পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাত
গাৰ
৭৬

গাত বিহ লগা—ক্ৰি, বিহ লাগিলে যেনেকৈ গা ছিগি-ভাগি যায়, সেইৰূপে ছিগি- ভাগি যায় বোলা হৈছে। এতেকে,—বেজাৰত চাটি-ফুটি লগা, to be highly excited with feelings of grief.

গাত বিহু-কাঁড় লগা—ক্ৰি, বিষাল কাঁড় গাৰ ভিতৰলৈ সোমালে যেনে লাগে তেনে লাগে বোলা হৈছে। এতেকে,—বেজাৰত ছাটি-ফুটি কৰ, to be morbidly affected with grief.

গাত বিহু লগা—ক্ৰি, বিহুত গা ভাঙ্গি নাচি ৰং-ধেমালি কৰা হয়। এতেকে,— বৰকৈ আনন্দ-ভাৱ ওপজা, to be overjoyed.

গাত লেঠা হোৱা—ক্ৰি, গৰ্ভৱতী হোৱা, to become pregnant.

গাত শিপা গজা—ক্ৰি, গছত শিপা গজিলে তাক লৰাব পৰা নাযায়। এতেকে,— এলাহত লৰিব-চৰিব নোৱৰা, to be too lazy to move.

গাত হাত ফুৰোৱা-—ক্ৰি, গৰু ম’হ আদি জন্তুক জাতি কৰিবৰ নিমিত্তে গাত হাত ফুৰাই চঁক ভঙ্গা হয়। এতেকে,—চুক্‌চুকোৱা, to cajole, to blandish, to flatter.

গাৰ উমান—বিং , নিজৰ (মনৰ) অনুমান, mental vision, surmise.

গাৰ কেৰেপ নোহোৱা—ক্ৰি, শোওঁতে গা কাতি-কুতা কৰিলে চাঙ্গৰ ’কেৰেপ’ শব্দ হয়। এতেকে,—কাতি-কুতা নোহোৱা, অকাতৰে সহি থকা, to endure without flincling.

গাৰ গতি বিষম হোৱা—ক্ৰি, (বিষম = সাংঘাতিক অৱস্থা। ) শৰীৰ সাংঘাতিক অৱস্থাৰ পোনে ঢাল লোৱা অৰ্থাৎ মৃত্যু-কাল ওচৰ চপা, the approaching of the end of life.

গাৰ গোন্ধত সাতখন বিলৰ মাছ মৰা—ক্ৰি, দুৰ্গন্ধ পানীত মাছ মৰি যায়। এই স্থলত, গাৰ গোন্ধ এনে বেয়া বুলি কোৱা হৈছে যে তাৰ গোন্ধত সাত- খন বিলৰ মাছ মৰে। এতেকে,—শৰীৰ অতি দুৰ্গন্ধময় হোৱা, to emit an offensive smell from the body.

গাৰ গোঁসাই নাইকিয়া হোৱা—ক্ৰি, প্ৰতি মানুহৰ গাত একো জন গোঁসাই অৰ্থাৎ শৰীৰ-ৰক্ষক দেৱতা থাকে বুলি কয়। ডাঙ্গৰ বিপদ হবৰ কালত শৰীৰ-ৰক্ষাৰ উপায় নাথাকিলে, গাৰ গোঁসাই আগৈয়ে আঁতৰে। এতেকে,—বিপদৰপৰা সাৰিবৰ উপায় নাইকিয়া হোৱা, বিপদত অথিৰ হোৱা, to be at one's wit's end.