খজুৱতি উঠা—ক্ৰি, গাৰ খজুৱতি উঠিলে উচ্পিচ্ লাগে। এতেকে,—উচ্পিচ্ লগা, to be impatient to do anything.
খত-বান্ধ দি ধৰা-ক্ৰি, [খতেৰে বান্ধ দি ধৰা] খত =দলিল। যাতে কথা লুটিয়াব নোৱাৰে সেই মতে দলিলত লিখি কথা বান্ধি দিবলৈ টানি লোৱা, বৰকৈ তাগিদ কৰা, to bind by written agreement, to demand peremptorily.
খন খাই খন পেলোৱা-ক্ৰি, এখন খাই এখন পেলোৱা, (তামোল-খোৱাত ব্যবহৃত হয়। ) to chew pan and throw it away and then chew another and so on i.e. to chew pan too frequently.
খন্তেকীয়া ভোজ—বিং, ভোজ ৰান্ধি-বাঢ়ি যুগুত কৰি খাবৰ পৰত এনেকুৱা বিপদ উপস্থিত হব পাৰে, যে খাওঁতা নোহোৱা হৈ সেই ভোজ তাতে পেলনি যায়। বিপদ হবলৈ বেচি পৰ নালাগে, এই ভাব বুজায়। এতেকে,—বহু আয়োজনৰ দ্বাৰা সম্পাদিত হোৱা কিন্তু তৎক্ষণাৎ দুৰ্ঘটনাৰ দ্বাৰা নষ্ট হব পৰা কোনো বস্তু বা কাৰ্য, anything which is done with great care but which is liable to be marred in a moment by accident.
খৰচী মৰা—ক্ৰি, [ খৰচীয়া মৰা ] কথাৰ খৰচীয়া অৱস্থা মৰা অৰ্থাৎ কঠিনতা গুচাই ঢিলা কৰি দিয়া, ভাঙ্গি-পাতি বুজোৱা, to make easy or clear, to remove the stiffness of anything.
খৰম গোঁসাই—বিং , বৰদোৱা থানত শঙ্কৰ দেৱৰ এজোৰ খৰম আছে। মহা- পুৰুষীয়াবিলাকে তাকে ঈশ্বৰ বুলি ভাব কৰে, the sandal of Sankar Deo preserved in the Bordoa Satra in Nowgong and worshipped by the Vaishnabites.
খৰলি খোৱা—ক্ৰি, দুখীয়া মানুহে লোণৰ পৰিবৰ্ত্তে খাৰ দি শাকৰ আঞ্জা খায়। এতেকে,— দুখীয়া খাৱন খোৱা। তাৰপৰা,--টোকেনাভাৱে কাল-যাপন কৰা, to lead a poor life.
খৰি দিয়া—ক্ৰি, মানুহ মৰিলে খৰি দি দাহ কৰা হয়। এতেকে-শৱ দাহ কৰা, to cremate.
খৰি-ভাৰী-বিং, টোকোনা মানুহে হাবিত খৰি কাটি ভাৰেৰে কঢ়িয়াই বেচে গৈ।