পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

আমোদ-প্ৰমোদ কৰাত খৰছ কৰে। কিন্তু যি বিলাকে উৎপন্ন কৰে তেওঁলোকৰ তাত কোনো লাভ নাথাকে। মালিক সকলে কুলি মজুৰ শ্ৰেণীলৈ কেতিয়াও নেভাবে।

 মানুহ বাচি থাকিবৰ কাৰণে নানান বস্তুৰ আৱশ্যক হয়। এনে কিছুমান বস্তু আছে যিবোৰ নহলে আনকি জীৱন ধাৰণ কৰিব নোৱাৰে। এই অৱশ্যকীয় বস্তুবিলাক কিমান দৰকাৰ এই বিষয়ে মহাজন বিলাকে অলপো চিন্তা কৰিব নোৱাৰে। তেওঁলোকে মাত্ৰ ক’ত কিমান লাভ বেচি হয়, তাৰ হে চিন্তা কৰে। বস্তুৰ আৱশ্যকতা বা দুখীয়াৰ দুখৰ ফালে চোৱাত তেওঁলোক সদায় উদাসীন। কাৰণ যদি কোনো বস্তুৰ লাভ কেতিয়াবা কমি যায় তেতিয়া তেওঁলোকে বস্তু ৰপ্তানী কৰা বন্ধ কৰি দিয়ে। সেই বস্তুৰ অভাৱত হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নষ্ট হয়। কাজেই ব্যক্তিগত লাভৰ কাৰণেই জমিদাৰী বা মালিক সকল সৃষ্টি। বস্তুৰ আমদানী বা ৰপ্তানীৰ অভাৱত দেশত নানা বিভ্ৰাত ঘটে। তাৰ ফলত দুখীয়া প্ৰজা বিলাকে নানা কষ্টত জীৱন ধাৰণ কৰিব লাগে। অতি দুখীয়া শ্ৰেণীতকৈও মধ্যম শ্ৰেণীৰ আৰু বিপদ। তেওঁলোকে চাকৰ খাটিবলৈকো টান পায় অথচ, হাতত টকাও নেথাকে; দুখীয়া বুলি কবলৈকো লাজ কৰে। ইপিনে খাবলৈকো অলপ ভাল আহাৰ লাগে। এই শ্ৰেণীৰ মানুহ অতি সোনকালে আন দুটা শ্ৰেণীৰ কোনোবা এটাত মিলি যায়। বেচি ভাগকে নিম্ন শ্ৰেণীৰ লগতে মিলি যোৱা দেখা যায়। দুখীয়া শ্ৰেণীৰ মানুহ বিলাকে নিজৰ পেট ভাতৰ অভাৱত আৰু নিজৰ নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ কাৰণে ওপৰত কৈ অহা সেই ধনী সকলৰ তলত কাৰখানাত, কলত, খনিত কাম কৰিব লগীয়াত পৰে। আৰু তেওঁলোকে বাধ্যহৈ অতি কম দৰমহাত হলেও তাত কাম কৰিব লগাত পৰে। পেটৰ ভোকত সেই কুলিমজুৰী বিলাকে নিজে নিজে কম বিচাৰি অনাই-বনাই ঘূৰি ফুৰিব লগাত পৰে। কাৰণ তেওঁলোকৰ মাটি বাৰী, টকা পইচা সকলো ধনীশ্ৰেণীৰ কবলত পৰে। তেওঁলোকৰ আছে মাত্ৰ সেই দেহটো। নিজৰ বলেৰে যি পাৰে উৎপন্ন কৰে আৰু তাৰেই পৰিয়ালৰ ভৰণ পোষণ কৰে। কেতিয়াবা দুবেলা দুসাজ খাই কেতিয়াবা লঘোনে থাকে। মানুহ বাচি থাকিবৰ কাৰণে যিমান আৱশ্যকীৰ সিমান তেওঁলোকে নেপায়। আৰু ফলত তেওঁলোকৰ শৰীৰ দিনে দিনে দুৰ্ব্বল হৈ পৰে। আৰু বেচি দুখীয়াহে হৈ যায়। এই শ্ৰেণীৰ মানুহকেই শ্ৰমী জীবী বোলে।

 এই ধনীশ্ৰেণীৰ মানুহো কেতিয়াবা নিজৰ প্ৰতিযোগিতাত পৰি দেউলীয়া হব লগাত পৰে। যি বিলাক কাৰবাৰী মানুহে নিজৰ বস্তু কম মূল্যত বেচিব পাৰে, তেওঁলোকৰ বস্তু বেচিকৈ বেচা যায়। আৰু য’ত কম দামত পোৱা যায়, কিনোতা সকলে তাৰ পৰাই বেচিকৈ কিনে।

 এফালে যেনেকৈ নিম্ন শ্ৰেণীৰ সংখ্যা বাঢ়ি যায় সেই দৰেই আনফালে এক শ্ৰেণী ধনীৰ বেচিকৈ প্ৰতিপত্তি বাঢ়ে। যি সকল মহাজন প্ৰতিযেগিতাত টিকিব নোৱাৰি দেউলীয়া হয়। তেওঁলোকৰ তলত কাম কৰা কুলিমজুৰী বিলাকৰ চাকৰি নোহোৱা হয় আৰু লগে লগে কুলিৰ সংখ্যা বাঢ়ি যায়। যিমানেই কুলি মজুৰ বেচি হয় সিমানে মহাজন সকলে কুলিৰ দৰমহা কমাই দিয়ে। আৰু কুলি বিলাকেও অলপীয়া বানচত খাটিবলৈ বাধ্য হয়। কম দৰমহাত খটুৱাবলৈ পালে মহাজন সকলৰ বেচি লাভ হয়। আন হাতে কুলি বিলাক বেচি দুখীয়াহৈ যায়? এই দৰেই দেশত কেইজনমান মানুহ বেচি ধনী হয় তাৰ ফলত হাজাৰ হাজাৰ মানুহ দুখীয়া হৈ যায়। তেনেহলে ধনীশ্ৰেণীৰ ধন আচলতে কাৰ? তেওঁলোকে এই ধন সৰ্ব্বসাধাৰণৰ পৰা শোষণ কৰি অনা নহয় নে?

 ইফালে মহাজন সকলৰ উদ্ভণ্ডালিৰ ফলত কিছুমান দেউলীয়া হয়; তাৰ ফলত হাজাৰ হাজাৰ কুলিৰ ভিক্ষুকত পৰিণত কৰে। সেই সময়ত দেশৰ অৱস্থা কেনে হয় তাক ভাবিলে আচৰতি হব লাগে। মালিক সকলৰ