি অপকাৰ কৰি পুনৰ অহিতাচৰণৰ দ্বাৰা তাৰু অসহনীয় কৰা, to aggravate once’s trouble.

কটা বান্ধ দিয়া—ক্ৰি, কাটিবলৈ নিওঁতে যেনে বান্ধ দিয়া যায় তেনে বান্ধ দিয়া, অতি টানকৈ বন্ধা, to bind tightly.

কটা-মৰা শত্ৰু—বিং, চলত পালে যাক কাটিব পাৰে আৰু মাৰিব পাৰে তেনে শত্ৰু, মহাশত্ৰু, a bitter foe. [ ৩৭ ] কটা যোৱা—বিণ, যাক কাটি বধ কৰা হব অৰ্থাৎ যাৰ সমুখত বিপদ উপস্থিত তেনেকুৱা, (গালিৰ মাত) damned (a term of reproach).

কটাৰ পো—বিং, [ কটা যোৱাৰ পো ] কটা-বোৱা যোগ্যৰ মানুহৰ পুতেক, গুৰুতৰ জগৰীয়া প্ৰকৃতিৰ মানুহ, ( গালিৰ মাত ) a rascal, a scoundrel (a term of reproach).

কটিয়া বজৰু—বিং, (বজৰু = বজ্ৰ) বজ্ৰময় অৰ্থাৎ টান-বান্ধৰ কটিয়া মানুহ, a strong built dwarfish fellow.

কঠালৰ এঠা—বিং, কঠালৰ এঠা লেকেতীয়া, তাত মাখি-আদি পৰিলে লাগি ধৰে। এতেকে,—যাৰ হাতত পৰিলে এৰাব পৰা নাযায়, তেনে মানুহ, আকৰ্ষণকাৰী মানুহ, প্ৰেমিকা তিৰোতা, an attractive person, a captivating woman.

কঠিয়া মৰা—ক্ৰি, কঠিয়া ধান মৰা, বীজ নষ্ট গোৱা, সঁচ নাইকিয়া হোৱা, the destroying of the d r germ of anything.

কঠিয়াহে চুটি, জেঠতে পৰা—বিং, কঠিয়া, যদিও চুটি, কিন্তু তাক জেঠতে অৰ্থাৎ বতৰৰ আদিতে পৰা হৈছে। এতেকে,—আকৃতিত কটিয়া কিন্তু বয়সত বহু-দিনীয়া-মানুহ। তাৰপৰা,—বাহিৰে একো কথা নজনা কিন্তু ভিতবে বহু কথা জনা মানুহ, a person who has lived long but is smaller in growth; hence, a simple-look- ing wicked person.

কণ-কঠিয়া মৰা—ক্ৰি, বীজ মৰা, সঁচ নষ্ট হোৱা, (কঠিয়া =কঠিয়া ধান, সঁচ। ) to destroy completely.

কণা বিধতা—বিং, বিধতাৰ এটা চকু কণা বুলি কয়, কিয়নো তেওঁ এফাল মানুহৰ কপালত সুখ লিখে, আৰু এফাল মানুহৰ কপালত দুখ লিখে। যাৰ পোনে ভাল চকু পৰে, তাৰ কপালত সুখ লিখে আৰু যাৰ পোনে কণা চকু পৰে, তাৰ কপালত দুখ লিখে। এতেকে,— কোনো মানুহৰ সুখ আৰু কোনো মানুহৰ দুখ বিধান কৰোঁতা ব্ৰহ্মা, Brahma who disposes good to some men and evil to some men.

কণা-বেহা কৰা—ক্ৰি, [ কণাই বেহা কৰা ] দুচকু-কণা মানুহে বেহা কৰিলে চকুৰে বস্তু দেখিবলৈ নোপোৱা গতিকে বেয়া বস্তুকে ভাল বুলি অতিৰিক্ত বেচ্‌ দি কিনে। এতেকে,— অজ্ঞতা-বশতঃ অতিৰিক্ত [ ৩৮ ] বেচ্‌ দি আনৰপৰা কোনো বস্তু লোৱা, মুৰ্খতা-দোষত অতিৰিক্ত বানচ দি কোনো কাৰ্য্য কৰোৱা, to work at a loss.

কণা মাকৰিটোৱেও গম নোপোৱা—ক্ৰি, নিজে কোৱা কথা নিজৰ কাণৰ ভিতৰত থকা কণা-মাকৰিটোৱেও নুশুনাকৈ থকা অৰ্থাৎ কোনো কথা অতি গুপ্তভাৱে থোৱা, to keep anything as a secret with utmost care.

কণা হাঁহক পতান দি ভুৰুকিওৱা—ক্ৰি, দুচকু কণা অৰ্থাৎ অন্ধ হাঁহক পতান দিলে সি তাকে ভাল ধান বুলি জানে। এতেকে,-মিছা ছলাহ দি বৰোৱা, to hoodwink a foolish person by giving him something unsubstantial.

