স্যমন্ত হৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

পুৰণি গণ সাহিত্য— নং ৩

স্যমন্ত হৰণ

স্যমন্ত হৰণ (page 2 crop).jpg

তুষ্ট হুয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥

মূল্য— ২৫ পইচা

[  ]

শ্ৰীকৃষ্ণায় নমঃ

স্যমন্ত হৰণ

ঘোষা

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥

পদ

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত॥
আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক।
স্যমন্তক মণি দিলা লগত যৌতুক॥ ১
শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত।
দিলে কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত॥
কৈত পাইলে স্যমন্তক মণি মহাৰত্ন।
যিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন॥ ২
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত॥

[  ]

তুষ্ট হুয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥ ৩
সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজাজাক॥
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সবে যায় লৱৰিয়া॥ ৪
সভাত খেলান্ত পাশা প্ৰভু পীতাম্বৰ।
আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ॥
নমো নাৰায়ণ শঙ্খ-চক্ৰ-গদাধৰ।
অৰবিন্দলোচন গোবিন্দ দামোদৰ॥ ৫
তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি।
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি।
সবাৰো চক্ষুত পীড়ি আসৈ ৰশ্মিজালে।
তোহ্মাক অন্বেষ কৰে দশ দিগপালে॥ ৬
পুৰাণ পুৰুষ তুমি সনাতন হৰি।
যদুকুলে অৱতৰি আছ ছদ্ম কৰি॥
তাতেসে আসন্ত সূৰ্য্য দেখিবে তোহ্মাক।
বোলা হৰি হৰি উদ্ধাৰিয়ে আপোনাক॥ ৭

 

 
[  ]

ঘোষা

গোপাল গোবিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥

পদ

শুনিয়া হাসি চাহি চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী।
মণিৰ ৰশ্মি হুয়া প্ৰকাশিত।
গৃহক লাগি আসে সত্ৰাজিত॥ ৮
সত্ৰাজিতে পচে গৃহক পাইলা।
অনেক মাঙ্গল্য বাদ্য বজাইলা।
দেৱৰ গৃহে পশি প্ৰণিপাতে।
নিবেদিল মণি বিপ্ৰৰ হাতে॥ ৯
মণিৰ মহিমা কি কৈবো আৰ।
সুৱৰ্ণ নিতে স্ৰৱৈ অষ্টভাৰ॥
যি থানে থাকৈ সিটো স্যমন্তক।
নাহিকে দুৰ্ভিক্ষ মাৰী মড়ক॥ ১০
নাহিকৈ ব্যাধি ব্যাঘ্ৰ সৰ্পভয়।
একো উপসৰ্গ নোপজৈ তয়॥
দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্ৰাজিতে গহ কৰি॥ ১১

[  ]

প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিলা পাচে॥
ঘোৰাত চৰি মহা ৰঙ্গমনে।
মৃগক মাৰি ফুৰা বিজুবনে॥ ১২
দেখি সিংহে তাক নখে বিদাৰি।
ঘোৰায়ে সহিতে পেলাইলা মাৰি॥
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
পশিলা গিৰিশৃঙ্গে সিংহে গই॥ ১৩
দেখি জাম্বৱন্ত বীৰ বীড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ॥
সমস্ত মণিক গৰ্ত্তক নিলা।
উমলিবে লাগি শিশুক দিল॥ ১৪
বিচিত্ৰ মণিগোট ধৰি ধাই।
বাটত ফুৰে শিশু ওমলাই॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১৫

 

 
[  ]

