পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

হাঁহিবা কিন্তু দাঁত নুলিয়াবা

শিক্ষক আৰু ছাত্ৰৰ প্ৰশ্নোত্তৰ:—

শি:— চেনি ক‘ত ক‘ত পোৱা যায়?
ছা:— ষ্টোৰ্ বোৰতহে পোৱা যায়। ৰেছন্ কাৰ্ড নহলে নিদিয়ে।
শি:— ইংৰাজীলৈ অনুবাদ কৰা একটা ‘তোমাৰ নাম কি?’
ছা:— Sir, my name is Jakhala dhar Dadhora.
শি:— এটা ঘড়ীত তিনি বাজিলে, সাতটা ঘড়ীত কিমান বাজিব?
ছা:— নিছেই উজু; তিনি সাত একৈশ্।

 তেজপুৰ টাউনত এজন ঐতিহাসিকে এক মাৰোৱাৰী মহাজনক সুধিছে:— বাবুজি, ৰাণা প্ৰতাপসিংহ আপোনালোকৰ পিনৰ মানুহ। তেওঁৰ বিষয়ে কিবা জানেনে?

 মাৰোৱাৰী— হাঁ, ডাঙ্গৰীয়া, খুব জানো। তেওঁ প্ৰথম প্ৰথম হৌ চাৰি আলিৰ কিনাৰে এক দোকানত গোমোস্তা আছিলে। তিন-চাৰ্ বছৰতে বৰ মহাজন হৈ গল; বহুত টাকা কৰিলে।

 ঐতিহাসিক— এতিয়া আছেনে?

মাৰোৱাৰী— নাই; আজি কিজানি পাচ ছয় বছৰ হল; পেটফুলা বেমাৰত মাৰা গৈছে।

 এজন ডেকা লৰাই ভকত এজনক কৈছে:— শুনিছে ভকত “দিল্লী চল”। ভকত— নেযাওঁ ঈচৰ, আমি দিল্লী চিল্লী কলৈকো নচলো। ৰেলৰ হেচা-ঠেলাত প্ৰাণটো যায় যদি পিছে। গতিকে মই কওঁ— গাৱঁলৈ চল; সবাহ গাৱ, মাহ-চাউল খাৱ, পকামিঠৈ চোবাৱ। মজাৰ, সুন্দৰ, নিৰাপদ।


 

মঙ্গল গ্ৰহলৈ এভুমুকি।

শ্ৰীমান হৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য।
৯ম মান শ্ৰেণী।

ধেমেলীয়া কথা।

 ১৯৪২ চনৰ ১লা জানুৱাৰীৰ দিনা আমি চাৰিজন মুনিহে মঙ্গল গ্ৰহলৈ বুলি এখন যানত যাত্ৰা কৰিলো। যান খান খোলাৰ লগে লগেই চকুৰ পচাৰতে পৃথিবী খন দৃষ্টি অগোচৰ হল। বৈজ্ঞানিক সকলে যান খন তৈয়াৰী কৰোতে এইটো সুবিধা কৰি দিছিল যে যান খন চালক নোহোৱাকৈয়ে আপোন ইচ্ছাৰে অতি বেগেৰে চলি যাব।

 দ্বিতীয় দিনা পুৱা বেলা আমি এটা ভয়াবহ বিপদৰ সম্মুখীন হলো। আমি দেখিলো যে এটা ডাঙৰ নক্ষত্ৰ যান খনৰ ফালে ভীম বেগেৰে আহিব লগিছে। আমি ভয়ত ত্ৰাহি মধুসুদন স্মৰণ কৰিবলৈ ধৰিলো। “ভগৱানৰ আচৰিত লীলা!” নক্ষত্ৰটো আমাৰ যান খনৰ চাৰিহাত মান আতৰেদি গুছি গল। তাৰ পাছত ৩য় দিনা আমি এটা গ্ৰহৰ সীমাত উপস্থিত হলোগৈ। কিন্তু তাত থকা বৃটিছ ৰাজদূতৰ মুখে আমি শুনিবলৈ পালো যে সেইটো মঙ্গল গ্ৰহ নহয়; তাৰ এটা উপগ্ৰহ হে। তাৰ পৰাও মঙ্গল গ্ৰহ লৈ দুদিনৰ বাট। ৫ম দিনৰ মুৰত আমি সুকলমে মঙ্গল গ্ৰহত উপস্থিত। আমি যি ঠাইত উপস্থিত হলোগৈ সেইটো মঙ্গল গ্ৰহৰ এটা ষ্টেচন। আমি সকলোটিয়ে ষ্টেচন মাষ্টৰ জনৰ ঘৰতে থিতাপী ললোগৈ যি হেতু তাত কোনো ডাক বঙলা বা হোটেল নাছিল। আমি ভাবিছিলো তাত কোনো আমাৰ দেশৰ মানুহক লগ নাপাম। ষ্টেচন মাষ্টৰ জনো আছিল ইটালিয়ান। কিন্তু ভগবানৰ কৃপাত আমি তাত এজন বঙালী টেক্সটাইল ইন্সপেক্টৰক লগ পালো।

 এই সকলোবিলাক চাই চিন্তি আমি দশম দিনা আকৌ পৃথিৱীলৈ মেলানি মাগিলো।