কণাৰ দলি—বিং, দুচকু কণা অৰ্থাৎ অন্ধ মানুহে দলি মাৰি থাকিলে হঠাৎ এবেলি লাগে। এতেকে,—অনুমানৰ ওপৰত কৰা কাৰ্য্য, random shot, guess-work.

কণাৰ দিন ৰাতি—বিং, (কণা= দুচকু কণা, অন্ধ। ) অন্ধৰ পক্ষে দিন আৰু ৰাতিৰ প্ৰভেদ নাই। এতেকে,—স্বভাৱতে বিচাৰৰ অক্ষম মানুহৰ পক্ষে কোনো বিষয়ৰ বিচাৰ, an opinion given by a person who is naturally disqualified to give it.

কণাৰ লাখুটি—বিং, ( দুচকু কণাৰ খুটি ) অন্ধৰ লাখুটি অৰ্থাৎ নিচলাৰ একমাত্ৰ সহায়, the only support of the weak.

কণাকণি কৰা—ক্ৰি, পৰৰ কলঙ্ক ফুটাই নকৈ ইজনে সিজনৰ কাণত, সিজনে আন এজনৰ কাণত, এই ৰূপে গুপ্তভাৱে কোৱা-কুৱি কৰে। এতেকে,—গুপ্তভাৱে কলঙ্ক ৰটা, to speak ill of others in whispers.

কণী বিহৰ গুটি—বিং, যদিও গুটি একণিমান তথাপি কণীবিহৰ গুটি অৰ্থাৎ সেই গুটি গজি ভাগৰ গছ হৈ ভবিষ্যতে তাৰপৰা কণীবিহ উৎপন্ন হব, এই ভাব বুজোৱা হৈছে। এতেকে,—ভবিষ্যতে যি শত্ৰু-স্বৰূপ অপকাৰী হব তেনে মানুহ বস্তু বা কাৰ্য্য, anything destined to do serious harm in future.

কণী-বিহৰ সঁচ—(সঁচ=বীজ। ) শত্ৰুক কণী-বিহেৰে তুলনা কৰা হৈছে। এতেকে,— ভবিষ্যতে শত্ৰু হব এনে মানুহ, an enemy in embryo. [ ৩৯ ] কণী-লগা ভুকু—বিং, কণী-লগা মাছ ডাঙ্গৰ বুজায়। এতেকে,—ডাঙ্গৰ ভুকু, a heavy blow with the fist.

কতীয়া মাছ—ক্ৰি, (কতীয়া মাহ =কাতি-মাহ। ) কাতি-মাহৰ পৰা দিন চুটি হবলৈ আৰম্ভ কৰে। এতেকে,—চুটি মাহ, a short month.

কথা কলেই জগৰ লগা—ক্ৰি,—দুষ্কাৰ্য্য কৰিলে জগৰ নালাগে, কিন্তু সেই কথা যদি কোনোৱে কয় অৰ্থাৎ প্ৰকাশ কৰে তেনেহলে সেই মানুহ জগৰত পৰে। এতেকে,—দুষ্কৰ্ম্ম প্ৰকাশিত হলে জগৰীয়া হোৱা, the styling of an action as wicked when it is spoken out and not when it is done.

কথা গৰকা—ক্ৰি, ভৰিৰে যেনেকে মাটি গৰকা অৰ্থাৎ ওপৰ-তল কৰা হয়, সেইৰূপে মুখেৰে কথা ওপৰ-তল কৰা হয় বোলা হৈছে। এতেকে,—কথা ভাল বেয়া গমি চোৱা, to weigh the pros and cons of anything.

কথা তল পেলোৱা—ক্ৰি, আন এটা কথা কৈ পূৰ্ব্বৰ কথা তল পেলোৱা অৰ্থাৎ লুকুওৱা, to cause a thing to be lost sight of by in- troducing a different topic.

কথা দি কথা লোৱা—ক্ৰি, [ নিজৰ কথা দি পৰৰ কথা লোৱা ] বিশ্বাস বুজাবৰ নিমিত্তে নিজৰ সম্পৰ্কীয় কথা প্ৰকাশ কৰি আনৰ-পৰা আৱশ্যকীয় গুপ্ত কথা উলিয়াই লোৱা, to get out secrets from another person by pretending to disclose one's own secrets.

কথা পাগোলা—ক্ৰি, গৰুৱে ঘাঁহ খাই পিচত তাক উলিয়াই পাগোলে অৰ্থাৎ আকৌ খায়। এতেকে,—একেটা কথাকে ঘূৰাই ঘূৰাই কৈ থকা, to speak the same thing over and over again.

কথা পাহৰোৱা—ক্ৰি, অন্যান্য অপ্ৰাসঙ্গিক আলাপৰ দ্বাৰা প্ৰস্তাবিত কথা অৰ্থাৎ মূল বিষয় পাহৰোৱা, to cause to forget the main issue by introducing irrelevent matter.

কথা পিন্ধোৱা—ক্ৰি, এজনৰ বেয়া কথা লৈ গৈ আন এজনৰ ডিঙ্গিত আঁৰি দিয়া, কথা লগোৱা, to back-bite.

