এদিন আমি ভাইভনী কেইটাই মোমাই হতঁৰ ঘৰলৈ যাবলৈ বুলি আইৰ সৈতে যাত্ৰা কৰিলো। গৈ থাকোতে বহুতো নানান ধৰণৰ বস্তু দেখা পাই, প্ৰত্যেক বস্তুৰ কথা মই আইক প্ৰশ্ন কৰিছিলো। তেওঁ আমাক প্ৰত্যেক কথাৰে উত্তৰ নুবুজালৈকে ভালকৈ বুজাই দিছিল। এই দৰে গৈ থাকোতেই আমি দেখা পালো এদাল ৰচিত কিবা এটা আঁৰি থোৱা আছে। তাকে দেৰি মই আইক সুধিলো! আই! এইটো কি? তেতিয়া আয়ে মোক আৰু ভাই ভনী কেইটাক ভালদৰে বুজাবলৈ ধৰিলে যে কোনোবা টেঙৰ মানুহে এনেদৰে মাছ টৰিছে। আৰু ইহঁতে নোৱাৰা কাম একো নাই। আয়ে অমাক এনে লোভ জীৱনত কৰিবলৈ হাক দিছে। এই কথা শুনি আমাৰ অন্তৰত বৰ ভয় সোমাই গৈছিল।
অন্য এদিনৰ কথা শুনিবা দেই— সেই দিনাখন দিনে ৰাতিয়ে ধাৰা-ষাৰে বৰষুণ আহি নদীখন বোকা মাটিত কৈও বেছি মলিন কৰি তুলিছিল। সেইদিনা সকলো মাছে খেল-ধেমালি কৰিছিল। কিন্তু মই ভাবি আছিলো যে জানোচা ধেমালি কৰি থাকোতেই কোনো মানুহৰ হাতত পৰি জীৱন হৰুৱাওঁ; এই বুলি ঘৰতে বীৰৰ দৰে সোমাই থাকিলো।
কালি পৰহিত আছিলো অকণমান মাছ, এতিয়া হলো উচ্চ বংশৰ এজন বীৰ। মোৰ ডেকা তেজৰে কোবত কোনো মাছকে দেখিব নোৱাৰা হলো, আৰু আমাৰ পণ্ডিত চিতল মাষ্টৰৰ কৰাওঁ নমনা হলো; লগতে আই বেপাইৰ কথাও নুশুনা হলো। মই পঢ়িছিলোঁ চিতল মাষ্টৰৰ পাঠশালাত। কিন্তু মই তেওঁ পঢ়োৱা পাঠ বিলাক প্ৰতি দিনে আওৰোৱা নাছিলো, গতিকে তেওঁ মোক বেয়া পাইছিল। অলপ ভাল পাইছিল কেৱল উচ্চ বংশৰ বুলিহে; কিয়নো উচ্চজনে উচ্চৰ মোল বুজে।
আৰু এদিনৰ কথা মনপুতি শুনিবা দেই— সেইদিনা মই ফুৰিবৰ বাবে আই, বোপাইক নোসোধাকৈ ওলাই গলো। তাতে আকৌ অন্য ঠাইৰ বহুতো ৰৌ, মালি, আদি মাছ লগ পালো। আমি আটায়ে গোট খাই আতৰৰ দৰে গোন্ধাই থকা গোন্ধ পাই তালৈ যাত্ৰা কৰিলো। সেই ঠাইত দেখো যে এদাল বাঁহৰ কামিত এটা কাপোৰৰ টোপোলা। তাত আছে আমি আগতে নোখোৱা বস্তু, আমি তাকে আনন্দত হেতা ওপৰা কৰি চাবলৈ ধৰিলো। সেই বস্তু চাই সচাকৈয়ে অমৃতৰ দৰে লাগি জ্ঞান হেৰুৱালো। তাৰ পাছত এজন মানুহে এদাল ক’লা ৰচিত এটা আঠা থকা বগা টোপ চিলাই সেই টোপোলাৰ কাষত পেলাই দিলে। এটা এটাকৈ ৰঙতে সেই টোপ খাবলৈ ধৰিলো আৰু মানুহে টানি নিবলৈ ধৰিলে, এইদৰে প্ৰায় সকলো মাছক ধৰি নিলে আৰু লগতে মোৰৰ একে দশাই হল।
জ্ঞান পাই দেখো যে বৰ্ত্তমান আমি মানুহৰ ঘৰত আছো। তাৰ পাচত গৰাকীয়ে তেওঁৰ ঘৈণীয়েকক কলে যে প্ৰত্যেক দিনই একোটা ৰৌ মাছৰ মূৰ লৰা, ছোৱালী কেইটাক ৰান্ধি খুৱাম, তেহে সিহঁতৰ মগজু বৃদ্ধি হব আৰু তাৰ ফলত স্কুলত ভাল শিক্ষা লাভ কৰি কালত ভদ্ৰ সমাৰ একোজন হব। লৰা ছোৱালী কেইটাই এই কথা শুনি আনন্দত মতলীয়া হৈ কব ধৰিলে— পিতাদেউ! আমাৰ ৰৌ মাছৰ মূৰ খাবলৈ বৰ মন গৈছে, কিয়নো আজি বহুত দিন একে বাৰেই খাবলৈ পোৱা নাই। এই কথা শুনি মোৰ ভয়ে ত্ৰাহি-সুধন হৈছিল; মনতে ভাবিছিলো— শান্তিনো ক’ত আছে!
এই দৰে গৰাকীয়ে কোৱাত নিতৌ এটা এটাকৈ আমাক (ৰৌ-মাছক) হত্যা কৰিবলৈ ধৰিলে। মই এই কাণ্ড দেখি সচাকৈয়ে বৰ দুখ পাইছিলো।
কিন্তু হায়! হায়! মোৰো সেই একে দশাই হব। আই আৰু বোপাইৰ আৰু “চিতল মাষ্টৰৰ” কথা আৰু সজ উপদেশ কেলেই ডেকা তেজৰ কোবত উপলুঙা কৰি দিলো। উপলুঙা কৰাৰ এই ফল। •
• (অইন কাকতত প্ৰকাশিত কাৱৈ মাছৰ আত্ম-চৰিতৰ আভাস লৈ লিখা।) সঃ উঃ।