এজন প্ৰকাশকে তেওঁৰ কোনো এটা ডাঙৰ বক্তৃতা প্ৰকাশ কৰিবৰ নিমিত্তে আইনষ্টাইনক এক হাজাৰ মাৰ্ক দিব খুজিছিল। প্ৰথমে তেওঁ প্ৰকাশ কৰিবলৈ সন্মত নহৈছিল। পাচত তেওঁ দিবলৈ মান্তি হ’ল সচা কিন্তু তেওঁ ক’লে যে ইয়াৰ মূল্য হাজাৰ মাৰ্ক নহয়। তেওঁ ৬০০ মাৰ্ক পালেই সন্তুষ্ট হ’ব।
এবাৰ কোনো এজন প্ৰকাশকে তেওঁলৈ বহুত টকা পঠিয়াই দিলে আৰু ক’লে যে আইনষ্টাইনে যেন কোনো এটা বিষয়ৰ প্ৰবন্ধ এটি লিখি পঠিয়ায়। এই কথাত তেওঁ চকুৰ পানী টুকিবলৈ ধৰিলে আৰু ঘৈণীয়েকক ক’লে যে তেওঁক অপমান কৰিছে। আৰু তেওঁ ক’লে, “মোক কি সিহঁতে থিয়েটাৰৰ নায়ক পাইছে”।
প্ৰফেচাৰ আইনষ্টাইনে কোনো দিনে ট্যাক্সিত নুঠিছিল। তেওঁৰ ধাৰণা আছিল যে, ট্যাক্সিত উঠিলে তেওঁ অধিকাংশ দেশ বাসীৰ পৰা বেলেগ হৈ পৰিব, কাৰণ অধিকাংশ মানুহৰ ট্যাক্সিত উঠিবৰ সামৰ্থ্য নাই, গতিকে তেওঁ ট্ৰামত উঠি ফুৰে। ট্ৰেইনত যাবলৈ হ’লে তেওঁ তৃতীয় শ্ৰেণীত উঠিছিল। তেওঁৰ ঘৈণীয়েকৰ সৈতে বহুত দিন কাজিয়া কৰাৰ পাচতহে এবাৰ তেওঁ দ্বীতিয় শ্ৰেণীত যাবলৈ স্বীকাৰ কৰিছিল। তেওঁৰ বন্ধু বান্ধৱ অনেকেই তেওঁক দেখা কৰিব আহিছিল আৰু তেওঁলোকৰ লগত গল্প কৰিবলৈ তেওঁ বৰ ভাল পাইছিল। দৰ্শন সম্বন্ধে আলোচনা কৰিবলৈ তেওঁৰ বৰ আগ্ৰহ আছিল- প্লুটো, হিউম, স্পিনোজ আদি তেওঁৰ কণ্ঠস্থ। টলষ্টয়, বাৰ্ণাৰ্ডশ্ব, আনাতোল ফ্ৰাঞ্চৰ তেওঁ অত্যন্ত ভক্ত। বাৰ্ণাৰ্ড শ্বয়ে এবাৰ কৈছিল যে তেওঁৰ “যোয়ান অব আৰ্ক” নামৰ কিতাপ খনৰ ভাল সমালোচনা আইনষ্টাইনৰ চিঠিত পাইছিল। সঙ্গীত তেওঁৰ অত্যন্ত প্ৰিয় বস্তু আছিল।
তেওঁৰ নিচিনা এজন আপোন ভোলা মানুহ খুব কমহে দেখা যায়। স্নান আৰু আহাৰৰ পৰা শুবৰ সময়লৈকে তেওঁৰ সকলো কামতে তেওঁৰ ভুল শুধৰাওতে শুধৰাওতে তেওঁৰ ঘৈণীয়েক ঘামি-জামি গৈছিল। গা ধুবৰ সময়ত গা-ধোৱা ঘৰৰ দুৱাৰ খনকে বন্ধ কৰিবলৈ তেওঁৰ মনত নাথাকিছিল। তেওঁৰ এই আপোন-ভোলা স্বভাৱৰ এটা সুন্দৰ গল্প আছে।
এবাৰ তেওঁ প্যাৰিচলৈ গৈ এটা ডাঙ্গৰ হোটেলত উঠিছেগৈ। হঠাৎ তেওঁৰ মনত পৰিল যে এখন চিঠি ডাক ঘৰত দিব লাগিব। চকৰক নামাতি তেওঁ ঘৈণীয়েকৰ আগতে ৰাস্তালৈ ওলাল আৰু চিঠিখন ডাক ঘৰত পেলালে। হঠাৎ তেওঁৰ মনত পৰিল যে, যি খন হোটেলত তেওঁ উঠিছিল সেইখন ক’ত, তেওঁ তাৰ নামো নাজানে আৰু ক’ৰ পৰা আহিছিল তাকো পাহৰিলে। বহুত সময় তেওঁ ইফালে সিফালে চাবলৈ লাগিল, আৰু তাৰ পাচত এটা পুলিচক মাতি সকলো কথা ক’লে। তেওঁ আইনষ্টানইৰ কথা শুনি আনত খবৰ লৈ জানিব পাৰিলে তেওঁনো কোন খন হোটেলত উঠিছিল। কিন্তু হোটেলৰ নাম শুনি তেওঁ অবাক! ঠিক সন্মুখৰ হোটেলতে আইনষ্টাইন উঠিছে অথচ ঘণ্টাৰ পাচত ঘণ্টা আইনষ্টাইনে সেই হোটেললৈকে চাই আছিল। হোটেললৈ গৈ দেখে তেওঁৰ ঘৈণীয়েকে তেওঁক দেখা নাপাই পুলিচ মাতিছে।
আইনষ্টাইনে সৰু ল’ৰা ছোৱালীক বৰ মৰম কৰিছিল। ইংলেণ্ডৰ কোনো এঠাইত যেতিয়া তেওঁ বাস কৰে তেওঁৰ ঘৰৰ ওচৰৰ এজনী ছোৱালীয়ে সদায় আবেলি তেওঁৰ তালৈ মন মাৰি যায় আৰু আহিবৰ সময়ত হাঁহি মনেৰে আহে। এই কথা মাকে জানিব পাৰি এদিন বহু চেষ্টা কৰি আইনষ্টাইনক দেখা কৰিলে আৰু জীয়েকৰ কথা সোধাত তেওঁ ক’লে— তাই মোক ‘চকলেট্’ খাবলৈ দিয়ে আৰু মই তাইক স্কুলৰ অঙ্ক বিলাক কৰি দিওঁ।