সমললৈ যাওক

উদয়, ১ম বছৰ ১ম সংখ্যা

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]
 

 ‘উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান্নি ৰোধত’ ভগতৱাণী উদ্দীয়মান ছাত্ৰবন্ধুসকলৰ সুকল্পিত মানস প্ৰতিমা ‘উদয়ত’ উদ্দীপ্ত হৈ উঠক, উদয় সাৰ্থক হওক’—

 অসমৰ সুনিপুন নাট্যকাৰ শ্ৰীযুত কমলানন্দ ভট্টাচাৰ্য্যদেৱে অনুগ্ৰহ কৰি আমাৰ ‘উদয়’ লৈ পঠিওৱা এই আশীৰ্ব্বাদ যাৰ শিৰত লৈ ‘উদয়’ উদয় পথত সাজি-পাৰি ওলাল

 

উদয়

 

[নগাওঁ গৱৰ্ণমেন্ট হাইস্কুলৰ তিনিমহীয়া আলোচনী]


১‌ম বছৰ ১ম সংখ্যা— মাঘ ১৮৬৮ শক—
জানুৱাৰী, ১৯৪৭ চন।


“নহবা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান”

৺আগৰৱালা।

বেচ— খনে এসিকি মাথোন।

 

[ সূচীপত্ৰ ]
 

“উদয়”ৰ অহা ৰঙ্গালী-বিহু সংখ্যা ৰূপে ৰমক্-জমককৈ উলিয়াবলৈ যো-জা কৰা হৈছে। তাৰ বাবে বাছকবনিয়া প্ৰৱন্ধ লাগে; এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে পালেহে অহা সংখ্যাৰ বাবে প্ৰকাশ কৰিবলৈ বিবেচনা কৰিব পৰা হব। অইন সংখ্যাৰ বাবে প্ৰৱন্ধবোৰ যাৰ যেতিয়াই ইচ্ছা সম্পাদকলৈ তলৰ ঠিকনাত পঠালেই হয়। বহুত সময়ত ঠাইৰ অভাৱত উত্তম প্ৰৱন্ধও প্ৰকাশ কৰিব নোৱাৰি। গতিকে, আমাৰ প্ৰৱন্ধ সদায় চুটি অথচ সাৰ-গৰ্ভ আৰু বিশেষকৈ ছাত্ৰোপযোগী হলে ভাল হয়। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাহিৰে আমি অইনৰ পৰাও “উদয়”ৰ পূজাৰ অঞ্জলি পালে সাদৰে গ্ৰহণ কৰিম।

সম্পাদক; ‘উদয়’ গৱৰ্ণমেণ্ট হাইস্কুল, নগাওঁ, অসম


প্ৰৱন্ধ সূচী

বিষয়— লিখক— পৃষ্ঠা—
১। উদয় শ্ৰীমান অজিত বড়া (৬ষ্ঠ মান)
২। উদয়ৰ জন্ম ৰহস্য মিঃ ঢেঁকী-মহৰী
৩। হেৰোৱা বাঁহী শ্ৰীমান বিবেকানন্দ ভট্টাচাৰ্য্য (৯ম মান)
৪। অসম এ, এচ, মঈনউদ্দিন আঃ হাজৰিকা (৮ম মান)
৫। মানুহৰ শ্ৰেণী বিভাগ শ্ৰীমান কিৰণ বৰা (৯ম মান)
৬। ৰৌ মাছৰ আত্ম-চৰিত ,, মহেন্দ্ৰনাথ শইকীয়া (৯ম মান) ১০
৭। বৈজ্ঞানিক আলবাৰ্ট আইনষ্টাইন ,, কৃষ্ণকুমাৰ ভূঞা (৮ম মান) ১২
৮। জানিব লগীয়া কথা ১৪
৯। হাঁহিবা কিন্তু মুখ নুলিয়াবা ১৫
১০। মঙ্গল গ্ৰহলৈ এভূমুকি ,, হৰেন্দ্ৰনাথ ভট্টাচাৰ্য্য (৯ম মান) ১৫
১১। সম্পাদকীয় ১৬
১২। A Foreward Mv. R. Ahmed, B-A., B-T. ১৭
১৩। Our own Notes & News Do ১৮

 
ডাক্তৰ ললিত বৰুৱাৰ

ইলাভণীটিলৈ—
মুকলি চিঠি
পঢ়ক

 তাৰ লগে লগে—

প্ৰাথমিক প্ৰতিবিধান,
মাতৃ-মঙ্গল, চকু ৰোগৰ প্ৰতিকাৰ প্ৰসুতি
কল্যাণ কিনক।
আৰু— ইলাবৰুৱাৰ
ককাই দেউলৈ চিঠিও পঢ়ক।
’৪২ ৰ বিপ্লব কিনক।

১। বিজয় প্ৰকাশ ভৱন, নগাওঁ [অসম]
২। শেৱালি প্ৰকাশ ভৱন, ,, ,,
৩। শেৱালি প্ৰেছ, নগাওঁ, অসম।

 

অসমীয়া বিভাগ

[  ]

“চিৰ চেনেহী মোৰ ভাষা জননীৰ” — চলিহা

উদয়

[নগাওঁ গৱৰ্ণমেন্ট হাইস্কুলৰ তিনিমহীয়া আলোচনী]



১‌ম বছৰ মাঘ ১৮৬৮ শক ১ম সংখ্যা জানুৱাৰী ১৯৪৭



উদয়

শ্ৰীমান অজিত বড়া (৬ষ্ঠ মান)

ৰাতিপূৱা পূব ফালে কলা মেঘে ঢাকি ৰাখি
 পাৰে জানো লুকুৱাব সূৰ্য্যৰ পোহৰ?
বই অহা জুৰিটিক নোৱাৰি ৰাখিব ভেদি
 উটি যায় মানুহৰ কল্পনা সুন্দৰ।
যন্ত্ৰ যুগ জগতত দিনে দিনে মানুহেও
 পাৰহৈ শত শত উন্নতি সপোন;
সীমাহীন আকাশত বিহাৰ কৰিছে চোঁৱা
 হাঁহি হাঁহি উৰুৱাই জয়ৰ নিচান।
অসমৰ অসমীয়া তৰুণ তৰুণী হেৰা
 তুমি ৰবা কিয় পৰি লক্ষ্য ভ্ৰষ্ট হৈ,
জনম ধৰিছা জানি খোজ যদি লব পাৰা
 কৃতকাৰ্য্য লাভ হব, জানিবা নিশ্চয়।
কোনো কালে পৰা নাই কোনো বিদেশীয়ে আহি
 অসমৰ প্ৰকৃতিক কৰিব হৰণ
ৰ’দ আৰু বৰষুণ দুয়ো মিলি সৃষ্টি হয়
 আকাশৰ ৰাম-ধনুৰ সাতোটি বৰণ।


 
[  ]
 

‘উদয়’ৰ জন্ম-ৰহস্য।

মিঃ ঢেঁকী-মহৰী।

 আজি নগাওঁ গৱৰ্ণমেণ্ট্ হাইস্কুলত উখল-মাখল লাগিছে ইয়াত বোলে কিবা এটা উদয় হল, অৰ্থাৎ জন্ম হল, তাৰ মানে আগে-পাছে নোহোৱা কিবা এটা হল। আজি নগাওঁ নগৰৰ কেবা জনৰো মুখত সেই একেটা কথাই; বিশেষকৈ দুই চাৰিবছৰ আগতে ইস্কুল এৰি গৈ চাকৰি-বাকৰিত সোমোৱা চেঙ্গেলীয়া তৰপৰ লৰা কেতবোৰৰ মুখত, চাহৰ দোকান বোৰত খিলি-পানওৱালাৰ চালি বোৰৰ তলত, গধূলি বাটে-ঘাটে তহলি ফুৰা ছাত্ৰ মহলত, আৰু ইস্কুল-কলেজলৈ অহা-যোৱা ছাত্ৰী মহলত।

 জন্ম হোৱা কথাষাৰত জননী সকলৰ যিমান উগুল থুগুল হয়, অইন কাৰো নহয়। অইন কি কাছধৰা গাৱঁৰ পৰা সিদিনা পোহাৰী দুজনীও আহিছিল বোলে চাওঁছোন বাৰু হাইস্কুল ঘৰটোত নো কি উপজিল। ইস্কুল ঘৰৰ কেউপিনেদি ভুমুকিয়াই একোকে নেদেখি কলঙৰ পিনে দুয়ো খোজ ললে। তাতো একো নেদেখি দুয়ো কোৱা-কুই কৰিলে যে আগে-পাছে নোলোৱা ইয়াত কিবা মাছ কি কাছ-তাছ ওলাইছিল হবলা দেয়েছে লৰা-লুৰি মখাৰ মাজত ইমান হুলস্থূল। ৰহস্যৰ খাতাং সমিধান নাপাই দুয়োৰো মন কেনেবা-কেনেবি খন লাগি আছে। বোৱাৰীয়েকে শুনি এজনী পোহাৰীক ভাল দগৰা ঢমক্ এটা লগালে বুলি শুনিলো— ‘ধেইৎ আই, ইস্কুল ঘৰতনো কিবা ওপজেনে! আকৰী, যাঃ!

 আহিল এইবাৰ আমাৰ কন্দলি গাৱঁৰ দীনবন্ধু বাপু। এওঁৱেই যোৱাবাৰ আমাৰ ইস্কুলৰ জন্মাষ্টমী পূজাৰী আছিল। বাপুৰ প্ৰধান ব্যৱসায় সোৱঁৰণী কৰি ফুৰা। ব্যৱসায়ী হিচাপে মানুহজন বেয়া নহয়; মাথোন এবাৰ মাতিলে দ্বিতীয় বাৰলৈ গৃহস্থই এওঁক নামাতে, ইমানেই। তেৱোঁ সিদিনাখন পি-এম বাক্‌চিৰ ডাইৰেক্তৰী পঞ্জিকা এডোখৰি হাতত লৈ দীঘল ঠেঙীয়া খোজেৰে ইস্কুল কম্পাউণ্ডত হাজিৰ্। টেঙৰ চকীদাৰ কেৰকণে ঘৰৰ পৰাই বাপুক দেখা পাই ওলাই আহি দীঘল চেলাম দি কলে,— ‘নমস্কাৰ বাপুদেউ; পিছে, মাঘমহীয়া জানো কৃষ্ণ গোসাই ওপজে! অহা শাওণ-ভাদ মহীয়াহে যদি আকৌ’। বাপুদেউ— ‘ওঁ, হয়তো; সেইটো জানো মই নাজানো। তইনো কি কৱ ঐ।’ এই বুলি গুণ-গুণকৈ কিবা-কিবি বলকি বাপুদেউ স্বস্থানে প্ৰস্থান।

