পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

অসমেই কত বীৰৰ জননী,
 অসমৰে সাধ্বী জয়মতী ৰাণী।
অসম সন্তান লাচিত ফুকন,
 বেমাৰী গাৰেই কৰিছিল ৰণ।
এই অসমত জন্ম যাৰ,
 সৱাৰো মাজত ভাগ্য তাৰ।
আমাৰ সোণৰ অসমী আই,
 আমাৰ সমান ভাগ্যৱান নাই।
তোমাৰেই উন্নতি কৰিম সাধন,
 তোমাৰ কাৰণে এৰিম জীৱন।
তোমাৰ কোলাতে গোটেই ধৰা,
 তোমাৰ বুকতেই সৰগৰ তৰা।


 

ৰাষ্ট্ৰপতি আচাৰ্য্য কৃপালনি আৰু কংগ্ৰেছৰ দুই সম্পাদকে অলপতে এই বুলি ঘোষনা কৰিছেঃ—

 “পৃথিবীৰ কোনো শক্তিয়েই যে ভাৰতক স্বাধীনতা লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰে সেই বিষয়ে দেশৰ আজি দৃঢ় বিশ্বাস জন্মিছে”।

 

মানুহৰ শ্ৰেণী বিভাগ।

শ্ৰীমান কিৰণ বৰা।
৯ম মান।

 এক শ্ৰেণীৰ মানুহে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি দুবেলা-দুমুঠি খাবলৈ নেপায়, আন হাতে আকৌ আন এক শ্ৰেণীয়ে দালানৰ ওপৰত বহি নানাৰকমৰ আমোদ প্ৰমোদত নিজকে পাহৰি গৈ কাল কটাব লাগিছে। এক শ্ৰেণীয়ে পুৱাৰ পৰা গধূলিলৈকে পেটৰ চিন্তাত কাল কটাইছে; আৰু আনটো শ্ৰেণীয়ে নানা তৰহৰ উপাদেয় বস্তু ব্যবহাৰ কৰি জীবিকা নিৰ্ব্বাহ কৰিছে। তেওঁলোকক ৰাতিপুৱা টুথ্ ব্ৰাচ্ আৰু বিলাতী চাবোন লাগে। তাৰ পাচত ৰুটি-মাংস, মাখন, চাহ জলপান ইত্যাদি বস্তু আৱশ্যক হয়। এই শ্ৰেণীৰ মানুহৰ লৰা ছোৱালী বিলাকক পঢ়িবৰ কাৰণে টেবুল, চকী, কাগজ-কলম সকলো বস্তুৰ থিক যোগাৰ লাগে।