পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বৈজ্ঞানিক আলবাৰ্ট আইনষ্টাইন।

শ্ৰীমান কৃষ্ণ কুমাৰ ভূঞা।
৮ম মান শ্ৰেণী।

 আইনষ্টাইন এই যুগৰ সৰ্ব্বশ্ৰেষ্ঠ বৈজ্ঞানিক। তেওঁক আজি সকলোৱে আপেক্ষিক গুৰুত্বৰ পৰাই চিনি পায়। এই আবিষ্কাৰত তেওঁ পৃথিবীৰ ৰূপ আৰু ধাৰণাৰ আমুল পৰিৱৰ্ত্তন কৰি দিছে। তেওঁৰেই জীৱনৰ সৰু সৰু কেইটামান ঘটনা ইয়াত উল্লেখ কৰা হল।

 এবাৰ বেলজিয়মৰ সমাজ্ঞীৰ নিমন্ত্ৰণ পাই তেওঁ ব্ৰুচেলচত আহি উপস্থিত হ’ল। তেওঁ ধাৰণাও কৰিব পৰা নাছিল যে তেওঁৰ নিমিত্তে ষ্টেচনত বহুতো মানুহে অপেক্ষা কৰি থাকিব; সেই কাৰণে ষ্টেচনৰ অপেক্ষাঘৰত ৰাজ অনুচৰ বিলাকক লক্ষ্য নকৰিয়েই এহাতত এটা চুটকেচ আৰু আন হাতত এখন বেহেলা লৈ তেওঁ সম্ৰাজ্ঞীৰ লগত দেখা কৰিবলৈ ৰাস্তাত নামি খোজ দিবলৈ আৰম্ভ কৰিলে। এনে ধৰণৰ এজন মানুহ যে বিশ্ববিখ্যাত বৈজ্ঞানিক হ’ব পাৰে, তাক ৰাজ-অনুচৰ সকলেও ধাৰণা কৰিব নোৱাৰিলে। গতিকে তেওঁলোকে ষ্টেচনত ভালেমান সময় ঘূৰাঘুৰি কৰি তেওঁলোকৰ ধাৰণা মতে কাকো দেখা নাপাই ৰাজপ্ৰাসাদলৈ উভতি আহি সম্ৰাজ্ঞীক জনালে যে আইনষ্টাইনে, নিশ্চয় তেওঁৰ মত বদলাই পেলাইছে, নহলে তেওঁক ষ্টেচনত দেখা গলহেতেন। ৰাণীয়ে দেখিলে ৰাস্তাত এটা ভোদা ধৰণৰ গাৱঁলীয়া মানুহ এহাতে চুটকেছ আৰু আনহাতে বেহেলাখন লৈ সুহুৰি বজাই আহি আছে। তেওঁ আহি সম্ৰাজ্ঞীত দেখা কৰিব খোজাত তেওঁ তাক খেদাই দিবলৈ হুকুম দিলে।

 হঠাৎ সম্ৰাজ্ঞীয়ে সেই গাৱঁলীয়া ভূতটোক ভালকৈ চাবলৈ পাই চমকি উঠিল। বিৰক্তিৰ পৰা বিস্ময়, বিস্ময়ৰ পৰা আনন্দ; তেওঁ নিজকে নিজে দমন কৰি ক’লে— কি! ডক্টৰ আইনষ্টাইন! আপোনাক দেখা পাই যে মই কিমান আনন্দ পালো! কিন্তু আপোনাৰ কাৰণে গাড়ী পঠাইছিলো তাতে নাহিল কিয়?

 আইনষ্টাইনে মৃদু হাঁহি মাৰি উত্তৰ দিলে, মইতো ধাৰণাই কৰা নাই যে মোৰ কাৰণে গাড়ী পঠাব পাৰে। ট্ৰেইনৰ পৰা নামিয়েই মই ইয়ালৈ খোজ কাঢ়ি আহিলো, খোজ কঢ়াত মোৰ খুব ভাল লাগিল।

 আইনষ্টাইনে ইচ্ছা কৰিলেই খুব অলপ সময়ৰ ভিতৰতেই ধনী হব পাৰিলেহেতেন। যদি তেওঁ বক্তৃতা দিয়ে, প্ৰবন্ধ লিখে তেনেহলে তেওঁৰ নিচিনা ধনী খুব কমেই দেখা গ’লহেতেন। তেওঁৰ ওচৰত আইনাৰ পাত্ৰ যি ৰূপৰ পাত্ৰও সেই; মিছাকৈয়ে টকাৰ কি প্ৰয়োজন? তেওঁৰ বন্ধুবিলাকৰ ভিতৰত বহুতেই এই কথা স্বীকাৰ নকৰি কয় যে, টকা থাকিলে জগতৰ বহুত উপকাৰ কৰিব পাৰি। তাৰ উত্তৰত তেওঁ কৈছিল মোৰ দৃঢ় বিশ্বাস, পৃথিবীত কোনো ঐশ্বৰ্যই মানবতাক আগুৰাই দিব নোৱাৰে। মহৎ লোকৰ দৃষ্টান্তই মহৎ কাৰ্য কৰিবলৈ সক্ষম কৰে। তেওঁ অকল মুখেৰেই নহয় কামতো তেনেকুৱা আছিল। তেওঁৰ প্ৰযোজনতকৈ বেচি আগ্ৰহ নেদেখুৱাইছিল। কোনো এদিন জাৰ্ম্মাণিৰ