 এদিন উদয়ক কোলাত লৈ আমি কেইজন মান ওলাই গলো। উদ্দেশ্য মাৰোৱাৰী পটি। কিয়নো, অইন ঠাইৰ মানুহে হোৱাই নোহোৱাই ইয়াৰ পৰিচয় কিছু পৰিমাণে পাইছে যদিও মাৰোৱাৰী সোপাই অকণিও ভূ-ভা পোৱা নাই অথন। আমি কলো ‘মহাজন বাবু, এয়া আমাৰ উদয় বহুতে লৈছে, আপোনাসকলেও লব লাগে’। মহাজন,— ‘হেইটো কি আছে? কি জিনিছ?’ ‘চাওক এয়া’ বুলি দি দিলো এখন। এহতে টিকা খজুৱাই সিহাতে মহাজনে পাত লুটিৱাই চাই দেখে কেইখন মান ছপা কাগজ মাথোন; বান্ধি এখন ২ কৰিছে। মুখ বিকটাই ওচৰত থকা তেওঁৰ মহৰী জনক কলে— ‘মহৰী বাবু, আপুনি পৰি চাই দেখক ইয়াত কি আছে। মহৰীৰ [  ] নাম লিয়াকৎ আলি। এওঁ মিনিট চেৰেক কাগজ খন লুটিয়াই বগৰাই পঢ়ি চাই মুখ খন বেকতা কৰি গহীনাই উত্তৰ দিলে,— ‘কিছুই নাই বাবুজী ইয়াত। আছে কেতবোৰ হাদুকথা নে বাদুকথা। মিছা মিছি ফাচ্ আৰু ফুচ্।’ মহাজনে— ‘অ! পইছা আদায় কৰা বুধি; নিয়া এই চাৰ্ আনা।’ এই বুলি আমালৈ সিকি এটা দলি মাৰি দি কাগজখন চুকত থকা ফটা কাগজৰ দ’মটোলৈ দলি মাৰি পঠালে।

 আধা ঘণ্টা মানৰ পাছত আমি উলটিলো। দেখো ৰাষ্টাৰ ধূলিত উদয়ৰ পাত গোটাচেৰেক লেপেতা খাই চেপেতা মাৰি আছে। এজনী বলীয়ানীয়ে তাৰে দুটা পাত দুহাতে লৈ গুৰ চেলেকিছে; পাত কেইটা আমি তুলি ললো। ওচৰৰ ঢাকাৱলীয়া বেপাৰী এটাই— ‘সেই সব নোট্ পালে নেকি’ বুলি লৰি আহি চাই ‘থুই ২’ কৰি আঁতৰিল।

 মাকে নিজৰ কেচুৱাটো অতি লেতেৰা-পেতেৰা হলেও ধুই-পখালি কোলাত তুলি সাবটি ধৰে, চুমা খায়, না-না দুখ বেজাৰৰ মাজতো অকণি সুখ, অকণি শান্তি লাভ কৰে। আমাৰ হাততো পাত কেইটাই সংস্কাৰ নলভি নাথাকিল। হাজাৰটাই নেওচা দিলেও মাকৰ মনত কেচুৱা তাইৰ বুকুৰ দুবাল চেনেহ পুতলি।

 আজি নলবাৰী সংস্কৃত কলেজৰ জ্যোতিস অধ্যাপকৰ পৰা উদয়ৰ সোঁৱৰণী এখন আমাৰ হাতত পৰিছেহি। তিথি, বাৰ, নক্ষত্ৰ সকলো শুভ, যদিহে লগ্ন থিৰ হৈছে। নামটো দিলে ‘উদয়’; বৰ বঢ়িয়া নাম। কাৰোবাৰ হয়তো মুখো লাগিব পাৰে। গতিকে ইয়াৰ মতা নাম কতীয়া, ঘতীয়া, ভেকোল, ভদৰাম এনে এটা থোৱাই ভাল আছিল নে কি জানো— ইতি উদয়স্য জন্ম-ৰহস্য সমাপ্তম্।


 

হেৰোৱা বাঁহী।

শ্ৰীমান বিবেকানন্দ ভট্টাচাৰ্য্য।
৯ম মান শ্ৰেণী।

(১)

 আজি বেছি দিনৰ কথা নহয়; গোৱালপাৰা জিলাৰ কোনো এখন সৰু গাৱঁত সোণপাহী নামে এজনী বুঢ়ী আছিল। তাইৰ একেটি লৰা হৰিধন। হৰিধনৰ দেউতাক তাৰ সৰু অৱস্থাতে ঢুকায়। আৰু তেতিয়াৰ পৰাই মাক সোনপাহীয়েই তাক তুলি ডাঙৰ দীঘল কৰিবলৈ ধৰে।

(২)

 হৰিধনৰ দেউতাকে খেতিবাতি কৰিয়েই সিহঁতৰ সেই সৰু পৰিয়ালটো পুহিছিল। আৰু তাৰ লগে লগে [  ] তেওঁ ধান, মাহ, সৰিয়হ আদি বেচি কিনি দুটামান টকা গোটাই থৈ দিছিল।

তেওঁ ঢুকুৱাত, এতিয়া সোণপাহীয়ে তাকে উলিয়াই খৰচ-মৰছ কৰি অলপ অচৰপকৈ খাই আছে। তাই ভাবিছে যে, তাইতো সদায় সেইকিটা পইছা দিয়েই খাই থাকিব নোৱাৰিব। গতিকে কিবা এটা নহয়, কিবা এটা উপায় যেনে তেনে উলিয়াবই লাগিব। আৰু তাতে লগতে লৰাটো।

 তাই এতিয়া ৰাতিপুৱা শুই উঠিয়েই, হাত মুখ ধুই আন আন গাঁৱলৈ যায়গৈ, আৰু তাৰ পৰা শাক পাচলি, ফলমূল আদি বিচাৰি আনেগৈ। তাৰ পৰা ঘূৰি আহি পুতেকক লগত লৈ বজাৰলৈ যায়। আৰু লগত কেইটামান পয়ছা লৈ সন্ধ্যাৰ আগে আগে ঘৰলৈ গুচি আহে।

 এনেকৈয়ে তাইৰ এক নতুন জীৱন যাপন কৰিবৰ উপায় ওলাল। কবলৈ পাহৰিছো যে বজাৰখন সিহঁতৰ ঘৰৰ পৰা বেছি দূৰত নাছিল।

 এনেকৈয়ে দুবছৰ পাৰ হৈ যায়।

(৩)

 গাৱঁৰ সকলো মানুহেই সোণপাহীক চিনি পাই আৰু সোণপাহীৰ দুখৰ কথা জানে আৰু বুজে। সেই কাৰণেই মানুহে তাইৰ পৰাহে সকলোবোৰ বস্তু কিনে। তাইৰ সকলোবোৰ বস্তু বিক্ৰী যায়। তাই মনটোত খুব আনন্দ পায়। তাই ভাৱে যে গাৱঁৰ মানুহবিলাকে সচাকৈয়ে তাইক বৰ ভাল পায়। সেই কাৰণে বুঢ়ীয়ে কেতিয়াবা অইনবোৰ বেপাৰীৰ আগত গপ মাৰিও কথা কৈছিল।

 সুখে দুখে এনেকৈয়ে সোণপাহীৰ জীৱন এদিন দুদিনকৈ অতিবাহিত হৈ যাবলৈ ধৰিলে।

(৪)

 সিহঁতৰ ঘৰৰ পৰা দুই ফাৰ্লং মান দূৰতে এখন চৰকাৰী আস্পাতাল আছিল। আৰু তাত ডাক্তৰ আছিল নীলধ্বজ বৰুৱা।

 ডাক্তৰৰ এটা লৰা এজনী ছোৱালী। লৰাটিৰ নাম আনন্দ আৰু ছোৱালীজনীৰ অৰুণা। অৰুণা ডাঙৰ, আনন্দ সৰু। অৰুণাৰ যেতিয়া বয়স ১০ বছৰ আনন্দৰ তেতিয়া ৭ বছৰ। সিহঁতৰ মাক অলপ দিনৰ আগতে শিৱসাগৰত ঢুকায়। আৰু পিছত সিহঁতক গোৱালপাৰালৈ বদলি কৰে।

 গাৱঁৰ প্ৰায় বিলাক মানুহেই ডাক্তৰক ভাৰ ভেটি দি থাকে দেখি সোণপাহীয়েও এদিন তাইৰ বেচিবলৈ থোৱা ভাল ভাল চাই দুমুথিমান শাক আৰু কেটামান টেঙা আৰু হৰিধনক লগত লৈ ডাক্তৰৰ ঘৰ ওলালগৈ।

 ডাক্তৰৰ হাতত সকলোখিনি বস্তু দি সোণপাহীয়ে তাইৰ জীৱনৰ সকলো কথা তেওঁৰ আগত জনালে।

 তাৰ পাছত অলপ পৰ থাকিয়েই বুঢ়ী ঘৰমুৱা হল। আৰু আগৰ নিয়মমতে বজাৰলৈ গল।

(৫)

 এবছৰ দুবছৰকৈ তিনিবছৰ পাৰহৈ গৈছে। অৰুণাৰ বয়স এতিয়া তেৰ বছৰ। অৰুণাৰ দেউতাকে দৰা বিচাৰি ঘূৰি ফুৰিছে। আৰু তেওঁৰ হুকুম মতে কেইদিনমান সোণপাহীয়ে হৰিধনক লৈ তেওঁলোকৰ ঘৰতে থাকিব লগীয়াত পৰিছে।

 এই কেইদিন থাকোতেই হৰিধনৰে আনন্দৰে চিনাকি হয়। হৰিধনহঁত যদিও দুখীয়া আছিল, তথাপিও তাৰ মনটো অলপ ওখ ধৰণৰ আছিল। সিহঁত দুটাৰ ভিতৰত এনেকৈয়ে খুব মিলাপ্ৰীতি হয়। সিহঁত দুয়োটা একেলগে খেল ধেমালি কৰি ঘূৰি ফুৰে।

 মাকৰ হুকুম মতে হৰিধনে, ঘৰৰ গৰুকিটা চৰাই লৈ ফুৰাব লগীয়াত পৰিছে। সি বৰ ধুনীয়াকৈ বাঁহী সাজিব জানে আৰু ভালকৈ বজাবও জানে।

 হৰিধনে ইমান ধুনীয়াকৈ বাঁহী বজোৱা দেখি, [  ] আনন্দইও তাৰ হতুৱাই এটা বাঁহী সজাই লবলৈ ঠিক কৰিলে। আৰু সেইকথা হৰিধনক কলে। হৰিধনেও খুব ধুনীয়া নক্সা লগাই সজা এটা বাঁহী তাক দিলে। আৰু বজাবলৈকো অলপ শিকালে। আনন্দই গোটেই দিনটো বাঁহী বজায়েই থাকে। খোৱা-লোৱালৈ তাৰ সিমান মনকাণ নাইকিয়া হল।

(৬)

 নীলধ্বজ বৰৱাই গুৱাহাটীত দৰা এটা পাই অৰুণাৰ বিয়া পাতিলে। বিয়া সুকলমে হৈ গল। আৰু অৰুণাক গুৱাহাটীলৈ আনিলে। তেতিয়াৰ পৰা আনন্দ অকলসৰীয়াৰ নিচিনা হৈ পৰিল। আজি কালিও আনন্দই হৰিধনে একেলগে ফুৰে। হৰিধনে এতিয়া গৰু নচৰায়, সি মাকৰ কামত অলপ অচৰপ সহায় কৰি দিয়ে। আৰু বাকীখিনি সময়ত বাঁহী বজাই ফুৰে।

