পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

(৮)

 ৫ বছৰ এনেকৈয়ে পাৰ হৈ গল। ডাক্তৰক গুৱাহাটীলৈ বদলি কৰিলে। আনন্দই আজিকালি ৭ম শ্ৰেণীত পঢ়ে। আনন্দই এদিন স্কুলৰ পৰা আহোতে দেখে যে কিছুমান লৰাই এজনী বুঢ়ীক খেদি লৈ ফুৰাইছে। তাই অইন একো নকয়।

 বুঢ়ীজনীৰ দুটা হাতত দুটা কপোৰৰ পুতলা আৰু সেই পুতলা দুটাত দুডাল ইকৰা ছুটিকৈ বান্ধি দিছে।

 তাই কেৱল চিঞঁৰি ফুৰে; হেৰৌ তহঁতে হাঁহিছ, চা– মোৰ বোপাইহঁতে কেনে ধুনীয়াকৈ বাঁহী বজাইছে। ইয়াকে কৈ তাই অইন এফাল লৰি গুচি যায়। আৰু পিছতে সেই লৰা জাকেও তাইক জোকাই জোকাই তাইৰ পিছে পিছে খেদি যায়।

 আনন্দৰ মনত এটা অজান ভাৱ জাগি উঠে; সি কি কৰিব, কি নকৰিব একো ঠিক কৰিব নোৱাৰি লাহে লাহে ঘৰলৈ গুচি যায়।

 কবিয়ে ঠিকেই কৈছে—

কপালৰ গুপ্ত ৰেখা কোনেও নাজানে;
নাই পোৱা ভেদ তাৰ মানুহৰ জ্ঞানে।

——× ——

 


অসম।

শ্ৰীমান এ, এচ, মঈন উদ্দিন আহমদ হাজৰিকা।
৮ম মান

অসম আমাৰ জন্ম ভূমি
 সৱাৰে মাজত শুৱনি তুমি।
আমাৰ পবিত্ৰ অসম দেশ,
 ইয়াতে শিক্ষাৰ নানা সমাৱেশ।
বইছে বিশাল ব্ৰহ্মপুত্ৰ নদ,
 কৰি অসমৰ হৃদয় ভেদ।
অসমেই অতি পৱিত্ৰ দেশ,
 অসমেই আমাৰ মাতৃ দেশ।


অহা সংখ্যাত শ্ৰীমান ভবেন্দ্ৰ শইকীয়াৰ ‘পথ নিৰুপণ’ গল্প প্ৰকাশ হব। সঃ উঃ