কথা ফুটি-ফাটি যোৱা—ক্ৰি, কোনো বস্তু ফুটিলে বা ফাটিলে সৰু সৰুডোখোৰা- বিলাক উফৰি গৈ সিঁচিৰতি হৈ পৰে। কথাও সেইৰূপে ফুটি-ফাটি [ ৪০ ] যায় বোলা হৈছে। এতেকে,—কোনো কথা অতি শীঘ্ৰে চাৰিও পোনে প্ৰচাৰিত হৈ পৰা, the circulating of a news far and wide.

কথা বুলিলে বতাহ বলা—ক্ৰি, মুখৰপৰা বতাহ ওলালেই কথাৰ উৎপত্তি হয়। কাজে কাজেই সেই কথা বতাহৰ লগতে উড়ে। এতেকে,—কথা শীঘ্ৰে ৰাষ্ট্ৰ হোৱা, the running out into the world of a fact spoken out as waves of air i.e. the gaining of wide publicity of a fact spoken out.

কথাই কোবাই উৰুৱাই নিয়া—ক্ৰি, বতাহে কোনো বস্তু কোবাই উৰুৱাই নিয়ে। কথাক বতাহেৰে ৰিজোৱা হৈছে। অধিককৈ কথা কৈ থাকিলে প্ৰকৃত কথাৰপৰা আঁতৰাই উৰুৱাই নিয়ে অৰ্থাৎ অবাস্তৱ কথা কোৱা হয়। এতেকে,—আলাপৰ আধিক্যত অবাস্তৱ কথা কোৱা, to be led away from the main issue by the heat of conversation, to digress during the course of conversation.

কথাত আখৈ ফুটা—ক্ৰি, আখৈ ভাজোঁতে ফট্‌-ফট্‌-কৰে ফুটে। বৰকৈ কথা কলেও কথা ফট্‌ফটাই থাকে। এতেকে,—বহু কথা কোৱা, to talk too much.

কথাত ৰোৱা—ক্ৰি, (ৰোৱা = স্খলিত নোহোৱা। ) কোনো কথা কৈ সেই কথাৰপৰা স্খলিত নোহোৱা, to stand by one's word or promise.

কথাৰ আঁত—বিং, কথা কওঁতে কোনো এটা পটি ধৰি কথা কোৱা হয়। সেই পটিক সূতাৰ আঁতেৰে ৰিজোৱা হৈছে। আঁত হেৰালে সূতা আউলীয়া হয়। পটি হেৰালেও কথা বেমেজালি হয়। এতেকে,— কথাৰ পটি, the thread of a speech.

কথাৰ কথা—বিং, কথাৰ লগৰ কথা, যোগ্য কথা, a fact worth the name.

কথাৰ চেও—বিং, ঢোলৰ নিচিনা কথাৰো চেও আছে। এতেকে,—কথা কোৱাৰ ভাও, a mode of speech.

কথাৰ ছলত—ক্ৰি-বিণ, লাগতিয়াল কথা কবলৈ হলে কোনো মানুহে সাধাৰণ কথা কোৱাৰ ছলেৰে তাৰ মাজতে সুমাই কয়। এতেকে,—সাধাৰণ [ ৪১ ] কথা কোৱাৰ ভাও কৰি, on the pretext of speaking on an ordinary topic.

কথাৰ ধাৰ—বিং, নৈৰ পানী সকলো পোনে সমানে চলি নাযায়। যি পোনে সোঁত প্ৰবলভাৱে চলে, তাকে পানীৰ ধাৰ বোলে। নৈৰে সৈতে কথাৰ তুলনা কৰা হৈছে। এতেকে,—কথাৰ মুখ্য গতি, the drift of a statement.

কথাৰ মাত–বিং, (মাত=প্ৰকাশ। ) কোনো এক ৰকমে কথাৰ প্ৰকাশ, anything, spoken by way of example.

কথাৰ মাহিলা—বিং, [ কথাৰ মহলা ] বিদ্যাত পাৰ্গত হৈছে নে নাই সেই বিষয়ে মহলা দিয়া হয়। এই স্থলত কোৱা হৈছে যে কথাৰ মহলা দিয়ে অৰ্থাৎ চিকুণকৈ কথা কব পাৰে নে নোৱাৰে সেই বিষয়ে মহলা দিয়ে। এতেকে,—কথা কোৱাৰ নিপুণতা, a clever turn of speech.

কথাৰ মূৰত—ক্ৰি বিণ, (মূৰ=শেষ) কথাৰ শেষত, just at the point when a statement is finished.

কথা ৰোৱা—ক্ৰি, (ৰোৱা = বিচলিত নোহোৱা। ) কথাৰ স্খলন নোহোৱা, the abiding of a word or promise.

কথা ৰোৱা—ক্ৰি, (ৰোৱা=থকা, চিৰস্থায়ী হোৱা। ) কোনো কথা (বিশেষকৈ কুখ্যাতি) চিৰকাললৈ থকা, the lasting of a fact for ever.

