পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খৰ্ব্ব-নিখৰ্ব্ব
খাইমূৰা
৬২

এতেকে,—টোকোনা মানুহ, a pauper.

খৰ্ব্ব-নিখৰ্ব্ব-বিণ, খৰ+বৰ। সংখ্যা-বাচক খৰ্ব্ব শব্দৰ পাচত নিখৰ্ব্ব শব্দ আছে বাবে এই স্থলত নিখৰ্ব্ব শব্দ যোজিত হৈছে। তাৰ বেলেগ অৰ্থ নাই। এতেকে,—বৰ চোকা, very smart.

খলি পোত—ক্ৰি, খলি=খুলি বা খোলা, কোনো কাৰ্য্যৰ নিমিত্তে নিৰ্দিষ্ট স্থান- বিশেষ। পোতা =পুতি লোৱা, শিপাই লোৱা, এৰিব নোৱৰাকৈ লোৱা। এতেকে,—নিগাজিকৈ ঠাই লোৱা, to live for a considerable period under temptation ( used in a depreciative sense).

খৰে-ধৰা--বিং, [ খাৰে ধৰা] অজীৰ্ণ ৰোগ। (’খৰ’ শব্দেৰে সম্বন্ধ নাই। ) indigestion.

খহুলা ভেকুলী-বিং, ভেকুলীৰ ছালখন খহটা-খহটি, দেখাত সি খহুলা যেন বোধ হয়। এতেকে,—কদাকাৰ মানুহ, ঘিণলগা মানুহ, one who is ugly, deformed, disgusting or disagreeable.

খাই এগাৰি যোৱা-ক্ৰি [খাই উগাৰি যোৱা] অপৰিমিত আহাৰ কৰিলে উগাৰ আহে। এতেকে, অপৰিমিত আহাৰ কৰা, to eat to surfeit.

খাই পাত ফলা—ক্ৰি, খাই পাত ফালি পেলাই দি নাই খোৱা বুলি কোৱা অৰ্থাৎ উপকাৰ পাই শলাগ নোলোৱা, to be ungrateful.

খাই মৰা—ক্ৰি, মানুহক কোনো জন্তুৱে খালে সি মৰি যায়। এতেকে,-অতি পাত আহুকাল কৰা, to annoy too much.

খাইকহ-ক্ৰি, [ৰাক্ষস] প্ৰবাদ মতে ৰাইকহৰ (ৰাক্ষসৰ) মাত ডাঙ্গৰ, সি ৰাও-ৰাওকৈ মাতে। খাইকহৰ (ৰাক্ষসৰ) খঁক ডাঙ্গৰ, সি খাওঁ- খাওঁ মুৰ্ত্তি ধৰি ফুৰে। এতেকে,-অতিপাত খঁকুৱা মানুহ, a gourmand.

খাইমুৰা মানুহ—বিং, যি মানুহে মুৰ খায় অৰ্থাৎ পৰিয়ালৰ আন আন মানুহক মাৰি অকলশৰীয়া হয় সেই মানুহ। (কোনো মানুহৰ গাত কুলক্ষণ থাকিলে তাৰ দোষত পৰিয়ালৰ আটাইবিলাক মানুহ মৰি যায়, এনে বিশ্বাসৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। ) a solitary man in a family living after the death of all the other members.