পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গায়নৰ
গালৈ
৭৯

গায়নৰ ঘৰৰ কুকুৰে ৰাগ দিয়া—ক্ৰি, গায়নৰ গীত সদায় শুনি থাকি তেওঁৰ ঘৰৰ সকলোৱে অলপ-অচৰপ গীত জনা হয়। এই স্থলত কোৱা হৈছে যে আন কি কুকুৰেও ৰাগ দিব জানে অৰ্থাৎ ৰাগ টানি গীত গাব জানে। এতেকে,—যি মানুহে কোনো বিদ্যা জানে তেওঁৰ ঘৰৰ সকলোৱে সেই বিদ্যাৰ বিষয়ে অলপ-অচৰপ জনা, the knowing of something of the master’s craft by each one connected with him in however humble way.

গায়নৰ ঘেটা—বিং, গানে ঘেটা মাৰোঁতে বৰকৈ কোঢ়াল হয়। এতেকে,— ডাঙ্গৰ কোঢ়াল, a loud noise.

গায়নৰ জেঙ্গা মৰা—ক্ৰি, গায়নৰ জোৰাক নানা প্ৰকাৰেৰে মাননী দিব লাগে। তেওঁলোকৰ জেদ ইমান সৰহ, যে সহজে তাক মৰা টান। এতেকে,— কোনো জঞ্জলীয়া বিষয়ৰ জঞ্জাল ভঙ্গা, লেঠা মৰা, to settle a knotty affair.

গাল মৰা—ক্ৰি, মুখৰ ভিতৰলৈ কোনো বস্তু এনেৰূপে মাৰি পঠোৱা হয়, যে গচাটো ডাঙ্গৰ হৈ দুখন গাল ওফন্দি পৰে। আন মানুহে কেনেবাকৈ খাই বুলি নিজে এইৰূপে বেগতে খাই পেলায়। এতেকে,—আত্মসাৎ কৰা, to appropriate to one's own use.

গালি পাৰিলে আলিয়ে যোৱা—ক্ৰি, গালি গাই দি নপৰাকৈ আলিয়ে অৰ্থাৎ আন পোনে যায় বোলা হৈছে। কাঁড় মাৰিলে গাত আঘাত লাগে; কিন্তু গালি পাৰিলে তেনেৰূপে আঘাত নালাগে। এতেকে,—গালিয়ে মানুহৰ প্ৰকৃত অপকাৰ কৰিব নোৱৰা, the failing of abusive language to do actual harm to any one.

গালিৰ বাহ—বিং, ইমানকৈ গালি পাৰে বোলা হৈছে, যে গালিবিলাক গাত লাগি লাগি গাটো ওফন্দি এটা গালিৰ বাহ হৈছে। কোদো, বৰল আদি শুং থকা প্ৰাণীৰে গালিক তুলনা কৰা হৈছে। সেইবিলাক গাত লাগিলে মানুহৰ যেনে কষ্ট হয়, গালি গাত লাগিলেও তেনে কষ্ট হয়। এতেকে,—যাক সদাই গালি পৰা যায় তেনে মানুহ, a person who is an object of continual vituperation.

গালৈ সামৰা—ক্ৰি, নিজৰ গালৈ অৰ্থাৎ নিজলৈ সামৰা, আত্মসাৎ কৰা, to appropriate to one's own use.