কথাৰ লাচ—বিং, (লাচ =নাচ। ) কথাৰ ভঙ্গি, an unwary movement of the tongue.

কথা-কটাত্‌কৈ লগত যোৱাকে ভাল পোৱা—ক্ৰি, সতী ৰোৱা নিয়মৰপৰা এই বচনৰ সৃষ্টি হৈছে। যি তিৰোতাই সহ-মৰণৰ ইচ্ছা কৰে, তেওঁক মাথোন সতী যাবলৈ দিয়া হৈছিল। এই স্থলত কোৱা হৈছে যে সতী যাবৰ নিমিত্তে আন্তৰিক ইচ্ছা নাই, কিন্তু মানুহক দেখুৱাই বৰকৈ কন্দা কটা কৰা হয়। আন মানুহে তেতিয়া কন্দা-কটাত্‌কৈ লগত সতী যোৱাই ভাল বুলি কয়। তেনে কৰিলে তিৰোতা জনাই অৱশ্যে কান্দিবলৈ এৰি দিয়ে। এতেকে,—সদাই বেজাৰ কৰাতকৈ মৰি যোৱাকে ভাল পোৱা, (বিদ্ৰুপ-প্ৰয়োগ। ) to prefer death to misery, (used ironically.)

কন্যাকাল হোৱা—ক্ৰি, (কন্যা =বিবাহৰ কন্যা। ) বিবাহ-যোগ্য কাল হোৱা, [ ৪২ ] তিৰোতাৰ প্ৰথম ঋতু-স্নান হোৱা, to attain puberty, (said of a girl.)

কন্যা-খোজ দিয়া—ক্ৰি, কন্যাৰ নিচিনাকৈ খোজ চলোৱা অৰ্থাৎ অতি লাহে লাহে খোজ কঢ়া, to walk too slowly.

কন্যা-দানৰ ভোজ—বিং, বিয়াৰ পিচত কন্যা-দানৰ ভোজ দিয়া হয়। সেই ভোজ ডাঙ্গৰকৈ পতা হয়। এতেকে,—ডাঙ্গৰ ভোজ, a grand feast.

কপাল-ফুটা—বিণ, কপালত সৌভাগ্য লিখা থাকে বুলি কয়। ( ফুটা=নষ্ট হোৱা। ) এতেকে,—মন্দ-ভাগী, দুৰ্ভগীয়া, of bad luck, unfortunate.

কপাল বেয়া হোৱা—ক্ৰি, বিধতাই জীৱনৰ ঘটনাৱলী কপালত লিখি দিয়ে বুলি মানুহৰ বিশ্বাস আছে। এতেকে,— ভাগ্য মন্দ হোৱা, to have a bad luck.

কপাল মুকলি হোৱা—ক্ৰি, কপালত বিধি-লিপি লিখা থাকে, সেই হেতুকে ‘কপাল' বুলিলৈ ‘ভাগ্য' বুজায়। ভাগ্যক সূৰ্য্যেৰে তুলনা কৰা হৈছে। যেনেকৈ ডাৱৰ গুচি সূৰ্য্য মুকলি হয়, সেইৰূপে বিষাদ গুচি ভাগ্য প্ৰকাশিত হয়। এতেকে,—সৌভাগ্য উদিত হোৱা, the coming of good luck.

কপালৰ ঘাম মাটিত পেলোৱা—ক্ৰি, অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম কৰিলে কপালৰ- পৰা ঘাম বাগৰি মাটিত পৰে। এতেকে,—অতিৰিক্ত পৰিশ্ৰম কৰা, to labour very hard.

কৰ পানী কলৈ যায় চোৱা—ক্ৰি, বাৰিষা বাণ-পানী আহিলে মানুহ সাৱধান হব লাগে। কিন্তু কৰ বাণ কলৈ যায় অৰ্থাৎ বাণ-পানী কোন ফালৰপৰা আহি কোন ফালে যায় তাৰ লক্ষণ চাই হে নিজে কি কৰা উচিত তাৰ দিহা কৰিব লাগে, কিয়নো বাণ পানী সেই হাতে সমূলি নাহি আন হাতে বাগৰি যাব গৈ পাৰে। এতেকে,—ভাব-গতি চোৱা, to watch the course of a certain event.

কৰম-কানিৰ অধিকাৰী—বিং (কৰম=শ্ৰাদ্ধকৰ্ম্ম, ‘কানি’ অনুৰূপ শব্দ। ) শৰাধ-বিধিৰ গৰাকি অৰ্থাৎ পুতেক, a legitimate son.

কৰাই খোলাত দিয়া যেন হোৱা—ক্ৰি, খোলাত অৰ্থাৎ পাত্ৰত গোটা কৰাই ভজা যেন হোৱা, শুকাই-উবাই যোবা, to look pallid. [ ৪৩ ] কৰি খোৱা মানুহ—বিং, [ বন কৰি খোৱা মানুহ ] শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা জীবিকা উপাৰ্জ্জনকাৰী মানুহ, শ্ৰমজীবী মানুহ, one who earns a livelihood by manuual labour.

