পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গলধন
গা
৭১

গলধন ধৰা—বিণ, যেতিয়া ম’হৰ গলধন ধৰে, তেতিয়া সি যুঁজিবলৈ বিচাৰি ফুৰে। এতেকে,—যুজাৰু, (ব্যঙ্গাৰ্থ) a fighter, a bully(used ironically).

গলধনৰ গাগৰি—বিং, ( গাগৰি=গেঙ্গেৰি, কথালৈ টেলাই নকৰা ভাবপ্ৰকাশ। ) প্ৰবাদ আছে যে গাগৰিৰ স্থান মানুহৰ গলধন। যাৰ গলধন ডাঙ্গৰ, তাৰ গাগৰি ডাঙ্গৰ অৰ্থাৎ ভেম বেছি। গলধনত ভুকুৱাই দিলে গাগৰি ভাগে তৰ্থ্যাৎ ভেম টুটে। এতেকে,—সহজে ভাঙ্গিব পৰা ভেম, মিছা ভেম, vain boasting, bagging.

গাঁতৰ এন্দুৰ—বিং , এন্দুৰ গাঁতৰ ভিতৰত থাকে। সি গাঁতৰ ভিতৰৰ কথা হে জানে, বাজৰ কথা নাজানে। এতেকে,—অজ্ঞ মানুহ, an uninformed person, an ignoramus.

গাঁতলৈ যোৱা—ক্ৰি, মানুহ মৰিলে শৱ গাঁতত পোতা হয়। এতেকে,—মৃত্যুৰ ওচৰ চপা, (গালিৰ মাত) to approach the grave ( used abusively ).

গাঁতে অটা—ক্ৰি, শৱ পুতিবলৈ গাত লাগে। এই স্থলত কোৱা হৈছে, যে মৰিলে পুতিবলৈ গাঁতৰ নাটনি নহয়। এতেকে,—সামান্যভাবে কালযাপন কৰি মৰি যোৱা, হাকাল-বিকাল নকৰাকৈ জীৱন-লীলা সাং কৰা, the passing of life in an unostentatious manner.

গা অহা—ক্ৰি, [ গাৰ ভঙ্গি অহা ]গাৰ ভঙ্গি বাজনাৰ চেওৱেৰে মিল হোৱা, the har- monising of the movements of a dance with the tune of the music.

গা আলেগা দিয়া—ক্ৰি, গা আলগ কৰি দিয়া অৰ্থাৎ নিজে আঁতৰি থকা, কোনো বস্তু বা কাৰ্য্যেৰে সম্বন্ধ নৰখা, to dissociate oneself from anything, to evade responsibility.

গা উঠা—ক্ৰি, [ গাৰ তেজ উঠা ] উলাহ লাগিলে গাৰ তেজ উঠে অৰ্থাৎ বেগেৰে চলিবলৈ ধৰে। এতেকে,—উলাহ লগা, to be animated.

গা এৰা দিয়া—ক্ৰি , সাৰি যোৱা, ( ’গা ধৰা দিয়াৰ’ ওলোটা ) to slip off, to escape.

গা এৰি দিয়া—ক্ৰি, [ গাক যাবলৈ এৰি দিয়া ] সময়ত সোঁতত উটি যাবলৈ গা এৰি দিয়া, চেষ্টা কৰিবলৈ এৰি দিয়া, to be drifted down