পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীকৃষ্ণায় নমঃ

স্যমন্ত হৰণ

ঘোষা

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥

পদ

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত॥
আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক।
স্যমন্তক মণি দিলা লগত যৌতুক॥ ১
শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত।
দিলে কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত॥
কৈত পাইলে স্যমন্তক মণি মহাৰত্ন।
যিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন॥ ২
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত॥