পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘনচিৰিকাই
ঘৰ-বুঢ়া
৮৫

running; hence, great activities.

ঘনচিৰিকাই ৰাজহাঁহৰ বুলন ধৰা—ক্ৰি, (সাধু-কথা) ঘনচিৰিকাই ৰাজহাঁহৰ বুলন শিকিবলৈ গৈ ৰাজহাঁহৰ বুলনো শিকিব নোৱাৰিলে, নিজৰ বুলনো পাহৰিলে। তেতিয়াৰপৰা একো উপায় নাপাই সি ডেও দি খোজ কাঢ়িবলৈ ধৰিলে। এতেকে,—ইতৰ মানুহে বৰ- লোকৰ কাৰ্য্য অনুকৰণ কৰা, the aping of a great man by an insignificant follow.

ঘনাই খুঁটিলে শিঙ্গৰাও মাছ হোৱা—ক্ৰি, শিঙ্গৰা মাছত সাৰ-পদাৰ্থ কম থাকে। যদি বৰশীত শিঙ্গৰা মাছে ঘনাই খোঁটে অৰ্থাৎ যদি বৰশীৰে শিঙ্গৰা মাছ বাৰে-পতি ধৰা হয়, তেনেহলে আটাইবিলাক মাছ গোটাই সাৰ- পদাৰ্থ অধিক পোৱা যায়। এতেকে,—তাকৰীয়া লাভ ঘনাই পালে সিও কাৰ্য্যকৰ হোৱা, the turning of small gains to be profitable in the long run if they are obtained uncea- singly.

ঘৰ গছকা—ক্ৰি, বিয়াৰ পিচত কন্যাই পৰাৰ ঘৰলৈ আহি ঘৰ গছকি তেতিয়াই বাপেক মাকৰ ঘৰলৈ উভতি যায়। এতেকে,—ঘৰ-দখল লোৱাৰ নিয়ম কৰা, to take formal possession of a house.

ঘৰ গুচাই বাঁহতল কৰা—ক্ৰি, বাঁহতল জেগেলা ঠাই। (গুচোৱা =নষ্ট কৰা। ) এতেকে,—ঘৰুৱা অৱস্থা সমূলি হীন কৰা, to bring household affairs to rack and ruin.

ঘৰ জিনা—ক্ৰি, ঘৰত থিতাপি হৈ নিজৰ স্বামিত্ব বুজোৱা, to overlord a household.

ঘৰ ধৰা—ক্ৰি, (ঘৰ=গৃহস্থালি। ) গৃহস্থালি চলোৱা to manage house- hold affairs.

ঘৰ পতা—ক্ৰি ( ঘৰ =গৃহস্থালি। ) বিয়া কৰোৱা to marry.

ঘৰ পতা ককা—বিং, গৃহস্থালি পতা ককা অৰ্থাৎ বুঢ়া মানুহ। যো-যা কৰি দৰা কন্যাৰ বিয়া পতা মানুহ, a match-maker.

ঘৰ-বুঢ়া—বিং, প্ৰত্যেক গৃহস্থৰ পৰিয়ালত একো জন বুঢ়া মানুহ থাকে, যি ঘৰতে থাকি বাৰী-ঘৰ ঠিক কৰি ৰাখে। এতেকে, ঘৰ-বাৰী ঠিক কৰি ৰখা বুঢ়া মানুহ, an old man who superintends the domestic