 এদিন আবেলি নীলবৰুৱা তেওঁৰ আগফালৰ কোঠাটোতে বহি চিগাৰেট হুপি আছে। তেতিয়া সেইফালেদি আনন্দই বাঁহীটো লৈ ওলাই গৈছে। নীল বৰুৱাই দেখা মাত্ৰে তাক মাতি আনিলে। আৰু সকলো কথা সুধিলে। শেষত তেওঁ বুজিলে যে হৰিধনেই আচল কলি। তেতিয়াৰ পৰাই সোণপাহী আৰু হৰিধনৰ ওপৰত ডাক্তৰৰ চকু পৰিবলৈ ধৰিলে। তেওঁ বাঁহীটো কাঢ়ি নিলে। নীলবৰুৱাই আনন্দক ঘৰৰ পৰা ওলাবলৈকে নিদিয়া হল। আৰু ইফালে সিহঁতৰ ঘৰৰ কাকো তেওঁৰ ঘৰলৈ আহিবলৈ নিদিয়া হল।

 আনন্দই কিছুদিনলৈ দুখ বেজাৰ কৰিয়েই কটাইছিল; কিন্তু কিছু দিনৰ মূৰত সেই সকলোবোৰ পাহৰিলে।

(৭)

 হৰিধনৰ বয়স তেৰ বছৰ। বয়সৰ লগে লগে সি বদলি হৈ গৈছে। সি এতিয়া ধীৰ গম্ভীৰ।

 সেইদিনা শনিবাৰ। আজি দিন তিন হৈছে তাৰ ভয়ানক জ্বৰ। সোণপাহীয়ে তাইৰ সাধ্য অনুসাৰে বেমাৰীক চিকিৎসা কৰাইছে; কিন্তু যমে যাৰ চুলিত খামোছ মাৰি ধৰিছে, সি এৰাই ক’ত।

 হৰিধনে সিমান জ্বৰৰ ওপৰতো মাকক কয়:— আই, আই, আনন্দক এবাৰ মাতি আনাছোন; মৰাৰ আগতে তাৰ সেই ধুনীয়া মুখখনি এবাৰ চাই লও। আই! মই তাক সচাকৈয়ে বৰ ভাল পাইছিলো আই। অ’ আৰু এটা কথা তাৰ সেই বাঁহীটোও লগতে আনিবা। যোৱা, যোৱা, আই, সোনকালে যোৱা মোৰ আৰু বেছি পলম নাই।

 সোণপাহীয়ে তাকে কৰিলেও ভাল হবপাৰে বুলি ভাবি ডাক্তৰৰ ঘৰলৈ লৰ ধৰে।

 কিন্তু হতাশ হৈ উভতি আহিব লগীয়াত পৰে, যে— ডাক্তৰৰ লৰা গৰখীয়াৰ ঘৰলৈ যাব নোৱাৰে।

 বুঢ়ীয়ে এটা হুমুনিয়াই পেলাই পুতেকক কয়, বোপাই! আনন্দক আনিবলৈ নিদিয়ে; তাৰ বাঁহীটোকে পাই লৈ আহিছো। হৰিধনে এটা কাঠ হাঁহি মাৰে আৰু সিফালে কাতি হৈ শুই থাকে। বুঢ়ীয়ে সেই বাঁহীটো আৰু হৰিধনৰ বাঁহীটো চালতে গুজি থৈ দিয়ে। হৰিধনে আকৌ এবাৰ মাকক কয় আই, মোক খৰি দিওঁতে, সেই বাঁহী দুটাও লগতে দিবা দেই। বুঢ়ীয়ে কান্দে। ওচৰত থকা মানুহ বিলাকে বুজনি দিয়ে। বুঢ়ী আই! আপুনি নেকান্দিব। আপোনাৰ হৰিধন নিশ্চয় ভাল হব। সি এইবিলাক ভ্ৰম বকিছে।

 সন্ধিয়াৰ পৰা জ্বৰ বেছি হৈ আহিবলৈ ধৰিলে। আৰু ৰাতি ১টা বজাত সি চিৰকাললৈ চকু মুদিলে। গাৱঁৰ মানুহ বিলাকে ধৰি মেলি তাক খৰি দিলে। বুঢ়ীৰ ঘৰৰ ওচৰত হুদুৱে মাতিলে। ওচৰৰ হাবিত শিয়ালে হোৱা দিলে। ফেচাই নিউ নিউ কৰিবলৈ ধৰিলে।

* * * * * *
 
[  ]

(৮)

 ৫ বছৰ এনেকৈয়ে পাৰ হৈ গল। ডাক্তৰক গুৱাহাটীলৈ বদলি কৰিলে। আনন্দই আজিকালি ৭ম শ্ৰেণীত পঢ়ে। আনন্দই এদিন স্কুলৰ পৰা আহোতে দেখে যে কিছুমান লৰাই এজনী বুঢ়ীক খেদি লৈ ফুৰাইছে। তাই অইন একো নকয়।

 বুঢ়ীজনীৰ দুটা হাতত দুটা কপোৰৰ পুতলা আৰু সেই পুতলা দুটাত দুডাল ইকৰা ছুটিকৈ বান্ধি দিছে।

 তাই কেৱল চিঞঁৰি ফুৰে; হেৰৌ তহঁতে হাঁহিছ, চা– মোৰ বোপাইহঁতে কেনে ধুনীয়াকৈ বাঁহী বজাইছে। ইয়াকে কৈ তাই অইন এফাল লৰি গুচি যায়। আৰু পিছতে সেই লৰা জাকেও তাইক জোকাই জোকাই তাইৰ পিছে পিছে খেদি যায়।

 আনন্দৰ মনত এটা অজান ভাৱ জাগি উঠে; সি কি কৰিব, কি নকৰিব একো ঠিক কৰিব নোৱাৰি লাহে লাহে ঘৰলৈ গুচি যায়।

 কবিয়ে ঠিকেই কৈছে—

কপালৰ গুপ্ত ৰেখা কোনেও নাজানে;
নাই পোৱা ভেদ তাৰ মানুহৰ জ্ঞানে।

——× ——

 


অসম।

শ্ৰীমান এ, এচ, মঈন উদ্দিন আহমদ হাজৰিকা।
৮ম মান

অসম আমাৰ জন্ম ভূমি
 সৱাৰে মাজত শুৱনি তুমি।
আমাৰ পবিত্ৰ অসম দেশ,
 ইয়াতে শিক্ষাৰ নানা সমাৱেশ।
বইছে বিশাল ব্ৰহ্মপুত্ৰ নদ,
 কৰি অসমৰ হৃদয় ভেদ।
অসমেই অতি পৱিত্ৰ দেশ,
 অসমেই আমাৰ মাতৃ দেশ।

[  ]

অসমেই কত বীৰৰ জননী,
 অসমৰে সাধ্বী জয়মতী ৰাণী।
অসম সন্তান লাচিত ফুকন,
 বেমাৰী গাৰেই কৰিছিল ৰণ।
এই অসমত জন্ম যাৰ,
 সৱাৰো মাজত ভাগ্য তাৰ।
আমাৰ সোণৰ অসমী আই,
 আমাৰ সমান ভাগ্যৱান নাই।
তোমাৰেই উন্নতি কৰিম সাধন,
 তোমাৰ কাৰণে এৰিম জীৱন।
তোমাৰ কোলাতে গোটেই ধৰা,
 তোমাৰ বুকতেই সৰগৰ তৰা।


 

ৰাষ্ট্ৰপতি আচাৰ্য্য কৃপালনি আৰু কংগ্ৰেছৰ দুই সম্পাদকে অলপতে এই বুলি ঘোষনা কৰিছেঃ—

 “পৃথিবীৰ কোনো শক্তিয়েই যে ভাৰতক স্বাধীনতা লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰে সেই বিষয়ে দেশৰ আজি দৃঢ় বিশ্বাস জন্মিছে”।

 

মানুহৰ শ্ৰেণী বিভাগ।

শ্ৰীমান কিৰণ বৰা।
৯ম মান।

 এক শ্ৰেণীৰ মানুহে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি দুবেলা-দুমুঠি খাবলৈ নেপায়, আন হাতে আকৌ আন এক শ্ৰেণীয়ে দালানৰ ওপৰত বহি নানাৰকমৰ আমোদ প্ৰমোদত নিজকে পাহৰি গৈ কাল কটাব লাগিছে। এক শ্ৰেণীয়ে পুৱাৰ পৰা গধূলিলৈকে পেটৰ চিন্তাত কাল কটাইছে; আৰু আনটো শ্ৰেণীয়ে নানা তৰহৰ উপাদেয় বস্তু ব্যবহাৰ কৰি জীবিকা নিৰ্ব্বাহ কৰিছে। তেওঁলোকক ৰাতিপুৱা টুথ্ ব্ৰাচ্ আৰু বিলাতী চাবোন লাগে। তাৰ পাচত ৰুটি-মাংস, মাখন, চাহ জলপান ইত্যাদি বস্তু আৱশ্যক হয়। এই শ্ৰেণীৰ মানুহৰ লৰা ছোৱালী বিলাকক পঢ়িবৰ কাৰণে টেবুল, চকী, কাগজ-কলম সকলো বস্তুৰ থিক যোগাৰ লাগে। [ ১০ ] আৰু সিহতক স্কুল বা কলেজলৈ যাবৰ সময়ত ৰেলি- বাইচিকেল নাইবা মটৰ-গাড়ী লাগে; তাকে নাপালে তেওঁলোকৰ শিক্ষা লোৱাত অসুবিধা হয়। লগতে ঠেহ পাতে। বাপেকহতে সেই ঠেহ ভাঙি আৱশ্যকীৰ সকলো বস্তুৰ যোগাৰ দিবলৈ বাধ্য হয়। এই শ্ৰেণীৰ মানুহে এইদৰে আমোদ-প্ৰমোদ আৰু বিলাসীতাত চলিবলৈ হাজাৰ হাজাৰ টকাৰ আৱশ্যক হয়। এই টকা পইচা আৰু বস্তুবিলাক তেওঁলোকে ক’ৰ পৰা পায়? বা প্ৰকৃততে কাৰ? এইবিলাক কোনে তৈয়াৰ কৰে? তেওঁলোকে দোকানৰ পৰা কিনি আনে; নাইবা কাৰখানাৰ পৰা আনে। দোকানী বিলাকে কাৰখানাৰ মহাজনৰ পৰা কিনি আনি বজাৰত বিক্ৰী কৰে। কাৰখানাৰ বা খনিৰ মালিকে এই নানা তৰহৰ বস্তুবিলাক তৈয়াৰ কৰে কেনেকৈ? বা কাৰ দ্বাৰা তৈয়াৰ কৰে? তেওঁলোকে সেই দুবেলা দুমুঠি খাবলৈ নেপোৱা নিম্নশ্ৰণীৰ মানুহবিলাকৰ হতুৱাই তৈয়াৰ কৰাই লয়। আৰু তাৰ বাবে সেই মানুহবিলাকক দৰমহা বা বেতন দিয়ে।