কৰিয়াই-কপিয়াই উঠা,—ক্ৰি, [ কাহ কফ লৈয়েই উঠা ] কাহ আৰু কফ ৰোগত পৰি থাকি আৰোগ্য লাভ কৰিছে, কিন্তু কাহ আৰু কফ সাৱশেষকৈ গুচা নাই, কাহ আৰু কফ লৈয়েই লৰিব উঠিছে বোলা হৈছে। এতেকে,—ৰোগ উপশম পোৱা, to slightly recover health and strength after sickness or debility.

কল খোৱা ধাতু উলিওৱা—ক্ৰি, কেঁচুৱা লৰাক আঠিয়া কল খুওৱা হয়। ( কল খোৱা ধাতু= কল খাদ্যৰ দ্বাৰা বৰ্দ্ধিত জীৱন। ) এতেকে— বৰকৈ কষ্ট বা আহুকাল দি ধাতু বাজ কৰাৰ নিচিনা কৰ, অতিপাত কষ্ট বা আহুকালৰ দ্বাৰা বিতত কৰা, to molest terribly.

কল গিলা—ক্ৰি, কল গিলিবলৈ পৰিশ্ৰম নালাগে। এতেকে,—বিনা পৰিশ্ৰমে ভোগ কৰা, to enjoy without labour.

কলত চোকা ৰোৱা, ঢোকাত কল ৰোৱা—ক্ৰি, থোকলগা কল-গছ ভৰত হালি পৰিব খুজিলে তাক ঢোকা দি ৰখা হয়। সেই ঢোকা মাটিত নোপোতাকৈ ৰখা হয়, কিয়নো গছৰ হেঁচাত সি আপোনা-আপুনি ঠিক হৈ থাকে। ঢোকাই যেনেকৈ গছক থিয় কৰি ৰাখে, গছেও ডোকাক সেইৰূপে থিয় কৰি ৰাখে। এতেকে,—পৰস্পৰে পৰস্পৰৰ সাহায্যত ঠিক্‌ হৈ থকা, to be assisted reciprocally.

কল-তলে বাঁহ-তলে—ক্ৰি-বিণ, ষতে ততে মানুহে নেদেখা ঘোকোট ঠাইত, in any out-of-the-way place.

কল থোকা বাদুলীয়ে খোৱা—ক্ৰি, বাদুলিয়ে কল থোকা খালে কল-বাৰী থকা খেতিয়কে তাক সদাই হৈ থকা তুচ্ছ ঘটনা বুলি ভাবে। এতেকে,— তুচ্ছ ঘটনা হোৱা, the happening of a trivial incident.

কল-পুলিৰে বিয়া হোৱা—ক্ৰি, যি জন তিৰোতাৰ বিয়া সমূলি নহয়, মৰণৰ পূৰ্ব্বে শুদ্ধ হবৰ নিমিত্তে এটা কল-পুলিক দৰা পাতি তাৰে সৈতে তেওঁৰ বিয়া পতা হয়। এতেকে,—গোটেই জীৱন আবিয়ৈ হৈ থকা, to remain unmarried throughout life (applied to a woman). [ ৪৪ ] কলগ্ৰহ হোৱা—ক্ৰি, [ গলগ্ৰহ হোৱা ] (গলগ্ৰহ=যাক গলত এহণ কৰা হয় সি, ডিঙ্গিত আঁৰি লোৱা ভাৰ। ) এই বচনত আন এটা অৰ্থ নিহিত আছে :- যাক কলৰ দৰে গ্ৰহণ কৰা হয় অৰ্থাৎ ডিঙ্গিৰ নেলুত লগাই লোৱা হয় সি, খাওঁতে ডিঙ্গিত লাগি ধৰা বস্তু, যাক গিলিবও নোৱাৰি উলিয়াবও নোৱাৰি তেনে বস্তু। এতেকে,—এবিধ ধৰিব নোৱৰা-স্বৰূপ হোৱা, to adhore as a clog, encumbrance, burden.

কলমৰ খোচ—বিং, কলমৰ আগ জোঙ্গা। তাৰে তুলা-পাতত খুচি লিখা হয়। এতেকে,—লিখিত কথা, টোকা বা আদেশ, anything in writing.

কলিকতীয়া ফাঁকি—বিং, কলিকতাত বহু জাতীয় মানুহৰ সমাগম হয়, আৰু সি বহুল কাৰবাৰৰ নগৰ। তাত অনেক দুষ্ট মানুহে নানা প্ৰকাৰৰ বুজিব নোৱৰা ফাঁকিৰ দ্বাৰা ধনোপাৰ্জ্জন কৰে। এতেকে,—সহজে বুজিব নোৱৰা ফাঁকি, ডাঙ্গৰ ফাঁকি, a clever trick.