ঘোষা

বনমালী জগমোহন ৰাম।
সুখে দুখে মুখে যো নো ছাৰে ৰাম নাম।

পদ

ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত।
মহাশোকে ক্ৰন্দন কৰিলা বিপৰীত॥
স্যমন্তক পিন্ধি গৈলি বনক ভৈয়াই।
জানিলো মাৰিলা কৃষ্ণে নিৰ্জনত পাই॥ ১৬
খুজি নাপাই ভাইক মাৰি কৃষ্ণে নিলা মণি।
শুনি সকলোৱে আক কৰে কাণাকাণি॥
বেকত নকৰৈ কেহো মাধৱক ডৰে।
পাইলেক কলঙ্ক মোক জানি দামোদৰে॥ ১৭
কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত।
লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত॥
প্ৰসেনৰ পথে চলি যান্ত বনমালী।
প্ৰৱন্ধে ঘোৰাৰ সিটো খোজক নিহালি॥ ১৮
কতোদূৰে গৈয়া পচে দেখিলা মহীত।
প্ৰসেন পৰিয়া আছে ঘোৰায়ে সহিত॥
সিংহে মাৰি মণি নিলা জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি॥ ১৯

[  ]

মৰি পৰি আছে সিংহ দেখিলা মুৰাৰি।
জানিলা ভালুকে মণি নিলা আঙ্ক মাৰি॥
দেখি সৰ্ব্বজন ভৈল মনত নিঃশঙ্ক।
মিছাত পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক॥ ২০
খোজগুৰি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি॥
দেখি সেনাগণ সবে বাহিৰত থই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰবেশিলা গই॥ ২১
তথাত মণিক কৃষ্ণে দেখিল পাচে।
হাতে লৈয়া ধাই শিশু ওমলান্তে আছে॥
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ গেৰি দিলা॥ ২২
কোথেৰ মনুষ্যগোটে মণি নেই হৰি।
আৱে ঋক্ষৰাজ লাগ লোৱা ঝাণ্ট কৰি॥
এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোলা হৰি হৰি ছাড়া বিষয় বিষাদ॥ ২৩

 

 
[ ১০ ]

ঘোষা

ৰাম কৃষ্ণ গোপাল। ত্ৰাহি হৰি কপাল॥

পদ

হেন শুনি জাম্বৱন্ত।
নিচিনি স্বামীক পাচে।
সামান্য মনুষ্য বুলি।
নজানি প্ৰভাৱ আতি।
দুয়ো হুয়া মহক্ৰুদ্ধ।
দুয়ো মতিঙ্গৰ লীলা।
কতো বেলি হানে গাছ।
যুজিলন্ত মালবান্ধে।
দুইকো দুই নাহি তুষ্টি।
মাংসৰ কাৰণে যেন।
কেহো বলে নুহি ক্ষীণ।
কৃষ্ণৰ প্ৰহাৰ পাই।
শ্ৰান্ত ভৈলা মহাদুখে।
ভাগে যেন কটি স্কন্ধ।
গোড়ে ঘাম যায় বহি।
সমস্ত সমাজে ঢাকি।

ধাইল মহা বলৱন্ত॥
ধৰিলন্ত যুদ্ধ কাছে॥ ২৪
মহাক্ৰোধে গৈলা জ্বলি॥
লগাইলেক হাতাহাতি॥ ২৫
লগাইলেক ঘোৰ যুদ্ধ॥
বৰিষে পৰ্ব্বত শিলা॥ ২৬
কতো কোপে চাপে কাছ॥
ধৰি ভৰি ভৰি চান্দে॥ ২৭
হানৈ বজ্ৰ সম মুষ্টি॥
যুজন্ত দুগোটা শেন॥ ২৮
যুজন্ত আঠাইশ দিন॥
পচে মহা ঋক্ষৰায়॥ ২৯
নিশ্বাস বজাইলা মুখে॥
শৰীৰৰ ছিণ্ডে বন্ধ॥ ৩০
ক্ষণেকে স্তম্ভিলা ৰহি॥
হৰি হৰি বোল ডাকি॥ ৩১

 

 
[ ১১ ]

ঘোষা

ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ
 দীন দয়াশীল স্বামী।
কৰাই নিস্তাৰ তোহ্মাৰ চৰণে
 শৰণ পশিলো আমি॥

