পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

আনন্দইও তাৰ হতুৱাই এটা বাঁহী সজাই লবলৈ ঠিক কৰিলে। আৰু সেইকথা হৰিধনক কলে। হৰিধনেও খুব ধুনীয়া নক্সা লগাই সজা এটা বাঁহী তাক দিলে। আৰু বজাবলৈকো অলপ শিকালে। আনন্দই গোটেই দিনটো বাঁহী বজায়েই থাকে। খোৱা-লোৱালৈ তাৰ সিমান মনকাণ নাইকিয়া হল।

(৬)

 নীলধ্বজ বৰৱাই গুৱাহাটীত দৰা এটা পাই অৰুণাৰ বিয়া পাতিলে। বিয়া সুকলমে হৈ গল। আৰু অৰুণাক গুৱাহাটীলৈ আনিলে। তেতিয়াৰ পৰা আনন্দ অকলসৰীয়াৰ নিচিনা হৈ পৰিল। আজি কালিও আনন্দই হৰিধনে একেলগে ফুৰে। হৰিধনে এতিয়া গৰু নচৰায়, সি মাকৰ কামত অলপ অচৰপ সহায় কৰি দিয়ে। আৰু বাকীখিনি সময়ত বাঁহী বজাই ফুৰে।

 এদিন আবেলি নীলবৰুৱা তেওঁৰ আগফালৰ কোঠাটোতে বহি চিগাৰেট হুপি আছে। তেতিয়া সেইফালেদি আনন্দই বাঁহীটো লৈ ওলাই গৈছে। নীল বৰুৱাই দেখা মাত্ৰে তাক মাতি আনিলে। আৰু সকলো কথা সুধিলে। শেষত তেওঁ বুজিলে যে হৰিধনেই আচল কলি। তেতিয়াৰ পৰাই সোণপাহী আৰু হৰিধনৰ ওপৰত ডাক্তৰৰ চকু পৰিবলৈ ধৰিলে। তেওঁ বাঁহীটো কাঢ়ি নিলে। নীলবৰুৱাই আনন্দক ঘৰৰ পৰা ওলাবলৈকে নিদিয়া হল। আৰু ইফালে সিহঁতৰ ঘৰৰ কাকো তেওঁৰ ঘৰলৈ আহিবলৈ নিদিয়া হল।

 আনন্দই কিছুদিনলৈ দুখ বেজাৰ কৰিয়েই কটাইছিল; কিন্তু কিছু দিনৰ মূৰত সেই সকলোবোৰ পাহৰিলে।

(৭)

 হৰিধনৰ বয়স তেৰ বছৰ। বয়সৰ লগে লগে সি বদলি হৈ গৈছে। সি এতিয়া ধীৰ গম্ভীৰ।

 সেইদিনা শনিবাৰ। আজি দিন তিন হৈছে তাৰ ভয়ানক জ্বৰ। সোণপাহীয়ে তাইৰ সাধ্য অনুসাৰে বেমাৰীক চিকিৎসা কৰাইছে; কিন্তু যমে যাৰ চুলিত খামোছ মাৰি ধৰিছে, সি এৰাই ক’ত।

 হৰিধনে সিমান জ্বৰৰ ওপৰতো মাকক কয়:— আই, আই, আনন্দক এবাৰ মাতি আনাছোন; মৰাৰ আগতে তাৰ সেই ধুনীয়া মুখখনি এবাৰ চাই লও। আই! মই তাক সচাকৈয়ে বৰ ভাল পাইছিলো আই। অ’ আৰু এটা কথা তাৰ সেই বাঁহীটোও লগতে আনিবা। যোৱা, যোৱা, আই, সোনকালে যোৱা মোৰ আৰু বেছি পলম নাই।

 সোণপাহীয়ে তাকে কৰিলেও ভাল হবপাৰে বুলি ভাবি ডাক্তৰৰ ঘৰলৈ লৰ ধৰে।

 কিন্তু হতাশ হৈ উভতি আহিব লগীয়াত পৰে, যে— ডাক্তৰৰ লৰা গৰখীয়াৰ ঘৰলৈ যাব নোৱাৰে।

 বুঢ়ীয়ে এটা হুমুনিয়াই পেলাই পুতেকক কয়, বোপাই! আনন্দক আনিবলৈ নিদিয়ে; তাৰ বাঁহীটোকে পাই লৈ আহিছো। হৰিধনে এটা কাঠ হাঁহি মাৰে আৰু সিফালে কাতি হৈ শুই থাকে। বুঢ়ীয়ে সেই বাঁহীটো আৰু হৰিধনৰ বাঁহীটো চালতে গুজি থৈ দিয়ে। হৰিধনে আকৌ এবাৰ মাকক কয় আই, মোক খৰি দিওঁতে, সেই বাঁহী দুটাও লগতে দিবা দেই। বুঢ়ীয়ে কান্দে। ওচৰত থকা মানুহ বিলাকে বুজনি দিয়ে। বুঢ়ী আই! আপুনি নেকান্দিব। আপোনাৰ হৰিধন নিশ্চয় ভাল হব। সি এইবিলাক ভ্ৰম বকিছে।

 সন্ধিয়াৰ পৰা জ্বৰ বেছি হৈ আহিবলৈ ধৰিলে। আৰু ৰাতি ১টা বজাত সি চিৰকাললৈ চকু মুদিলে। গাৱঁৰ মানুহ বিলাকে ধৰি মেলি তাক খৰি দিলে। বুঢ়ীৰ ঘৰৰ ওচৰত হুদুৱে মাতিলে। ওচৰৰ হাবিত শিয়ালে হোৱা দিলে। ফেচাই নিউ নিউ কৰিবলৈ ধৰিলে।

* * * * * *