পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গতি
গৰগঞা
৬৮

গতি লগা—ক্ৰি, ভাল গতি লগা। বিদ্ৰুপাৰ্থত ব্যবহৃত হয়। এতেকে,— অৱস্থা কোনো বিষয়ে বেয়া হোৱা, to be settled (used iron- ically), hence, to be unsettled, to be done for.

গতি হোৱা—ক্ৰি, স্বৰ্গলৈ গতি হোৱা অৰ্থাৎ মৰণ হোৱা, to be dead.

গধূলি সাত হাল বোৱা—ক্ৰি, গধুলি মনত পাতে যে পিচ দিনা সাতখন হাল বাব, কিন্তু পিচ দিনা এখনো বোৱা নহয়। এতেকে,—মনতে বহু আলচ কৰা কিন্তু কাৰ্য্যত একো কৰিব নোৱৰা, to do many things in theory but absolutely nothing in practice.

গপ ৰজা—ক্ৰি, গপে শোভা পোৱা, অহঙ্কাৰ অক্ষুণ্ণ থকা, to be unimpaired in dignity.

গপে সিদ্ধি হোৱা আৰু তপে সিদ্ধি হোৱা—ক্ৰি, কোনো কাৰ্য্য গপেৰে অৰ্থাৎ নিজৰ মানত থাকিলে সিদ্ধি হোৱা আৰু তপেৰে অৰ্থাৎ সাধনা কৰিলে সিদ্ধি হোৱা, the fulfilling of an object either by preserving a dignified calm or by resorting to austere practices.

গৰখীয়া ধেমালি—বিং, গৰখীয়া লৰাই গৰু চৰাওঁতে দিন নিয়াবৰ নিমিত্তে মিছামিছি ধেমালি কৰে। এতেকে,—অৰ্থশূন্য লৰালি কাৰ্য্য, অলাগতিয়াল কাৰ্য্য, a childish affair, a useless work.

গৰখীয়া ভাল হলে গৰু ভাল হোৱা—ক্ৰি, গৰখীয়াই যদি ভালৰূপে গৰু ৰাখে, তেতিয়া গৰুৱে জেওৰা ভাঙ্গি শষ্য নষ্ট কৰিব নোৱাৰে। এতেকে,— চলাওঁতা ভাল হলে চলোঁতা ভাল হোৱা, the turning out of a person to be good or bad according as he is directed in the right way or in the wrong way by his superior, adviser or guardian.

গৰখীয়া মেল-বিং, গৰখীয়া লৰাই গৰু চৰাওঁতে জুম পাতি বহি মিছামিছি মেল পাতে। এতেকে,—ধেমেলীয়া মেল, a childish meeting.

গৰত থৈ কুটা—ক্ৰি, মাছ মঙ্গহ গৰত থৈ কুটা হয়। এতেকে,—কাটি-মাৰি উচ্ছেদ কৰা , to destroy completely.

গৰগঞা মিতিৰ—বিং, গৰগাওঁ অসমৰ ৰাজধানী আছিল। তাৰ বাসিন্দা- বিলাক টেঙ্গৰ আৰু অঘাইটং আছিল। আলহিয়ে বিদায় লৈ