দুলড়ী

কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ
 পৰম বিস্ময় মনে।
স্বামী হেন জানি বুলিবে লাগিলা
 প্ৰণামি কৃষ্ণ চৰণে॥
জানিলে তোহ্মাক জগত ঈশ্বৰ
 তুমি সনাতন হৰি।
সমন্তে ভূতৰ তুমি প্ৰাণ বল
 জগতকে আছা ধৰি॥ ৩২
স্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা
 উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা পৰমা আতমা
 মৃত্যুৰো অন্তক তুমি॥
জানিলো তোহ্মাক সেহি ৰঘুনাথ
 যিটো ইষ্টদেৱ মোৰ।

 
[ ১২ ]
 

  

স্বামী হেন জানি বুলিবে লাগিলা
 প্ৰণামি কৃষ্ণ চৰণে॥ (৮ পৃষ্ঠা)

 
[ ১৩ ] স্যমত্ত হৰণ

সীতাৰ সন্তাপে জগতৰ বাপে কৰিলা প্ৰয়াণ ঘোৰ॥ ৩৩ যাৰ মহাক্ৰোধে। কটাক্ষতে গ্ৰাহে সাগৰে কল্লোল কৰে। লঙ্কাক লাগিয়া মাজে বাট দিয়া ভৰিয়া অতি সাগৰে। জানকীৰ হেতু বান্ধিলাহ (সতু দহিলা লঙ্কা নগৰী।। ৰাৰণৰ মাথ। কাটিলাহা নাথ আনিলা সীতা উদ্ধাৰি॥ ৩৪ আগে নিচিনিলো আৱেসে জানিলো তেন্তে তুমি শ্ৰীৰাম। অজ্ঞানীক মোক প্ৰভু ক্ষেমিয়োক চৰণে কৰো প্ৰণাম। এতেক বুলিয়া। | নমি জাম্বৱন্ত আছ কৃতাঞ্জলি কৰি। | নেৰিবা কীৰ্তন ডাকি বোলা হৰি হৰি। ৩৫ গুনা সৰ্বজন। [ ১৪ ] স্যমন্ত হৰণ ঘোষ। হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বধা। মুখে ৰাম বোলা কৰ্ণে শুন কৃষ্ণ কথা পদ হেন স্তুতি বাণী শুনি দৈৱকীতনয়। চাইলা দয়াদৃষ্টি ভকতক কৃপাময়। মাৰ্জিলা অমৃত হাতে সমস্ত শৰীৰ। ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ॥ ৩৬ মেঘৰ গম্ভীৰ ধ্বনি দিলা সমধান।। মণিহেতু ঋক্ষৰাজ আইলো তযু স্থান। তুমি আনি আছ মহামণি স্যমন্তক। মিছাতে সমস্তে দেয় কলঙ্ক আহ্মাক॥ ৩৭ পৰম ভকত তুমি জানোহো তোহ্মাক। দিয়া মণি মোক মই নেওঁ দ্বাৰকাক। গুচোক দুৰ্ঘশ দেখাও লোকত প্ৰত্যয়। শুনি আনন্দিত জাম্বৱন্ত মহাশয়॥ ৩৮ তানে কন্যাৰত্ন আছে নামে জাম্বৱতী। কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি। লগত যৌতুক আনি দিল স্যমন্ত। পৰম আনন্দ দেখি ভৈল ভগৱন্ত॥ ৩৯ [ ১৫ ] স্যমন্ত হৰণ গৰ্তৰ বাজত যত প্ৰজা আছে ৰহি।। কৃষ্ণক চাহন্তে বাৰ দিন গৈল বহি॥ নাসিবাৰ দেখি ভৈল পৰম দুখিত। নিবৰ্ত্তিয়া জান দিলা দ্বাৰকাপুৰীত। ৪ গৰ্তত পশিলা মণিহেতু যদুৰায়। বাৰদিন তথাতে আছিলো বাট চাই॥ উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ। বোলা হৰি হৰি তৰা সংসাৰ সাগৰ॥ ৪১ (ঘাষা ত্ৰাহি যদুনন্দন দেৱ। পাৱে পৰি কৰ সেৱ। বসুদেৱ হেন শুনি। স্তৱধ ভৈলন্ত গুণি। ৰুক্মিী মূৰ্ছিতা আতি। কান্ত দৈৱকী সতী॥ ৪২ শোকে যায় প্ৰাণ ফুটি। ভূমিত পাৰস্ত লুটি। পুত্ৰ হৰুৱাওঁ যো নো। শ্যামল সুন্দৰ তনু। ৪৩ পীতবস্ত্ৰে শোভে কায়। মেঘত বিজুলী প্ৰায়। [ ১৬ ] স্যমৎ হৰণ বনমালা শোভে গলে। মুখচন্দ্ৰো নুহি সৰি। কমললোচন হৰি। ৪৪ কৰ্ণত কুণ্ডল দোলে।। ভ্ৰমৰে নছাৰে লোভে। শিৰত কিৰীটি শোভে॥ ৪৫ কণ্ঠত কৌস্তুভ মণি। প্ৰভাতৰ সূৰ্য্য যেনি। একো অঙ্গে মুহি ৰুজ। আজানুলম্বিত ভুজ। ৪৬ কেয়ূৰ কঙ্কণে ৰঞ্জৈ। পাদ পঙ্কজক গঞ্জৈ। ৰত্নৰ নূপুৰ বাজে। মেখলা কটিৰ মাজে ৪ ৪৭ কোটি কন্দৰ্পক জিনি। প্ৰকাশন্ত যদুমণি। হেন কৃষ্ণ মোৰ বাপ। এৰাওঁ কৈত তান তাপ ( ৪৮ যতেক বান্ধৱ জ্ঞাতি। কৰন্ত বিলাপ আতি॥ কৰন্ত বিলাপ শোক | ৪৯ সমস্ত নগৰী লোক। সত্ৰাজিত ধূমকেতু। তইসে নাশৰ হেতু। নাৰীগণে পাৰে গালি। সত্ৰাজিত পুত্ৰ খালি। ৫• কৃষ্ণক কলঙ্ক দিয়া। এভু পাপী আছে জীয়া। দ্বাৰকাপুৰক ছানি। কৰৈ হাহাকাৰ ধ্বনি॥ ৫১ কৃষ্ণৰ কিঙ্কৰে ভণে। শুনিয়োক সৰ্বজনেৰ কৃষ্ণৰ কীৰ্তন কৰি। ডাকি বোলা হৰি হৰি। ৫২ [ ১৭ ] স্যমন্ত হৰণ ১০ (ঘাষ। ও হৰি হৰি দীন দয়াল গোপাল পালিয়ে নিয়া। তোহ্মাৰ নাম মুখে ফুৰো লৈয়া তোহ্মাৰ চৰণ এিন্তোক হিয়া॥ পদ পাচে যদুবংশ যতেক আছে। কৃষ্ণ আসন্তোক মনত বাঞ্ছে। যাৰ যেন শক্য পাৰিল মানে। পূজিলা দুৰ্গাক বলি বিধানে॥ ৫৩ মায়াক আৰাধি সাধন্ত বৰ। সত্বৰে আসন্তোক দামোদৰ। পঢ়ি স্তুতি স্তোত্ৰ কৰে মঙ্গল। সিটো আশীৰ্বাদ ভৈলা সাল। ৫৪. ভাৰ্যায়ে সহিতে আসিলা হৰি। গ্ৰতি সমন্ত মণিক ধৰি। দেখন্ত সবে আইলা যদুৰায়। মৰি উপজিল যেন দুনাই। ৫৫ লগতে কন্যাক আসিলা লই। সমস্ত সুহৃদে বেঢ়িলা গই। পৰম ৰঙ্গে কৰে শুভ' শুভ।

শিৰত সিঞ্চিলা অক্ষত দূৰ্ব্ব॥ ৫৬ [ ১৮ ]

 ••• ••• •••

হেন মনে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলেক নিয়া। (১৮ পৃষ্ঠা)

