পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
উদয়

সেই বস্তু বিলাক কোনে কিনে। মহাজন সকলে নহয়; বেচি ভাগ দুখীয়া সকলেহে কিনে? যেতিয়া দুখীয়া মানুহ দেশত বেচি হয়, তেতিয়া বস্তু কিনা মানুহো কমি যায়। তেতিয়া সেই বস্তুবিলাক মহাজনৰ ঘৰত পৰি থাকে, তেওঁলোকে দুখীয়া বুলি কাকো বিনামূল্যে নিদিয়ে। বস্তু বেচা বিনা নোহোৱা হলে বেপাৰ বানিজ্য চাৰিওফালে বন্ধ হৈ যায়। বস্তু বেচা কিনা নোহোৱা হলেই দেশত নানা বিভ্ৰাত ঘটে আৰু দুৰ্ভিক্ষই দেখা দিয়ে।

 দেশত দুৰ্ভিক্ষ হলে ক’তো কেনিও বস্তু পাবলৈ নাইকীয়া হয়। ধনো নেথাকে। ভোকত হাজাৰ হাজাৰ মানুহ অনাই বনাই ফুৰিব লগাত পৰে। কিছুমানে দেশ এৰি বিদেশলৈ যাব লগীয়াত পৰে।

 ১৯৩৪ চনত যেতিয়া বঙ্গদেশত দুৰ্ভিক্ষ হৈছিল তাৰ ফলত আজি পৰ্য্যন্তও বঙ্গদেশে সেই ক্ষতি পূৰাব পৰা নাই। সেই দুৰ্ভিক্ষৰ সময়ত ভাৰতৰ অন্যান্য প্ৰদেশ বিলাকৰ পৰা নানান সাহায্য পঠোৱা স্বত্বেও প্ৰায় ৩৫ লাখ মানুহৰ মৃত্যু ঘটিছিল। সিমান বিলাক প্ৰাণীৰ ধ্বংশৰ আচল কাৰণ হৈছে বঙ্গদেশত মহাজন সকলৰ প্ৰতিপত্তি। জমিদাৰী সংখ্যাও বেচি। ইপিনে দুখীয়াৰ সংখ্যাও সৰহ। ভাৰতৰ অন্যান্য প্ৰদেশতকৈও বঙ্গদেশতে দুখীয়াৰ সংখ্যা বেচি। বঙ্গদেশৰ সৰহভাগ মাটিৱেই জমিদাৰ সকলৰ হাতত। সাধাৰণ প্ৰজাবিলাকে সেই জমিদাৰ সকলৰ তলত আধি বন্ধেৱা খাটি নিজৰ পৰিয়াল প্ৰবৰ্ত্তাব লাগে। মহাজন সকলে ইচ্ছা কৰিলে সেই বনুৱা সকলক তেওঁলোকৰ মাটিৰ পৰা তুলি খেদাব পাৰে। ই কেনে অযুক্তিকৰ? এই সংসাৰখন এক ভগবানৰ সৃষ্টি। তেওঁ সকলোকে সমান অধিকাৰ দিছে। গতিকে ধনী শ্ৰেণীৰ এই দুৰ্ব্বল শ্ৰেণীৰ ওপৰত কৰা অত্যাচাৰ অযুক্তিকৰ। বৰ্ত্তমানৰ সমাজত এনে বৈষ্যম লক্ষ্য কৰিব লগীয়া বিষয়।


 

ৰৌ মাছৰ আত্ম-চৰিত

শ্ৰীমান মহেন্দ্ৰ নাথ শইকীয়া।
৯ম মান।

 সৃষ্টিকৰ্ত্তা ভগৱানৰ আশীৰ্ব্বাদত জন্ম গ্ৰহণ কৰা মই এটা সৰু ৰৌমাছ। মোৰনো জীৱনীৰ কাহিনী কি শুনিবা? শুনিয়েই বা কি কৰিবা? তথাপি মই উচ্চ বংশৰ মাছ, নকলেও থাকিব নোৱাৰো আৰু কবলৈকো মনটো খুদুৱাই আছে। গতিকেহে কবলৈ বাধ্য হলো। হব পাৰো মই এতিয়া অকণমান। তথাপি মই উচ্চ বংশৰ।

 চাকৈ চকোৱা বিলৰ মাজত আটাইতকৈ সুন্দৰকৈ ইটা আৰু চূণৰ কাম কৰা ঘৰটো আছিল মাত্ৰ আমাৰেই। তাত আমি আমাৰ ভাইভনী কেইটাই জন্ম গ্ৰহণ কৰিছিলো আৰু আনন্দৰে দিন কটাই ফুৰিছিলো। মই আমাৰ বংশৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু বলী আছিলো। গতিকে মোক আই বোপায়ে আৰু বংশ পৰিয়ালে বৰ ভাল পাইছিল।