সমললৈ যাওক

পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সম্পাদকীয়

ছাত্ৰশক্তি।

 ছাত্ৰশক্তি মহাশক্তি। ছাত্ৰ-জাগৰণ দেশৰ শুভ লক্ষণ, জাতিৰ সঞ্জীৱনী শক্তি। আজি তেওঁলোকৰ মাজত গঠিত হোৱা ছাত্ৰ-কংগ্ৰেছ, ছাত্ৰ-সমিতি আদি উমৈহতীয়া অনুষ্ঠান বোৰ দেশৰ ভৱিষত কল্যাণৰ নিচান। বাতৰি কাকত, আলোচনী আদিৰ প্ৰতি তেওঁলোকৰ মাজত আজি যি এটা অনুৰাগ দেখা যায় ইও শুভ। কিন্তু আজি বহুত স্কুলীয়া ছাত্ৰ ৰাজনীতিৰ নামত উতলা— সাম্ৰাজ্যবাদ ধ্বংস কৰিব লাগে, চৰ্কাৰ পক্ষ বেয়া আৰু আমি ভাল— এনেবোৰ মতকে প্ৰতিপাদ্য বিয়য় ধৰি লৈ তেওঁলোকে তৰ্ক-বিতৰ্ক, হৈ-চৈ লগাই ফুৰা দেখা যায়। সৎ আলোচনা তৰ্ক-বিতৰ্ক আদিৰ যথেষ্ট মূল্য আছে সঁচা। কিন্তু দুখৰ বিষয় ৰাজ-নীতিৰ ক-খ নজনাকৈ বাৰেমতৰাত পাৰ্গতালি দেখুৱাবলৈ যোৱাটো বিড়ম্বনা মাথোন।

 হাতে কটা সূতা বা খদ্দৰৰ কাপোৰ পিন্ধা, বিলাসিতা বৰ্জন কৰা, অহিংস নীতিত থাকি “সত্য গ্ৰহী” হোৱা (বা সত্য পালন কৰা) এনেবোৰ উপদেশ মহাত্মাজী প্ৰমুখ্যে দেশ-বৰেণ্য প্ৰতিজনেই নিতৌ টেটু ফালি চিঞঁৰিব ধৰিছে। দূৰদৰ্শী ৰাজনীতিজ্ঞ সকলৰ এই একোটা অমোঘ-মন্ত্ৰ (‘Sermon’) বুলিব পাৰি; বিশাল ৰাজনীতি ক্ষেত্ৰত এইবোৰ একো একোটা আপুৰুগীয়া বীজ অথচ সহজ-সাধ্য। কিন্তু ক’তা ছাত্ৰসকলে এইবোৰ সংঠিত ৰূপে হাতত লোৱা নাই দেখোন? ছাত্ৰশক্তি ক’ত! ৰাজনীতি চৰ্চা কেনি! অইন নালাগে এক মাথোন সূতা-কটা, খদ্দৰ পিন্ধা, বিড়ী-চিগাৰেট্ বা মাদকদ্ৰব্য বৰ্জন কৰা— এনেবোৰ দুই এটা বিষয়কো তেওঁলোকে শৃঙ্খলিত আৰু সমূহীয়া ভাবে কাৰ্য্যত পৰিণত কৰিব পাৰিলেও ৰাজনীতি চৰ্চাৰ কিছুদূৰ সাৰ্থকতা হয়। ৰাজ-নীতি ক্ষেত্ৰত ভালে খিনি সাৰ-জাবৰ পৰে, আৰ্থিক জগতৰ এক ডাঙৰ খালি অংশ পূৰ হয়।

 ছাত্ৰ-সমিতি, ছাত্ৰ-সংগঠন আদিৰ সম্পাদক, গুৰি ধৰোতা সকলে এনেবোৰ কাৰ্য্য হাতত লৈ কেৱল প্ৰস্তাব, আচঁনি, জল্পনা-কল্পনা আদিতে আৱদ্ধ নাথাকি হাতে কামে কৰি নেদেখুৱাবনে? তেওঁলোক শৰাইঘটীয়া বীৰৰ বংশধৰ নহয় জানো? তাহানি শৰাই ঘাটৰ গড়-বন্ধা কাৰ্য্য একে নিশাতে সমাধা কৰাৰ দৰে এওঁলোকেও ককালত টঙালি মাৰি, একে উলাহতে ‘ওঁ’ বুলি এনে একোটা মহৎ আদৰ্শৰ কৃতকাৰ্য্যতা দেখুৱাই মানুহক চমক্ লগাব নোৱাৰেনে? আমি ইয়াৰ উত্তৰ সোনকালে বিচাৰো। কথাৰে নহয়, বক্তৃতাৰে নহয়, লিখনীত নহয়, আচঁনিত নহয়; কাৰ্য্যত। ভিক্টৰ হুগো (Victor Hugo)ৰ ভাষাত কবলৈ গলে “Alas, the azure in the Sun does not prevent rags in men.” অৰ্থাৎ আকাশত থকা সূৰুযৰ সোণোৱালী কিৰণে দেহৰ ফটা কাপোৰ ডোখৰ লুকাই ৰাখিব নোৱাৰে; উন্নতি কথাত নহয়, কাৰ্য্যতহে। ছাত্ৰ-শক্তি উপযুক্ত ক্ষেত্ৰত নিয়োগ হওক।