পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

আৰু সিহতক স্কুল বা কলেজলৈ যাবৰ সময়ত ৰেলি- বাইচিকেল নাইবা মটৰ-গাড়ী লাগে; তাকে নাপালে তেওঁলোকৰ শিক্ষা লোৱাত অসুবিধা হয়। লগতে ঠেহ পাতে। বাপেকহতে সেই ঠেহ ভাঙি আৱশ্যকীৰ সকলো বস্তুৰ যোগাৰ দিবলৈ বাধ্য হয়। এই শ্ৰেণীৰ মানুহে এইদৰে আমোদ-প্ৰমোদ আৰু বিলাসীতাত চলিবলৈ হাজাৰ হাজাৰ টকাৰ আৱশ্যক হয়। এই টকা পইচা আৰু বস্তুবিলাক তেওঁলোকে ক’ৰ পৰা পায়? বা প্ৰকৃততে কাৰ? এইবিলাক কোনে তৈয়াৰ কৰে? তেওঁলোকে দোকানৰ পৰা কিনি আনে; নাইবা কাৰখানাৰ পৰা আনে। দোকানী বিলাকে কাৰখানাৰ মহাজনৰ পৰা কিনি আনি বজাৰত বিক্ৰী কৰে। কাৰখানাৰ বা খনিৰ মালিকে এই নানা তৰহৰ বস্তুবিলাক তৈয়াৰ কৰে কেনেকৈ? বা কাৰ দ্বাৰা তৈয়াৰ কৰে? তেওঁলোকে সেই দুবেলা দুমুঠি খাবলৈ নেপোৱা নিম্নশ্ৰণীৰ মানুহবিলাকৰ হতুৱাই তৈয়াৰ কৰাই লয়। আৰু তাৰ বাবে সেই মানুহবিলাকক দৰমহা বা বেতন দিয়ে।

 নানা ৰং-বিৰঙৰ বস্তু বিলাক তৈয়াৰ কৰিবলৈ ষি যন্ত্ৰপাতি বা কল-কব্জাৰ দৰকাৰ হয়; তাকে “উৎপাদন যন্ত্ৰ” বোলে। এই যন্ত্ৰপাতি বিলাকো সেই খাবলৈ নেপোৱা মজুৰী শ্ৰেণীৰ দ্বাৰাই তৈয়াৰ কৰোৱা হয়। এই যন্ত্ৰপাতি বিলাকৰ সৈতে যিবিলাক কল-কব্জা, কাৰখানা বা খনি আছে, সেইবিলাক এক শ্ৰেণীৰ মানুহৰ ব্যক্তিগত সম্পত্তি। সেইদৰেই কিছুমান মহাজনৰ ব্যক্তিগত বাগিচা আৰু জমাদাৰী সকলৰ যি জমী আছে, সি তেওঁলোকৰ ব্যক্তিগত। সেই সম্পত্তি বা জমী বিলাকত আন কাৰো স্বত্ব নেথাকে। চোভিয়েট দেশত কিন্তু তেনে প্ৰথা নাই, সেইদেশত এনেকুৱা ব্যক্তিগত সম্পত্তি থাকিব নোৱাৰে। জমীদাৰী প্ৰথা সেই দেশত নাই। চোভিয়েট ৰুচিয়াৰ বাহিৰে পৃথিবীৰ প্ৰায়বিলাক দেশতেই এনে ধৰণৰ জমীদাৰী প্ৰথাৰ প্ৰচলন আছে। আমাৰ ভাৰতবৰ্ষতো বহুতৰে কল-কাৰখানা, জমীদাৰী বাগিচা আদি নিজৰ সম্পত্তি থকা দেখা যায়। ব্যক্তিগত সম্পত্তি বিলাকত কাম কৰিবলৈ বা চলাবলৈ বহুত মানুহৰ আৱশ্যক হয়। কিন্তু মালিক সকলৰ সেই অভাৱ-অভিযোগ পূৰণ কৰে সাধাৰণ শ্ৰেণীৰ গৰীব সকলেই। এনেস্থলত সেই জমীত, কল-কাৰখানাত, আৰু বাগিচাত যি যি বস্তুৰ উৎপন্ন হয় সেই বস্তুৰ গৰাকী হয় একমাত্ৰ সেই মালিক সকলহে। আনৰ তাত কোনো অধিকাৰ নাথাকে।

 ব্যক্তিগত সম্পত্তিৰ অধিকাৰী আৰু যি সকল কলকাৰখানা আৰু জমীৰ গৰাকী সেই সকলকে “পুজিবাদী” বা (Capitalist) বোলে। তেওঁলোকৰ সেই সম্পত্তি বিলাকক (বা কল কাৰখানা) বিলাকক পুজি (Capital) বোলে। এই মালিক সকলে তেওঁলোকৰ বাগিচা, যন্ত্ৰ পাতি, কল-কাৰখানা বা জমী কেতিয়াওঁ অকামিলাকৈ পৰি থাকিবলৈ নিদিয়ে। কাৰণ তেওঁলোকৰ সেই পুজিবিলাক যিমানেই বেচিকৈ কামত লগায় সিমানেই তেওঁলোকৰ বেচি লাভ হয়। এই কল কাৰখানা বিলাকৰ পৰা নানা তৰহৰ বস্তু তৈয়াৰ কৰি হাজাৰ হাজাৰ টকা লাভ কৰিব লাগিছে।

 আমাৰ অসমৰ চাহ বাগিচা বিলাকৰ পৰা বছৰি প্ৰায় ১৩/১৪ কোটি টকা উৎপন্ন হয়। এই টকা বিলাক কলৈ যায়? মলিক বিলাকে সেই টকা ভোগ কৰে। এই বাগিচা বিলাকত হাজাৰ হাজাৰ মজুৰী-কুলিয়ে দিনে কাম কৰিব লাগিছে। এই মানুহ বিলাক আমাৰ দেশৰ মানুহ। অথচ উৎপন্ন কৰা বস্তু বিলাক তেওঁলোকে উপভোগ কবিলৈ নাপায়। পুজিবাদী বা মালিক সকলে সেই মজুৰী বিলাকৰ দুখদৰ্গতিৰ কাৰণে অলপো নেভাবে। মাত্ৰ তেওঁলোকে কেনেকৈ তেওঁলোকৰ পুজি বেচি হয়, তাকেই দিনে ৰাতিয়ে চিন্তা কৰে। এই উৎপন্নকৰা টকা বিলাক কাৰ? সৰ্ব্বসাধাৰণৰ নহয় নে? পুজিবাদী সকলে বা মালিক সকলে এই টকবিলাকেৰে কি কৰে? তেওঁলোকে সেই লাভৰ টকাৰে কিছু অংশৰে নতুন নতুন জমী কিনে; কি অংশ নিজৰ লৰা তিৰোতাৰে সৈতে