 নানা ৰং-বিৰঙৰ বস্তু বিলাক তৈয়াৰ কৰিবলৈ ষি যন্ত্ৰপাতি বা কল-কব্জাৰ দৰকাৰ হয়; তাকে “উৎপাদন যন্ত্ৰ” বোলে। এই যন্ত্ৰপাতি বিলাকো সেই খাবলৈ নেপোৱা মজুৰী শ্ৰেণীৰ দ্বাৰাই তৈয়াৰ কৰোৱা হয়। এই যন্ত্ৰপাতি বিলাকৰ সৈতে যিবিলাক কল-কব্জা, কাৰখানা বা খনি আছে, সেইবিলাক এক শ্ৰেণীৰ মানুহৰ ব্যক্তিগত সম্পত্তি। সেইদৰেই কিছুমান মহাজনৰ ব্যক্তিগত বাগিচা আৰু জমাদাৰী সকলৰ যি জমী আছে, সি তেওঁলোকৰ ব্যক্তিগত। সেই সম্পত্তি বা জমী বিলাকত আন কাৰো স্বত্ব নেথাকে। চোভিয়েট দেশত কিন্তু তেনে প্ৰথা নাই, সেইদেশত এনেকুৱা ব্যক্তিগত সম্পত্তি থাকিব নোৱাৰে। জমীদাৰী প্ৰথা সেই দেশত নাই। চোভিয়েট ৰুচিয়াৰ বাহিৰে পৃথিবীৰ প্ৰায়বিলাক দেশতেই এনে ধৰণৰ জমীদাৰী প্ৰথাৰ প্ৰচলন আছে। আমাৰ ভাৰতবৰ্ষতো বহুতৰে কল-কাৰখানা, জমীদাৰী বাগিচা আদি নিজৰ সম্পত্তি থকা দেখা যায়। ব্যক্তিগত সম্পত্তি বিলাকত কাম কৰিবলৈ বা চলাবলৈ বহুত মানুহৰ আৱশ্যক হয়। কিন্তু মালিক সকলৰ সেই অভাৱ-অভিযোগ পূৰণ কৰে সাধাৰণ শ্ৰেণীৰ গৰীব সকলেই। এনেস্থলত সেই জমীত, কল-কাৰখানাত, আৰু বাগিচাত যি যি বস্তুৰ উৎপন্ন হয় সেই বস্তুৰ গৰাকী হয় একমাত্ৰ সেই মালিক সকলহে। আনৰ তাত কোনো অধিকাৰ নাথাকে।

 ব্যক্তিগত সম্পত্তিৰ অধিকাৰী আৰু যি সকল কলকাৰখানা আৰু জমীৰ গৰাকী সেই সকলকে “পুজিবাদী” বা (Capitalist) বোলে। তেওঁলোকৰ সেই সম্পত্তি বিলাকক (বা কল কাৰখানা) বিলাকক পুজি (Capital) বোলে। এই মালিক সকলে তেওঁলোকৰ বাগিচা, যন্ত্ৰ পাতি, কল-কাৰখানা বা জমী কেতিয়াওঁ অকামিলাকৈ পৰি থাকিবলৈ নিদিয়ে। কাৰণ তেওঁলোকৰ সেই পুজিবিলাক যিমানেই বেচিকৈ কামত লগায় সিমানেই তেওঁলোকৰ বেচি লাভ হয়। এই কল কাৰখানা বিলাকৰ পৰা নানা তৰহৰ বস্তু তৈয়াৰ কৰি হাজাৰ হাজাৰ টকা লাভ কৰিব লাগিছে।

 আমাৰ অসমৰ চাহ বাগিচা বিলাকৰ পৰা বছৰি প্ৰায় ১৩/১৪ কোটি টকা উৎপন্ন হয়। এই টকা বিলাক কলৈ যায়? মলিক বিলাকে সেই টকা ভোগ কৰে। এই বাগিচা বিলাকত হাজাৰ হাজাৰ মজুৰী-কুলিয়ে দিনে কাম কৰিব লাগিছে। এই মানুহ বিলাক আমাৰ দেশৰ মানুহ। অথচ উৎপন্ন কৰা বস্তু বিলাক তেওঁলোকে উপভোগ কবিলৈ নাপায়। পুজিবাদী বা মালিক সকলে সেই মজুৰী বিলাকৰ দুখদৰ্গতিৰ কাৰণে অলপো নেভাবে। মাত্ৰ তেওঁলোকে কেনেকৈ তেওঁলোকৰ পুজি বেচি হয়, তাকেই দিনে ৰাতিয়ে চিন্তা কৰে। এই উৎপন্নকৰা টকা বিলাক কাৰ? সৰ্ব্বসাধাৰণৰ নহয় নে? পুজিবাদী সকলে বা মালিক সকলে এই টকবিলাকেৰে কি কৰে? তেওঁলোকে সেই লাভৰ টকাৰে কিছু অংশৰে নতুন নতুন জমী কিনে; কি অংশ নিজৰ লৰা তিৰোতাৰে সৈতে [ ১১ ] আমোদ-প্ৰমোদ কৰাত খৰছ কৰে। কিন্তু যি বিলাকে উৎপন্ন কৰে তেওঁলোকৰ তাত কোনো লাভ নাথাকে। মালিক সকলে কুলি মজুৰ শ্ৰেণীলৈ কেতিয়াও নেভাবে।

 মানুহ বাচি থাকিবৰ কাৰণে নানান বস্তুৰ আৱশ্যক হয়। এনে কিছুমান বস্তু আছে যিবোৰ নহলে আনকি জীৱন ধাৰণ কৰিব নোৱাৰে। এই অৱশ্যকীয় বস্তুবিলাক কিমান দৰকাৰ এই বিষয়ে মহাজন বিলাকে অলপো চিন্তা কৰিব নোৱাৰে। তেওঁলোকে মাত্ৰ ক’ত কিমান লাভ বেচি হয়, তাৰ হে চিন্তা কৰে। বস্তুৰ আৱশ্যকতা বা দুখীয়াৰ দুখৰ ফালে চোৱাত তেওঁলোক সদায় উদাসীন। কাৰণ যদি কোনো বস্তুৰ লাভ কেতিয়াবা কমি যায় তেতিয়া তেওঁলোকে বস্তু ৰপ্তানী কৰা বন্ধ কৰি দিয়ে। সেই বস্তুৰ অভাৱত হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নষ্ট হয়। কাজেই ব্যক্তিগত লাভৰ কাৰণেই জমিদাৰী বা মালিক সকল সৃষ্টি। বস্তুৰ আমদানী বা ৰপ্তানীৰ অভাৱত দেশত নানা বিভ্ৰাত ঘটে। তাৰ ফলত দুখীয়া প্ৰজা বিলাকে নানা কষ্টত জীৱন ধাৰণ কৰিব লাগে। অতি দুখীয়া শ্ৰেণীতকৈও মধ্যম শ্ৰেণীৰ আৰু বিপদ। তেওঁলোকে চাকৰ খাটিবলৈকো টান পায় অথচ, হাতত টকাও নেথাকে; দুখীয়া বুলি কবলৈকো লাজ কৰে। ইপিনে খাবলৈকো অলপ ভাল আহাৰ লাগে। এই শ্ৰেণীৰ মানুহ অতি সোনকালে আন দুটা শ্ৰেণীৰ কোনোবা এটাত মিলি যায়। বেচি ভাগকে নিম্ন শ্ৰেণীৰ লগতে মিলি যোৱা দেখা যায়। দুখীয়া শ্ৰেণীৰ মানুহ বিলাকে নিজৰ পেট ভাতৰ অভাৱত আৰু নিজৰ নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ কাৰণে ওপৰত কৈ অহা সেই ধনী সকলৰ তলত কাৰখানাত, কলত, খনিত কাম কৰিব লগীয়াত পৰে। আৰু তেওঁলোকে বাধ্যহৈ অতি কম দৰমহাত হলেও তাত কাম কৰিব লগাত পৰে। পেটৰ ভোকত সেই কুলিমজুৰী বিলাকে নিজে নিজে কম বিচাৰি অনাই-বনাই ঘূৰি ফুৰিব লগাত পৰে। কাৰণ তেওঁলোকৰ মাটি বাৰী, টকা পইচা সকলো ধনীশ্ৰেণীৰ কবলত পৰে। তেওঁলোকৰ আছে মাত্ৰ সেই দেহটো। নিজৰ বলেৰে যি পাৰে উৎপন্ন কৰে আৰু তাৰেই পৰিয়ালৰ ভৰণ পোষণ কৰে। কেতিয়াবা দুবেলা দুসাজ খাই কেতিয়াবা লঘোনে থাকে। মানুহ বাচি থাকিবৰ কাৰণে যিমান আৱশ্যকীৰ সিমান তেওঁলোকে নেপায়। আৰু ফলত তেওঁলোকৰ শৰীৰ দিনে দিনে দুৰ্ব্বল হৈ পৰে। আৰু বেচি দুখীয়াহে হৈ যায়। এই শ্ৰেণীৰ মানুহকেই শ্ৰমী জীবী বোলে।

 এই ধনীশ্ৰেণীৰ মানুহো কেতিয়াবা নিজৰ প্ৰতিযোগিতাত পৰি দেউলীয়া হব লগাত পৰে। যি বিলাক কাৰবাৰী মানুহে নিজৰ বস্তু কম মূল্যত বেচিব পাৰে, তেওঁলোকৰ বস্তু বেচিকৈ বেচা যায়। আৰু য’ত কম দামত পোৱা যায়, কিনোতা সকলে তাৰ পৰাই বেচিকৈ কিনে।

 এফালে যেনেকৈ নিম্ন শ্ৰেণীৰ সংখ্যা বাঢ়ি যায় সেই দৰেই আনফালে এক শ্ৰেণী ধনীৰ বেচিকৈ প্ৰতিপত্তি বাঢ়ে। যি সকল মহাজন প্ৰতিযেগিতাত টিকিব নোৱাৰি দেউলীয়া হয়। তেওঁলোকৰ তলত কাম কৰা কুলিমজুৰী বিলাকৰ চাকৰি নোহোৱা হয় আৰু লগে লগে কুলিৰ সংখ্যা বাঢ়ি যায়। যিমানেই কুলি মজুৰ বেচি হয় সিমানে মহাজন সকলে কুলিৰ দৰমহা কমাই দিয়ে। আৰু কুলি বিলাকেও অলপীয়া বানচত খাটিবলৈ বাধ্য হয়। কম দৰমহাত খটুৱাবলৈ পালে মহাজন সকলৰ বেচি লাভ হয়। আন হাতে কুলি বিলাক বেচি দুখীয়াহৈ যায়? এই দৰেই দেশত কেইজনমান মানুহ বেচি ধনী হয় তাৰ ফলত হাজাৰ হাজাৰ মানুহ দুখীয়া হৈ যায়। তেনেহলে ধনীশ্ৰেণীৰ ধন আচলতে কাৰ? তেওঁলোকে এই ধন সৰ্ব্বসাধাৰণৰ পৰা শোষণ কৰি অনা নহয় নে?

