পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুরু-ভকতৰ
গেলা
৮১

blows.

গুৰু-ভকতৰ আঁৰ হোৱা—ক্ৰি, কোনো মানুহ মৰিলে সি গুৰু আৰু ভকতৰ আঁৰ হয় অৰ্থাৎ তেওঁবিলাকে তাক সংসাৰত আরু দেখিবলৈ নাপায়। এতেকে,— মৃত্যুপ্ৰাপ্ত হোৱা, to die.

গুলিটোৰ দৰে যোৱা—ক্ৰি, হিলৈৰ গুলি অতি বেগেৰে যায়। এতেকে,—অতি বেগেৰে যোৱা, to travel with utmost rapidity.

গুৱাল-গালি পৰা—ক্ৰি, গুৱালবিলাকে মহ গৰু চৰাওঁতে চিঞৰি চিঞৰি বিহু-নাম গোৱার ছলেৰে, কাৰো নাম নধৰাকৈ, উধাই-মুধাই গালি পাৰে। এতেকে,— কোনো মানুহক নাম নধৰাকৈ গালি পৰা, to direct an abuse against people in a general way without referring to any particular individual by name.

গৃহস্থৰ চৰণ—বিং, [ গৃহস্থ দেৱতাৰ চৰণ] গৃহত থকা দেৱতা অৰ্থাৎ ইষ্ট দেৱতা। (‘চৰণ’ শব্দৰ পৃথক অৰ্থ নই, ভক্তি বুজাবৰ নিমিত্তে ই ব্যবহৃত হয়), the household deity.

গেঙ্গেৰি দিয়া—ক্ৰি, কুকুৰ বাঘ আদি জন্তুৱে গেঙ্গেৰি দি ভয় দেখুৱায়। এতেকে,— ভয় দেখুওৱা, to show one's teeth, to threaten.

গেন্ধেলা হাতেৰে কৰা—ক্ৰি, (গেন্ধেলা=দুৰ্গন্ধ। ) হাত দুৰ্গন্ধ হলে সেই হাতেৰে কৰা কাৰ্য্যও দুৰ্গন্ধ হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—লেতেৰাকৈ কৰা, to act clumsily.

গেৰ নসৰা লৰা—বিং, চৰাই-পোৱালিবিলাকৰ গেৰ জগাৰ কিছু দিন পাচত সৰে। এতেকে,—কম বয়সৰ লৰা। (ব্যঙ্গাৰ্থ) a mere infant.

গেৰেলা হালত যোৱা—ক্ৰি, গরুৰ দ্বাৰা হে হাল বোৱা হয়। এই স্থলত, গেৰেলাৰে হাল বায় বোলা হৈছে। এতেকে,— দুখীয়া মানুহে দুখীয়াভাৱে কাৰ্য্য কৰিবলৈ লাজ পাই চহকী মানুহৰ অনুকৰণ কৰিবলৈ গৈ হাস্যাস্পদ কাৰ্য্য কৰা, to ape a great man.

গেলা গপ-বিং, শৱ গেলিলে উখহি ডাঙ্গৰ হয়। গপ নাথাকে অৰ্থাৎ মৰে। এই স্থলত কোৱা হৈছে যে, সি মৰি গেলি যায়। এতেকে,—নিষ্ফল ডাঙ্গৰ অহঙ্কাৰ, vain boasting.

গেলা ডাৱৰীয়া—বিং, ডাৱৰীয়া বতৰত বৰষুণ পৰি ঠাই-ভূঁই গেল-গেলীয়া হয়। এতেকে,—ওলাব সোমাব নোৱৰা বা কাম-বন কৰিব নোৱৰা ডাৱৰীয়া  ১১