পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক্ৰিয়া
খুঁটি
৫৮

ক্ৰিয়া ধৰা—ক্ৰি, [ ক্ৰিয়া কৰিবলৈ ব্ৰত ধৰা ] শ্ৰাদ্ধাদি ক্ৰিয়া কৰিবৰ নিমিত্তে ব্ৰত পালন কৰা, to observe fasting on account of a religious ceremony.

ক্ৰিয়াহীন বামুণ—বিং, বামুণ ক্ৰিয়া-কাণ্ডহীন হলে ভ্ৰষ্ট হয়। এতেকে,— অনাচাৰী বামুণ, a degenerate Brahmin.



খ।

খঁৰা দা জোকৰা—ক্ৰি, দুখীয়া মানুহে খঁৰা দা ব্যৱহাৰ কৰে। এতেকে,— দুৰ্ব্বলী মানুহে ভয় দেখুওৱা, to brandish a powerless weapon to show empty threats.

খঁৰা ধুন—বিং, (খঁৰা =অসম্পূৰ্ণ। ) কাপোৰ-কানি, অলঙ্কাৰ-পাতি ইত্যাদিৰ সঁজুলি সম্পূৰ্ণ হব লাগে। যদি কোনো এটা বস্তু কম হয়, তেনেহলে ধুন অসম্পূৰ্ণ হয়। এতেকে,—অসম্পূৰ্ণ ধুন, the lack of completeness in fashion.

খাঁজে-খোপে খোৱা—ক্ৰি, বাঁহ কাঠ-আদিত কটা খাঁজ খোপত লাগি মিলি পৰে। এতেকে,—এটা বস্তু বা কাৰ্য্য আন এটা বস্তু বা কাৰ্য্যৰ লগত ভাল মতে মিলি যোৱা, সম্পূৰ্ণ সামঞ্জস্য হোৱা, to fit in perfectly with.

খুঁটাত বান্ধি লোৱা—ক্ৰি, অতিপাত মাৰ-কীল কৰিবৰ নিমিত্তে মানুহক খুঁটাত বান্ধি লোৱা হয়। এতেকে,— উগ্ৰ দণ্ড দিবৰ নিমিত্তে উদ্যোগ কৰা, to prepare to beat soundly.

খুঁটি খাব পৰা—ক্ৰি, চৰাই-পোৱালি ডাঙ্গৰ হলে নিজৰ ঠোঁটেৰে খুঁটি টোপ খাব পাৰে, তাৰ আগৈয়ে মাকে খুৱাই দিয়ে। এতেকে,—নিজে উপাৰ্জ্জন কৰিব পৰা, to be able to earn an independent liveli-