 ইফালে মহাজন সকলৰ উদ্ভণ্ডালিৰ ফলত কিছুমান দেউলীয়া হয়; তাৰ ফলত হাজাৰ হাজাৰ কুলিৰ ভিক্ষুকত পৰিণত কৰে। সেই সময়ত দেশৰ অৱস্থা কেনে হয় তাক ভাবিলে আচৰতি হব লাগে। মালিক সকলৰ [ ১২ ] সেই বস্তু বিলাক কোনে কিনে। মহাজন সকলে নহয়; বেচি ভাগ দুখীয়া সকলেহে কিনে? যেতিয়া দুখীয়া মানুহ দেশত বেচি হয়, তেতিয়া বস্তু কিনা মানুহো কমি যায়। তেতিয়া সেই বস্তুবিলাক মহাজনৰ ঘৰত পৰি থাকে, তেওঁলোকে দুখীয়া বুলি কাকো বিনামূল্যে নিদিয়ে। বস্তু বেচা বিনা নোহোৱা হলে বেপাৰ বানিজ্য চাৰিওফালে বন্ধ হৈ যায়। বস্তু বেচা কিনা নোহোৱা হলেই দেশত নানা বিভ্ৰাত ঘটে আৰু দুৰ্ভিক্ষই দেখা দিয়ে।

 দেশত দুৰ্ভিক্ষ হলে ক’তো কেনিও বস্তু পাবলৈ নাইকীয়া হয়। ধনো নেথাকে। ভোকত হাজাৰ হাজাৰ মানুহ অনাই বনাই ফুৰিব লগাত পৰে। কিছুমানে দেশ এৰি বিদেশলৈ যাব লগীয়াত পৰে।

 ১৯৩৪ চনত যেতিয়া বঙ্গদেশত দুৰ্ভিক্ষ হৈছিল তাৰ ফলত আজি পৰ্য্যন্তও বঙ্গদেশে সেই ক্ষতি পূৰাব পৰা নাই। সেই দুৰ্ভিক্ষৰ সময়ত ভাৰতৰ অন্যান্য প্ৰদেশ বিলাকৰ পৰা নানান সাহায্য পঠোৱা স্বত্বেও প্ৰায় ৩৫ লাখ মানুহৰ মৃত্যু ঘটিছিল। সিমান বিলাক প্ৰাণীৰ ধ্বংশৰ আচল কাৰণ হৈছে বঙ্গদেশত মহাজন সকলৰ প্ৰতিপত্তি। জমিদাৰী সংখ্যাও বেচি। ইপিনে দুখীয়াৰ সংখ্যাও সৰহ। ভাৰতৰ অন্যান্য প্ৰদেশতকৈও বঙ্গদেশতে দুখীয়াৰ সংখ্যা বেচি। বঙ্গদেশৰ সৰহভাগ মাটিৱেই জমিদাৰ সকলৰ হাতত। সাধাৰণ প্ৰজাবিলাকে সেই জমিদাৰ সকলৰ তলত আধি বন্ধেৱা খাটি নিজৰ পৰিয়াল প্ৰবৰ্ত্তাব লাগে। মহাজন সকলে ইচ্ছা কৰিলে সেই বনুৱা সকলক তেওঁলোকৰ মাটিৰ পৰা তুলি খেদাব পাৰে। ই কেনে অযুক্তিকৰ? এই সংসাৰখন এক ভগবানৰ সৃষ্টি। তেওঁ সকলোকে সমান অধিকাৰ দিছে। গতিকে ধনী শ্ৰেণীৰ এই দুৰ্ব্বল শ্ৰেণীৰ ওপৰত কৰা অত্যাচাৰ অযুক্তিকৰ। বৰ্ত্তমানৰ সমাজত এনে বৈষ্যম লক্ষ্য কৰিব লগীয়া বিষয়।


 

ৰৌ মাছৰ আত্ম-চৰিত

শ্ৰীমান মহেন্দ্ৰ নাথ শইকীয়া।
৯ম মান।

 সৃষ্টিকৰ্ত্তা ভগৱানৰ আশীৰ্ব্বাদত জন্ম গ্ৰহণ কৰা মই এটা সৰু ৰৌমাছ। মোৰনো জীৱনীৰ কাহিনী কি শুনিবা? শুনিয়েই বা কি কৰিবা? তথাপি মই উচ্চ বংশৰ মাছ, নকলেও থাকিব নোৱাৰো আৰু কবলৈকো মনটো খুদুৱাই আছে। গতিকেহে কবলৈ বাধ্য হলো। হব পাৰো মই এতিয়া অকণমান। তথাপি মই উচ্চ বংশৰ।

 চাকৈ চকোৱা বিলৰ মাজত আটাইতকৈ সুন্দৰকৈ ইটা আৰু চূণৰ কাম কৰা ঘৰটো আছিল মাত্ৰ আমাৰেই। তাত আমি আমাৰ ভাইভনী কেইটাই জন্ম গ্ৰহণ কৰিছিলো আৰু আনন্দৰে দিন কটাই ফুৰিছিলো। মই আমাৰ বংশৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু বলী আছিলো। গতিকে মোক আই বোপায়ে আৰু বংশ পৰিয়ালে বৰ ভাল পাইছিল। [ ১৩ ] এদিন আমি ভাইভনী কেইটাই মোমাই হতঁৰ ঘৰলৈ যাবলৈ বুলি আইৰ সৈতে যাত্ৰা কৰিলো। গৈ থাকোতে বহুতো নানান ধৰণৰ বস্তু দেখা পাই, প্ৰত্যেক বস্তুৰ কথা মই আইক প্ৰশ্ন কৰিছিলো। তেওঁ আমাক প্ৰত্যেক কথাৰে উত্তৰ নুবুজালৈকে ভালকৈ বুজাই দিছিল। এই দৰে গৈ থাকোতেই আমি দেখা পালো এদাল ৰচিত কিবা এটা আঁৰি থোৱা আছে। তাকে দেৰি মই আইক সুধিলো! আই! এইটো কি? তেতিয়া আয়ে মোক আৰু ভাই ভনী কেইটাক ভালদৰে বুজাবলৈ ধৰিলে যে কোনোবা টেঙৰ মানুহে এনেদৰে মাছ টৰিছে। আৰু ইহঁতে নোৱাৰা কাম একো নাই। আয়ে অমাক এনে লোভ জীৱনত কৰিবলৈ হাক দিছে। এই কথা শুনি আমাৰ অন্তৰত বৰ ভয় সোমাই গৈছিল।

 অন্য এদিনৰ কথা শুনিবা দেই— সেই দিনাখন দিনে ৰাতিয়ে ধাৰা-ষাৰে বৰষুণ আহি নদীখন বোকা মাটিত কৈও বেছি মলিন কৰি তুলিছিল। সেইদিনা সকলো মাছে খেল-ধেমালি কৰিছিল। কিন্তু মই ভাবি আছিলো যে জানোচা ধেমালি কৰি থাকোতেই কোনো মানুহৰ হাতত পৰি জীৱন হৰুৱাওঁ; এই বুলি ঘৰতে বীৰৰ দৰে সোমাই থাকিলো।

 কালি পৰহিত আছিলো অকণমান মাছ, এতিয়া হলো উচ্চ বংশৰ এজন বীৰ। মোৰ ডেকা তেজৰে কোবত কোনো মাছকে দেখিব নোৱাৰা হলো, আৰু আমাৰ পণ্ডিত চিতল মাষ্টৰৰ কৰাওঁ নমনা হলো; লগতে আই বেপাইৰ কথাও নুশুনা হলো। মই পঢ়িছিলোঁ চিতল মাষ্টৰৰ পাঠশালাত। কিন্তু মই তেওঁ পঢ়োৱা পাঠ বিলাক প্ৰতি দিনে আওৰোৱা নাছিলো, গতিকে তেওঁ মোক বেয়া পাইছিল। অলপ ভাল পাইছিল কেৱল উচ্চ বংশৰ বুলিহে; কিয়নো উচ্চজনে উচ্চৰ মোল বুজে।

 আৰু এদিনৰ কথা মনপুতি শুনিবা দেই— সেইদিনা মই ফুৰিবৰ বাবে আই, বোপাইক নোসোধাকৈ ওলাই গলো। তাতে আকৌ অন্য ঠাইৰ বহুতো ৰৌ, মালি, আদি মাছ লগ পালো। আমি আটায়ে গোট খাই আতৰৰ দৰে গোন্ধাই থকা গোন্ধ পাই তালৈ যাত্ৰা কৰিলো। সেই ঠাইত দেখো যে এদাল বাঁহৰ কামিত এটা কাপোৰৰ টোপোলা। তাত আছে আমি আগতে নোখোৱা বস্তু, আমি তাকে আনন্দত হেতা ওপৰা কৰি চাবলৈ ধৰিলো। সেই বস্তু চাই সচাকৈয়ে অমৃতৰ দৰে লাগি জ্ঞান হেৰুৱালো। তাৰ পাছত এজন মানুহে এদাল ক’লা ৰচিত এটা আঠা থকা বগা টোপ চিলাই সেই টোপোলাৰ কাষত পেলাই দিলে। এটা এটাকৈ ৰঙতে সেই টোপ খাবলৈ ধৰিলো আৰু মানুহে টানি নিবলৈ ধৰিলে, এইদৰে প্ৰায় সকলো মাছক ধৰি নিলে আৰু লগতে মোৰৰ একে দশাই হল।

 জ্ঞান পাই দেখো যে বৰ্ত্তমান আমি মানুহৰ ঘৰত আছো। তাৰ পাচত গৰাকীয়ে তেওঁৰ ঘৈণীয়েকক কলে যে প্ৰত্যেক দিনই একোটা ৰৌ মাছৰ মূৰ লৰা, ছোৱালী কেইটাক ৰান্ধি খুৱাম, তেহে সিহঁতৰ মগজু বৃদ্ধি হব আৰু তাৰ ফলত স্কুলত ভাল শিক্ষা লাভ কৰি কালত ভদ্ৰ সমাৰ একোজন হব। লৰা ছোৱালী কেইটাই এই কথা শুনি আনন্দত মতলীয়া হৈ কব ধৰিলে— পিতাদেউ! আমাৰ ৰৌ মাছৰ মূৰ খাবলৈ বৰ মন গৈছে, কিয়নো আজি বহুত দিন একে বাৰেই খাবলৈ পোৱা নাই। এই কথা শুনি মোৰ ভয়ে ত্ৰাহি-সুধন হৈছিল; মনতে ভাবিছিলো— শান্তিনো ক’ত আছে!