কলিজা-খোৱা—বিণ, কলিজা খালে মানুহ মৰে। এতেকে,—মৰ্ম্মভেদী, সাংঘাতিক, fatal.

কলিয়া আখৰ—বিং, ক’লা মহীৰে আখৰ লিখা হয়। এতেকে,—লেখা-পঢ়া, বিদ্যা, knowledge, education.

কলিয়া কানাই—বিং, কানাই শ্ৰীকৃষ্ণৰ নাম। তেওঁৰ বৰণ ক'লা আছিল বাবে তেওঁক কলিয়াও বোলা হয়। এতেকে,—ক’লা ৰণৰ মানুহ, a dark-skinned man.

কলিয়া কৃষ্ণাই—বিং, [ ‘কলিয়া কানাই’ চোৱাঁ। ]

কলিয়া খেতৰ—বিং, খেতৰ এবিধ দেও। তাৰ সংস্কৃত নাম ক্ষেত্ৰ-পাল। তাৰ আকৃতি বৰ ক’লা। এতেকে,—বৰ ক’লা বৰণৰ মানুহ, a black fellow.

কলিয়াপানীত মেলা—ক্ৰি, (কলিয়াপানী=আন্দামান দ্বীপ। ) অপৰাধীক আন্দা- মানলৈ পঠোৱা হয়। আন্দামানলৈ যাওঁতে বাটত সাগৰ পাৰ হৈ যাব লাগে। সাগৰৰ পানী কলিয়া অথাৎ নীল-বৰণীয়া। এতেকে,—দ্বীপান্তৰ-দণ্ডৰ আদেশ কৰা, to sentence a criminal to transportation. [ ৪৫ ] কলী ফেঁচী—বিং, ফেঁচা দেখিবলৈ অশুৱনী আৰু ক’লা। এতেকে,—আগঢ়ী কলী তিৰোতা, an ugly dark-complexioned woman.

কলৈ যাওঁ গোপাল কলৈ যাওঁ কৃপাল লগোৱা—ক্ৰি, হে গোপাল মই কলৈ যাওঁ হে কৃপাল মই কলৈ যাওঁ এনে কথা কোৱা অৰ্থাৎ বিতত হোৱা, to be at one's wit's end.

কল্পতৰু বৃক্ষ—বিং, কল্পতৰু বৃক্ষ স্বৰ্গত আছে। যেয়ে যি কল্পনা কৰি পাবলৈ প্ৰাৰ্থনা কৰে, এই বৃক্ষে তাকে সেই বস্তু দান কৰে। এতেকে,— মহাদানী পুৰুষ, a great philanthropist.

কল্পতৰু বৃক্ষে মাগন্তা জনক ফল দান কৰা—ক্ৰি, কল্পতৰু বৃক্ষে সকলোকে ফল দান কৰে, কিন্তু যি মাগিবলৈ নাযায় সি ফল পাব নোৱাৰে। এতেকে,— প্ৰাৰ্থনা নজনালে কোনেও কোনো বাঞ্ছিত ফল লভিব নোৱৰা, the securing of a boon from the generous by a person who applies for it.

কহুৰা চোৰ—বিং, চোৰে চুৰ কৰিবৈল যাওঁতে যদি কাহি থাকিব লগীয়া হয়, তেনেহলে তাৰ কাৰ্য্য নিষ্ফল হয়। এতেকে,—কোনো কাৰ্য্যৰ নিমিত্তে যথোপযুক্ত গুণ নথকা মানুহ, one without the requi- site qualification for a particular work.

কাউৰী—বিং. কাউৰীৰিলাকে কা-কা কৰি কোঢ়াল কৰি থাকে। এতেকে,— কোঢ়াল কৰি ফুৰা মানুহ, a noisy follow.

কাউৰী কুকুৰ মাটিত নৌ পৰা পৰ—বিং, ৰাতি পুৱালে কাউৰী আৰু কুকুৰা গছৰ ডলৰপৰা আহি মাটিত পৰে হি। এই স্থলত ‘কুকুৰা’ পদে ’বন-কুকুৰা’ বুজাইছে। এতেকে,—কাউৰী আৰু কুকুৰা ওলোৱাৰ পূৰ্ব্ব সময় অৰ্থাৎ ৰাতিৰ অন্তত প্ৰথম পোহৰৰ সময়, day-break.

কাউৰীয়ে কা-কা কৰা পৰ—বিং, ৰাতি পুৱালে কাউৰীয়ে কা-কা কৰি মাতে। এতেকে,—নিচেই ৰাতিপুৱা সময়, the early part of morning.

কাউৰীয়ে ৰটা—ক্ৰি, নীচ মানুহক কাউৰীৰে তুলনা কৰা হৈছে। কাউৰীয়ে মানুহৰ বেয়া কথা অৰ্থাৎ অশুভ বাতৰি ৰটে। নীচ মানুহে পৰৰ বেয়া কথা অৰ্থাৎ কলঙ্ক প্ৰচাৰ কৰে। এতেকে,—নীচ মানুহে কলঙ্ক প্ৰচাৰ কৰা, to circulate a scandal like a mean follow.

