পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
স্যমন্ত হৰণ

পাচে দিব্য সভা মাধৱে পাতি।
আনিলন্ত সত্ৰাজিতক মাতি॥
যিমতে মণিক পাইলন্ত তথা।
ৰাজ সমাজত কহিল কথা॥ ৫৭
সাক্ষী কৰি হৰি সবে সভাতে।
দিলা মণি সত্ৰাজিতৰ হাতে॥
হাতত মণি লৈয়া সত্ৰাজিত।
ভৈলন্ত লাজ আতি বিপৰীত॥ ৫৮
কৰৈ অনুতাপ মন অসুখে।
গৃহক চলি গৈলা অধোমুখে॥
আপুনি কৃষ্ণক বিৰোধ কৰি।
ৰাত্ৰি দিনে চিন্তে নিদ্ৰাক এৰি॥ ৫৯
মই মহামূঢ় পাপী নিঃশঙ্ক।
মিছাতে কৃষ্ণক দিলো কলঙ্ক॥
কিমতে এৰাইবো লোকৰ শাপ।
কেনে তুষ্ট হোন্ত জগতবাপ॥ ৬০
কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত।
গুণন্ত এহি বুলি সত্ৰাজিত॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ৬১