 এই দৰে গৰাকীয়ে কোৱাত নিতৌ এটা এটাকৈ আমাক (ৰৌ-মাছক) হত্যা কৰিবলৈ ধৰিলে। মই এই কাণ্ড দেখি সচাকৈয়ে বৰ দুখ পাইছিলো।

 কিন্তু হায়! হায়! মোৰো সেই একে দশাই হব। আই আৰু বোপাইৰ আৰু “চিতল মাষ্টৰৰ” কথা আৰু সজ উপদেশ কেলেই ডেকা তেজৰ কোবত উপলুঙা কৰি দিলো। উপলুঙা কৰাৰ এই ফল। •


 
[ ১৪ ]
 

বৈজ্ঞানিক আলবাৰ্ট আইনষ্টাইন।

শ্ৰীমান কৃষ্ণ কুমাৰ ভূঞা।
৮ম মান শ্ৰেণী।

 আইনষ্টাইন এই যুগৰ সৰ্ব্বশ্ৰেষ্ঠ বৈজ্ঞানিক। তেওঁক আজি সকলোৱে আপেক্ষিক গুৰুত্বৰ পৰাই চিনি পায়। এই আবিষ্কাৰত তেওঁ পৃথিবীৰ ৰূপ আৰু ধাৰণাৰ আমুল পৰিৱৰ্ত্তন কৰি দিছে। তেওঁৰেই জীৱনৰ সৰু সৰু কেইটামান ঘটনা ইয়াত উল্লেখ কৰা হল।

 এবাৰ বেলজিয়মৰ সমাজ্ঞীৰ নিমন্ত্ৰণ পাই তেওঁ ব্ৰুচেলচত আহি উপস্থিত হ’ল। তেওঁ ধাৰণাও কৰিব পৰা নাছিল যে তেওঁৰ নিমিত্তে ষ্টেচনত বহুতো মানুহে অপেক্ষা কৰি থাকিব; সেই কাৰণে ষ্টেচনৰ অপেক্ষাঘৰত ৰাজ অনুচৰ বিলাকক লক্ষ্য নকৰিয়েই এহাতত এটা চুটকেচ আৰু আন হাতত এখন বেহেলা লৈ তেওঁ সম্ৰাজ্ঞীৰ লগত দেখা কৰিবলৈ ৰাস্তাত নামি খোজ দিবলৈ আৰম্ভ কৰিলে। এনে ধৰণৰ এজন মানুহ যে বিশ্ববিখ্যাত বৈজ্ঞানিক হ’ব পাৰে, তাক ৰাজ-অনুচৰ সকলেও ধাৰণা কৰিব নোৱাৰিলে। গতিকে তেওঁলোকে ষ্টেচনত ভালেমান সময় ঘূৰাঘুৰি কৰি তেওঁলোকৰ ধাৰণা মতে কাকো দেখা নাপাই ৰাজপ্ৰাসাদলৈ উভতি আহি সম্ৰাজ্ঞীক জনালে যে আইনষ্টাইনে, নিশ্চয় তেওঁৰ মত বদলাই পেলাইছে, নহলে তেওঁক ষ্টেচনত দেখা গলহেতেন। ৰাণীয়ে দেখিলে ৰাস্তাত এটা ভোদা ধৰণৰ গাৱঁলীয়া মানুহ এহাতে চুটকেছ আৰু আনহাতে বেহেলাখন লৈ সুহুৰি বজাই আহি আছে। তেওঁ আহি সম্ৰাজ্ঞীত দেখা কৰিব খোজাত তেওঁ তাক খেদাই দিবলৈ হুকুম দিলে।

 হঠাৎ সম্ৰাজ্ঞীয়ে সেই গাৱঁলীয়া ভূতটোক ভালকৈ চাবলৈ পাই চমকি উঠিল। বিৰক্তিৰ পৰা বিস্ময়, বিস্ময়ৰ পৰা আনন্দ; তেওঁ নিজকে নিজে দমন কৰি ক’লে— কি! ডক্টৰ আইনষ্টাইন! আপোনাক দেখা পাই যে মই কিমান আনন্দ পালো! কিন্তু আপোনাৰ কাৰণে গাড়ী পঠাইছিলো তাতে নাহিল কিয়?

 আইনষ্টাইনে মৃদু হাঁহি মাৰি উত্তৰ দিলে, মইতো ধাৰণাই কৰা নাই যে মোৰ কাৰণে গাড়ী পঠাব পাৰে। ট্ৰেইনৰ পৰা নামিয়েই মই ইয়ালৈ খোজ কাঢ়ি আহিলো, খোজ কঢ়াত মোৰ খুব ভাল লাগিল।

 আইনষ্টাইনে ইচ্ছা কৰিলেই খুব অলপ সময়ৰ ভিতৰতেই ধনী হব পাৰিলেহেতেন। যদি তেওঁ বক্তৃতা দিয়ে, প্ৰবন্ধ লিখে তেনেহলে তেওঁৰ নিচিনা ধনী খুব কমেই দেখা গ’লহেতেন। তেওঁৰ ওচৰত আইনাৰ পাত্ৰ যি ৰূপৰ পাত্ৰও সেই; মিছাকৈয়ে টকাৰ কি প্ৰয়োজন? তেওঁৰ বন্ধুবিলাকৰ ভিতৰত বহুতেই এই কথা স্বীকাৰ নকৰি কয় যে, টকা থাকিলে জগতৰ বহুত উপকাৰ কৰিব পাৰি। তাৰ উত্তৰত তেওঁ কৈছিল মোৰ দৃঢ় বিশ্বাস, পৃথিবীত কোনো ঐশ্বৰ্যই মানবতাক আগুৰাই দিব নোৱাৰে। মহৎ লোকৰ দৃষ্টান্তই মহৎ কাৰ্য কৰিবলৈ সক্ষম কৰে। তেওঁ অকল মুখেৰেই নহয় কামতো তেনেকুৱা আছিল। তেওঁৰ প্ৰযোজনতকৈ বেচি আগ্ৰহ নেদেখুৱাইছিল। কোনো এদিন জাৰ্ম্মাণিৰ [ ১৫ ] এজন প্ৰকাশকে তেওঁৰ কোনো এটা ডাঙৰ বক্তৃতা প্ৰকাশ কৰিবৰ নিমিত্তে আইনষ্টাইনক এক হাজাৰ মাৰ্ক দিব খুজিছিল। প্ৰথমে তেওঁ প্ৰকাশ কৰিবলৈ সন্মত নহৈছিল। পাচত তেওঁ দিবলৈ মান্তি হ’ল সচা কিন্তু তেওঁ ক’লে যে ইয়াৰ মূল্য হাজাৰ মাৰ্ক নহয়। তেওঁ ৬০০ মাৰ্ক পালেই সন্তুষ্ট হ’ব।

 এবাৰ কোনো এজন প্ৰকাশকে তেওঁলৈ বহুত টকা পঠিয়াই দিলে আৰু ক’লে যে আইনষ্টাইনে যেন কোনো এটা বিষয়ৰ প্ৰবন্ধ এটি লিখি পঠিয়ায়। এই কথাত তেওঁ চকুৰ পানী টুকিবলৈ ধৰিলে আৰু ঘৈণীয়েকক ক’লে যে তেওঁক অপমান কৰিছে। আৰু তেওঁ ক’লে, “মোক কি সিহঁতে থিয়েটাৰৰ নায়ক পাইছে”।

 প্ৰফেচাৰ আইনষ্টাইনে কোনো দিনে ট্যাক্সিত নুঠিছিল। তেওঁৰ ধাৰণা আছিল যে, ট্যাক্সিত উঠিলে তেওঁ অধিকাংশ দেশ বাসীৰ পৰা বেলেগ হৈ পৰিব, কাৰণ অধিকাংশ মানুহৰ ট্যাক্সিত উঠিবৰ সামৰ্থ্য নাই, গতিকে তেওঁ ট্ৰামত উঠি ফুৰে। ট্ৰেইনত যাবলৈ হ’লে তেওঁ তৃতীয় শ্ৰেণীত উঠিছিল। তেওঁৰ ঘৈণীয়েকৰ সৈতে বহুত দিন কাজিয়া কৰাৰ পাচতহে এবাৰ তেওঁ দ্বীতিয় শ্ৰেণীত যাবলৈ স্বীকাৰ কৰিছিল। তেওঁৰ বন্ধু বান্ধৱ অনেকেই তেওঁক দেখা কৰিব আহিছিল আৰু তেওঁলোকৰ লগত গল্প কৰিবলৈ তেওঁ বৰ ভাল পাইছিল। দৰ্শন সম্বন্ধে আলোচনা কৰিবলৈ তেওঁৰ বৰ আগ্ৰহ আছিল- প্লুটো, হিউম, স্পিনোজ আদি তেওঁৰ কণ্ঠস্থ। টলষ্টয়, বাৰ্ণাৰ্ডশ্ব, আনাতোল ফ্ৰাঞ্চৰ তেওঁ অত্যন্ত ভক্ত। বাৰ্ণাৰ্ড শ্বয়ে এবাৰ কৈছিল যে তেওঁৰ “যোয়ান অব আৰ্ক” নামৰ কিতাপ খনৰ ভাল সমালোচনা আইনষ্টাইনৰ চিঠিত পাইছিল। সঙ্গীত তেওঁৰ অত্যন্ত প্ৰিয় বস্তু আছিল।

 তেওঁৰ নিচিনা এজন আপোন ভোলা মানুহ খুব কমহে দেখা যায়। স্নান আৰু আহাৰৰ পৰা শুবৰ সময়লৈকে তেওঁৰ সকলো কামতে তেওঁৰ ভুল শুধৰাওতে শুধৰাওতে তেওঁৰ ঘৈণীয়েক ঘামি-জামি গৈছিল। গা ধুবৰ সময়ত গা-ধোৱা ঘৰৰ দুৱাৰ খনকে বন্ধ কৰিবলৈ তেওঁৰ মনত নাথাকিছিল। তেওঁৰ এই আপোন-ভোলা স্বভাৱৰ এটা সুন্দৰ গল্প আছে।

 এবাৰ তেওঁ প্যাৰিচলৈ গৈ এটা ডাঙ্গৰ হোটেলত উঠিছেগৈ। হঠাৎ তেওঁৰ মনত পৰিল যে এখন চিঠি ডাক ঘৰত দিব লাগিব। চকৰক নামাতি তেওঁ ঘৈণীয়েকৰ আগতে ৰাস্তালৈ ওলাল আৰু চিঠিখন ডাক ঘৰত পেলালে। হঠাৎ তেওঁৰ মনত পৰিল যে, যি খন হোটেলত তেওঁ উঠিছিল সেইখন ক’ত, তেওঁ তাৰ নামো নাজানে আৰু ক’ৰ পৰা আহিছিল তাকো পাহৰিলে। বহুত সময় তেওঁ ইফালে সিফালে চাবলৈ লাগিল, আৰু তাৰ পাচত এটা পুলিচক মাতি সকলো কথা ক’লে। তেওঁ আইনষ্টানইৰ কথা শুনি আনত খবৰ লৈ জানিব পাৰিলে তেওঁনো কোন খন হোটেলত উঠিছিল। কিন্তু হোটেলৰ নাম শুনি তেওঁ অবাক! ঠিক সন্মুখৰ হোটেলতে আইনষ্টাইন উঠিছে অথচ ঘণ্টাৰ পাচত ঘণ্টা আইনষ্টাইনে সেই হোটেললৈকে চাই আছিল। হোটেললৈ গৈ দেখে তেওঁৰ ঘৈণীয়েকে তেওঁক দেখা নাপাই পুলিচ মাতিছে।

