পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গছত ৬৭ গণিতা

থাকোঁতেই অৰ্থাৎ তাক নৌ পাৰোঁতেই ওঁঠত তেল ঘঁহা হয়। এতেকে,—কোনো কাৰ্য্য শেষ হোৱাৰ পূৰ্ব্বেই তাৰ ফললাভ হল বুলি জ্ঞান কৰি তদনুযায়ী চলা to count on the result of a work before it is actually finished.

গছত তুলি গুৰি কটা--ক্ৰি, ছল কৰি গছত তুলি পাচত গুৰি কাটি দিলে গছ পৰি যায়, লগতে গছৰ ওপৰত থকা মানুহো পৰে। এতেকে,—বিশ্বাস- ঘাতকতা কৰা, to betray.

গছৰ গুটি খাই নাম নোকোৱা—ক্ৰি, গছৰ গুটি চুৰ কৰি খোৱা হয়; কিন্তু কোন মানুহৰ বাৰীৰ গছ তাৰ নাম কোৱা নহয়। এতেকে,-ধৰা নপৰাকৈ কোনো অপৰাধ কৰা, to do a wrong secretly.

গছৰ পাত লগে নসৰ- -ক্ৰি, গছৰ পাত আটাইবিলাক একে লগে নসৰে। যাৰ যেতিয়া সময় হয়, সেই পাত তেতিয়া সৰে। মৃত্যু-কাল উপস্থিত হলে মানুহেো সেই ৰূপে মৰে, কোনেও কালৈও বাট নাচায়, বয়স বা আগ- পাচ একো নামানে। এতেকে,—আটাইবিলাক মানুহ একেলগে নমৰা, to die each in his appointed hour.

গজমূৰা মানুহ—বিং, [ গজৰ ভিতৰত মূৰ তুল্য মানুহ ] মুৰা হাতী অকলে থাকে এই কথাৰপৰা, কোনো মানুহৰ মুৰ হাতীৰ দৰে ডাঙ্গৰ কিন্তু, সি অকলে থাকে অৰ্থাৎ তাৰ বংশ-পৰিয়াল মৰি অন্ত পৰে, এই অৰ্থৰ উৎপত্তি হৈছে। এতেকে,--কুলক্ষণীয়া মানুহ, an ill-omened person.

গজ-হস্তী-বিং, [ গজ-গজীয়া হস্তী ] ওখ-ডাঙ্গৰ হাতী, a big elephant.

গজৰ খৈয়া-বিং, [ গোজোৰা খৈয়া ] নগাৰ বহটীয়াক খৈয়া বোলে। গোজোৰা = গোজোৰা-গোজোৰকৈ উত্তৰ দিয়া। খৈয়াবিলাকে কাম- বন ভালকৈ নকৰিছিল। কোনো কামলৈ পাচিলে গোজ্‌-গোজাই থাকে। এতেকে,--আপাহি থাকিলেও বন-বাৰি নকৰা মানুহ, লৰচৰ কৰিব নোখোজা ওঠোৰ-গোঠোৰ মানুহ, a rough unwilling worker.

গঢ়-গতি—বিং, চলণ-ফুৰণ, আও-ভাও, movements, conduct.

গণিতা কৰা—ক্ৰি, লেখ কৰা, লেখত লোৱা, যথাযোগ্য সম্মান কৰা, to count, to consider, to regard.