কাউৰীয়ে শগুনে নোখোৱা—বিণ, মানুহ মৰি বৰকৈ গেলিলে তাক কাউৰী অৰু [ ৪৬ ] শগুনেও নোখোৱা হয়। এতেকে,—নিচেই অৱস্থাহীন, অতি দুৰ্দ্দশা গ্ৰস্ত, সমূলি উপায়ৰহিত, extremely wretched.

কাকতী-ফড়িং পৰা—ক্ৰি, যি পথাৰত কাকতী-ফড়িং পৰে, তাৰ শষ্য খাই সমূলি নষ্ট কৰে। এতেকে,—সমূলি নষ্ট হোৱা, to be blasted, to be devastated.

কাচনমতি বাই—বিং, [কাঞ্চনময়ী বাই ] সোণৰ নিচিনা তিৰোতা, ৰূপহী তিৰোতা, a bright and beautiful woman.

কাচুটি এৰা—ক্ৰি, কামৰ জঞ্জালত শুৰ্তি শান্তি নাপালে চুৰিয়াৰ কাচুটি অৰ্থাৎ তল-পোন্ধ সৰি পৰিলে তাক খুচি লবলৈ সময় পোৱা নাযায়। তেতিয়া কাচুটি এৰিয়েই ফুৰিব লগাত পৰে। এতেকে,—চুৰিয়া- কাপোৰ সামৰি লবলৈ সময় নোপোৱা, বিতত বা বিচেষ্টা হোৱা, to have no leisure for anything, to be hard-pressed for time.

কাঠ-কটা বন—বিং , কাঠ-কাটিবলৈ টান। এতেকে,—টান বন, পৰিশ্ৰমৰ কাম, a difficult work.

কাঠ-ফটা জ্বৰ—বিং, ৰদত কাঠ বৰকৈ তপত হলে ফাটে। জ্বৰতো মানুহৰ গা বৰকৈ তপত হয়। কাঠ যেনেকৈ পৰি থাকে, জ্বৰ হলে মানুহ সেইৰূপে পৰি থাকে, উঠা-লৰা কৰিব নোৱাৰে। এতেকে,—বৰ টান জ্বৰ, fever accompanied by very high temperature.

কাঠত মৰা দি মৰা—ক্ৰি, কাঠত টানকৈ মাৰিলে ঠাং ঠাং শব্দ হয়। মানুহকো টানকৈ প্ৰহাৰ কৰিলে তেনেৰূপ শব্দ হয়। এতেকে,—টানকৈ প্ৰহাৰ কৰা, to give a hard blow.

কাঠৰ কঠুৱা—বিং, কাঠৰ কঠুৱা ভাগ অৰ্থাৎ কাঠৰ যি ভাগ বৰ টান সেই ভাগ। এতেকে,—অতি টান অৰ্থাৎ নিৰ্দয় মানুহ, a cruel-hearted person.

কাঠৰ খুটা—বিং, কাঠৰ খুটা বেগতে লৰাব নোৱাৰি। এতেকে, লৰিব-চৰিবৰ মন নোযোৱা মানুহ, এলেহুৱা মানুহ, one who is too lazy to move, a sluggard.

কাঠৰ ঢেকি—বিং, কাঠৰ ঢেকি বেগতে লৰাব নোৱাৰি। এতেকে,—লৰিব[ ৪৭ ] চৰিব নোখোজা এলেহুৱা মানুহ, a too lazy person.

কাঠৰ পুতলা—বিং, কাঠৰ পুতলাই নিজে একো কৰিব নোৱাৰে। মানুহে যেনেকৈ নচুৱায় সি তেনেকৈ নাচে। এতেকে,—সৰ্ব্বতোভাৱে পৰৰ দ্ৱাৰা পৰিচালিত মানুহ, a puppet, a doll, one who is entirely led by others.

কাঠৰ মূঢ়া—বিং, মুঢ়াটো বহি থকা মানুহৰ নিচিনা দেখি। বাঁহ আদিৰ মূঢ়া বেগতে লৰাব পাৰি, কিন্তু কাঠৰ মূঢ়া লৰাবলৈ টান। এতেকে,— লৰিব-চৰিব নোখোজা সোৰোপা মানুহ, an exceedingly lazy fellow.

কাঠে কাঠে পৰা—ক্ৰি, কাঠ টান বস্তু। যদি এডাল কাঠ আন এডাল কাঠৰ লগত পৰে, তেনেহলে কোনো ডাল কাঠ পোটোকা নপৰে বা ভাগি নাযায়। দুইৰো ঘঁহনিত জুই উঠি যায়। কিন্তু এডাল কাঠ আৰু, এডাল বাঁহ বা কাঠতকৈ আন কোমল বস্তুৰ লগ হলে তেনে নহয়। এতেকে,—দুজন সমান টান বা পটু মানুহৰ যুঁজ লগা, fighting with each other by persons who are equally matched.