 আইনষ্টাইনে সৰু ল’ৰা ছোৱালীক বৰ মৰম কৰিছিল। ইংলেণ্ডৰ কোনো এঠাইত যেতিয়া তেওঁ বাস কৰে তেওঁৰ ঘৰৰ ওচৰৰ এজনী ছোৱালীয়ে সদায় আবেলি তেওঁৰ তালৈ মন মাৰি যায় আৰু আহিবৰ সময়ত হাঁহি মনেৰে আহে। এই কথা মাকে জানিব পাৰি এদিন বহু চেষ্টা কৰি আইনষ্টাইনক দেখা কৰিলে আৰু জীয়েকৰ কথা সোধাত তেওঁ ক’লে— তাই মোক ‘চকলেট্’ খাবলৈ দিয়ে আৰু মই তাইক স্কুলৰ অঙ্ক বিলাক কৰি দিওঁ।


 
[ ১৬ ]

জানিব লগীয়া কথা

 ভাৰতবৰ্ষত প্ৰথম বিশ্ববিদ্যালয় স্থাপিত হয়— কলিকতা, বম্বে আৰু মাদ্ৰাজত; চন ১৮৫৭। কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম ভাইচ্ চেঞ্চেলাৰ ডাঃ ৰাধা বিনোদ পাল।

 পৃথিৱীত বৰ্তমান চলিত ভাষাৰ সংখা প্ৰায় ২৭৯৫; অকল ভাৰততে ২২৫

 ভাৰতবৰ্ষত প্ৰথমতে ৰেডিও (Broadcasting) আৰম্ভ হয় মাদ্ৰাজত; ১৬ মে, ১৯২৪ চন।

 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বঙলা ঘৰ আছে ৰুচিয়াত; নাম ‘চোভিয়েট প্ৰাসাদ’ (‘Soviet Palace’); ১৩০০ ফুট।

 যোৱা যুদ্ধত A. B. C. D. Powers বুলিলে America, Britain, China আৰু Dutch, শত্ৰুৰ বিপক্ষে এই চাৰি শক্তিৰ সঙ্ঘক বুজায়।

১৯৪৩ চনত ভাৰতীয় কংগ্ৰেছে ‘ভাৰত এৰি গুচি যোৱা” (“Quit India”) প্ৰস্তাৱ গ্ৰহণ কৰে; ফলত কংগ্ৰেছ নেতা সকলৰ গ্ৰেপ্তাৰ।

 আমেৰিকাৰ প্ৰেচিডেণ্ট্ ৰুজ্‌ভেল্টে (Roosevelt) চাৰিবিধ মুক্তিৰ নাম উল্লেখ কৰি থৈ গৈছে— কথাত (Freedom of speech), ধৰ্ম্মত (Freedom of Religion), অভাৱত (Freedom from want) ভয়ত (Freedom from fear).


 

 ১। শ্ৰীযুত জয়প্ৰকাশ নাৰায়ণৰ মতে সাম্যবাদী ভাৰতৰ চিত্ৰখন হৈছে:— “অৰ্থনৈতিক আৰু ৰাজনৈতিক গণ-তন্ত্ৰৰ চিত্ৰ— এই গণ-তন্ত্ৰত মানুহ পূজিবাদী নাইবা কোনো দল নাইবা ৰাষ্ট্ৰৰ আজ্ঞাবহ নহব। মানুহ হব স্বাধীন। জীৱিকাৰ সজুলি গোটাই দিয়া আৰু কামৰ সংস্থান কুৰি দিয়া সমাজ খনৰ অধীনত তেওঁ কাম কৰিব লাগিব। এটা নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত থাকিলেও তেওঁ মনযোৱা ব্যৱসায় আৰু জীৱন যাপনৰ স্থান নিজ ইচ্ছাৰে বাছি লব পাৰিব। নিজৰ মতামত ব্যক্ত কৰিবৰ স্বাধীনতা তেওঁৰ থাকিব আৰু নিজৰ নৈতিক উচ্চতাৰ শেষ খাপলৈকে উঠিবৰ সকলো সুবিধা তেওঁ পাব।”


 ২। সমষ্টি বিৰোধ আন্দোলন আৰু অসম:—

 নিঃ ভাঃ কং কমিটিৰ নিৰ্দ্দেশ অমান্য কৰি অসম কং ওৱাৰ্কিং কমিটিয়ে অসমৰ সদস্য সকলক গণ পৰিষদৰ শাখা সমষ্টিত সোমাবলৈ বাধা দিছে। মুছলীম লীগৰ বাহিৰে প্ৰায় সকলোৰে এই সমষ্টিবিৰোধত মত থকা দেখা যায়। বৰ্ত্তমান অসমত এয়ে এটা গুৰু সমস্যা হৈ পৰিছে আৰু এই লৈয়েই অসমৰ চুকে-কাণে তুমুল আন্দোলন চলিব ধৰিছে। ফল অনিশ্চিত।


 
[ ১৭ ]
 

হাঁহিবা কিন্তু দাঁত নুলিয়াবা

শিক্ষক আৰু ছাত্ৰৰ প্ৰশ্নোত্তৰ:—

শি:— চেনি ক‘ত ক‘ত পোৱা যায়?
ছা:— ষ্টোৰ্ বোৰতহে পোৱা যায়। ৰেছন্ কাৰ্ড নহলে নিদিয়ে।
শি:— ইংৰাজীলৈ অনুবাদ কৰা একটা ‘তোমাৰ নাম কি?’
ছা:— Sir, my name is Jakhala dhar Dadhora.
শি:— এটা ঘড়ীত তিনি বাজিলে, সাতটা ঘড়ীত কিমান বাজিব?
ছা:— নিছেই উজু; তিনি সাত একৈশ্।

 তেজপুৰ টাউনত এজন ঐতিহাসিকে এক মাৰোৱাৰী মহাজনক সুধিছে:— বাবুজি, ৰাণা প্ৰতাপসিংহ আপোনালোকৰ পিনৰ মানুহ। তেওঁৰ বিষয়ে কিবা জানেনে?

 মাৰোৱাৰী— হাঁ, ডাঙ্গৰীয়া, খুব জানো। তেওঁ প্ৰথম প্ৰথম হৌ চাৰি আলিৰ কিনাৰে এক দোকানত গোমোস্তা আছিলে। তিন-চাৰ্ বছৰতে বৰ মহাজন হৈ গল; বহুত টাকা কৰিলে।

 ঐতিহাসিক— এতিয়া আছেনে?

মাৰোৱাৰী— নাই; আজি কিজানি পাচ ছয় বছৰ হল; পেটফুলা বেমাৰত মাৰা গৈছে।

 এজন ডেকা লৰাই ভকত এজনক কৈছে:— শুনিছে ভকত “দিল্লী চল”। ভকত— নেযাওঁ ঈচৰ, আমি দিল্লী চিল্লী কলৈকো নচলো। ৰেলৰ হেচা-ঠেলাত প্ৰাণটো যায় যদি পিছে। গতিকে মই কওঁ— গাৱঁলৈ চল; সবাহ গাৱ, মাহ-চাউল খাৱ, পকামিঠৈ চোবাৱ। মজাৰ, সুন্দৰ, নিৰাপদ।


 

মঙ্গল গ্ৰহলৈ এভুমুকি।

শ্ৰীমান হৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য।
৯ম মান শ্ৰেণী।

ধেমেলীয়া কথা।

 ১৯৪২ চনৰ ১লা জানুৱাৰীৰ দিনা আমি চাৰিজন মুনিহে মঙ্গল গ্ৰহলৈ বুলি এখন যানত যাত্ৰা কৰিলো। যান খান খোলাৰ লগে লগেই চকুৰ পচাৰতে পৃথিবী খন দৃষ্টি অগোচৰ হল। বৈজ্ঞানিক সকলে যান খন তৈয়াৰী কৰোতে এইটো সুবিধা কৰি দিছিল যে যান খন চালক নোহোৱাকৈয়ে আপোন ইচ্ছাৰে অতি বেগেৰে চলি যাব।

 দ্বিতীয় দিনা পুৱা বেলা আমি এটা ভয়াবহ বিপদৰ সম্মুখীন হলো। আমি দেখিলো যে এটা ডাঙৰ নক্ষত্ৰ যান খনৰ ফালে ভীম বেগেৰে আহিব লগিছে। আমি ভয়ত ত্ৰাহি মধুসুদন স্মৰণ কৰিবলৈ ধৰিলো। “ভগৱানৰ আচৰিত লীলা!” নক্ষত্ৰটো আমাৰ যান খনৰ চাৰিহাত মান আতৰেদি গুছি গল। তাৰ পাছত ৩য় দিনা আমি এটা গ্ৰহৰ সীমাত উপস্থিত হলোগৈ। কিন্তু তাত থকা বৃটিছ ৰাজদূতৰ মুখে আমি শুনিবলৈ পালো যে সেইটো মঙ্গল গ্ৰহ নহয়; তাৰ এটা উপগ্ৰহ হে। তাৰ পৰাও মঙ্গল গ্ৰহ লৈ দুদিনৰ বাট। ৫ম দিনৰ মুৰত আমি সুকলমে মঙ্গল গ্ৰহত উপস্থিত। আমি যি ঠাইত উপস্থিত হলোগৈ সেইটো মঙ্গল গ্ৰহৰ এটা ষ্টেচন। আমি সকলোটিয়ে ষ্টেচন মাষ্টৰ জনৰ ঘৰতে থিতাপী ললোগৈ যি হেতু তাত কোনো ডাক বঙলা বা হোটেল নাছিল। আমি ভাবিছিলো তাত কোনো আমাৰ দেশৰ মানুহক লগ নাপাম। ষ্টেচন মাষ্টৰ জনো আছিল ইটালিয়ান। কিন্তু ভগবানৰ কৃপাত আমি তাত এজন বঙালী টেক্সটাইল ইন্সপেক্টৰক লগ পালো।

 এই সকলোবিলাক চাই চিন্তি আমি দশম দিনা আকৌ পৃথিৱীলৈ মেলানি মাগিলো।


 
[ ১৮ ]
 

সম্পাদকীয়

ছাত্ৰশক্তি।

 ছাত্ৰশক্তি মহাশক্তি। ছাত্ৰ-জাগৰণ দেশৰ শুভ লক্ষণ, জাতিৰ সঞ্জীৱনী শক্তি। আজি তেওঁলোকৰ মাজত গঠিত হোৱা ছাত্ৰ-কংগ্ৰেছ, ছাত্ৰ-সমিতি আদি উমৈহতীয়া অনুষ্ঠান বোৰ দেশৰ ভৱিষত কল্যাণৰ নিচান। বাতৰি কাকত, আলোচনী আদিৰ প্ৰতি তেওঁলোকৰ মাজত আজি যি এটা অনুৰাগ দেখা যায় ইও শুভ। কিন্তু আজি বহুত স্কুলীয়া ছাত্ৰ ৰাজনীতিৰ নামত উতলা— সাম্ৰাজ্যবাদ ধ্বংস কৰিব লাগে, চৰ্কাৰ পক্ষ বেয়া আৰু আমি ভাল— এনেবোৰ মতকে প্ৰতিপাদ্য বিয়য় ধৰি লৈ তেওঁলোকে তৰ্ক-বিতৰ্ক, হৈ-চৈ লগাই ফুৰা দেখা যায়। সৎ আলোচনা তৰ্ক-বিতৰ্ক আদিৰ যথেষ্ট মূল্য আছে সঁচা। কিন্তু দুখৰ বিষয় ৰাজ-নীতিৰ ক-খ নজনাকৈ বাৰেমতৰাত পাৰ্গতালি দেখুৱাবলৈ যোৱাটো বিড়ম্বনা মাথোন।