[ ১৯ ] স্যমন্ত হৰণ

পাচে দিব্য সভা মাধৱে পাতি। আনিলন্ত সত্ৰাজিতক মাতি। যিমতে মণিক পাইলন্ত তথা। ৰাজ সমাজত কহিল কথা॥ ৫৭ সাক্ষী কৰি হৰি সবে সভাতে। দিলা মণি সত্ৰাজিতৰ হাতে। হাতত মণি লৈয়া সত্ৰাজিত। ভৈলন্ত লাজ আতি বিপৰীত॥ ৫৮ কৰৈ অনুতাপ মন অসুখে। গৃহক চলি গৈলা অধোমুখে॥ আপুনি কৃষ্ণক বিৰোধ কৰি। ৰাত্ৰি দিনে চিন্তে নিদ্ৰাক এৰি।৫৯ মই মহামূঢ় পাপী নিঃশঙ্ক। মিছাতে কৃষ্ণক দিলো কলঙ্ক। কিমতে এৰাইবোলোকৰ শাপ। কেনে তুষ্ট হোন্ত জগতবাপ॥ ৬০ কিমতে কৃষ্ণৰ ৰঞ্জিববা চিত্ত। গুণন্ত এহি বুলি সত্ৰাজিত॥ কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে। হৰি হৰি বোলা সমস্ত নৰে ৬১ [ ২০ ] সমন্থ হৰণ ঘোষা হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি। তাৰিয়া ঘোষিয়ে শীঘ্ৰ কৰি॥ পদ দেওঁ কন্যা বিবাহ কৃষ্ণক। দিবে। মণি স্যমন্ত যৌতুক। যেৱে বা সন্তুষ্ট হোন্ত হৰি। নেদেখো উপায় আত কৰি॥ ৬২ হেন মনে নিয়ম কৰিয়া। মণি সমে কন্যা দিলেক, নিয়া। পায়া সত্যভামাক অচুতে। কৰিল বিবাহ বিধিমতে॥ ৬৩ ৰূপে গুণে জগতৰে ধন্যা। খুজিলা অনেকে সিটো কন্যা। কাহাকো নিদিলা সত্ৰাজিত। কৃষ্ণে পাই ভৈলা কৃত কৃত্য। ৬৪ শশুৰক বুলিল বচন। নাহিকে মণিত প্ৰয়োন॥ তোহ্মাতে থাকোক স্যমন্তক। তুমি সত্ৰাজিত অপুত্ৰক॥ ৬৫ তোহ্মাৰ সৰ্বস্ব সবে মোৰ। নিয়া মণি এবা চিন্তা থোৰ। [ ২১ ] ________________

১৮ স্যন্ত হৰণ শুনি সত্ৰাজিত ৰঙ্গ ভৈল। স্যমন্তক লৈয়া ঘৰে গৈল॥ ৬৬ অনন্তৰে জগতৰে নাহ। কৰি সত্যভামাক বিবাহ। ক্ৰীড়িল আনন্দে নাৰায়ণ। যিটো শুনে স্যমন্ত হৰণ। ৬৭ এৰায় কলঙ্ক মহাপাপ। দূৰে যায় সংসাৰৰ তাপ | হোৱে সিদ্ধি মনৰ বাঞ্চিত। জানি শুনা কৃষ্ণৰ চৰিত॥ ৬৮ কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে। কীৰ্ত্তন নেৰিবা একো নৰে। আতপৰে নাহিকে উপায়। বেদৰ এহিসে অভিপ্ৰায়॥ ৬৯ মায়াময় পুত্ৰ দাৰা গেহ। কেতিক্ষণে পৰৈ ইটো দেহ। আক নেদেখয় কিনে অন্ধ। বিষয়ত তথাপি প্ৰৱন্ধ॥ ৭০ আন চিন্তা সবে পৰিহৰা। মিছা মোৰ মোৰ কৰি মৰ।। অন্তকে কেশত আছে ধৰি। জানি ডাকি বোলা হৰি হৰি। ৭১ --সমাপ্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )