পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদয়

নাম লিয়াকৎ আলি। এওঁ মিনিট চেৰেক কাগজ খন লুটিয়াই বগৰাই পঢ়ি চাই মুখ খন বেকতা কৰি গহীনাই উত্তৰ দিলে,— ‘কিছুই নাই বাবুজী ইয়াত। আছে কেতবোৰ হাদুকথা নে বাদুকথা। মিছা মিছি ফাচ্ আৰু ফুচ্।’ মহাজনে— ‘অ! পইছা আদায় কৰা বুধি; নিয়া এই চাৰ্ আনা।’ এই বুলি আমালৈ সিকি এটা দলি মাৰি দি কাগজখন চুকত থকা ফটা কাগজৰ দ’মটোলৈ দলি মাৰি পঠালে।

 আধা ঘণ্টা মানৰ পাছত আমি উলটিলো। দেখো ৰাষ্টাৰ ধূলিত উদয়ৰ পাত গোটাচেৰেক লেপেতা খাই চেপেতা মাৰি আছে। এজনী বলীয়ানীয়ে তাৰে দুটা পাত দুহাতে লৈ গুৰ চেলেকিছে; পাত কেইটা আমি তুলি ললো। ওচৰৰ ঢাকাৱলীয়া বেপাৰী এটাই— ‘সেই সব নোট্ পালে নেকি’ বুলি লৰি আহি চাই ‘থুই ২’ কৰি আঁতৰিল।

 মাকে নিজৰ কেচুৱাটো অতি লেতেৰা-পেতেৰা হলেও ধুই-পখালি কোলাত তুলি সাবটি ধৰে, চুমা খায়, না-না দুখ বেজাৰৰ মাজতো অকণি সুখ, অকণি শান্তি লাভ কৰে। আমাৰ হাততো পাত কেইটাই সংস্কাৰ নলভি নাথাকিল। হাজাৰটাই নেওচা দিলেও মাকৰ মনত কেচুৱা তাইৰ বুকুৰ দুবাল চেনেহ পুতলি।

 আজি নলবাৰী সংস্কৃত কলেজৰ জ্যোতিস অধ্যাপকৰ পৰা উদয়ৰ সোঁৱৰণী এখন আমাৰ হাতত পৰিছেহি। তিথি, বাৰ, নক্ষত্ৰ সকলো শুভ, যদিহে লগ্ন থিৰ হৈছে। নামটো দিলে ‘উদয়’; বৰ বঢ়িয়া নাম। কাৰোবাৰ হয়তো মুখো লাগিব পাৰে। গতিকে ইয়াৰ মতা নাম কতীয়া, ঘতীয়া, ভেকোল, ভদৰাম এনে এটা থোৱাই ভাল আছিল নে কি জানো— ইতি উদয়স্য জন্ম-ৰহস্য সমাপ্তম্।


 

হেৰোৱা বাঁহী।

শ্ৰীমান বিবেকানন্দ ভট্টাচাৰ্য্য।
৯ম মান শ্ৰেণী।

(১)

 আজি বেছি দিনৰ কথা নহয়; গোৱালপাৰা জিলাৰ কোনো এখন সৰু গাৱঁত সোণপাহী নামে এজনী বুঢ়ী আছিল। তাইৰ একেটি লৰা হৰিধন। হৰিধনৰ দেউতাক তাৰ সৰু অৱস্থাতে ঢুকায়। আৰু তেতিয়াৰ পৰাই মাক সোনপাহীয়েই তাক তুলি ডাঙৰ দীঘল কৰিবলৈ ধৰে।

(২)

 হৰিধনৰ দেউতাকে খেতিবাতি কৰিয়েই সিহঁতৰ সেই সৰু পৰিয়ালটো পুহিছিল। আৰু তাৰ লগে লগে