পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খোৰ
গছত
৬৬

খোৰ লোৱা—ক্ৰি, (’খোৰ’ আৰু ’খোৰোং’ সম্পৰ্কীয় শব্দ। ) থকা ঠাই লোৱা, to take abode in expectation of gains (used in a depreciative sense).

খোৰাৰ খোজে-পতি অপৰাধ ধৰা—ক্ৰি, যি খোৰা নাম পাইছে সি এবেলি দুবেলি ভালৰূপে খোজ পেলালেও মানুহে তাৰ খোজত দোষ হে দেখে। এতেকে,— যাৰ দিন মন্দ হয় তাৰ সকলো কাৰ্য্যকে মানুহে বেয়া বুলি ধৰা, to find fault at every step with a person who has fallen on evil times.

খোলা উলিওৱা—ক্ৰি, ভিতৰত শাহ নাইকিয়া হলে অকল খোলাটো থাকে। এতেকে,—সাৰ-পদাৰ্থ নষ্ট কৰা, to reduce to skeleton.

খোলাকটিৰ তাল—বিং, তাল কাঁহৰ দ্বাৰা নিৰ্ম্মিত। খোলা কটিৰ তাল হব নোৱাৰে। এতেকে,—মূল্য নাইকিয়া বস্তু, অকামিলা বা তুচ্ছ পদাৰ্থ, an article of no value, a useless or contemptible thing.

খোৱা-কামোৰা কৰা—ক্ৰি, [ থোৱাত কামোৰাকামুৰি কৰা ] কুকুৰবিলাকে কোনো খোৱা বস্তু পালে প্ৰত্যেকে তাক অকলৈ খাবৰ নিমিত্তে আনক কামুৰি খেদাবৰ চেষ্টা কৰে। এতেকে,—কোনো বস্তুৰ নিমিত্তে নীচালিভাৱে দন্দ পতা, to wrangle meanly.

খোৱা-লোৱা কৰা—ক্ৰি, ভোগ কৰা অৰ্থাৎ পুৰুষে তিৰোতাৰ লগত আৰু তিৰোতাই পুৰুষৰ লগত সঙ্গম কৰা, to have sexual inter— course.

খোৱা-লোৱা কৰা—ক্ৰি, ( খোৱা=ভোগ কৰা; লোৱা=পতিৰূপে লোৱা। ) সহবাস কৰা, to cohabit.


গ।

গছত কঠাল থৈ ওঁঠত তেল ঘঁহা—ক্ৰি, কঠাল খাওতে এঠা নালাগিবৰ নিমিত্তে ওঁঠত তেল ঘঁহি লোৱা হয়। এই স্থলত কোৱা হৈছে, যে কঠাল গছত