পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোৱে
গ্ৰাহ
৮৩

গোৱে পোৱে তল যোৱা কথা—বিং, যদি কোনো মানুহৰ গৰুৰে সৈতে তাৰ পুতেকৰ আস্বাভাবিক সঙ্গম হয়, তেনেহ’লে হিন্দুমতে সেই গৰু আৰু লৰা দুইও অশুচি হয়। এতেকে,—গুৰুতৰ জগৰীয়া কথা , a heinous crime.

গোসাঁনী লম্ভা—বিং, (গোঁসানী=কালী গোসাঁনী। ) কালী গোসাঁনীৰ দ্বাৰা সমাক্ৰান্ত হোৱা, inspired.

গোহাঁই গাভৰু মানুহ—বিং, আহোম ৰজাৰ দিনত আহোমৰ ডাঙ্গৰ বিষয়াসকলক গোহাঁই আৰু তেওঁবিলাকৰ ঘৈণীসকলক গাভৰু বোলা হৈছিল। এতেকে,—ওপৰ তৰপৰ সম্ভ্ৰান্ত মানুহ, the aristocracy.

গোহালিৰ গৰুৱে বাৰীৰ ঘাঁহে ৰাহি নহা—ক্ৰি, নিজৰ গোহালিৰ গৰু আৰু নিজৰ বাৰীৰ ঘাঁহ এই দুইটাৰ ৰাহি নিমিলে অৰ্থাৎ নিজৰ গৰুৱে নিজৰ বাৰীত ঘাঁহ নাখাই পৰৰ বাৰীত ঘাঁহ খায়। এতেকে,—নিজৰ উপযুক্ত মানুহক ভাল নাপাই একে গুণসম্বলিত পৰৰ মানুহক ভাল পোৱা, the taking of fancy to a person of another family in disregard of a person of own family though the latter possesses the requisite qualifications not in- ferior to those of the former.

গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ—বিং, পূৰ্ব্বকালত গ্ৰাহ আৰু গজেন্দ্ৰৰ ভিতৰত এনে ঘোৰতৰ যুদ্ধ হৈছিল যে গজেন্দ্ৰৰ নিৰুপায় হৈ বিষ্ণুক স্তুতি কৰিলে। বিষ্ণু অহি সুদৰ্শন চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ চিৰি দিলত গজেন্দ্ৰৰ উদ্ধাৰ হল। এতেকে,— ভীষণ যুদ্ধ, a severe struggle, a terrible battle.