কাণ উনাই থকা—ক্ৰি, ( কাণ উন্নীষাই থকা ] কোনো কথা ভালকৈ শুনিবৰ নিমিত্তে কাণ উন্নীত অৰ্থাৎ থিয় কৰি থোৱা হয়। এতেকে,— সজাগ হৈ থকা, to be on the alert.

কাণ-কটা—বিণ, আহোম ৰজাৰ দিনত অপৰাধৰ বাবে কাণ-কটা দণ্ড দিয়াৰ বিধি আছিল। এতেকে,— অপৰাধী, নিলাজ, shameless.

কাণ-কটা আৰু চোৰৰ মিতিৰালি—বিং, (কাণকটা=নিলাজ, অঘাইটং। ) দুৰ্জ্জনে দুৰ্জ্জনেৰে সৈতে পতা বন্ধুতা, friendship between a knao and a thief, friendship based on vice.

কাণ ছোওৱা—ক্ৰি, কোনো কথা কাণত গৈ ছুলে অৰ্থাৎ সামান্যরূপে স্পৰ্শ কৰিলে তাক সামান্যৰূপে শুনা যায়। এতেকে,—সংক্ষেপে জনোৱা, to communicate a fact briefly.

কাণ দিয়া—ক্ৰি, [ কাণ পাতি দিয়া ] যি ফালৰপৰা কথা কোৱা হয়, সেই ফালে কাণ পাতি দি তাক শুনা হয়। এতেকে,—শুনা, to lend an ear to listen. [ ৪৮ ] কাণ দুখন কাটি ভোৰ-তাল বজোৱা—ক্ৰি, কাণখন দেখিবলৈ তালৰ নিচিনা। কাণ দুখন কাটি তাকে ভোৰ-তাল কৰি বজোৱা হয় বোলা হৈছে। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.

কাণ পতা—ক্ৰি, কোনো কথা ভালকৈ শুনিবলৈ হলে যি পোনৰপৰা কথা আহে সেই পোনে কাণখন পাতি দিয়া হয়। এতেকে,—সাৱধানে শুনা, to hear attentively.

কাণ মূৰ কাটি ঘোচা কৰা—ক্ৰি, ‘ঘোচা’ ‘ঘুকুচা পদৰ অপ্ৰভ্ৰংশ। মূৰ কাটে অৰ্থাৎ মূৰৰ চুলি ক্ষুৰাই দিয়ে। আহোম ৰজাৰ দিনত কাণ কাটি আৰু মূৰৰ চুলি ক্ষুৰাই দণ্ড দিয়াৰ বিধি আছিল। কাণ মূৰ কাটিলে মানুহটো ঘুচা-মুচা দেখা যায়। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.

কাণ-মূৰ জোকৰা—বিণ, দগা গৰুক কাণত আৰু মূৰত কোবাই দিয়া হয়। দুখ পাই সি কাণ-মূৰ জোকাৰে, কিন্তু তথাপি হালত নচলে। এতেকে,—দগা, stupid, doltish, sluggard.

কাণ-মুৰ থিয় কৰা—ক্ৰি, জন্তুৱে হাবিত কিবা শব্দ শুনিলে মূৰ দাঙ্গি কাণ থিয় কৰি শুনে। এতেকে,—সজাগ হোৱা, to be on the alert.

কাণ-মুৰ নাইকিয়া কেঁকোৰা—বিং, আগৰ দিনত ডাঙ্গৰ অপৰাধ কৰিলে কাণ কটা হৈছিল আৰু মূৰ ক্ষুৰাই দিয়া হৈছিল। কাণ আৰু মূৰ (মূৰৰ চুলি ) নথকাটো অপৰাধী অৰ্থাৎ লাজ নাইকিয়া মানুহৰ চিন আছিল। কেঁকোৰাৰ কাণ আৰু মূৰ নাইকিয়া। এতেকে,—লাজ নাইকিয়া মানুহ, নিধক মানুহ, a shameless person.

কাণে কাণ মাৰি সৰা—ক্ৰি, [কাণে দি কাণ মাৰি সৰা] কাণে দি= দাঁতিয়ে দি। কাণ মাৰি=দাঁতি লাগি। এতেকে,—কথমপি ৰক্ষা পোৱা, to have a narrow escape.

কাণে কাণে সাৰি যোবা—ক্ৰি, [’কাণে কাণ মাৰি সৰা' চোৱা। ]

কাণে নাকে খাই মৰা—ক্ৰি, কোদো, বৰল, পৰুৱা আদিয়ে কাণে নাকে কামুৰিলে মানুহ বিতত হয়। এতেকে,—জুমুৰি দি এৰি বিতত কৰা, বৰকৈ আহুকাল কৰা, to annoy greatly.

কাণে নাকে মাত যোৱা—ক্ৰি, ৰোগত মগজু দুৰ্ব্বল হলে কাণৰ আৰু নাকৰ শক্তি কম হয়। কাণে দি সোসোৱনি শব্দ হয় আৰু মাত নাকে ওলায়