 হাতে কটা সূতা বা খদ্দৰৰ কাপোৰ পিন্ধা, বিলাসিতা বৰ্জন কৰা, অহিংস নীতিত থাকি “সত্য গ্ৰহী” হোৱা (বা সত্য পালন কৰা) এনেবোৰ উপদেশ মহাত্মাজী প্ৰমুখ্যে দেশ-বৰেণ্য প্ৰতিজনেই নিতৌ টেটু ফালি চিঞঁৰিব ধৰিছে। দূৰদৰ্শী ৰাজনীতিজ্ঞ সকলৰ এই একোটা অমোঘ-মন্ত্ৰ (‘Sermon’) বুলিব পাৰি; বিশাল ৰাজনীতি ক্ষেত্ৰত এইবোৰ একো একোটা আপুৰুগীয়া বীজ অথচ সহজ-সাধ্য। কিন্তু ক’তা ছাত্ৰসকলে এইবোৰ সংঠিত ৰূপে হাতত লোৱা নাই দেখোন? ছাত্ৰশক্তি ক’ত! ৰাজনীতি চৰ্চা কেনি! অইন নালাগে এক মাথোন সূতা-কটা, খদ্দৰ পিন্ধা, বিড়ী-চিগাৰেট্ বা মাদকদ্ৰব্য বৰ্জন কৰা— এনেবোৰ দুই এটা বিষয়কো তেওঁলোকে শৃঙ্খলিত আৰু সমূহীয়া ভাবে কাৰ্য্যত পৰিণত কৰিব পাৰিলেও ৰাজনীতি চৰ্চাৰ কিছুদূৰ সাৰ্থকতা হয়। ৰাজ-নীতি ক্ষেত্ৰত ভালে খিনি সাৰ-জাবৰ পৰে, আৰ্থিক জগতৰ এক ডাঙৰ খালি অংশ পূৰ হয়।

 ছাত্ৰ-সমিতি, ছাত্ৰ-সংগঠন আদিৰ সম্পাদক, গুৰি ধৰোতা সকলে এনেবোৰ কাৰ্য্য হাতত লৈ কেৱল প্ৰস্তাব, আচঁনি, জল্পনা-কল্পনা আদিতে আৱদ্ধ নাথাকি হাতে কামে কৰি নেদেখুৱাবনে? তেওঁলোক শৰাইঘটীয়া বীৰৰ বংশধৰ নহয় জানো? তাহানি শৰাই ঘাটৰ গড়-বন্ধা কাৰ্য্য একে নিশাতে সমাধা কৰাৰ দৰে এওঁলোকেও ককালত টঙালি মাৰি, একে উলাহতে ‘ওঁ’ বুলি এনে একোটা মহৎ আদৰ্শৰ কৃতকাৰ্য্যতা দেখুৱাই মানুহক চমক্ লগাব নোৱাৰেনে? আমি ইয়াৰ উত্তৰ সোনকালে বিচাৰো। কথাৰে নহয়, বক্তৃতাৰে নহয়, লিখনীত নহয়, আচঁনিত নহয়; কাৰ্য্যত। ভিক্টৰ হুগো (Victor Hugo)ৰ ভাষাত কবলৈ গলে “Alas, the azure in the Sun does not prevent rags in men.” অৰ্থাৎ আকাশত থকা সূৰুযৰ সোণোৱালী কিৰণে দেহৰ ফটা কাপোৰ ডোখৰ লুকাই ৰাখিব নোৱাৰে; উন্নতি কথাত নহয়, কাৰ্য্যতহে। ছাত্ৰ-শক্তি উপযুক্ত ক্ষেত্ৰত নিয়োগ হওক।


 

ইংৰাজী বিভাগ

[ ১৯ ]
 

ENGLISH SECTION

A foreword

By—
Mv. R. Ahmed B. A. B. T.
(on behalf of the Editorial Board)

 The publication of a school periodical by the pupils of this school was a pre-war contemplation. It has materialised into a post-war reality. This big gap needs a word of explanation.

 The Great World War II having brought the forces of aggression to the very doors of Assam put the whole social structure out of gear, and peaceful social life was thrown into a state of anarchy, confusion and un-rest.

 Great scarcity of essential food-stuffs, extremely high prices of every commodity coupled with very heavy demands by the Defence forces put on the resources of this small province brought the middle class people to very acute financial distress. As such the struggle for existence having turned out to be extremely keen and tough much of the intellectual and sentimental side of out look of the Intelligentia had to be sacrificed. The pursuit for intellectual thought and cultural expressions was superseded by a pursuit for bread and butter and a bare physical existence became the ambition of every life. No doubt, those days of awful anxiety will live long as a bitter memory in the mind of man.

 Over and above these, there was a tremendous scarcity of paper without which the normal course of the educative process in all schools terribly suffered. Paper became more valuable than precious pearls. Even now the scarcity of paper has not totally disappeared and we had to think thrice before we decided to undertake this work. If for scarcity of paper we should have failed to publish this paper it would be taken as one of the many blessings of war many of which we still continue to enjoy but none we would like to cherish. Probably we are going to live in a better world.

 Thanks to the untiring efforts of some upper class boys of this school that we have been able to publish the first printed periodical from this institution. Inspite of great financial hardships through which most people are even now passing we presumed to tax the guardians by imposing a compulsory subscription of two annas per month on each pupil of the school. This was, of course, done with the consent of the guardians and the approval of the school authorities. We can confidently assure the guardians that this contribution by their sons and wards will not be & waste. This will undoubtedly help the boys to take an active part in a literary vocation which for some of them will be a great asset in future life. The importance of boys taking part in literary activities cannot be to strongly emphasised and we are sure this will be realised by every guardian that literature is the richest heritage of every nation all over the world. It is through [ ২০ ] liteature that the life of a nation is enriched and ennobled.

 In the end, on behalf of ourselves. the Head master of the school and his teaching staff we extend our sincerest thanks to the public of this town and the guardians of the boys for their kind co-operation and patronage in our effort which is expected in the long run to make a valuable contribution to the intellectual and artistic resources of the individual and society.

 Let us all realise that material happiness is not the Sum-um Bonam of life.

 With new-year greetings to all.


 

Our own NOTES and NEWS.

 Our school maintains an efficient staff guided by Mv. Md. Tayebulla, Hd. master and Sj. P. Sarma, Asst. Hd, master.

 We are glad to note that in the last Matriculation Examination Mr. Laru Gopal Goswami of our school was able to secure a competitive scholarship of Rs. 15/- attaining distinctions in Sanskrit and Assamese; Mr. Tilack Ch. Bora two had one distinction in Sanskrit. We wish them success.

Games and sports:- Our boys are always taking avtive parts in games and sports. They have joined in a number of competitions in the current session and have played their parts fully well.

 Scouts:- Our Scouts have rendered sufficient help for the relief of the distressed in the last flood in our district and subscribed hand-some amount towards the relief fund by collection.

 School Union Society - Office bearers:- Mr Debaprasad Nath, General Secy., Mr. Kiran Bara, Secy. Debating Society, Mr. Bhaben Saikia and Mr. Promod Das- Joint, Secys, Literary Society.

 At its different sittings our Society condoled the deaths of the famous literateurs late Gohain Borua and M. C. Bezborua, Editor “Banhi”. The deaths of late Bhulabhai Desai and of one Atul Ch. Barua of class IX were condoled too.

 Of the many sittings of the Debating Society two must draw attention subjects for debate being “Students should not take part in Politics”, “Wealth is not better than education”.

 A Drawing class on each Saturday has been started during this session— Mr. Prodip Dutta and Mr. Mohendra Saikia are taking keen interest in this.

 The present magazine is also the outcome of the rigorous efforts of the union Society.

 In the recent flood in our district our boys both scouts and non-scouts collected a fair sum for the relief of the sufferers. The D.C. Nowgong has thus sent a word of praise to our boys through Head master— “I appreciate the work of those students of your school who have collected a sum of Rs. 761/2/- (Seven hundred and sixty one Rupees two annas) towards the Nowgong flood Relief Committee. Please convey my hearty thanks to them”.



Printed At The SEWALI PRESS, By Kamal Chandra Borah, Nowgong, Assam.

 

[ ২১ ]
 

আপোনালোক সাহায্যপুষ্ট আৰু
চিৰ পৰিচিত—

 

ফ্ৰেণ্ডস্ মেডিকেল সিণ্ডিকেটে

তেওঁলোকৰ গ্ৰাহক অনুগ্ৰাহক
সকলক সাদৰ সম্ভাষণ জনাইছে।

 

সকলো প্ৰকাৰৰ ডাক্তৰী ঔষধ
খুচুৰা আৰু পাইকাৰী সুলভ
মূল্যত পোৱাৰ একমাত্ৰ
নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান

 

ফ্ৰেণ্ডস্ মেডিকেল সিণ্ডিকেট

হাস্পাতাল ৰোড্,
নগাওঁ [আসাম]

 

[ ২২ ] আপোনাৰ উন্নতিৰ বাবে ‘উদয়’ত বিজ্ঞাপন দিয়ক। আমাৰ নিৰিখ খুব কম। ’উদয়’ সম্বন্ধে কাৰবাৰ কিবা জানিব লগা থাকিলে তলৰ ঠিকনাত খবৰ লওক—

সম্পাদক, ‘উদয়’ 
 গবঃ হাইস্কুল, নগাওঁ (অসম)
 

 

উদয়ৰ কাৰ্য্য-নিৰ্ব্বাহক সমিতি

অসমীয়া বিভাগ—

Sj B. Borua B.A.
” R. Das B.A.
” M. Mahanta
” H. Bhattacharyya, [Editor for the Assamese section,
General Secretary and Publisher.]

ছাত্ৰ সম্পাদক—

Mr. Bhaben Saikia.
” Pramod Das.

ইংৰাজী বিভাগ—

Sj. K Bhunyan B.A. B.T.
” Mr. A. Sherif B.A.
” J. Hussain B.L.
” R. Ahmed B.A. B.T.
(Editor for the English section.)

 

Printed By Kamal Chandra Borah,
at the SEWALI PLESS, Nowgong. Assam.

 

 

সকলো ৰকমৰ পাঠ্য কিতাপ, ধৰ্ম্মপুথি আৰু বাহিৰা কিতাপ তলৰ ঠিকনাত কিনিবলৈ পাব।

ছাত্ৰ ভাণ্ডাৰ

শ্ৰীমুক্তাৰাম দাস
বুক চেলাৰ এণ্ড পাব্লিচাৰ
নগাওঁ, অসম।

 

 

শেৱালি প্ৰকাশ ভৱন

শেৱালি প্ৰেছৰ কাষতে

 

আমাৰ ইয়াত সকলো ৰকমৰ পাঠ্য কিতাপ, দত-কলম, ধৰ্ম্ম-পুথি, বাহিৰা কিতাপ পোৱা যায়। সকলো প্ৰকাৰৰ ষ্টেচনাৰী, ফুটবল, বেডমিণ্টন চেট আদি আমিয়েই সৰ্বদাই যোগান দিওঁ।

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )